আপী ওজা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

আপী ওজা অবিভক্ত কামৰূপ আৰু দৰং জিলাৰ বিভিন্ন ঠাইত প্ৰচলিত এক শ্ৰেণীৰ ওজা বিশেষ। সেই ওজাপালি দলটোত ওজা, দাইনাপালি আৰু পালি-আটায়ে ছোৱালী। ছোৱালীৰ যি ওজাপালি অনুষ্ঠান, সেয়ে কামৰূপত আপী ওজা আৰু দৰঙত লিকিৰী ওজাপালি ৰূপে খ্যাত। বিয়াহ গোৱা ওজাপালিৰ আদৰ্শতে এইবিধ ওজাপালিৰ বিকাশ। নলবাৰী ব্যাসকুছি,দক্ষিণ কামৰূপৰ বিভিন্ন স্থান আৰু দৰঙত এই দল দেখা পোৱা যায়। বিভিন্ন পূজা-পাতল আৰু সভা উপলক্ষে ৰামায়ণ মহাভাৰত আৰু ভিন্ন পুৰাণৰ পদ আবৃত্তি কৰি নৃত্য ভংগিমাৰে আপী ওজাই তেওঁলোকৰ পৰিৱেশ্য কলা পৰিৱেশ কৰাটো উল্লেখযোগ্য। আপী ওজাই হৰিচন্দ্ৰ ভট্টাচাৰ্যৰ ভাষাত'ভমকা ফুলীয়া মেখেলা আৰু ডিঙিত মণিমালা পিন্ধি চুলি মেলি দলত থিয় দিয়ে আৰু আন্যান্য ওজা দৰে নৃত্য-গীত পৰিৱেশন কাৰ্যত দলটো পৰিচালনা কৰে। ৰেবানাথ শৰ্মাই জনাইছে যে আপী ওজাই নিজে তাল নবজায়। দাইনাপালি আৰু পালি কেইজনেহে দুই হাতেৰে তাল বজায়। কোনো কোনো ঠাইৰ আপী ওজাত আকৌ ওজা আৰু দাইনাপালিহে ছোৱালী, বাদ্যবাদক পালিবোৰ পুৰুষ। উত্তৰ কামৰূপৰ ব্যাসকুছি অঞ্চলৰ আপী-ওজা প্ৰখ্যাত।[1]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. নাৰায়ণ দাস, পৰমানন্দ ৰাজবংশী. আপী ওজা.