সমললৈ যাওক

আবেদ আবেষ্ট

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আবেদ আবেষ্ট
জন্ম ২১ জুন, ১৯৮৭ (৩৯ বছৰ)
বান্দৰ আব্বাছ, হৰমোজগান প্ৰদেশ, ইৰান
পেচা চলচ্চিত্ৰ পৰিচালক, চিত্ৰনাট্যকাৰ, অভিনেতা
উল্লেখযোগ্য কৰ্ম ইনভেছন (২০১৭)

ফিচ এণ্ড কেট (২০১৩)
প্ৰথম পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰ:চিমুলেশ্যন (২০১৭)
দা কৰ্নাৰ (২০১৪) (মধ্যম দৈৰ্ঘ্যৰ চলচ্চিত্ৰ)

দ্বিতীয় পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰ:কিলিং দা ইউনাখ খান (২০২১)

আবেদ আবেষ্ট (জন্ম ১৯৮৭, বান্দৰ আব্বাছ, ইৰান) হৈছে এজন ইৰানী পৰিচালক, লেখক আৰু অভিনেতা। তেওঁ শ্বাহৰাম মুক্ৰীৰ চলচ্চিত্ৰ ফিচ এণ্ড কেটত অভিনয় কৰিছিল, যিখন চলচ্চিত্ৰই ভেনিছ চলচ্চিত্ৰ উৎসৱত (২০১৩) হৰাইজন বঁটা লাভ কৰিছিল।[1] ইয়াৰ উপৰি তেওঁ ইনভেছন চলচ্চিত্ৰতো অভিনয় কৰিছিল, যিখন চিনেমা বাৰ্লিন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ উৎসৱত (২০১৮) টেডি বঁটাৰ বাবে মনোনীত হৈছিল।[2] তেওঁৰ প্ৰথম পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰ আছিল চিমুলেশ্যন (২০১৭), যাৰ বিশ্ব প্ৰিমিয়াৰ বাৰ্লিন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ উৎসৱৰ (২০১৭) ফ’ৰাম শাখাত প্ৰদৰ্শিত হৈছিল[3] আৰু এইখনে স্পেইন মুভিং ইমেজ চলচ্চিত্ৰ উৎসৱত (২০১৮) শ্ৰেষ্ঠ চলচ্চিত্ৰৰ বঁটা আঁজুৰি আনিছিল।[4] তেওঁৰ দ্বিতীয়খন পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰ কিলিং দা ইউনাখ খান (২০২১) ২৫সংখ্যক তালিন ব্লেক নাইটছ চলচ্চিত্ৰ উৎসৱত প্ৰদৰ্শিত হৈছিল[5] আৰু শ্লেমডেন্স চলচ্চিত্ৰ উৎসৱৰ ব্ৰেকআউটছ শাখাত গ্ৰেণ্ড জুৰী বঁটা লাভ কৰিছিল।[6]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. ""Fish & Cat" won the Venice festival Horizone prize". www.iffr.com. Archived from the original on 17 June 2020. https://web.archive.org/web/20200617021100/https://iffr.com/en/persons/shahram-mokri আহৰণ কৰা হৈছে: 17 June 2020.
  2. "Invasion in Berlin international film festival". www.teddyaward.tv. http://teddyaward.tv/en/program/?a-z=1&id_film=777&select= আহৰণ কৰা হৈছে: 17 June 2020.
  3. "Simulation in Berlin international film festival". www.berlinale.de. https://www.berlinale.de/en/archive/jahresarchive/2017/02_programm_2017/02_filmdatenblatt_2017_201719712.html#tab=filmStills আহৰণ কৰা হৈছে: 17 June 2020.
  4. "Simulation won the best film award in Spain moving images film festival". www.spainmovingimagesfestival.com. Archived from the original on 15 April 2019. https://web.archive.org/web/20190415050438/https://spainmovingimagesfestival.com/features/ আহৰণ কৰা হৈছে: 20 June 2020.
  5. "Killing the Eunuch Khan in Tallinn Black Nights Film Festival". www.cineuropa.org. https://www.cineuropa.org/en/newsdetail/410632 আহৰণ কৰা হৈছে: 19 Sep 2021.
  6. Chapman, Wilson (4 Feb 2022). "2022 Slamdance Award Winners". Variety. https://variety.com/2022/film/news/slamdance-film-festival-sparky-awards-agbo-fellowship-1235172688/ আহৰণ কৰা হৈছে: 7 June 2022.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]