আমিনা ডাগী
| আমিনা ডাগী | |
|---|---|
২০১৬ চনৰ ফিল্মবল ভিয়েনাৰ সময়ত আমিনা ডাগী | |
| জন্ম | আমিনা মিৰ্জাখানভা [1] ১২ ফেব্ৰুৱাৰী, ১৯৯৫ (৩১ বছৰ) মাখাচকলা, দাগেস্তান, ৰাছিয়া |
| উচ্চতা | ১.৭৫ মিটাৰ |
| 'Beauty pageant titleholder' | |
| Title | মিছ অষ্টিয়া ২০১২ |
| Hair color | মুগা |
| Eye color | হেজেল |
| Major competition(s) |
মিছ অষ্টিয়া ২০১২ (বিজয়ী) মিছ ৱৰ্ল্ড ২০১২ (স্থান লাভ কৰা নাই) মিছ ইউনিভাৰ্চ ২০১৫ (স্থান লাভ কৰা নাই) |
আমিনা ডাগী (ইংৰাজী: Amina Dagi; জন্ম: আমিনা মিৰ্জাখানভা; ১২ ফেব্ৰুৱাৰী ১৯৯৫) এগৰাকী ৰাছিয়ান-অষ্টিয়ান মডেল আৰু সুন্দৰী প্ৰতিযোগিতাৰ খিতাপধাৰী, যিয়ে মিছ অষ্টিয়া ২০১২-ৰ মুকুট অৰ্জন কৰিছিল। তেওঁ মিছ ৱৰ্ল্ড ২০১২ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। পৰৱৰ্তী সময়ত এণিকা গ্ৰিলে মিছ ৱৰ্ল্ড ২০১৫-ত অংশ লোৱাৰ বাবে মিছ ইউনিভাৰ্চ ২০১৫-ৰপৰা অব্যাহতি লোৱাতামিনাক মিছ ইউনিভাৰ্চ অষ্টিয়া ২০১৫ হিচাপে নিযুক্তি দিয়া হয়। ইয়াৰ পিছত ডাগীয়ে ২০১৫ চনৰ মিছ ইউনিভাৰ্চ প্ৰতিযোগিতাত নিজৰ দেশক প্ৰতিনিধিত্ব কৰে।[2]
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]ডাগীৰ জন্ম ৰাছিয়াৰ উত্তৰ ককেচাচৰ দাগেস্তানৰ মাখাচকলাত হৈছিল। পিতৃৰ মৃত্যুৰ পাছত ২০০৩ চনত তেওঁৰ পৰিয়ালটো অষ্টিয়ালৈ প্ৰব্ৰজন কৰে আৰু ব্লুডেনজত বসতি স্থাপন কৰে। পিছলৈ তেওঁলোকে অষ্টিয়াৰ নাগৰিকত্ব লাভ কৰে আৰু উপাধি সলনি কৰি ডাগী কৰে, কিয়নো তেওঁলোকৰ মূল উপাধিটো উচ্চাৰণ আৰু বানান কৰাত প্ৰায়ে অসুবিধা হৈছিল। তেওঁলোকৰ জন্মভূমি দাগেস্তানক সন্মান জনাই ডাগী উপাধিটো গ্ৰহণ কৰা হৈছিল।[3] মিছ অষ্টিয়া হোৱাৰ পূৰ্বে ডাগীয়ে 'জুচামেন:অষ্টিয়া'ত কাম কৰিছিল আৰু ব্লুডেনজৰপৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল। তেওঁ মিছ ভোৰাৰ্লবাৰ্গ হিচাপে নিৰ্বাচিত হৈছিল আৰু ২০১২ চনত মিছ অষ্টিয়া খিতাপ জয় কৰিছিল।
মিছ অষ্টিয়া ২০১২
[সম্পাদনা কৰক]২০১২ চনৰ ৩০ মাৰ্চত আমিনাই ভোৰাৰ্লবাৰ্গক প্ৰতিনিধিত্ব কৰি কেচিনো বাডেনত মিছ অষ্টিয়া ২০১২-ৰ মুকুট অৰ্জন কৰে। তেওঁ চীনত অনুষ্ঠিত মিছ ৱৰ্ল্ড ২০১২ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল যদিও ছেমি-ফাইনেলত স্থান লাভ কৰিবলৈ সক্ষম নহ'ল।[4]
মিছ ইউনিভাৰ্চ অষ্টিয়া ২০১৫ হিচাপে নিযুক্তি
[সম্পাদনা কৰক]২০১৫ চনৰ ১৫ অক্টোবৰত মিছ ইউনিভাৰ্চ অষ্টিয়া ২০১৫ এণিকা গ্ৰিলৰ ঠাইত ডাগীক নিযুক্তি দিয়া হয়। গ্ৰিলে ঘোষণা কৰিছিল যে মিছ ৱৰ্ল্ড ২০১৫-ত অষ্টিয়াক প্ৰতিনিধিত্ব কৰাৰ বাবে তেওঁ মিছ ইউনিভাৰ্চ ২০১৫ প্ৰতিযোগিতাত অংশ ল’ব নোৱাৰিব। আমিনাই ২০১৫ চনৰ ২০ ডিচেম্বৰত লাছ ভেগাছত অনুষ্ঠিত মিছ ইউনিভাৰ্চ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে যদিও শীৰ্ষ ১৫ গৰাকীৰ ভিতৰত স্থান লাভ কৰাত বিফল হয়।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Amina Dagi: Mein Jahr als Miss Austria" (de ভাষাত). OE24. 18 June 2013. http://www.oe24.at/leute/oesterreich/Amina-Dagi-Mein-Jahr-als-Miss-Austria/107587796। আহৰণ কৰা হৈছে: 24 November 2015.
- ↑ Amina Dagi wird recycled, Annika Grill goes China
- ↑ "News zu Amina Dagi" (de ভাষাত). Heute.at. http://www.heute.at/personen/person46694,709। আহৰণ কৰা হৈছে: 24 November 2015.[সংযোগবিহীন উৎস]
- ↑ Miss Austria 2012: Amina Dagi aus Vorarlberg ist schönste Frau Österreichs