আমীৰ কবীৰ
আমিৰ কবীৰ | |
|---|---|
میرزا تقیخان فراهانی | |
| কাজাৰ ইৰাণৰ প্ৰধানমন্ত্ৰী | |
| কাৰ্যকাল ১৮৪৮ চনৰ ১২ মে’ – ১৩ নৱেম্বৰ ১৮৫১ চন | |
| ৰাজশাসক | নাছেৰ আল-দিন শ্বাহ কাজাৰ |
| পূৰ্বসূৰী | হজ মিৰ্জা আঘাছি |
| উত্তৰসূৰী | মিৰ্জা আকা খান নূৰী |
| ব্যক্তিগত তথ্য | |
| জন্ম | ১৮০৭ চনৰ ৯ জানুৱাৰী হাজাভেহ, আৰাক, ইৰাণ, কাজাৰ ইৰাণ |
| মৃত্যু | ১০ জানুৱাৰী, ১৮৫২ (৪৫ বছৰ) ফিন গাৰ্ডেন, কাছান, ইৰাণ |
| মৃত্যুৰ কাৰণ | হত্যাকাণ্ড |
| ৰাজনৈতিক দল | স্বতন্ত্ৰ (ৰাজনীতিবিদ) |
| দাম্পত্যসঙ্গী |
|
| সন্তান | ৫, তাজ অল-মলুক,মিৰ্জা আহমদ খান ছাইদ অল-মলুক আৰু হামদাম আল-মলুককে ধৰি। |
| পিতৃ-মাতৃ | কৰবালাই ঘোৰবন আছপাজবাছি ফাতেমেহ খানোম |
মিৰ্জা তাঘী খান-ই ফাৰাহানী আমিৰ কবীৰ (জন্ম, ৯ জানুৱাৰী ১৮০৭ –মৃত্যু, ১০ জানুৱাৰী ১৮৫২) নামেৰে বেছি পৰিচিত, তেওঁৰ ৰাজত্বকালৰ প্ৰথম তিনি বছৰ নাছেৰ আল-দিন শ্বাহ কাজাৰৰ প্ৰধানমন্ত্ৰী আছিল। তেওঁক সাধাৰণতে "ইৰাণৰ প্ৰথম সংস্কাৰক" বুলি গণ্য কৰা হয়। এজন আধুনিকতাবাদী ভাবধাৰাৰ ৰাজনীতিবিদ আমিৰ কবীৰক "অন্যায়ভাৱে পদচ্যুত" কৰা হৈছিল কিয়নো তেওঁ ইৰাণত "ক্ৰমান্বয়ে সংস্কাৰ" আনিবলৈ চেষ্টা কৰিছিল।[1]
আমিৰ কবীৰে ইৰাণৰ প্ৰথমখন উচ্চ শিক্ষানুষ্ঠান প্ৰতিষ্ঠা কৰিছিল আৰু দেশৰ দ্বিতীয়খন পাৰ্চী ভাষাৰ বাতৰি কাকত আৰম্ভ কৰিছিল। তেওঁ উৎকোচ, দোষী আৰু বন্দীক নিৰ্যাতন নিষিদ্ধ কৰিছিল আৰু ইৰাণৰ কৰ আৰু বিত্তীয় ব্যৱস্থা একত্ৰিত কৰিছিল। প্ৰধানমন্ত্ৰী হিচাপে তেওঁ বাববাদ দমন আৰু আন্দোলনৰ প্ৰতিষ্ঠাপক বাবক ফাঁচি দিয়াৰ নিৰ্দেশো দিয়ে। জীৱনৰ শেষ বছৰবোৰ কাছানৰ ফিন গাৰ্ডেনত নিৰ্বাসিত হৈ কটায় আৰু ১৮৫২ চনৰ ১০ জানুৱাৰীত নাছেৰ আল-দিন শ্বাহৰ নিৰ্দেশত তেওঁক হত্যা কৰা হয়।[2]
