সমললৈ যাওক

আব্বাছ কিয়াৰোস্তমী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আব্বাছ কিয়াৰোস্তমী

২০১৩ চনত কিয়াৰোস্তমী
স্থানীয় নাম عباس کیارستمی
জন্ম ২২ জুন, ১৯৪০
তেহৰান, পহলৱী ইৰান
মৃত্যু ০৪ জুলাই, ২০১৬ (৭৬ বছৰ)
পেৰিছ, ফ্ৰান্স
শিক্ষা তেহৰান বিশ্ববিদ্যালয়
পেচা
  • চলচ্চিত্ৰ নিৰ্মাতা
  • চিত্ৰনাট্যকাৰ
  • চিত্ৰগ্ৰাহক
  • প্ৰযোজক
  • চিত্ৰশিল্পী
  • কবি
সক্ৰিয় হৈ থকা সময় ১৯৬২–২০১৬
উল্লেখযোগ্য কৰ্ম
শৈলী
ৰাজনৈতিক আন্দোলন ইৰানী নৱকল্লোল
দাম্পত্যসঙ্গী পৰৱীন আমিৰ-গোলী (বি. ১৯৬৯; বিবি. ১৯৮২)[1]
অংশীদাৰ নিকি কৰীমী (১৯৯৫–২০০৭)
সন্তান
স্বাক্ষৰ

আব্বাছ কিয়াৰোস্তমী[টোকা 1] (Persian: عباس کیارستمی, pronounced [ʔæbbɒ́ːse kijɒːɹost̪ʰǽmíː] ⓘ; ২২ জুন ১৯৪০ – ৪ জুলাই ২০১৬) এগৰাকী ইৰানী চলচ্চিত্ৰ পৰিচালক, চিত্ৰনাট্যকাৰ, কবি, চিত্ৰগ্ৰাহক আৰু চলচ্চিত্ৰ প্ৰযোজক আছিল।[2][3][4] ১৯৭০ চনৰ পৰা সক্ৰিয় চলচ্চিত্ৰ নিৰ্মাতা হিচাপে কিয়াৰোস্তমী চুটি চলচ্চিত্ৰ আৰু তথ্যচিত্ৰকে ধৰি ৪০খনতকৈও অধিক চলচ্চিত্ৰৰ নিৰ্মাণৰ সৈতে জড়িত আছিল। ক'কৰ ত্ৰয়ী (১৯৮৭–১৯৯৪), ক্ল'জ-আপ (১৯৯০), দ্য উইণ্ড উইল কেৰী আছ (১৯৯৯) আৰু টেষ্ট অৱ চেৰী (১৯৯৭) পৰিচালনা কৰি কিয়াৰোস্তমীয়ে সমালোচকৰ প্ৰশংসা লাভ কৰে। টেষ্ট অৱ চেৰী-এ সেই বছৰ কান চলচ্চিত্ৰ মহোৎসৱত পাল্ম দ'ৰ বঁটা লাভ কৰে। পৰৱৰ্তী কালৰ চাৰ্টিফাইড কপি (২০১০) আৰু লাইক চামৱান ইন লাভ (২০১২) চলচ্চিত্ৰত তেওঁ প্ৰথমবাৰৰ বাবে ইৰানৰ বাহিৰত চিত্ৰগ্ৰহণ কৰে—ক্ৰমে ইটালী আৰু জাপানত। তেওঁৰ ৱেৰ ইজ দ্য ফ্ৰেণ্ডছ হ'ম? (১৯৮৭), ক্ল'জ-আপ আৰু দ্য উইণ্ড উইল কেৰী আছ চলচ্চিত্ৰক বিবিচি কালচাৰৰ ২০১৮ চনৰ সমালোচকৰ জৰীপত ১০০খন শ্ৰেষ্ঠ বিদেশী ভাষাৰ চলচ্চিত্ৰৰ ভিতৰত স্থান দিয়া হৈছিল।[5] ক্ল'জ-আপ-ক ২০১২ চনত অনুষ্ঠিত বিখ্যাত দশকীয় Sight & Sound জৰীপতো সৰ্বকালৰ ৫০খন শ্ৰেষ্ঠ চলচ্চিত্ৰৰ এখন হিচাপে স্থান দিয়া হৈছিল।[6][7] তেওঁক ইৰানৰ আৰু সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ তথা প্ৰভাৱশালী চলচ্চিত্ৰ নিৰ্মাতা হিচাপে ব্যাপকভাৱে গণ্য কৰা হয়।

