সমললৈ যাওক

আমাণ্ডা ছেইফ্ৰিড

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আমাণ্ডা ছেইফ্ৰিড

২০২৬ চনত ৭৬ তম বাৰ্লিন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ছেইফ্ৰিড
জন্ম আমাণ্ডা মিচেল ছেইফ্ৰিড
৩ ডিচেম্বৰ, ১৯৮৫ (৪০ বছৰ)
এলেনটাউন, পেঞ্চিলভেনিয়া, আমেৰিকা যুক্তৰাষ্ট্ৰ
পেচা অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ১৯৯৬–বৰ্তমান
দাম্পত্যসঙ্গী থমাছ চাডস্কি (বিবাহ ২০১৭)
সন্তান
বঁটা, সন্মান, পুৰস্কাৰ আদি আমাণ্ডা ছেইফ্ৰিডে লাভ কৰা বঁটা আৰু মনোনয়নৰ সম্পূৰ্ণ তালিকা

আমাণ্ডা মিচেল ছেইফ্ৰিড (জন্ম: ৩ ডিচেম্বৰ, ১৯৮৫) এগৰাকী আমেৰিকান অভিনেত্ৰী। তেওঁৰ লাভ কৰা স্বীকৃতিসমূহৰ ভিতৰত এটা প্ৰাইমটাইম এমি বঁটা আৰু এটা গ’ল্ডেন গ্ল’ব বঁটাৰ লগতে এটা একাডেমী বঁটাৰ (অস্কাৰ) মনোনয়নো অন্তৰ্ভুক্ত। ২০২২ চনত 'টাইম' আলোচনীয়ে তেওঁক বিশ্বৰ ১০০ গৰাকী আটাইতকৈ প্ৰভাৱশালী ব্যক্তিৰ ভিতৰত অন্যতম হিচাপে নামকৰণ কৰিছিল। মুখ্য অভিনেত্ৰী হিচাপে তেওঁৰ ছবিসমূহে বিশ্বজুৰি ২.৪ বিলিয়ন ডলাৰতকৈও অধিক উপাৰ্জন কৰিছে।

ছেইফ্ৰিডে ১৫ বছৰ বয়সতে ছোপ অপাৰে 'এজ দা ৱৰ্ল্ড টাৰ্নছ' আৰু 'অল মাই চিলড্ৰেন'ত অভিনয় কৰি নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। ২০০৪ চনত তেওঁ কিশোৰী কমেডী ছবি 'মিন গাৰ্লছ'-ত কেৰেন স্মিথৰ চৰিত্ৰত অভিনয় কৰি চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰে। পৰৱৰ্তী সময়ত তেওঁ মিউজিকেল ছবি 'মাম্মা মিয়া! ' (২০০৮), হৰৰ কমেডী 'জেনিফাৰ্ছ বডী' (২০০৯), ৰোমাণ্টিক ড্ৰামা 'ডিয়েৰ জন' (২০১০) আৰু কল্পবিজ্ঞানধৰ্মী এক্সন ছবি 'ইন টাইম' (২০১১)-ত মুখ্য চৰিত্ৰত অভিনয় কৰি অধিক সফলতা লাভ কৰে।

ছেইফ্ৰিডে 'লে মিজাৰেবল' (২০১২), 'লাভলেচ' (২০১৩), 'ফাৰ্ষ্ট ৰিফৰ্মড' (২০১৭) আৰু 'দা টেষ্টামেণ্ট অৱ এন লি' (২০২৫) আদি ছবিৰ জৰিয়তে গম্ভীৰ চৰিত্ৰলৈ নিজৰ পৰিসৰ সম্প্ৰসাৰিত কৰে। ডেভিড ফিনচাৰৰ জীৱনীমূলক ড্ৰামা 'মাংক' (২০২০)-ত মেৰিয়ন ডাভিছৰ চৰিত্ৰত অভিনয় কৰি তেওঁ 'শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰী'ৰ একাডেমী বঁটাৰ মনোনয়ন লাভ কৰে।

