সমললৈ যাওক

আব্বাছ আব্দি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আব্বাছ আব্দি
close-up of Abbas Abdi wearing a light-coloured, striped shirt underneath a dark blue jacket, head tilted to the right, appearing to speak while looking left
২০১৬ চনত আব্দি
জন্ম ০১ অক্টোবৰ, ১৯৫৬ (৬৯ বছৰ)
তেহৰান, পাহলৱী ইৰান
শিক্ষানুষ্ঠান আমিৰ কবীৰ বিশ্ববিদ্যালয়
পেচা
  • সাংবাদিক
    সামাজিক গৱেষক
    মানৱ অধিকাৰ কৰ্মী
জনা যায় ছালাম দৈনিক কাকতৰ প্ৰধান সম্পাদক


আব্বাছ আব্দি (ইংৰাজী: Abbas Abdi) (/ɑːˈbs ɑːbˈd/ ( শুনক) ( জন্ম ১ অক্টোবৰ ১৯৫৬) এজন ইৰাণী সংস্কাৰবাদী। তেখেত এজন সাংবাদিক, স্ব-শিক্ষিত সমাজবিজ্ঞানী, সমাজ কৰ্মী ব্যক্তি।

আব্বাছ আব্দিৰ জন্ম হৈছিল ১৯৫৬ চনত।[1] তেওঁ তেহৰাণ পলিটেকনিকত পলিমাৰ ইঞ্জিনিয়াৰিং অধ্যয়ন কৰিছিল। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ গৱেষণা আৰু তথ্য বিভাগৰ বিদেশী চোৰাংচোৱা শাখাত কিছুসময় কাম কৰাৰ লগতে ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ৰ অন্তৰ্গত কৌশলগত গৱেষণা কেন্দ্ৰত সংস্কৃতি বিভাগৰ উপ-মুৰব্বী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। দৈনিক কাকত ‘ছালাম’ৰ সম্পাদকমণ্ডলীৰ সদস্য আছিল। আব্দি ইৰাণ অংশগ্ৰহণ ফ্ৰণ্টৰ কেন্দ্ৰীয় পৰিষদৰ সদস্য আছিল আৰু বৰ্তমান ইৰাণৰ সাংবাদিক সংঘৰ সভাপতি।

১৯৭৯ চনত ইৰাণৰ বিপ্লৱৰ প্ৰাৰম্ভিক দিনত তেওঁ আন ছাত্ৰ-ছাত্ৰীৰ সৈতে তেহৰাণত থকা আমেৰিকাৰ দূতাবাসত আক্ৰমণ কৰা প্ৰথমসকলৰ ভিতৰত এজন আছিল।[1] ইয়াৰ পিছৰ বছৰবোৰত তেওঁ ইৰাণৰ ৰাজনৈতিক ব্যৱস্থাৰ সমালোচক হৈ পৰে। ১৯৯৩ চনত সংস্কাৰবাদী দৈনিক চালামত সমালোচনাত্মক প্ৰবন্ধ লিখাৰ বাবে তেওঁক আঠ মাহৰ কাৰাদণ্ড দিয়া হয়। [1] ৰাষ্ট্ৰপতি মহম্মদ খাটামীৰ সংস্কাৰ পৰিকল্পনাৰ সমৰ্থক আছিল আৰু ১৯৯৭ চনৰ পিছত সংস্কাৰবাদী শিবিৰৰ অন্যতম প্ৰভাৱশালী ব্যক্তি হিচাপে পৰিগণিত হৈছিল। ১৯৯৯ চনৰ জুলাই মাহত তেহৰাণ বিশ্ববিদ্যালয়ৰ ছাত্ৰাবাসত আক্ৰমণৰ পিছত আৰম্ভ হোৱা ইৰাণৰ ছাত্ৰ প্ৰতিবাদৰ সময়ত তেওঁ আইনী সমস্যাত পৰিছিল; এই কাণ্ডত আবাদিৰ প্ৰবন্ধটো চালামত প্ৰকাশ পোৱাৰ পিছত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদৰ ফলত বিশ্ববিদ্যালয়ৰ ছাত্ৰাবাসত আৰক্ষীয়ে অভিযান চলায়।

