সমললৈ যাওক

আফ্ৰিকাৰ নাৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা

আফ্ৰিকান দেশসমূহত মহিলাৰ ইতিহাস সম্পৰ্কে অসংখ্য সংক্ষিপ্ত গৱেষণা পৰিচালিত হৈছে।[1][2][3] বহু গৱেষণাই নাৰীৰ ঐতিহাসিক ভূমিকা আৰু অৱস্থানৰ ওপৰত নিৰ্দিষ্ট দেশ আৰু অঞ্চলত আলোকপাত কৰে। যেনে ইজিপ্ত, ইথিওপিয়া, মৰক্কো, নাইজেৰিয়া, লেচোথো,[4] আৰু উপ-চাহাৰা আফ্ৰিকাত। শেহতীয়াকৈ পণ্ডিতসকলে আফ্ৰিকাৰ ইতিহাসৰ সমগ্ৰ সময়ছোৱাত নাৰীৰ মৰ্যাদাৰ বিৱৰ্তনৰ ওপৰত গুৰুত্ব দিবলৈ আৰম্ভ কৰিছে। ইয়াৰ বাবে ব্যৱহাৰ কৰা হৈছে খুব সাধাৰণ বিষয়বস্তু। যেনে মালাউইৰ গীত, ছ’ক’ট’ বোৱা কৌশল, আৰু ঐতিহাসিক ভাষাবিজ্ঞান।[5]

আফ্ৰিকাত মহিলাসকলৰ পৰিস্থিতি জাতি-জনগোষ্ঠী আৰু অঞ্চলভেদে বেলেগ বেলেগ। উদাহৰণস্বৰূপে, ৰুৱাণ্ডা বিশ্বৰ একমাত্ৰ দেশ য’ত সংসদৰ আধাতকৈ অধিক আসন মহিলাৰ হাতত আছে - ২০১৯ চনৰ জুলাই মাহলৈকে ৫১.৯% আসন।[6] কিন্তু মৰক্কোৰ মন্ত্ৰীসভাত এগৰাকী মহিলা মন্ত্ৰীহে আছে। মানৱ অধিকাৰৰ ওপৰত আফ্ৰিকান চনদ সৃষ্টিৰ জৰিয়তে লিংগ সমতাৰ দিশত উল্লেখযোগ্য প্ৰচেষ্টা চলোৱা হৈছে, যিয়ে সদস্য ৰাষ্ট্ৰসমূহক মহিলাৰ বিৰুদ্ধে বৈষম্য আৰু হিংসাৰ অন্ত পেলাবলৈ উৎসাহিত কৰে।[7] মৰক্কো আৰু বুৰুণ্ডিৰ বাহিৰে আফ্ৰিকাৰ সকলো ৰাষ্ট্ৰই এই চনদখন অনুমোদন কৰিছে।[8] কিন্তু সমতাৰ দিশত এই অগ্ৰগতিৰ পিছতো মহিলাসকলে এতিয়াও লিংগ বৈষম্যৰ সৈতে জড়িত বিভিন্ন সমস্যাৰ সন্মুখীন হয়, যেনে দৰিদ্ৰতা আৰু শিক্ষাৰ অসমতাপূৰ্ণ মাত্ৰা, দুৰ্বল স্বাস্থ্য আৰু পুষ্টি, ৰাজনৈতিক ক্ষমতাৰ অভাৱ, সীমিত কৰ্মশক্তিৰ অংশগ্ৰহণ, লিংগভিত্তিক হিংসা, মহিলাৰ যৌনাংগ বিকৃতকৰণ, আৰু বাল্যবিবাহ[9][10]

সংস্কৃতি

[সম্পাদনা কৰক]

গৃহজীৱনত

[সম্পাদনা কৰক]

১৯৪০ চনৰ পৰা ফ্ৰান্সৰ অধীনত থকা অৱস্থাত ১৯৫৬ চনত মৰক্কোৰ স্বাধীনতা লাভ কৰাৰ আগলৈকে, মৰক্কোৰ মহিলাসকলে "বন্দ গৃহ" বা হাৰেম হিচাপে পৰিচিত পৰিয়ালিক গোটত বাস কৰিছিল। ১৯৫৬ চনত ফ্ৰান্সৰ পৰা স্বাধীনতা লাভ কৰাৰ পাছত এই হাৰেম জীৱনশৈলীৰ পৰম্পৰা ক্ৰমে অন্ত পৰিল।[11]