টেলিভিছনত তেওঁ এইচবিঅ’ৰ 'বিগ লাভ' (২০০৬–২০১১) আৰু হুলুৰ লিমিটেড ছিৰিজ 'দা ড্ৰপআউট' (২০২২)-ত এলিজাবেথ হোমছৰ চৰিত্ৰত অভিনয় কৰিছিল। শেষৰখনৰ বাবে তেওঁ গ’ল্ডেন গ্ল’ব আৰু প্ৰাইমটাইম এমি বঁটা লাভ কৰে। ইয়াৰ পিছত তেওঁ এপল টিভিৰ মনস্তাত্ত্বিক ড্ৰামা 'দা ক্ৰাউডেড ৰুম' (২০২৩) আৰু পিককৰ অপৰাধমূলক ড্ৰামা 'লং ব্ৰাইট ৰিভাৰ' (২০২৫)-ত অভিনয় কৰিছে।

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

আমাণ্ডা মিচেল ছেইফ্ৰিডৰ জন্ম ১৯৮৫ চনৰ ৩ ডিচেম্বৰত পেঞ্চিলভেনিয়াৰ এলেনটাউনত হৈছিল।[1] তেওঁৰ মাতৃ এন ছেইফ্ৰিড এগৰাকী বৃত্তিমূলক থেৰাপীষ্ট (occupational therapist) আছিল আৰু পিতৃ জেক ছেইফ্ৰিড এজন ফাৰ্মাচিষ্ট আছিল।[2] ছেইফ্ৰিড জাৰ্মান মূলৰ লোক।[3] তেওঁৰ জেনিফাৰ নামৰ এগৰাকী ডাঙৰ ভগ্নী আছে, যি এগৰাকী সংগীতজ্ঞ আৰু এটা ৰক বেণ্ডৰ সদস্য আছিল।[4] ছেইফ্ৰিডৰ আঠ বছৰ বয়সৰপৰাই মডেলিং আৰম্ভ কৰিছিল। তেওঁ এলেনটাউনৰ 'ইমেজ ইণ্টাৰনেচনেল' আৰু পিছলৈ পেঞ্চিলভেনিয়াৰ বেথলেহেমৰ 'প্ৰ' মডেল'ৰ সৈতে চুক্তিবদ্ধ হৈছিল।[5]

ছেইফ্ৰিডে এলেনটাউনৰ এখন ডাঙৰ চৰকাৰী বিদ্যালয় 'উইলিয়াম এলেন হাইস্কুল'ত পঢ়া-শুনা কৰিছিল।[6] তাত তেওঁ কলা আৰু পিয়ানোৰ প্ৰশিক্ষণ লৈছিল আৰু হাইস্কুলৰ থিয়েটাৰৰ সৈতে জড়িত আছিল। তেওঁ গান গোৱাৰ প্ৰতিও আগ্ৰহ প্ৰকাশ কৰিছিল। ২০০৩ চনত তেওঁ নিউয়ৰ্ক চহৰৰ 'ফৰ্ডহাম ইউনিভাৰ্ছিটি'ত নামভৰ্তি কৰিছিল যদিও 'মিন গাৰ্লছ' (২০০৪) বোলছবিখনত অভিনয়ৰ সুযোগ পোৱাৰ বাবে তেওঁ বিশ্ববিদ্যালয়লৈ নগৈ অভিনয় কেৰিয়াৰতে মনোনিৱেশ কৰে।[7]

ৰাজহুৱা প্ৰতিচ্ছবি

[সম্পাদনা কৰক]
২০১৬ চনৰ নৱেম্বৰত 'ভৌগ'ৰ বাবে পোজ দি থকা অৱস্থাত ছেইফ্ৰিড

ছেইফ্ৰিডে 'পিপল' আলোচনীৰপৰা বহুতো স্বীকৃতি লাভ কৰিছে। ২০১১ চনৰ এটা প্ৰবন্ধত তেওঁক "২৫ বছৰ বয়সৰ ২৫ গৰাকী সুন্দৰী"ৰ ভিতৰত প্ৰথম স্থান দিয়া হৈছিল। ইয়াৰ উপৰি ২০০৯ আৰু ২০১০ চনতো আলোচনীখনৰ বাৰ্ষিক সৌন্দৰ্যৰ তালিকাত তেওঁক অন্তৰ্ভুক্ত কৰা হৈছিল।[8] ২০১২ চনত তেওঁ আলোচনীখনৰ "এভ্ৰি এজ বিউটিফুল" শীৰ্ষক প্ৰবন্ধতো স্থান লাভ কৰিছিল। ২০০৮ চনত তেওঁ 'ভেনিটি ফেয়াৰ'ৰ "ব্ৰাইট ইয়ং হলিউড" প্ৰবন্ধত ভূমুকি মাৰিছিল আৰু ২০১০ চনত কেইবাগৰাকীও অভিনেত্ৰীৰ সৈতে আলোচনীখনৰ বেটুপাতত স্থান পাইছিল।

