আফ্ৰিকা

অসমীয়া ৱিকিপিডিয়াৰ পৰা


আফ্ৰিকা
মাটিকালি 30,221,532 km2 (11,668,599 sq mi)
জনসংখ্যা 1,022,234,000[1] (2010, 2nd)
জনঘনত্ব 30.51/km2 (about 80/sq mi)
বাসিন্দা আফ্ৰিকান
দেশসমূহ 56 তালিকা
অধীনস্থ অঞ্চলসমূহ
ভাষাসমূহ তালিকা
সময় অঞ্চলসমূহ UTC-1 ৰ পৰা UTC+4 লৈ

আফ্ৰিকা (ইংৰাজী: Africa) মাটিকালি আৰু জনসংখ্যাৰ দিশৰ পৰা বিশ্বৰ দ্বিতীয় বৃহত্তম মহাদেশ (এছিয়াৰ পাছতেই)। পাৰ্শ্ববৰ্তী দ্বীপসমূহক লগ লগাই মহাদেশখন মাটিকালি ৩০,২২১,৫৩২ বৰ্গ কিলোমিটাৰ (১১,৬৬৮,৫৯৮ বৰ্গমাইল)। এইখন বিশ্বৰ মুঠ ভূপৃষ্ঠতলৰ ৬% আৰু মুঠ স্থলপৃষ্ঠৰ ২০.৪% জুৰি অৱস্থিত।[2] এই মহাদেশৰ ৬১খন ৰাষ্ট্ৰ অথবা সমমানৰ প্ৰশাসনিক অঞ্চলত ১০০ কোটিৰো অধিক মানুহ, অৰ্থাৎ বিশ্বৰ জনসংখ্যাৰ ১৪% লোকে বসবাস কৰে। আফ্ৰিকাৰ প্ৰায় মধ্যভাগৰ মাজেদিয়ে বিষুবৰেখা পাৰ হৈ গৈছে। ইয়াৰ বেছি ভাগ অংশই ক্ৰান্তীয় অঞ্চল অৱস্থিত। মহাদেশখনৰ উত্তৰত ভূমধ্যসাগৰ, উত্তৰ-পূৰ্বে ছুয়েজ খাল আৰু লোহিত সাগৰ, পূৰ্বে ভাৰত মহাসাগৰ, আৰু পশ্চিমে আটলাণ্টিক মহাসাগৰ অৱস্থিত। উত্তৰ-পূৰ্ব কোনাত আফ্ৰিকা চিনাই উপদ্বীপৰ মাধ্যমৰে এছিয়া মহাদেশৰ সৈতে সংযুক্ত।

আফ্ৰিকাৰ মানচিত্ৰ

দেশ আৰু অঞ্চলসমূহ[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "World Population Prospects: The 2010 Revision" United Nations (Department of Economic and Social Affairs, population division)
  2. Sayre, April Pulley. (1999) Africa, Twenty-First Century Books. ISBN 0-7613-1367-2.

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

সাধাৰণ তথ্য
ইতিহাস
নিউজ মিডিয়া
পৰিভ্ৰমণ