আমিনগাঁও
অৱয়ব
আমিনগাঁও | |
|---|---|
![]() | |
| দেশ | ভাৰত |
| ৰাজ্য | অসম |
| জিলা | কামৰূপ |
| চহৰ | উত্তৰ গুৱাহাটী |
| উচ্চতা | ৩১ মিটাৰ (১০২ ফুট) |
আমিনগাঁও (IPA: ˈɑ:mɪnˌgɑ̃ʊ) উত্তৰ গুৱাহাটী, অসমৰ এটা অঞ্চল।
ভূগোল
[সম্পাদনা কৰক]আমিনগাঁও 26°11′0″N 91°40′0″E / 26.183333°N 91.666667°E-ত অৱস্থিত, যাৰ গড় উচ্চতা সমুদ্ৰ পৃষ্ঠৰপৰা 31 মিটাৰ (১০২ ফুট)।[1]
ইয়াৰ উত্তৰ আৰু পশ্চিমত আছে আগায়াঠুৰী পাহাৰ, দক্ষিণত ব্ৰহ্মপুত্ৰ নদী আৰু পূবফালে আই আই টি গুৱাহাটী। নদীৰ কাষত এক্সপ’ৰ্ট প্ৰ’ম’চন ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক (EPIP) অৱস্থিত।
অৱস্থান
[সম্পাদনা কৰক]আমিনগাঁৱৰ মাজেৰে ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ গৈছে। ইয়াৰ নিকটতম বিমানবন্দৰ হৈছে গুৱাহাটী বিমানবন্দৰ। ইয়াত আগায়াঠুৰী ৰেলৱে ষ্টেচন আৰু ঐতিহাসিক আমিনগাঁও ৰেলৱে ষ্টেচনো অৱস্থিত। আমিনগাঁও গুৱাহাটীৰ সৈতে শৰাইঘাট দলঙৰ জৰিয়তে সংযুক্ত।
ক্ৰিকেট ষ্টেডিয়াম
[সম্পাদনা কৰক]আমিনগাঁৱত "আমিনগাঁও ক্ৰিকেট খেলপথাৰ" অৱস্থিত, য'ত বিচিচিআই পৰিচালিত কেইবাখনো ক্ৰিকেট মেচ অনুষ্ঠিত হৈছে।[2][3]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "আমিনগাঁৱৰ মানচিত্ৰ আৰু বতাহ". Falling Rain. http://www.fallingrain.com/world/IN/03/Amingaon.html.
- ↑ Acharya, Shayan (2023-01-09). "Amingaon Cricket Ground: A quaint, picturesque venue overlooking the mountains" (en ভাষাত). Sportstar. https://sportstar.thehindu.com/cricket/domestic/ranji-trophy-amingaon-cricket-ground-assam-mumbai/article66357654.ece। আহৰণ কৰা হৈছে: 2024-10-01.
- ↑ "Amingaon Cricket Ground - Cricket Ground in Guwahati, India" (en ভাষাত). ESPNcricinfo. https://www.espncricinfo.com/cricket-grounds/amingaon-cricket-ground-guwahati-1352261। আহৰণ কৰা হৈছে: 2024-10-01.