১৯৪০ আৰু ১৯৫০ চনৰ আৰম্ভণিত দক্ষিণ ৰোডেছিয়াৰ মহিলাসকলে পশ্চিমী গৃহস্থালী জীৱনশৈলীত শিক্ষিত নাছিল। মহিলাসকলৰ মাজত গৃহজীৱন আৰু স্বাস্থ্যবিধি সম্পৰ্কে শিক্ষাৰ প্ৰচাৰ কৰিবলৈ মহিলা ক্লাবৰ সৃষ্টি হ'ল। হেলেন মাংৱেন্দে এই আন্দোলনৰ নেতৃত্ব লৈ FAWC (Federation of African Women Clubs) প্ৰতিষ্ঠা কৰিছিল। ১৯৫০ চনত এই সংগঠনৰ সদস্যসংখ্যা ৭০০তকৈ অধিক আছিল।

ছেনেগালৰ পৰম্পৰাগত কৰ্মবিভাজনত চেনেগালী মহিলাসকলে ৰন্ধা-ধোৱা, পৰিচ্ছন্নতা আৰু শিশুৰ যত্ন লোৱাৰ দায়িত্ব লইছিল। সেয়া উপৰিও, কৃষিকাজত — বিশেষকৈ ধানৰ দৰে সাধাৰণ ফচলত — নাৱনি আৰু শস্য আহৰণতো মহিলাসকলে উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছিল। বিগত কিছু দশকৰ অৰ্থনৈতিক পৰিৱৰ্তন আৰু নগৰায়নৰ ফলস্বৰূপ বহু যুৱকে ডাকাৰ আদিৰ দৰে চহৰলৈ প্ৰব্ৰজন কৰিছে। ফলস্বৰূপে গাঁওঘৰৰ মহিলাসকলে বনসম্পদ ব্যৱস্থাপনা, আৰু পিষা মিল চলাবলৈ অধিক সক্ৰিয় হৈ পৰিছে।

ঔপনিবেশিক যুগত লিঙ্গ বৈষম্য আফ্ৰিকাত গঢ় লৈ উঠিছিল। ঔপনিবেশিক যুগৰ আগতে মহিলাসকলে ৰাণী-মাক হিচাপে ৰাজত্ব কৰিছিল, আৰু কিছুমান জাতিত ৰাজপাটৰ অধিকাৰ মাত্ৰ মাতৃৰ বংশৰ জৰিয়তে পুৰুষ সন্তানলৈ হস্তান্তৰ হোৱাৰ পৰম্পৰা আছিল (যেনে আছান্তে সাম্ৰাজ্য, বালোবেদু, ইজাওলেণ্ড, ৱলোফ ৰাজ্য আদিত)। ঔপনিবেশিক শক্তিৰ আগমনে এইসকল পৰম্পৰা আৰু চিফৰূপত মহিলাৰ ক্ষমতা খণ্ডিত কৰিলে আৰু লিঙ্গভিত্তিক পুৰুষতান্ত্ৰিকতা অধিক বলীয়ান হ’ল। এই অবক্ষয়ৰ বিপৰীতে নাইজেৰিয়াৰ আবেওকুটা মহিলাৰ বিদ্ৰোহ আদি বহু প্ৰতিবাদ সংঘটিত হৈছিল। স্বাধীনতা লাভৰ পাছতো, নতুন ৰাষ্ট্ৰসমূহে ঔপনিবেশিক শাসন ব্যৱস্থাৰ পৰা লোৱা লৈঙ্গিক ধাৰণাবোৰ বজাই ৰাখিলে, আৰু প্ৰথম আৰু দ্বিতীয় প্ৰজন্মৰ চৰকাৰসমূহে মহিলাৰ ঐতিহ্যগত ক্ষমতা পুনঃস্থাপন কৰিবলৈ ব্যৰ্থ হ'ল। ইয়াৰ বিপৰীতে অধিক প্ৰতিবাদ আৰু সচেতনতা বৃদ্ধি পাইছে, যাৰ ফলস্বৰূপ বিগত কিছু দশকত মহিলাৰ অৱস্থাত উল্লেখযোগ্য উন্নতি দেখা গৈছে।