আব্দি আয়ান্দেহ ভোটগ্ৰহণ সংস্থাৰ সঞ্চালক হয় আৰু আমেৰিকাৰ সৈতে আনুষ্ঠানিক আলোচনা পুনৰ আৰম্ভ কৰাৰ ক্ষেত্ৰত ইৰাণীসকলৰ মতামত জোখাৰ বাবে এক সমীক্ষাত অংশগ্ৰহণ কৰে।[2] ২০০২ চনৰ ২২ ছেপ্টেম্বৰত ৰাজ্যিক সংবাদ সংস্থা ইৰনাই আয়াণ্ডেৰ এক সমীক্ষা প্ৰকাশ কৰি কয় যে ৭৪.৪% ইৰাণী লোকে আমেৰিকাৰ সৈতে পুনৰ সম্পৰ্ক আৰম্ভ কৰাৰ পক্ষত আছে। ২০০২ চনৰ ৪ নৱেম্বৰত আব্দীক তেওঁৰ ঘৰত গ্ৰেপ্তাৰ কৰা হয়; তেওঁৰ বিৰুদ্ধে "আমেৰিকাৰ ভোটগ্ৰহণ সংস্থা গ্যালাপ বা বিদেশী দূতাবাসৰপৰা ধন লোৱা"ৰ অভিযোগ উত্থাপন কৰা হৈছিল। ইয়াৰ ফলত আব্দীয়ে কেইবাবছৰ কাৰাগাৰত কটাবলগীয়া হয়। ২০০৯ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত তেওঁ মেহদি কৰৌবিৰ অন্যতম প্ৰধান উপদেষ্টা আছিল।

ইৰানৰ ৰাষ্ট্ৰীয় মিডিয়াৰ সন্দৰ্ভত আব্বাছ আব্দিয়ে কয়: ৰাজনৈতিক অপপ্ৰচাৰৰ আহিলা হিচাপে ব্যৱহাৰ কৰা যিকোনো সংবাদ মাধ্যমে নিজৰ প্ৰভাৱ হেৰুৱাব।’ আব্দীয়ে কয় যে ‘ৰাজ্যিক টিভিয়ে বাৰ্তা প্ৰেৰণ কৰাৰ অৰ্থ এইটো নহয় যে জাতিটোৱে সেই বাৰ্তাসমূহ লাভ কৰাটো বাধ্যতামূলক। ইৰাণৰ জনসাধাৰণৰ নিজস্ব আশা আছে আৰু সেই আশাৰ ওপৰত ভিত্তি কৰি বাৰ্তাৰ বাবে অপেক্ষা কৰে।’ সম্ভৱতঃ সেইবাবেই বিদেশী সংবাদ মাধ্যমৰ পৰা অহা বাৰ্তাক দৰ্শকে আদৰণি জনায় বিশেষকৈ যেতিয়া ইৰাণত স্বতন্ত্ৰ সংবাদ মাধ্যম অতি কম।[3]

তথ্যৰ উৎস

[সম্পাদনা কৰক]
  1. 1 2 3 Mehrzad Boroujerdi; Kourosh Rahimkhani (11 October 2010). "Iran's Political Elite". United States Institute of Peace. Archived from the original on 23 August 2013. https://web.archive.org/web/20130823181417/http://iranprimer.usip.org/resource/irans-political-elite আহৰণ কৰা হৈছে: 30 July 2013.
  2. "Iran: an afternoon with a hostage-taker". Archived from the original on 30 May 2009. https://web.archive.org/web/20090530094215/http://www.opendemocracy.net/democracy-irandemocracy/hostage_3009.jsp আহৰণ কৰা হৈছে: 22 December 2007.
  3. https://www.iranintl.com/en/202303312090?source=share-wa

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]