সমললৈ যাওক

আমবাৰীৰ মৃণ্ময় ভাস্কৰ্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা

আমবাৰীৰ মৃণ্ময় ভাস্কৰ্য হ'ল গুৱাহাটীস্থিত আমবাৰীৰ খননৰ সময়ত উদ্ধাৰ হোৱা গুপ্তশৈলীৰ সাদৃশ্যপূৰ্ণ একাধিক পোৰা মাটিৰ ভাস্কৰ্যৰ সমষ্টি। ১৯৬৯ চনত হোৱা খননত শিলৰ সৈতে এই ভাস্কৰ্যসমূহ উদ্ধাৰ কৰা হৈছিল। ইয়াৰ ভিতৰত প্ৰথমতে উল্লেখযোগ্য হ'ল ফোঁপোলাকৈ নিৰ্মাণ কৰা নাৰীমূৰ্তিৰ একাংশ। এনে ধৰণৰ নাৰীমূৰ্তি উত্তৰ প্ৰদেশৰ অহিচ্ছত্ৰতো উদ্ধাৰ হোৱা দেখা যায়। আলোচিত মূৰ্তিটো গুপ্তকালীন মূৰ্তিৰ সৈতে সাদৃশ্যপূৰ্ণ। ইয়াৰ শিৰোদেশ, বাহুযুগল আৰু সোঁবক্ষ ভগ্ন হ’লেও, ডিঙিৰ কলাসম্মত আহল-বহল গলপতা আৰু কঁকালৰ কৰধনিৰ সৌন্দৰ্য অনুপম। কবি নৱকান্ত বৰুৱাৰ দৃষ্টিত— “এই ৰহস্যমজ়ী নাৰীমূৰ্তি দেবী নে মানৱী ক'ব নোৱাৰি; কিন্তু এষাৰ কথা ক'ব পাৰি সি হ'ল, এই নাৰীমূৰ্তি যেন অনন্ত যৌৱনা উৰ্বশী।”

ড° এইচ. ডি. সাংকালিয়াৰ ভাষাত— “মূৰ্তিটো অকল শ্ৰেষ্ঠতম কলা-সম্পদেই নহয়, পোৰা মাটিৰ ভাস্কৰ্যৰ ভিতৰতে শ্ৰেষ্ঠ, এই কাৰণেই যে ভিতৰ ফোঁপোলা এই মূৰ্তিটো হয়তো দুটা সাঁচত গঢ়া হৈছিল; অথবা বালি বা সমৰৰ সজ্জাৰ ওপৰত গঢ় দি নিখুঁত কৰণ-কৌশলৰ প্ৰদৰ্শনেৰে কেয়লীন কলা-সম্পদ প্ৰকাশ কৰা হৈছিল।”

আমবাৰীৰ খননৰ সময়ত উদ্ধাৰ হোৱা অন্য মৃণ্ময় ভাস্কৰ্যসমূহৰ ভিতৰত উল্লেখযোগ্য—

  1. অৰ্ধভগ্ন গণেশ-মূৰ্তি — ফোঁপোলাকৈ নিৰ্মিত এই গণপতিৰ মূৰ্তিত কিৰীটি-মুকুট, সোঁহাতলৈ অগ্ৰসৰ হোৱা শুঁড়ডাল, বহল কাণ দুখনি, পশ্চাৎপটৰ গোলাকাৰ ক্ষেত্ৰৰ পদুমৰ পাহি আৰু মুকুতাৰ মণ্ডনকৰ্ম দৃষ্টি-আকৰ্ষক।
  2. অৰ্ধভগ্ন যোগী-মূৰ্তি — যোগাসনত উপবিষ্ট প্ৰলম্ব উদৰৰ এই মূৰ্তিটো হয় যোগেশ্বৰ শিৱৰ, নহয় বুদ্ধদেৱৰ।
  3. যোনিপীঠ-সহ শিৱলিংগ — গুপ্তশৈলীৰ মৃণ্ময় ভাস্কৰ্যৰ সৈতে সাদৃশ্য থকা এই সম্পদসমূহ সময়ৰেখা অনুসৰি ষষ্ঠ-সপ্তম শতাব্দীৰ পৰৱৰ্তী নহয়।[1]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. অসমৰ সংস্কৃতি-কোষ, অসমীয়া বিভাগ, প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ হৈ। মুখ্য সম্পাদক: ড° নাৰায়ণ দাস, সম্পাদক: ড° পৰমানন্দ ৰাজবংশী, জ্যোতি প্ৰকাশন, পৃষ্ঠা ৯০, প্ৰথম প্ৰকাশ: মাৰ্চ, ২০০৯।