সমললৈ যাওক

আমাগুঞ্জু

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Amaggunju
আমাগুঞ্জু পৰম্পৰাগত নৃত্য

আমাগুঞ্জু (ইংৰাজী: Amaggunju) হ’ল উগাণ্ডাৰ বৃহত্তম জনগোষ্ঠী বাগাণ্ডাসকলৰ এক পৰম্পৰাগত লোকনৃত্য[1][2] এই ৰাজকীয় নৃত্যটো ৰাজ্যাভিষেক, বিবাহ আৰু অন্যান্য সাংস্কৃতিক অনুষ্ঠানৰ দৰে গুৰুত্বপূৰ্ণ ক্ষণত পৰিৱেশন কৰা হয়।[3] এই নৃত্যৰ উল্লেখযোগ্য বৈশিষ্ট্য হ’ল ইয়াৰ স্বকীয় ছন্দময় ঢোলৰ শব্দ আৰু শক্তিশালী সঞ্চালন, যি পুৰুষ আৰু মহিলা উভয় নৃত্যশিল্পীৰদ্বাৰাই পৰিৱেশন কৰা হয়।[3][4]

আমাগুঞ্জুৰ উৎপত্তি বাগাণ্ডা লোকসকলৰ মাজত হৈছিল আৰু ইয়াৰ যথেষ্ট গুৰুত্ব আছে কাৰণ ইয়াৰ বিকাশ প্ৰথমতে ৰাজপ্ৰাসাদত হৈছিল।[5] এই নৃত্যৰ ইতিহাস ১৫৮২ চনত ৰজা মূলণ্ডোৰ শাসনকালৰপৰাই বিচাৰি পোৱা যায়। তেওঁ কোনো উত্তৰাধিকাৰী নোহোৱাকৈ মৃত্যুবৰণ কৰিছিল, যদিও তেওঁৰ মৃত্যুৰ সময়ত কেইবাগৰাকীও পত্নী অন্তঃসত্ত্বা আছিল।[1]

সেই সময়ত ৰাজ্যখন কোনো মহিলাই শাসন কৰাটো পৰম্পৰা বিৰোধী বুলি গণ্য কৰা হৈছিল, সেয়েহে বেজ আৰু পৰম্পৰাগত কবিৰাজসকলে কোনগৰাকী পত্নীৰ গৰ্ভত পুত্ৰ সন্তান আছে তাক নিৰ্ধাৰণ কৰিবলৈ চেষ্টা কৰিছিল।[2][5] ফলস্বৰূপে, পুত্ৰ সন্তান জন্ম দিব বুলি আশা কৰা নামুলণ্ডো নামৰ এগৰাকী পত্নীয়ে সিংহাসনত আৰোহণ কৰে। ৰাইজৰ ধাৰণা আছিল যে তেওঁ নহয়, বৰঞ্চ তেওঁৰ জন্ম নোহোৱা পুত্ৰইহে শাসন চলাইছে। যেতিয়া ৰাজকুমাৰজনৰ জন্ম হ’ল, তেওঁ সিংহাসনত বহিয়েই নিজৰ শাসন আৰম্ভ কৰিছিল।[5] বাগাণ্ডা লোকসকলে বিশ্বাস কৰে যে ৰজাই চকুলো টুকিব নালাগে, কাৰণ ই ৰাজ্যলৈ অভিশাপ আৰু দুৰ্ভাগ্য কঢ়িয়াই আনে বুলি বিশ্বাস কৰা হয়। সেয়েহে, শিশু ৰাজকুমাৰজনক সুখী কৰি ৰাখিবলৈ আৰু তেওঁ যাতে কান্দিবলৈ নাপায় তাৰ বাবে ৰাজকুমাৰৰ মোমায়েক আৰু পেহীয়েকসকলে ভৰিত জুনুকা পিন্ধি আনন্দময় নৃত্যত মগ্ন হৈছিল।[5][6] এই নৃত্যটো ‘আমাগুঞ্জু’ নৃত্য হিচাপে পৰিচিত আছিল। ই মূলতঃ কেৱল ‘অবুতিকো’ (কাঠফুলা) গোষ্ঠীৰ লোকসকলৰ মাজতে সীমাবদ্ধ আছিল আৰু কেৱল ৰাজপ্ৰাসাদৰ ভিতৰতে পৰিৱেশন কৰা হৈছিল। বৰ্তমান সময়ত এই নৃত্য অধিক ব্যাপক হৈ পৰিছে আৰু বহুতো সাধাৰণ লোকেও ইয়াত অংশগ্ৰহণ কৰা দেখা যায়।[5][4]

ডেৰে ট্ৰুপৰ নৃত্যশিল্পীসকলে আমাগুঞ্জু নৃত্য পৰিৱেশন কৰি থকা অৱস্থা

নৃত্যৰ খোজ আৰু প্ৰদৰ্শন

[সম্পাদনা কৰক]