২০১০ চনত ছেইফ্ৰিডক ফৰাচী-জাপানী বিলাসীবহুল ছালৰ যত্ন লোৱা প্ৰতিষ্ঠান 'ক্লে ডি পে বিউটি'ৰ ব্ৰেণ্ড এম্বেছেডৰ আৰু আনুষ্ঠানিক মুখপাত্ৰ হিচাপে বাছনি কৰা হয়। ২০১৩ চনৰ মে’ মাহত তেওঁক 'জিভেঞ্চি'ৰ সুগন্ধি 'ভেৰী ইৰেজিষ্টিবল'ৰ বিশ্বজোৰা মুখ হিচাপে নিৰ্বাচিত কৰা হয়। ২০১৬ চনৰ জুন মাহত টেলৰ হিল আৰু আন্না ইৱাৰ্ছৰ দৰে মডেলৰ সৈতে ছেইফ্ৰিড 'মিউ মিউ'ৰ ২০১৬ চনৰ শৰৎ-শীতকালীন সংগ্ৰহৰ অভিযানৰ বিশ্বজোৰা মুখ হৈ পৰে।

২০১৯ চনৰপৰা ছেইফ্ৰিডে ছুইজাৰলেণ্ডৰ বিলাসীবহুল ঘড়ীৰ ব্ৰেণ্ড 'জেগাৰ-লেকোল্ট্ৰে'ৰ ব্ৰেণ্ড এম্বেছেডৰ হিচাপে কাম কৰি আহিছে। লগতে ২০১৯ চনৰ অক্টোবৰ মাহত তেওঁক 'লেংক’ম'ৰ বিশ্বজোৰা এম্বেছেডৰ হিচাপেও ঘোষণা কৰা হয়।[9]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

ছেইফ্ৰিডে স্বীকাৰ কৰিছে যে তেওঁৰ দুশ্চিন্তা, অবচেছিভ-কমপালছিভ ডিছঅৰ্ডাৰ (OCD),[10] আৰু প্যানিক অ্যাটাকৰ সমস্যা আছে। তেওঁৰ মঞ্চভীতিও আছিল আৰু সেই কাৰণেই তেওঁ ২০১৫ চনলৈকে থিয়েটাৰত অভিনয় কৰাৰপৰা বিৰত আছিল। ছেইফ্ৰিড 'ইণ্টাৰনেচনেল নেটৱৰ্ক ফৰ এড, ৰিলিফ এণ্ড এচিষ্টেন্স' (INARA)-ৰ এগৰাকী বৰ্ড মেম্বাৰ। এই সংস্থাটোৱে যুদ্ধবিধ্বস্তু অঞ্চলৰ আহত শিশুসকলক চিকিৎসা সেৱা প্ৰদান কৰে, বিশেষকৈ চিৰিয়াৰ গৃহ-যুদ্ধৰদ্বাৰা প্ৰভাবিত শৰণাৰ্থী শিশুসকলৰ ওপৰত গুৰুত্ব দিয়ে।[11]

ছেইফ্ৰিড ২০০৮ চনৰপৰা ২০০৯ চনলৈ অভিনেতা ডমিনিক কুপাৰৰ সৈতে সম্পৰ্কত আছিল। ২০১২ চনৰ জুলাইৰপৰা ২০১৩ চনৰ এপ্ৰিললৈকে তেওঁ 'ডেস্কটাৰ' খ্যাত অভিনেতা ডেছমণ্ড হাৰিংটনৰ সৈতে আৰু ২০১৩ চনৰপৰা ২০১৫ চনলৈ অভিনেতা জাষ্টিন লংৰ সৈতে ডেটিং কৰিছিল। ২০১৬ চনৰ আৰম্ভণিত তেওঁ 'দা লাষ্ট ৱৰ্ড'ৰ সহ-অভিনেতা থমাছ চাডস্কিৰ সৈতে সম্পৰ্ক আৰম্ভ কৰে। তেওঁলোকে ২০১৬ চনৰ ১২ ছেপ্টেম্বৰত আঙঠি পিন্ধোৱা পৰ্বৰ কথা নিশ্চিত কৰে আৰু ২০১৭ চনৰ মাৰ্চ মাহত বিবাহপাশত আবদ্ধ হয়। তেওঁলোকৰ দুটা সন্তান আছে— ২০১৭ চনত জন্ম হোৱা এগৰাকী কন্যা আৰু ২০২০ চনত জন্ম হোৱা এজন পুত্ৰ।

