সমললৈ যাওক

আমগুৰি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আমগুৰি
নগৰ
দেশ  ভাৰত
ৰাজ্য অসম
জিলা শিৱসাগৰ
জনসংখ্যা
 (2001)
 • মুঠ
৬,৯৪৪

আমগুৰি (IPA: æmˈgʊərɪ) (ইংৰাজী: Amguri) অসমশিৱসাগৰ জিলাত অৱস্থিত এখন ঠাই।

ভৌগোলিক বিৱৰণ

[সম্পাদনা কৰক]

আমগুৰি অসম আৰু নাগালেণ্ড সীমান্তত অৱস্থিত। এই অঞ্চলৰ সাগৰৰ পৰা গড় উচ্চতা ৭৪ মিটাৰ ( ২৪২ ফুট)। এই টাউনখন জাঁজী নৈৰ পাৰত অৱস্থিত।

আন্ত:গাঁথনি

[সম্পাদনা কৰক]

২০১১ চনৰ লোকপিয়ল অনুসৰি,[1] আমগুৰিৰ মুঠ জনসংখ্যা ৮,০০২ গৰাকী।[2] ইয়াৰে ৫৩% পুৰুষ আৰু ৪৭% মহিলা। আমগুৰিৰ জনসংখ্যাৰ ১০.২৭% ছয় বছৰ বয়সৰ অনুৰ্ধৰ।

আমগুৰিৰ গড় সাক্ষৰতাৰ হাৰ ৯১.৭১%। ইয়াৰে পুৰুষ আৰু মহিলাৰ সাক্ষৰতাৰ হাৰ ক্ৰমান্বয়ে ৯৩.৮৬% আৰু ৮৯.২২%।

যাতায়ত ব্যৱস্থা

[সম্পাদনা কৰক]

আমগুৰি নগৰৰ মাজেৰে ২ নং ৰাষ্ট্ৰীয় ঘাইপথ (নতুনকৈ নামাংকৃত) আৰু ইতিহাস প্ৰসিদ্ধ ধোদৰ আলি পাৰ হৈ গৈছে। স্বৰ্গদেউ গদাধৰ সিংহই নিৰ্মাণ কৰি থৈ যোৱা ধোদৰ আলি নগৰখনৰ অন্যতম প্ৰধান পথ। আমগুৰি ৰেল ষ্টেচন চহৰখনৰ মাজমজিয়াতে অৱস্থিত। ই উত্তৰ-পূব সীমান্ত ৰেলৱেৰ তিনিচুকীয়া সংমণ্ডলৰ অন্তৰ্ভুক্ত।

আমগুৰিত ভালসংখ্যক শিক্ষা প্ৰতিষ্ঠান আছে। ইয়াৰে ভিতৰত উল্লেখযোগ্য হ'ল-

বিদ্যালয়-

  • আউনীআটীয় হেমচন্দ্ৰ দেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয় (১০+২ স্তৰত কেৱল বিজ্ঞান আৰু বাণিজ্য বিভাগ আছে। বিখ্যাত আন্তৰষ্ট্ৰীয় বিজ্ঞানী ড: ক্ষীৰোদ গগৈ এই বিদ্যালয়ৰে প্ৰাক্তন ছাত্ৰ। )
  • আমগুৰি বালিকা বিদ্যালয়
  • ডনবস্কো হাইস্কুল
  • জ্ঞান-বিকাশ বিদ্যাপীঠ
  • ৰামেশ্বৰ দত্ত উচ্চ মাধ্যমিক বিদ্যালয়
  • জনতা উচ্চ মাধ্যমিক বিদ্যালয়

মহাবিদ্যালয়-

  • আমগুৰি মহাবিদ্যালয়

নিম্ন: মহাবিদ্যালয়-

  • অৰুণোদয় একাডেমী

ৰাজনীতি

[সম্পাদনা কৰক]

আমগুৰি যোৰহাট (লোকসভা সমষ্টি)ৰ অন্তৰ্ভুক্ত।[3] চহৰখন ১০৩ নং আমগুৰি বিধান সভা সমষ্টিৰ অন্তৰ্গত।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]