এই নৃত্য এদল নৃত্যশিল্পীয়ে ঢুলীয়াসকলক কেন্দ্ৰ কৰি বৃত্তাকাৰ বিন্যাসত পৰিৱেশন কৰে। এই নৃত্যৰ বৈশিষ্ট্য হ’ল ইয়াৰ শক্তিশালী আৰু ছন্দময় সঞ্চালন যিবোৰ পুৰুষ আৰু মহিলা উভয় নৃত্যশিল্পীয়ে নিখুঁতভাৱে সমন্বয় কৰি নাচে। তেওঁলোকে ঢোলৰ তালৰ সৈতে নিজৰ ভৰিৰ খোজ আৰু হাতৰ ভঙ্গীসমূহৰ মিল ৰাখে।[3][7]

বাদ্যযন্ত্ৰ

[সম্পাদনা কৰক]

এই নৃত্যৰ সৈতে বিভিন্ন ধৰণৰ বাদ্যযন্ত্ৰ সংগত কৰা হয়, যাৰ ভিতৰত আছে সৰু ঢোল, বিভিন্ন স্বৰৰ ডাঙৰ ঢোল, দীঘলীয়া ঢোল আৰু চেকাৰ। নৃত্যশিল্পীসকলৰ সঞ্চালনৰ পৰিপূৰক হিচাপে ঢোলবোৰ এক সমন্বিত ছন্দময় আৰ্হিত বজোৱা হয়। সংগীতত এক বিশেষ ধৰণৰ শব্দ যোগ কৰিবলৈ চেকাৰসমূহ ব্যৱহাৰ কৰা হয়।[3][7]

গুৰুত্ব

[সম্পাদনা কৰক]

এই নৃত্য বাগাণ্ডা সংস্কৃতিৰ এক গুৰুত্বপূৰ্ণ দিশ আৰু ই এক ৰাজকীয় নৃত্য হিচাপে বিশেষ মৰ্যাদা লাভ কৰিছে। এই পৰম্পৰাগত নৃত্যটো ৰাজ্যাভিষেক আৰু বিবাহৰ দৰে গুৰুত্বপূৰ্ণ অনুষ্ঠানত পৰিৱেশন কৰা হয় য’ত ই আনুষ্ঠানিক আৰু মনোৰঞ্জনমূলক—উভয় উদ্দেশ্য পূৰণ কৰে। ইয়াৰ প্ৰাণৱন্ত সঞ্চালন আৰু আকৰ্ষণীয় ঢোলবাদনৰ সৈতে এই ৰাজকীয় নৃত্যই গুৰুত্বপূৰ্ণ সাংস্কৃতিক অনুষ্ঠানবোৰত কেন্দ্ৰীয় স্থান দখল কৰে।[7] আমাগুঞ্জুৱে বুগাণ্ডাৰ লোকসকলৰ মাজত ৰাজকীয় ধাৰাবাহিকতা, একতা আৰু সাংস্কৃতিক পৰিচয়ক সূচায়।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 "Cultural dance: Celebrating unity in diversity" (en ভাষাত). New Vision. https://www.newvision.co.ug/articledetails/undefined আহৰণ কৰা হৈছে: 2024-01-23.
  2. 1 2 "Why we dance the way we do" (en ভাষাত). Monitor. 2021-01-04. https://www.monitor.co.ug/uganda/lifestyle/entertainment/why-we-dance-the-way-we-do--1608312 আহৰণ কৰা হৈছে: 2024-01-23.
  3. 1 2 3 4 "Amaggunju dance -- [Digital Collection of East African Recordings"]. diglib.library.vanderbilt.edu. https://diglib.library.vanderbilt.edu/displayitem.pl?RC=274 আহৰণ কৰা হৈছে: 2024-01-23.
  4. 1 2 "Akadinda Traditional Dances". akadinda1.tripod.com. https://akadinda1.tripod.com/traditionaldances.html আহৰণ কৰা হৈছে: 2024-01-23.[সংযোগবিহীন উৎস]
  5. 1 2 3 4 5 "Music & Dance in Buganda Culture – BEING AFRICAN" (en-US ভাষাত). Archived from the original on 2023-11-30. https://web.archive.org/web/20231130170338/https://beingafrican.com/music-art-and-dance-in-the-buganda-culture/ আহৰণ কৰা হৈছে: 2024-01-23.
  6. Thoughts, Angel's (2016-07-27). "WHEN UGANDANS DANCE" (en ভাষাত). AngeI'S THOUGHTS. https://angelinahblog.wordpress.com/2016/07/27/when-ugandans-dance/ আহৰণ কৰা হৈছে: 2024-01-23.
  7. 1 2 3 Lubwama, Godfrey (Sep 2020). "Visual Narratives of Traditional Royal Dances in Uganda: A case of claymated Amaggunju Dance". Kyambogo University. Archived from the original on 2024-01-23. https://web.archive.org/web/20240123081326/https://kyuspace.kyu.ac.ug/bitstream/handle/20.500.12504/982/LUBWAMA%20COLLECTION%20%20GMID%202021.pdf?sequence=1 আহৰণ কৰা হৈছে: 2026-03-29.