সমললৈ যাওক

আবা (অলবাৰ শাসক)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আবা
পদবী অলবাৰ অত্যাচাৰী শাসক
পূৰ্বসূৰী জেনোফেনছ

আবা, খ্ৰীষ্টপূৰ্ব ১ম শতিকাৰ বুলি কোৱা হয়, প্ৰাচীন আনাতোলিয়াৰ অলবা ৰাজ্যৰ এগৰাকী মহিলা অত্যাচাৰী শাসক আছিল।[1]

তেওঁ আছিল চিলিচিয়া (বৰ্তমানৰ তুৰস্ক)ৰ অলবা ৰাজ্যৰ অত্যাচাৰী শাসক (একচ্ছত্ৰী শাসক) জেনোফেনছৰ কন্যা। তেওঁৰ পিতৃয়ে তেওঁক ৰাজনীতিৰ পূৰ্ণ প্ৰশিক্ষণ দিছিল আৰু তেওঁৰ শাসনৰ অৱসানৰ পূৰ্বে তেওঁক শাসনকাৰ্যৰ উপৰি পুৰোহিত পদত নিযুক্তি দিয়া হৈছিল।[2]

পিতৃৰ মৃত্যুৰ পিছত তেওঁ অলবাৰ অত্যাচাৰী-শাসক হিচাপে আবাই শাসন আৰম্ভ কৰে। সেই ঠাইত টিউচাৰৰ পুত্ৰ আজাক্সে প্ৰতিষ্ঠা কৰা বৃহস্পতিৰ এটা মন্দিৰ আছিল। সিংহাসনত বহাৰ সময়ত এগৰাকী নাৰীয়ে অত্যাচাৰী হিচাপে শাসন কৰাটো অস্বাভাৱিক আছিল। তেওঁৰ ৰাজত্বকালৰ সঠিক বছৰবোৰ জানিব পৰা হোৱা নাই। খ্ৰীষ্টপূৰ্ব ৪৩ চনৰ পৰা খ্ৰীষ্টপূৰ্ব ৩৯ চনৰ ভিতৰত কোনোবা এটা সময়ত দেউতাকৰ উত্তৰাধিকাৰী হিচাপে ৰাজ্য শাসন কৰা বুলি কোৱা হয় যদিও কিমান দিন শাসন কৰিছিল সেয়া জনা নাযায়। কেৱল এইটো জনা যায় যে তেওঁ ৰোমান গণৰাজ্যৰ চূড়ান্ত যুদ্ধৰ সময়ত (খ্ৰীষ্টপূৰ্ব ৩২–৩০) শাসন কৰিছিল, কিয়নো সেই যুদ্ধৰ সময়ত তেওঁৰ কঠোৰ নীতিৰ বাবে তেওঁ পৰিচিত আছিল।[2]

আবা কূটনৈতিক যোগাযোগৰ বাবে পৰিচিত আছিল, যেনে ইজিপ্তৰ শাসক সপ্তম ক্লিওপেট্ৰা আৰু ৰোমান সম্ৰাট মাৰ্ক এণ্টনীয়ে অলবা ৰাজথক উপকাৰৰ প্ৰতিদান হিচাপে আবাক প্ৰদান কৰিছিল। ৰোমান গণৰাজ্যৰ চূড়ান্ত যুদ্ধৰ সময়ত (খ্ৰীষ্টপূৰ্ব ৩২–৩০) তেওঁ তেওঁলোকৰ মিত্ৰ আছিল।[2]

অৱশেষত তেওঁক পদচ্যুত কৰা হয়, কিন্তু তেওঁৰ বংশধৰসকলে অলবাৰ ওপৰত শাসন কৰিছিল যেতিয়ালৈকে ইয়াক ৰোমান সাম্ৰাজ্যত নিশ্চিতভাৱে অন্তৰ্ভুক্ত কৰা হোৱা নাছিল।[2][3]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Roller, Duane W. (2018) (en ভাষাত). Cleopatra's Daughter: And Other Royal Women of the Augustan Era. Oxford University Press. পৃষ্ঠা. 121–123. ISBN 978-0-19-061882-7. https://books.google.com/books?id=W05WDwAAQBAJ&pg=PA121.
  2. 1 2 3 4 "The Project Gutenberg eBook of The Geography of Strabo, Vol. III., translated by H. C. Hamilton.". www.gutenberg.org. পৃষ্ঠা: 56. https://www.gutenberg.org/files/44886/44886-h/44886-h.htm#Page_55 আহৰণ কৰা হৈছে: 2022-09-12.
  3. Strabo 14,5,10, p. 672; cited in Walther Ruge: Olbe. In: Paulys Realencyclopädie der classischen Altertumswissenschaft (RE). Band XVII,2, Stuttgart, 1937, Sp. 2399–2403, hier Sp. 2400.