সমললৈ যাওক

আমিনা নাজলি

অসমীয়া ৱিকিপিডিয়াৰ পৰা

আমিনা বেগম (ইংৰাজী: Amina Nazli, ১৯১৪- ২ ফেব্ৰুৱাৰী ১৯৯৬), তেখেতৰ ছদ্ম নাম আমিনা নাজলিৰ দ্বাৰা অধিক পৰিচিত৷ তেওঁ পাকিস্তানৰ এগৰাকী উৰ্দু ভাষাৰ লেখিকা, সম্পাদিকা আৰু নাৰীবাদী কৰ্মী আছিল। আল্লামা ৰছিদ উল খাইৰীৰ বোৱাৰী, আৰু বিশিষ্ট আইনবিদ হাজিকুল খাইৰীৰ তেওঁ মাতৃ আছিল।[1]

১৯১৪ চনত উত্তৰ প্ৰদেশত জন্মগ্ৰহণ কৰা আমিনা বেগমৰ ছদ্ম নাম আছিল আমিনা নাজলি।[1][2] পঞ্জাৱ বিশ্ববিদ্যালয়ত স্নাতক ডিগ্ৰীৰ সমতুল্য আদিব-ই-ফাজিল পৰীক্ষাত তেওঁ উত্তীৰ্ণ হয়।[2][3]১৯২৯ চনত তেওঁ বিশিষ্ট লেখক তথা মহিলা অধিকাৰ কৰ্মী ৰছিদ উল খাইৰীৰ পুত্ৰ ৰাজিক-উল-খাইৰীৰ সৈতে বিবাহপাশত আবদ্ধ হয়।[4][5]

১৯৪০ চনত নাজলীয়ে আন্তৰিকতাৰে লিখিবলৈ আৰম্ভ কৰে৷ সেয়া আছিল নতুন প্ৰজন্মৰ কল্পকাহিনী লেখকৰ অংশ।[4][5][6] উৰ্দু ভাষাৰ চুটিগল্প লিখাৰ বাবে তেওঁ পৰিচিত আছিল আৰু সেই সময়ত পাকিস্তানৰ কেইগৰাকীমান মহিলা নাট্যকাৰৰ ভিতৰতো তেওঁ অন্যতম আছিল।[5][7][8] তেওঁৰ লেখাই কেতিয়াবা স্থানচ্যুতিৰ আঘাতৰ সৈতে মোকাবিলা কৰিছিল, তেওঁৰ নিজৰ অভিজ্ঞতাৰ ওপৰত আধাৰিত হৈছিল৷[9] আৰু কেতিয়াবা ব্যংগৰ ফালে ঢাল খাইছিল।.[1] তেখেতে তেখেতৰ জীৱনকালত কেইবাখনো চুটিগল্প আৰু নাটকৰ কিতাপ প্ৰকাশ কৰিছিল। ইয়াৰ উপৰি তেওঁ মহিলাৰ হস্তশিল্প আৰু ৰন্ধন প্ৰণালীৰ ওপৰত কেইবাখনো গ্ৰন্থ প্ৰস্তুত কৰিছিল, য'ত আৱাধৰ মহিলাসকলৰ পৰা ৰেচিপি সংকলন কৰা জনপ্ৰিয় ৰন্ধন গ্ৰন্থ ইছমতী দস্তৰখৱানো সন্নিৱিষ্ট আছিল।[1][2][7][8]

১৯৭৯ চনৰ পৰা মৃত্যুৰ আগলৈকে মহিলাৰ সামাজিক আৰু সাহিত্যিক আলোচনী ইছমাতৰ নেতৃত্বত তেওঁ এগৰাকী সম্পাদিকাও আছিল, ইয়াৰ পূৰ্বে শহুৰেকৰ সম্পাদনাৰ অধীনত আলোচনীখনলৈ তেওঁ অৰিহণা যোগাইছিল।[1][4][10]তেওঁৰ নেতৃত্বত এই প্ৰকাশনত পাকিস্তান আৰু বিশ্বৰ বিভিন্ন ৰাজনৈতিক বাতৰিৰ শেহতীয়া খবৰ-সংবাদ অন্তৰ্ভুক্ত কৰা হৈছিল।[11] ১৯৭৭ চনৰ পৰা ১৯৮২ চনলৈকে তেওঁ মাহেকীয়া প্ৰকাশন জোহৰ-ই-নিস্ৱান সম্পাদনা কৰে।[2]

