সমললৈ যাওক

আমীৰা শ্বাহ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আমীৰা শ্বাহ
Ameera Shah
জন্ম ২৪ ছেপ্টেম্বৰ, ১৯৭৯ (৪৫ বছৰ)
মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
শিক্ষানুষ্ঠান অষ্টিনৰ টেক্সাছ বিশ্ববিদ্যালয়
পেচা কাৰ্যবাহী অধ্যক্ষ আৰু সম্পূৰ্ণ সময়ৰ সঞ্চালক, মেট্ৰ'পলিছ হেল্থকেয়াৰ
ৱেবছাইট
Website of Metropolis Healthcare

আমীৰা শ্বাহ (ইংৰাজী: Ameera Shah, জন্ম-২৪ ছেপ্টেম্বৰ ১৯৭৯) এগৰাকী ভাৰতীয় উদ্যোগী। তেওঁ ভাৰত আৰু আফ্ৰিকাত উপস্থিতি থকা এটা আগশাৰীৰ নিদান শৃংখল মেট্ৰ'পলিছ হেল্থকেয়াৰৰ কাৰ্যবাহী অধ্যক্ষ আৰু সম্পূৰ্ণ সময়ৰ সঞ্চালিকা।[1] তেওঁ মেট্ৰ'পলিছ হেল্থকেয়াৰৰ প্ৰতিষ্ঠাপক ডাঃ সুশীল শ্বাহ আৰু স্ত্ৰীৰোগ বিশেষজ্ঞ, সমাজকৰ্মী দুৰু শ্বাহৰ কন্যা।[2]

বিশ্ব অৰ্থনৈতিক মঞ্চই ২০১৫ চনৰ যুৱ গ্ল'বেল লিডাৰ হিচাপে সন্মানিত কৰিছে।[3][4] ২০১৭,২০১৮, ২০১৯, ২০২০ আৰু ২০২১ চনত ফৰ্চুন ইণ্ডিয়াৰ "ব্যৱসায়ত আটাইতকৈ শক্তিশালী মহিলা" তালিকাত আমীৰাই স্থান লাভ কৰে।[5][6][7][8][9] শ্বাহক ফৰ্বছ ইণ্ডিয়াৰ টাইকুনছ অৱ টুম'ৰ' ২০১৮ৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছিল।[10]২০২১ চনৰ বাবে স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত আৰ্নষ্ট এণ্ড ইয়ং ‘বছৰৰ উদ্যোগী’ বঁটাও লাভ কৰে।[11]

বৰ্তমান তেওঁ NATHealth (ভাৰতীয় স্বাস্থ্যসেৱা ফেডাৰেচন)ৰ জ্যেষ্ঠ উপ-সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।[12]তেওঁ টৰেণ্ট ফাৰ্মা আৰু আদানি গ্ৰুপৰ অংশ এচিচি লিমিটেডৰ ব'ৰ্ডৰ স্বতন্ত্ৰ সঞ্চালিকাও।[13][14][15] বেইলৰ কলেজ অৱ মেডিচিন আৰু এক্সএৰ গ্ল'বেল এডভাইজাৰী ব'ৰ্ডৰ উপদেষ্টাও আছিল।[16]

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

জুনিয়ৰ কলেজত এইচ আৰ কলেজ অৱ কমাৰ্চ এণ্ড ইকনমিক্সত বাণিজ্য বিজ্ঞান অধ্যয়ন কৰে।[17]তেওঁ অষ্টিনৰ টেক্সাছ বিশ্ববিদ্যালয়ৰ পৰা বিত্ত বিভাগত ডিগ্ৰী লাভ কৰে।.[18]