ইতিহাসত খ্যাতিপ্ৰাপ্ত উপাধিধাৰী মহিলাসকলে হৈছে: ছেনেগালৰ ফাতিম বেয়ে, ণ্ডোয়ে দেম্বা আৰু নদাটে ইয়াল্লা এমব'জ; নাইজেৰিয়াৰ মৰেমি, ইদিয়া, আমিনা, অ'ৰম্পটো, নানা আছমাউ আৰু এফুনৰয়ে টিনুবু; ঘানাৰ ইয়া আছান্তেৱা; বুৰ্কিনা ফাচোৰ ইয়েনেঙ্গা; বেনিনৰ হাংবে; ইথিঅ'পিয়া আৰু ইৰিট্ৰিয়াৰ মাকেদা, জাউডিটু আৰু এমবেত ইলেন; দক্ষিণ আফ্ৰিকাৰ শকাৰ মাতৃ নান্দি; আৰু মিছৰৰ হাতচেপছুত। এইসকলে আধুনিক আফ্ৰিকান মহিলাসকলৰ অনুপ্ৰেৰণা হিচাপে গণ্য। আজিৰ দিনৰ বহু উপাধিধাৰী মহিলা আফ্ৰিকান ৰাণী আৰু মহিলা সাংস্কৃতিক নেতা নেটৱৰ্ক নামৰ এখন স্বেচ্ছাসেৱী সংগঠনৰ সদস্য।

সাহিত্যত

[সম্পাদনা কৰক]

আফ্ৰিকাৰ জনপ্ৰিয় লেখিকাসকলে মহিলাৰ ক্ষেত্ৰত উদ্ভৱ হোৱা সমস্যা সমূহ কেন্দ্ৰ কৰি বহুতো উল্লেখযোগ্য সাহিত্য ৰচনা কৰিছে। তেওঁলোকৰ ভিতৰত আছে: নাওৱাল এল ছাদাৱি (Woman at Point Zero আৰু The Hidden Face of Eve), ফ্লোৰা এনৱাপা (এফুৰু), আমা আতা আইডু (এনোৱা, Changes: A Love Story), আৰু বুচি এমেচেতা (The Bride Price, The Slave Girl, The Joys of Motherhood)।[12]

উল্লেখযোগ্য মহিলা

[সম্পাদনা কৰক]

লাইবেৰিয়াৰ এলেন জনচন চাৰলিফ আফ্ৰিকাৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি হৈছিল।[13] চাৰলিফৰ পদত নিৰ্বাচিত হোৱাৰ পিছত, মালাউিৰ জয়চ বাণ্ডা, মৰিছাছৰ আমিনাহ গুৰিব আৰু ইথিঅ'পিয়াৰ চাহলে-ৱাৰ্ক জেৱ্ডে নিজ নিজ দেশৰ ৰাষ্ট্ৰপতি হিচাপে নিযুক্ত হৈছিল। আন কিছুমান ৰাজনৈতিক নেত্ৰী (কৰ্মসূচীৰ অৱলম্বন নকৰাকৈ) হ'ল বুৰুণ্ডিৰ চিলভি কিনিগি, মজাম্বিকৰ লুইচা ডিঅ'গো, ৰোৱাণ্ডাৰ আগাথে উৱিলিঙিয়িমান, ছাও টোমে আৰু প্ৰিনচিপিৰ মাৰিয়া দাছ নেভেছ, ছেনেগালৰ আমিনাটা তুৰে আৰু নামিবিয়াৰ চাৰা কুউগঙেলৱা। এইসকলে নিজ নিজ দেশত প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছে।

ৰাজনৈতিক নেত্ৰীসকলৰ উপৰিও, আফ্ৰিকাৰ বহু মহিলা শিল্পী, সাহিত্যিক আৰু সমাজকৰ্মী আছে। উদাহৰণ স্বৰূপে: ছাও টোমে আৰু প্ৰিনচিপিৰ ৰাষ্ট্ৰীয় সংগীতৰ গীতিকাৰ আৰু প্ৰসিদ্ধ লেখিকা আল্ডা দো এছ্পিৰিতো ছান্তো; দক্ষিণ আফ্ৰিকাৰ গায়িকা আৰু বৰ্ণবৈষম্যৰ বিৰোধী আন্দোলনকাৰী মিৰিয়াম মাকেবা; [14] নাইজেৰিয়ান উপন্যাসিকা আৰু বক্তা চিমামাণ্ডা এন'গ'জি আদিচিয়ে; ইথিঅ'পিয়াৰ SoleRebels প্ৰতিষ্ঠানৰ উদ্যোগপতি বেথলেহেম আলেমু; নাইজাৰৰ স্থপতি মাৰিয়াম কামাৰা; পৰিৱেশ সংৰক্ষণত সক্ৰিয় ৱাঞ্জিৰা মাথাই; [15] আমেৰিকাত থকা নাইজেৰিয়ান দানশীল ব্যক্তি এফে উকালা; নাইজেৰিয়ান স্থপতি, উদ্যোগপতি, বক্তা আৰু লেখিকা টোছিন অ'ছিনোোৱো। কেনিয়াত ৱামুয়ু গাকুৰু কেনিয়াৰ স্বাধীনতাৰ বাবে মাউ মাউ বিদ্ৰোহত যোদ্ধা হিচাপে অংশগ্ৰহণ কৰিছিল।

