সমললৈ যাওক

আবটু

অসমীয়া ৱিকিপিডিয়াৰ পৰা

আবটু (প্ৰাচীন মিচৰীয়: ꜣbḏw) মিচৰৰ পৌৰাণিক কাহিনী অনুসৰি এটা পৱিত্ৰ মাছৰ নাম আৰু অচিৰিছ আৰু মিচৰৰ আদিম শাসকসকলক সমাধিস্থ কৰা ঠাই আবিডোছ চহৰৰ নাম।[1]

আবটু শব্দ হিচাপে

[সম্পাদনা কৰক]

আবটু কোনো বস্তুৰ পশ্চিম দিশ বা পশ্চিমৰ প্ৰাচীন শব্দও আছিল। তেতিয়া এইটোক আকাশৰ ওপৰেৰে সূৰ্যৰ দিনৰ গতি শেষ কৰি বুৰ যোৱা ঠাই বুলি বুজা গৈছিল গতিকে প্ৰাচীন মিচৰৰ বাবে য’ত সূৰ্য প্ৰতিদিনে মৃত্যুমুখত পৰে আৰু অন্ধকাৰ পাতাললৈ যায়।[2]

মাছ হিচাপে আবটু

[সম্পাদনা কৰক]

ইয়াত আবটুক পবিত্ৰ মাছ হিচাপে জনাজাত হোৱাৰ প্ৰমাণ ৰবাৰ্ট গুইচেপিয়ে (১৯৮৪) অনুবাদ কৰা “এ হাইমন অৱ প্ৰাইজ টু ৰা ৱেন হি ৰাইজেথ ইন দ্য ইষ্টাৰ্ণ পাৰ্ট অৱ হেভেন”ৰ পৰা লোৱা হৈছে:[3] -“আবটু মাছক তেওঁৰ বতৰত চাওঁ।”

তদুপৰি আইছিছ দেৱী আবটুলৈ ৰূপান্তৰিত হোৱা বুলি কোৱা হয়, হয়তো সেয়েহে তেওঁ জীৱটোক ইয়াৰ পবিত্ৰ অৱস্থাটো ধাৰলৈ দিছিল।[4] আইছিছক 'আবটু, গ্ৰেট ফিচ অৱ দ্য এবিছ'[5] হিচাপে অক্সিৰিনচাছ চহৰৰ ভিতৰত অচিৰিছৰ কিংবদন্তিত অচিৰিছৰ লিংগ গিলি পেলোৱাৰ সৈতে চিনাক্ত কৰা হৈছিল আৰু পবিত্ৰ মাছৰ নামেৰে চহৰখনৰ নামকৰণ কৰা হৈছিল (অক্সিৰিনকাছৰ অৰ্থ হৈছে "চোকা নাকযুক্ত মাছ")। ইজিপ্তৰ বহু ঠাইত এই মাছ পূজা বিয়পি পৰে।[6]

মিথত আবটু

[সম্পাদনা কৰক]

পৌৰাণিক আবটু সূৰ্য্য উদয়ৰ সময়ত আকাশৰ সিপাৰে ৰাৰ বাৰ্কৰ লগত যোৱাৰ কথাও জনা গৈছিল।[7]

তথ্য সূত্ৰ

[সম্পাদনা কৰক]
  1. of Light: Celebrations for the Seasons of Life Based on the Egyptian-Normandi Ellis retrieved 17/09/2011
  2. Ancient Egyptian Legends, by M. A. Murray retrieved 17/09/2011
  3. (excerpt from) A Hymn Of Praise To Ra When He Riseth In The Eastern Part Of Heaven[usurped] Robert Guisepi, 1984. retrieved 17/09/2011
  4. of Light: Celebrations for the Seasons of Life Based on the Egyptian-Normandi Ellis retrieved 17/09/2011
  5. The First Book of the Black Goddess By Matomah Alesha retrieved 18/09/2011
  6. R. E. Witt, Isis in the Ancient World (Johns Hopkins UP, 1971)
  7. Ancient Egyptian Legends, by M. A. Murray retrieved 17/09/2011