নাজলি এগৰাকী নাৰীবাদী আছিল যিয়ে ভাৰতীয় উপমহাদেশৰ মুছলমান সম্প্ৰদায়ৰ মাজত নাৰীৰ অধিকাৰৰ পোষকতা কৰিছিল।[4] অৱশেষত তেওঁ কৰাচীত বসতি স্থাপন কৰে, য'ত তেওঁক উদাৰ পৰিৱেশ গঢ়ি তোলাত সহায় কৰাৰ কৃতিত্ব দিয়া হয়।[12] ১৯৯৬ চনত তাতেই তেওঁৰ মৃত্যু হয়।[1] তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ পুত্ৰ হাজিকুল খাইৰীয়ে তেওঁৰ চুটিগল্প আৰু নাটকৰ নিৰ্বাচিত ৰূপ আমিনা নাজলি কে মুন্তখিব আফছানে আৰু দ্ৰমে প্ৰকাশ কৰে।[4][8]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 3 4 5 6 "Amina Nazli - Profile & Biography" (en ভাষাত). Rekhta. https://www.rekhta.org/authors/amina-nazli/profile আহৰণ কৰা হৈছে: 2022-06-21.
  2. 1 2 3 4 "Aamna Nazli Biography | آمنہ نازلی" (ur ভাষাত). Urdu Notes. https://urdunotes.com/lesson/aamna-nazli-biography-%d8%a2%d9%85%d9%86%db%81-%d9%86%d8%a7%d8%b2%d9%84%db%8c/ আহৰণ কৰা হৈছে: 2022-06-21.
  3. (en ভাষাত) Women's Year Book of Pakistan. Ladies Forum Publications. 1993. https://books.google.com/books?id=Jm_aAAAAMAAJ আহৰণ কৰা হৈছে: 2022-06-21.
  4. 1 2 3 4 5 "COLUMN: A feminist in her day" (en ভাষাত). Dawn. 2008-09-27. http://beta.dawn.com/news/827814/column-a-feminist-in-her-day আহৰণ কৰা হৈছে: 2022-06-21.
  5. 1 2 3 Ali, Azra Asghar (2000) (en ভাষাত). The Emergence of Feminism Among Indian Muslim Women, 1920-1947. Oxford University Press. ISBN 978-0-19-579152-5. https://books.google.com/books?id=V1cqAAAAYAAJ আহৰণ কৰা হৈছে: 2022-06-21.
  6. (en ভাষাত) Parwaaz: A Selection of Urdu Short Stories by Women. Kali for Women. 1996. ISBN 978-81-85107-40-0. https://books.google.com/books?id=1-djAAAAMAAJ আহৰণ কৰা হৈছে: 2022-06-21.
  7. 1 2 Safvi, Rana (2017-10-24). "By the Ladies of Awadh: The Ismati Dastarkhwan is your go-to for dahi ke kebab" (en ভাষাত). The Indian Express. https://indianexpress.com/article/lifestyle/food-wine/the-ismat-e-dastarkhwan-is-your-go-to-for-dahi-ke-kebab-by-the-ladies-of-awadh-4880609/ আহৰণ কৰা হৈছে: 2022-06-21.
  8. 1 2 3 Hussein, Aamer (2013-12-29). "COLUMN: Forgotten literary past" (en ভাষাত). Dawn. http://www.dawn.com/news/1076933 আহৰণ কৰা হৈছে: 2022-06-21.
  9. (en ভাষাত) The Pakistan Review. Ferozsons Limited. 1955. https://books.google.com/books?id=rGzVAAAAMAAJ আহৰণ কৰা হৈছে: 2022-06-21.
  10. (en ভাষাত) South Asian Studies. Centre for South Asian Studies, University of the Punjab. 2005. https://books.google.com/books?id=N38MAQAAMAAJ আহৰণ কৰা হৈছে: 2022-06-21.
  11. "Writers, academics celebrate 105th anniversary of women's magazine". The Regional Times of Sindh. 2012-05-28.
  12. "The city's unsung women are its real heroes, say rights activists". South Asian Media Net. 2014-11-25.