বাহ্যিক সংযোগসমূহ

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Hunt, Nancy Rose (October 1989). Placing African women's history and locating gender. pp. 359–379. doi:10.1080/03071028908567748. 
  2. Hetherington, Penelope (1993). Women in South Africa: The Historiography in English. pp. 241–269. doi:10.2307/219546. 
  3. Hay, Margaret Jean (10 March 2014). Queens, Prostitutes and Peasants: Historical Perspectives on African Women, 1971–1986. pp. 431–447. doi:10.1080/00083968.1988.10804220. 
  4. Eldredge, Elizabeth A. (1991). Women in Production: The Economic Role of Women in Nineteenth-Century Lesotho. pp. 707–731. doi:10.1086/494700. 
  5. Sheldon, Kathleen (1999). "Women's History: Africa". Encyclopedia of Historians and Historical Writing, vol 2. Taylor & Francis. পৃষ্ঠা. 1308–11. ISBN 9781884964336. 
  6. Mizrahi, Simon (May 2015). Empowering African Women: An Agenda for Action. African Development Bank. https://www.afdb.org/fileadmin/uploads/afdb/Documents/Publications/African_Gender_Equality_Index_2015-EN.pdf। আহৰণ কৰা হৈছে: 23 October 2019. 
  7. Kimani, Mary (2007). Taking on violence against women in Africa. pp. 4–7. doi:10.18356/3a3ce9eb-en. 
  8. "African Charter on Human and Peoples' Rights". African Commission on Human and People's Rights. African Commission on Human and Peoples' Rights. https://www.achpr.org/legalinstruments/detail?id=49. 
  9. Solidarity for African Women's Rights (2006). Breathing Life into the African Union Protocol on Women's Rights in Africa. Solidarity for African Women's Rights. 
  10. Mlambo-Ngcuka, Phumzile (29 January 2017). "Speech: "We have opportunities as much as we have challenges"". UN Women: Africa. UN Women. https://africa.unwomen.org/en/news-and-events/stories/2017/01/we-have-opportunities-as-much-as-we-have-challenges। আহৰণ কৰা হৈছে: 23 October 2019. 
  11. "Women in Morocco". THIRDEYEMOM. 26 April 2011. http://thirdeyemom.com/2011/04/25/1084/। আহৰণ কৰা হৈছে: 9 November 2013. 
  12. Cousins, Helen. "Conjugal Wrongs: Gender Violence in African Women's Literature". Centre of West African Studies School of Historical Studies The University of Birmingham August 2001. https://etheses.bham.ac.uk/id/eprint/6934/1/Cousins01PhD.pdf। আহৰণ কৰা হৈছে: ২ মাৰ্চ ২০২২.  লগতে চাওক: মাৰ্গাৰেট বাছ্বি (সম্পা.), Daughters of Africa
  13. "Africa's 10 iconic women leaders - This Is Africa". This Is Africa. 20 February 2015. Archived from the original on 11 December 2017. https://web.archive.org/web/20171211160835/https://thisisafrica.me/africas-10-iconic-women-leaders/. 
  14. "UNESCO Women in Africa History | Women". en.unesco.org. https://en.unesco.org/womeninafrica/। আহৰণ কৰা হৈছে: 31 October 2019. 
  15. "Our List of Top Influential African Women in 2018" (en-US ভাষাত). ALU. 12 March 2019. Archived from the original on 22 June 2021. https://web.archive.org/web/20210622235021/https://www.alueducation.com/our-list-of-top-influential-african-women-in-2018/। আহৰণ কৰা হৈছে: 19 November 2019.