সমললৈ যাওক

আমিৰ আজীজী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আমিৰ আজীজী

২০১৫ চনত আজীজী
স্থানীয় নাম امیر عزیزی
জন্ম ১৯৮৪ (বয়স ৪১৪২)
আহভাজ, ইৰান
পেচা চলচ্চিত্ৰ নিৰ্মাতা

আমিৰ আজীজী (ফাৰ্চী :امیر عزیزی; জন্ম: ১৯৮৪) এগৰাকী ইৰানী চলচ্চিত্ৰ পৰিচালক আৰু চিত্ৰনাট্যকাৰ।

জীৱন আৰু কৰ্মজীৱন

[সম্পাদনা কৰক]

আহভাজত জন্মগ্ৰহণ কৰা আজীজীয়ে এগৰাকী সহ-পৰিচালক হিচাপে নিজৰ কৰ্মজীৱন আৰম্ভ কৰিছিল। তেওঁ ৰাখশ্বান বাণীয়েতেমাদ আৰু কিয়ানৌছ আয়াৰী আদিৰ দৰে প্ৰখ্যাত পৰিচালকসকলৰ সৈতে কাম কৰিছিল।[1]

কেইবাখনো চুটি ছবি আৰু তথ্যচিত্ৰ পৰিচালনা কৰাৰ পাছত, তেওঁ ২০১৪ চনত টেম্পৰেৰী চলচ্চিত্ৰখনেৰে পূৰ্ণদৈৰ্ঘ্য ছবিৰ পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰে। এই ছবিখন বেইজিং আন্তৰ্জাতিক চলচ্চিত্ৰ উৎসৱৰ মূল প্ৰতিযোগিতা শাখাত অন্তৰ্ভুক্ত কৰা হৈছিল[2] আৰু ই মেডফিল্ম উৎসৱত জুৰীৰ বিশেষ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল।[3] ২০২০ চনত তেওঁ টু ডগছ নামৰ ছবিখন পৰিচালনা কৰে, যিখন ৩৭ তম ৱাৰ্ছ চলচ্চিত্ৰ উৎসৱত প্ৰদৰ্শিত হৈছিল।[4] লগতে ১৩ তম বেংগালুৰু আন্তৰ্জাতিক চলচ্চিত্ৰ উৎসৱত ছবিখনে জুৰীৰ বিশেষ উল্লেখ বঁটা লাভ কৰে।[5]

২০২৫ চনত আজীজীৰ তৃতীয়খন চলচ্চিত্ৰ ইনছাইড আমিৰৰ প্ৰথম প্ৰদৰ্শনী ৮২ তম ভেনিছ আন্তৰ্জাতিক চলচ্চিত্ৰ উৎসৱৰ জিয়ৰ্নেট ডেগ্লী অট’ৰী শাখাত হৈছিল। ছবিখনে এই শাখাৰ মূল বঁটা 'পৰিচালকৰ বঁটা' বুটলিৱলৈ সক্ষম হয়।[6][7] এই চলচ্চিত্ৰখনৰ বাবে আজীজীয়ে ১৮ তম এছিয়া পেচিফিক স্ক্ৰীন বঁটাত শ্ৰেষ্ঠ পৰিচালকৰ মনোনয়ন লাভ কৰে।[8]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. ইৰানী চলচ্চিত্ৰ 'ইনছাইড আমিৰ'-এ ভেনিছ ডেইজৰ শ্ৰেষ্ঠ বঁটা লাভ কৰিছে https://www.tehrantimes.com/news/517579/
  2. বেইজিং চলচ্চিত্ৰ উৎসৱত ১৫খন প্ৰতিযোগিতামূলক ছবিৰ উন্মোচন https://www.screendaily.com/festivals/beijing-film-festival-unveils-15-competition-titles/5086130.article
  3. ইটালীৰ উৎসৱত 'ইমপাৰমানেণ্ট' ছবিয়ে জুৰীৰ বিশেষ বঁটা লাভ কৰিছে https://en.mehrnews.com/news/111982/
  4. ৱাৰ্ছত ইৰাণৰ 'টু ডগছ' প্ৰদৰ্শিত হৈছে https://en.ifilmtv.ir/News/Content/36365/
  5. বেংগালুৰু আন্তৰ্জাতিক চলচ্চিত্ৰ উৎসৱত ইৰাণৰ 'এবছেন্স' আৰু 'টু ডগছ' সন্মানিত https://www.tehrantimes.com/news/470965/
  6. ভেনিছ ডেইজৰ শ্ৰেষ্ঠ বঁটা আমিৰ আজীজীৰ 'ইনছাইড আমিৰ'লৈ আগবঢ়োৱা হৈছে https://www.hollywoodreporter.com/movies/movie-news/venice-days-winners-2025-inside-amir-1236362157/
  7. ভেনিছৰ জিয়ৰ্নেট ডেগ্লী অট’ৰীৰ বিজয়ীসকলৰ ভিতৰত 'ইনছাইড আমিৰ' অন্যতম https://www.screendaily.com/news/inside-amir-greece-uk-feature-bearcave-among-venices-giornate-degli-autori-winners/5208610.article
  8. এছিয়া পেচিফিক স্ক্ৰীন বঁটাৰ মনোনয়নত আগস্থান লাভ কৰিছে ছামছাৰা, ইট ৱাজ জাষ্ট এন এক্সিডেণ্ট আৰু মেগেলানে https://variety.com/2025/film/awards/apsa-nominations-samsara-it-was-just-an-accident-magellan-1236553220/

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]