সমললৈ যাওক

আপেল ব্ৰেড

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আপেল ব্ৰেড
প্ৰকাৰ ব্ৰেড
প্ৰকাৰ ডেজাৰ্ট
উৎপত্তিৰ স্থান টাইৱান
অঞ্চল টাইচুং
উদ্ভাৱক লিউ ঝেজি
মুখ্য উপাদান ময়দা, কণী

আপেল ব্ৰেড (ইংৰাজী: Apple bread) টাইৱানৰ এবিধ জনপ্ৰিয় নিৰামিষ খাদ্য, সাধাৰণতে ব্ৰেকফাষ্টৰ বস্তু হিচাপে বা লঘু জলপান হিচাপে ইয়াক খোৱা হয়। লিউ ঝেজিয়ে উদ্ভাৱন কৰা এই ৰেচিপিটো সমগ্ৰ টাইৱানৰ স্কুলৰ কেণ্টিন, স্থানীয় গেলামালৰ দোকান, সুবিধাজনক দোকান, চুপাৰ মাৰ্কেটত বহুলভাৱে উপলব্ধ। আমেৰিকাৰ সামৰিক ৰেচনৰ পৰা অনুপ্ৰাণিত এই ৰুটিটো ঘেঁহুৰ মিহি গুড়ি আৰু কণীৰে সমৃদ্ধ মণ্ডৰ পৰা তৈয়াৰ কৰা হয়।[1] সেই সময়ত এপল চাইডাৰৰ বিজ্ঞাপনৰ জনপ্ৰিয়তা আৰু ১৯৬০ চনত আপেলক দেশত বিৰল আৰু মূল্যৱান ফল হিচাপে মৰ্যাদাৰ বাবে আপেল ব্ৰেড নামটো বাছি লোৱা হৈছিল।[2]

শ্বানডং প্ৰদেশত জন্মগ্ৰহণ কৰা আৰু চীন গণৰাজ্যৰ সেনাবাহিনীৰ প্ৰাক্তন মেজৰ লিউ ঝেজিয়ে ১৯৪৯ চনত কুওমিণ্টাঙৰ সৈতে টাইৱানলৈ গুচি যায়।[3] ১৯৫৯ চনত সামৰিক বাহিনীৰ পৰা অৱসৰ লোৱাৰ পিছত তেওঁ তৃতীয় পৰ্যায়ৰ যক্ষ্মা ৰোগৰ পৰা যুঁজি আৰোগ্য লাভ কৰে, যিটো আৰোগ্যৰ কাৰণ তেওঁ খ্ৰীষ্টান বিশ্বাস বুলি কয়।[4] অৱসৰৰ পিছত নিজকে পোহপাল দিবলৈ লিউৱে কানাডাৰ মিছনেৰী লিউ ডংকুনৰ পৰামৰ্শ অনুসৰি ভাপত দিয়া বান বিক্ৰী কৰিবলৈ আৰম্ভ কৰে।[5]

লিউৱে এপল ব্ৰেডৰ ৰেচিপি প্ৰস্তুত কৰি টাইৱানত নিয়োজিত আমেৰিকাৰ সামৰিক জোৱানক বিক্ৰী কৰিবলৈ আৰম্ভ কৰে। স্বাস্থ্য পৰিদৰ্শনত বিফলতা আৰু আমেৰিকা আৰু টাইৱানৰ মাজত কূটনৈতিক সম্পৰ্ক বিচ্ছিন্ন হোৱাকে ধৰি প্ৰাৰম্ভিক বিপৰ্যয়ৰ সত্ত্বেও লিউৱে অৱশেষত আমেৰিকা আৰু টাইৱান উভয়তে এটা সফল বেকাৰী স্থাপন কৰে।[6]

সাংস্কৃতিক তাৎপৰ্য্য আৰু বিৱৰ্তন

[সম্পাদনা কৰক]

মূলতঃ ঘেঁহুৰ মিহি গুড়ি বা ময়দা আৰু কণীৰ পৰা তৈয়াৰী আপেল ব্ৰেডত আপেল নাথাকে যদিও ৰুটিৰ নামকৰণৰ সময়ত ফলৰ অৱস্থাৰ বাবে ই বিৰল আৰু বাঞ্ছনীয়তাৰ প্ৰতীক।[7] বছৰৰ পিছত বছৰ ধৰি এই ৰেচিপিটোৰ বিকাশ ঘটি আপেল ভৰোৱা বস্তুও অন্তৰ্ভুক্ত হয়। ঘেঁহুৰ সুগন্ধিযুক্ত এই ৰুটিটোক ক্লাছিক টাইৱানীজ ৰুটি বুলি গণ্য কৰা হয় আৰু বহু টাইৱানীজ লোকৰ বাবে ইয়াৰ নষ্টালজিক মূল্য আছে।[8]

তথ্য সূত্ৰ

[সম্পাদনা কৰক]
  1. "蘋果麵包有老兵故事!源自60年代美軍文化的懷舊點心" (zh-tw ভাষাত). United Daily News. 2022-11-11. https://time.udn.com/udntime/story/122390/6757063. 
  2. 於慶璇 (2016-05-26). "蘋果麵包為何叫蘋果麵包?真相讓人跌破眼鏡!" (zh-tw ভাষাত). China Times. https://www.chinatimes.com/hottopic/20160526005825-260809?chdtv. 
  3. "沒蘋果的「蘋果麵包」發明家是他 95歲老兵回憶軍旅大玩刺槍術" (zh-tw ভাষাত). FTV News. 2020-10-29. https://www.ftvnews.com.tw/news/detail/2020A29C05M1. 
  4. "蘋果麵包 靠老虎精神美夢成真" (zh-tw ভাষাত). TTV. 2019-03-17. https://www.ttv.com.tw/info/view.asp?id=42350. 
  5. "蘋果麵包有老兵故事!源自60年代美軍文化的懷舊點心" (zh-tw ভাষাত). Youth Daily News. 2023-09-21. https://www.ydn.com.tw/news/newsInsidePage?chapterID=1616764. 
  6. "發明人是他?蘋果麵包飄香一甲子 成分…沒蘋果!" (zh-tw ভাষাত). Yahoo! News. 2023-01-29. https://tw.news.yahoo.com/%E7%8D%A8-%E7%99%BC%E6%98%8E%E4%BA%BA%E6%98%AF%E4%BB%96-%E8%98%8B%E6%9E%9C%E9%BA%B5%E5%8C%85%E9%A3%84%E9%A6%99-%E7%94%B2%E5%AD%90-%E6%88%90%E5%88%86-125500965.html. 
  7. "蘋果麵包薔薇派源自於美軍文化!讓《華美的跫音》告訴您" (zh-tw ভাষাত). Newtalk. 2022-05-19. https://newtalk.tw/news/view/2022-05-19/757408. 
  8. Chen, Mingzhong (2023). Classic Unbeatable Taiwanese Bread: 1 Dough Recipe + 38 Flavors + 12 Shaping Techniques + Nearly 800 Comprehensive Step. ISBN 978-6267064641.