আগতে তেওঁ নিউয়ৰ্কৰ গোল্ডমেন চেকৰ সৈতে কাম কৰিছিল।.[19] পিছলৈ হাৰ্ভাৰ্ড বিজনেছ স্কুলত মালিক-সভাপতি মেনেজমেণ্ট প্ৰগ্ৰেম সম্পূৰ্ণ কৰে। শ্বাহ উদ্যোগৰ মুখপাত্ৰ আৰু বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় মঞ্চ, উদ্যোগৰ অনুষ্ঠান আৰু কনক্লেভত বক্তা হিচাপে অংশগ্ৰহণ কৰা হৈছে। ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট আহমেদাবাদ, হাৰ্ভাৰ্ড বিজনেছ স্কুল,[19] টেড, আৰু চিআইআইৰ দ্বাৰা আয়োজিত অনুষ্ঠানত তেওঁ ভাষণ দিছে।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Ameera Shah made Metropolis Healthcare a leading diagnostics player". The Economic Times. 2 May 2014. https://economictimes.indiatimes.com/ameera-shah-made-metropolis-healthcare-a-leading-diagnostics-player/articleshow/34475062.cms. 
  2. "Dr Sushil Shah - The Scindia School" (en-US ভাষাত). The Scindia School. https://www.scindia.edu/scindia_management/dr-sushil-shah/. 
  3. "Ameera Shah: The Lifeline Builder". Verve (Indian magazine). June 18, 2015. https://www.vervemagazine.in/people/ameera-shah-the-lifeline-builder. 
  4. "9 Alumni Named Young Global Leaders". Harvard Business School. March 1, 2015. https://www.alumni.hbs.edu/stories/Pages/story-bulletin.aspx?num=4545&sf37056440=1. 
  5. "Healthcare leaders shine in MPW 2020" (en ভাষাত). www.fortuneindia.com. 2020-11-04. https://www.fortuneindia.com/people/healthcare-leaders-shine-in-mpw-2020-list/104835। আহৰণ কৰা হৈছে: 2024-08-19. 
  6. "Most Powerful Women in Business 2017". Fortune India. http://www.fortuneindia.com/mpw/ameera-shah?year=2017. 
  7. "Ameera Shah - Most Powerful Women in 2018 - Fortune India" (en ভাষাত). www.fortuneindia.com. https://www.fortuneindia.com/mpw/ameera-shah?year=2018। আহৰণ কৰা হৈছে: 2018-10-02. 
  8. "Most Powerful Women, 2019". Fortune India. September 22, 2019. https://www.fortuneindia.com/mpw/ameera-shah?year=2019. 
  9. Jayakumar, -P. B.. "Ameera Shah - Most Powerful Women in 2021 - Fortune India" (en ভাষাত). www.fortuneindia.com. https://www.fortuneindia.com/mpw/ameera-shah?year=2021। আহৰণ কৰা হৈছে: 2024-08-19. 
  10. "Ameera Shah: Moving the needle | Forbes India" (en-US ভাষাত). Forbes India. http://www.forbesindia.com/article/tycoons-of-tomorrow/ameera-shah-moving-the-needle/51339/1। আহৰণ কৰা হৈছে: 2018-10-02. 
  11. "Ameera Shah, Byju Raveendran, Darshan Patel, Mira Kulkarni amongst others are finalists for EY Entrepreneur Awards" (en ভাষাত). Financialexpress. 2021-03-19. https://www.financialexpress.com/business/industry-ameera-shah-byju-raveendran-darshan-patel-mira-kulkarni-amongst-others-win-ey-entrepreneur-awards-2215624/। আহৰণ কৰা হৈছে: 2024-08-19. 
  12. www.ETHealthworld.com. "NATHEALTH announces Abhay Soi as its new President for FY 24–25 - ET HealthWorld" (en ভাষাত). ETHealthworld.com. https://health.economictimes.indiatimes.com/news/industry/nathealth-announces-abhay-soi-as-its-new-president-for-fy-2425/109035913। আহৰণ কৰা হৈছে: 2024-08-19. 
  13. "Torrent Pharmaceuticals". www.torrentpharma.com. https://www.torrentpharma.com/index.php/site/bodprofile?id=5। আহৰণ কৰা হৈছে: 2024-08-19. 
  14. "Board of Directors | Cement & Ready Mixed Concrete Manufacturer". www.acclimited.com. https://www.acclimited.com/about/board-of-directors। আহৰণ কৰা হৈছে: 2024-08-19. 
  15. News Desk (2022-12-05). "ACC appoints Ajay Kapur as CEO, Ameera Shah as Woman Independent Director" (en-US ভাষাত). hrnxt.com. https://hrnxt.com/news/executive-moves/acc-appoints-ajay-kapur-as-ceo-ameera-shah-as-woman-independent-director/52935/2022/12/05/। আহৰণ কৰা হৈছে: 2024-08-19. 
  16. "Stakeholder advisory panelists" (en ভাষাত). AXA.com. https://www.axa.com/en/about-us/commitee/stakeholder-advisory-panelists। আহৰণ কৰা হৈছে: 2024-08-19. 
  17. "Ameera Shah | Diagnosis: a risk-taker". livemint. 15 July 2017. https://www.livemint.com/Leisure/u8kB1zit3YsMTRTeIn31IM/Ameera-Shah--Diagnosis-a-risktaker.html. 
  18. "Ameera Shah: Moving the needle | Forbes India" (en-US ভাষাত). Forbes India. http://www.forbesindia.com/article/tycoons-of-tomorrow/ameera-shah-moving-the-needle/51339/1। আহৰণ কৰা হৈছে: 2018-10-02. 
  19. 19.0 19.1 "A 15-year joyride: Ameera Shah" (en ভাষাত). Deccan Chronicle. 2016-10-16. https://www.deccanchronicle.com/lifestyle/viral-and-trending/151016/a-15-year-joyride-ameera-shah.html.