২০২৫ চনত ছেইফ্ৰিডে সমাজবাদৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰি কয়, "আমাৰ লক্ষ্য ইজনে সিজনক সহায় কৰাটো হ'ব নোৱাৰেনে? সমাজবাদ এক সুন্দৰ ধাৰণা। মোৰ বাবে ইয়াৰ অৰ্থ হ'ল ইজনে সিজনৰ যত্ন লোৱা। যদি মোৰ ওচৰত বেছি টকা থাকে, মই আনৰ বাবে অধিক খৰচ কৰিব পাৰিম।" [12]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Amanda Seyfried News & Biography". Empire. https://www.empireonline.com/people/amanda-seyfried/ আহৰণ কৰা হৈছে: July 19, 2025.
  2. The Morning Call (July 13, 2008). "'It's Just So Ridiculous'. With a Star Turn in 'Mamma Mia', Allentown Native Amanda Seyfried Has Sung Her Way Onto the Hollywood A-List. She Talks About Her Exciting Life". The Morning Call. https://www.mcall.com/2008/07/13/its-just-so-ridiculous-with-a-star-turn-in-mamma-mia-allentown-native-amanda-seyfried-has-sung-her-way-onto-the-hollywood-a-list-she-talks-abut-her-exciting-life/ আহৰণ কৰা হৈছে: July 19, 2025.
  3. Callahan, Chrissy (January 8, 2025). "Amanda Seyfried is shocked by 'soap opera' twist in her family's past: 'These poor people'". Today. https://www.today.com/popculture/amanda-seyfried-finding-your-roots-rcna184875 আহৰণ কৰা হৈছে: July 19, 2025.
  4. Juneau, Jen (August 22, 2019). "Amanda Seyfried Shares Throwback Photo Showing Her Breastfeeding Her Then-Newborn Daughter". People. https://people.com/parents/amanda-seyfried-breastfeeds-daughter-throwback-photo-sister/ আহৰণ কৰা হৈছে: July 19, 2025.
  5. The Morning Call (July 13, 2008). "Amanda Seyfried: From Soaps to Big Screen Stardom". The Morning Call. https://www.mcall.com/2008/07/13/amanda-seyfried-from-soaps-to-big-screen-stardom/ আহৰণ কৰা হৈছে: July 19, 2025.
  6. Sigafoos, Stephanie (December 14, 2021). "Amanda Seyfried made a low-key return to Allen High School". The Morning Call. https://www.mcall.com/2021/12/14/amanda-seyfried-made-a-low-key-return-to-allen-high-school/ আহৰণ কৰা হৈছে: July 19, 2025.
  7. Longsdorf, Amy (June 6, 2014). "Amanda Seyfreid Turns to Comedy". The News Journal. https://www.delawareonline.com/story/entertainment/2014/06/06/amanda-seyfreid-turns-comedy/10078411/ আহৰণ কৰা হৈছে: July 19, 2025.
  8. "Beautiful at Every Age". People. https://people.com/celebrity/beautiful-at-every-age-3/ আহৰণ কৰা হৈছে: December 5, 2019.
  9. "Amanda Seyfried named Lancôme's new global ambassador". BAZAAR UK. October 8, 2019. https://www.harpersbazaar.com/uk/beauty/a29395843/amanda-seyfried-lancome-ambassador/ আহৰণ কৰা হৈছে: September 20, 2022.
  10. Denicolo, David; Trindle, Scott (October 18, 2016). "Amanda Seyfried on Her Mental Health, Her Dog, and Those Eyes". Allure. https://www.allure.com/story/amanda-seyfried-ocd-mental-health-stigma আহৰণ কৰা হৈছে: March 4, 2020.
  11. "Our Board" (en-US ভাষাত). INARA. https://www.inara.org/board আহৰণ কৰা হৈছে: January 10, 2020.
  12. Davis, Clayton (2025-12-12). "Amanda Seyfried on Becoming 'Ann Lee,' Urging Unity in America and Why 'Mamma Mia 3' Is 'Burning a Hole Through the Table'". Variety. https://variety.com/2025/film/news/amanda-seyfried-testament-ann-lee-america-mamma-mia-3-1236604863/ আহৰণ কৰা হৈছে: 2025-12-12.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]