কিয়াৰোস্তমীয়ে চিত্ৰনাট্যকাৰ, চলচ্চিত্ৰ সম্পাদক, শিল্প নিৰ্দেশক আৰু প্ৰযোজক হিচাপে ব্যাপকভাৱে কাম কৰিছিল আৰু তেওঁ চলচ্চিত্ৰৰ ক্ৰেডিট শিৰোনাম তথা প্ৰচাৰমূলক সামগ্ৰীও নক্সা কৰিছিল। তেওঁ এগৰাকী কবি, চিত্ৰগ্ৰাহক, চিত্ৰশিল্পী, অলংকৰণ শিল্পী আৰু গ্ৰাফিক ডিজাইনাৰো আছিল। তেওঁ ইৰানী নৱকল্লোলৰ চলচ্চিত্ৰ নিৰ্মাতাসকলৰ এটা প্ৰজন্মৰ অংশ আছিল। ইৰানী নিউ ৱেভ হৈছে ইৰানৰ চলচ্চিত্ৰৰ এটা আন্দোলন, যি ১৯৬০ৰ দশকৰ শেষভাগত আৰম্ভ হৈছিল আৰু ৰাজনৈতিক তথা দাৰ্শনিক বিষয়ৰ সৈতে জড়িত কাব্যিক সংলাপ আৰু ৰূপকধৰ্মী কাহিনী কোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল।[8]

কিয়াৰোস্তমীয়ে শিশু চৰিত্ৰকেন্দ্ৰিক কাহিনী, তথ্যচিত্ৰৰ ধাঁচৰ কাহিনীধৰ্মী চলচ্চিত্ৰ,[9] গ্ৰাম্য গাঁৱত সংঘটিত কাহিনী আৰু স্থিৰভাৱে সংস্থাপিত কেমেৰাৰ জৰিয়তে গাড়ীৰ ভিতৰত চলি থকা কথোপকথন ব্যৱহাৰৰ বাবে পৰিচিত আছিল। তেওঁ চলচ্চিত্ৰৰ সংলাপ, শিৰোনাম আৰু বিষয়বস্তুত পাৰ্চী সাহিত্যৰ ফাৰ্চী কাব্য ব্যৱহাৰৰ বাবেও পৰিচিত। কিয়াৰোস্তমীৰ চলচ্চিত্ৰসমূহত উল্লেখযোগ্য মাত্ৰাৰ দ্ব্যৰ্থতা, সৰলতা আৰু জটিলতাৰ এক অস্বাভাৱিক সংমিশ্ৰণ আৰু প্ৰায়ে কাল্পনিক তথা তথ্যচিত্ৰধৰ্মী উপাদানৰ সংমিশ্ৰণ দেখা যায়। পৰিৱৰ্তন আৰু ধাৰাবাহিকতাৰ ধাৰণাৰ লগতে জীৱন আৰু মৃত্যুৰ বিষয়বস্তুৱেও কিয়াৰোস্তমীৰ কৰ্মত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

  1. ↑ Persian: عباس کیارستمی, pronounced [ʔæbbɒ́ːse kijɒːɹost̪ʰǽmíː] ⓘ।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. ↑ دادخواهی بر سر میراث فرهنگی کیارستمی
  2. ↑ Panel of critics (14 November 2003). "The world's 40 best directors". The Guardian (London). https://www.theguardian.com/film/2003/nov/14/1.
  3. ↑ Karen Simonian (2002). "Abbas Kiarostami Films Featured at Wexner Center". Wexner center for the art. Archived from the original on 10 July 2007. https://web.archive.org/web/20070710175713/http://wexarts.org/info/press/db/87_nr-kiarostami_elec.pdf। আহৰণ কৰা হৈছে: 23 February 2007.
  4. ↑ "2002 Ranking for Film Directors". British Film Institute. 2002. Archived from the original on 13 October 2018. https://web.archive.org/web/20181013200533/http://old.bfi.org.uk/sightandsound/feature/63। আহৰণ কৰা হৈছে: 23 February 2007.
  5. ↑ "The 100 greatest foreign-language films". 30 October 2018. http://www.bbc.com/culture/story/20181029-the-100-greatest-foreign-language-films। আহৰণ কৰা হৈছে: 15 January 2019.
  6. ↑ "Critics' top 100". Archived from the original on 7 February 2016. https://web.archive.org/web/20160207035347/http://www.bfi.org.uk/films-tv-people/sightandsoundpoll2012/critics। আহৰণ কৰা হৈছে: 5 September 2026.
  7. ↑ "Directors' top 100". Archived from the original on 9 February 2016. https://web.archive.org/web/20160209010504/http://www.bfi.org.uk/films-tv-people/sightandsoundpoll2012/directors। আহৰণ কৰা হৈছে: 5 September 2026.
  8. ↑ Mathew, Shaj (2021). "Ekphrastic Temporality". New Literary History খণ্ড 52 (2): 239–260. doi:10.1353/nlh.2021.0011. সাঁচ:Project MUSE.
  9. ↑ "Abbas Kiarostami Biography". Firouzan Film. 2004. Archived from the original on 21 March 2008. https://web.archive.org/web/20080321011936/http://www.firouzanfilms.com/HallOfFame/Inductees/AbbasKiarostami.html। আহৰণ কৰা হৈছে: 23 February 2007.