সমললৈ যাওক

আমগুৰী মাধৱ দেৱ সত্ৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা


আমগুৰী মাধৱদেৱ সত্ৰ বঙাইগাঁও জিলাবইটামাৰীৰ আমগুৰী গাঁৱত অৱস্থিত। এই সত্ৰখন স্থানীয় ৰাইজৰ মাজত গোপীনাথ প্ৰভুৰ মন্দিৰ হিচাপে পৰিচিত। ইয়াত বংশীধৰ গোপীনাথ প্ৰভূৰ বিগ্ৰহ স্থাপিত কৰা আছে। পৌৰাণিক ভাস্কৰ্য কাঠত খোদিত- মৎস্য, কুৰ্ম, হয়গ্ৰীবৰ মূৰ্ত্তি আৰু লগতে আছে এটা মহাপুৰুষজনাৰ পদশীলা। বৰ্তমান ভাঁজ ঘৰৰ সন্মুখত স্থাপন কৰা হৈছে এটা বৃহৎ মণিকূট আৰু তাতে ভাগৱতৰ থাপনা কৰা হৈছে।

কিম্বদন্তী মতে শংকৰদেৱৰ বৈকুণ্ঠ প্ৰয়াণ হোৱাৰ পিছত মাধৱদেৱে যেতিয়া শিষ্য সকলক লগত লৈ একশৰণ নাম ধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে ১৫৪৬ খ্ৰীষ্টাব্দত কোচবিহাৰলৈ আহিছিল,সেই সময়তে সত্ৰখন নিজ হাতে প্ৰতিষ্ঠা কৰা বুলি বিশ্বাস আছিল। মাধৱদেৱে সত্ৰখন প্ৰতিষ্ঠা কৰা বাবে সত্ৰখনক শ্ৰীশ্ৰী মাধৱদেৱ সত্ৰ বুলি জনা যায় আৰু এই সত্ৰখনতেই অমগুৰী ৰাইজৰ প্ৰচেষ্টাত প্ৰতি বছৰে ফাগুন মাহৰ এক তাৰিখে পালনাম পাতি অহা হৈছে।