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]ইৰাণৰ মাৰ্কাজী প্ৰদেশৰ আৰক জিলাৰ হাজাভেহ গাঁৱত আমীৰ কবীৰে জন্মগ্ৰহণ কৰিছিল। তেওঁৰ পিতৃ কাৰবালাই মহম্মদ কুৰবানে ফৰাহানৰ কাইম-মকাম মিৰ্জা বজৰ্গৰ অধীনত ৰান্ধনীৰ কাম আৰম্ভ কৰে। যেতিয়া মিৰ্জা বজৰ্গক তাব্ৰিজত ৰাজকুমাৰ আব্বাছ মিৰ্জাৰ মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিয়া হৈছিল, তেতিয়া কাৰবালাই কুৰবানে তেওঁৰ পুত্ৰৰ লগত গৈছিল। আমিৰ কবীৰে প্ৰথমে মিৰ্জা বজৰ্গৰ ঘৰত ঘৰৰ কামত দেউতাকক সহায় কৰিছিল। মিৰ্জা বজৰ্গে ল’ৰাজনৰ মাজত অসাধাৰণ প্ৰতিভাৰ চিন দেখিছিল আৰু তেওঁক নিজৰ সন্তানৰ সৈতে পঢ়িবলৈ অনুমতি দিছিল। ১২৩৭ হিজৰী/১৮২২ চনত মিৰ্জা বজৰ্গৰ মৃত্যু হয় আৰু তেওঁৰ পিছত তেওঁৰ পুত্ৰ মিৰ্জা বজৰ্গে ৰাজকুমাৰৰ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰে। পুত্ৰৰ তত্ত্বাৱধানত আমিৰ কবীৰ অসামৰিক সেৱাত যোগদান কৰে; প্ৰথমে তেওঁক আজাৰবাইজান সেনাৰ ‘লস্কৰনাভিছ’ (সামৰিক পঞ্জীয়ক) হিচাপে নিযুক্তি দিয়া হৈছিল। ১২৫১ হিজৰী/১৮৩৫ খ্ৰীষ্টাব্দত তেওঁক ‘মষ্টোফি-ই নিজাম’ পদবীলৈ উন্নীত কৰা হয়, যাৰ ফলত তেওঁক আজাৰবাইজান সেনাৰ বিত্তীয় তত্ত্বাৱধানৰ দায়িত্ব দিয়া হয়। কেইবছৰমান পিছত তেওঁক ‘বজিৰ-ই নিজাম’ উপাধি দিয়া হয়, যাৰ অধীনত তেওঁ একেটা সেনাবাহিনীৰ লজিষ্টিক, বিত্ত, সংগঠন আদিৰ দায়িত্বত আছিল।

প্ৰশাসনিক সংস্কাৰ
[সম্পাদনা কৰক]প্ৰদেশসমূহত শৃংখলা পুনৰুদ্ধাৰ কৰাৰ পাছত আমিৰ কবীয়ে বিভিন্ন প্ৰশাসনিক, সাংস্কৃতিক, আৰু অৰ্থনৈতিক সংস্কাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল, যিবোৰ তেওঁৰ চুটি কাৰ্যকালৰ মূল কৃতিত্ব আছিল। তেওঁৰ আটাইতকৈ তাৎক্ষণিক সফলতা আছিল ইৰাণীসকলক বসন্তৰ প্ৰতিষেধক প্ৰদান কৰা, যাৰফলত লাখ লাখ নহ’লেও হাজাৰ হাজাৰ লোকৰ জীৱন ৰক্ষা কৰিছিল।[3] তেহৰাণত উপস্থিত হৈ কোষাগাৰ খালী হোৱা দেখি তেওঁ প্ৰথমে ৰাজহৰ উৎস বৃদ্ধি কৰি আৰু চৰকাৰী ব্যয় হ্ৰাস কৰি ৰাজ্যৰ বাজেটৰ ভৰসাম্য ৰক্ষাৰ চেষ্টা কৰিছিল। এই কামত তেওঁক সহায় কৰিবলৈ তেওঁ মিৰ্জা ইউছুফ মুস্তাফি আল-মামালিকৰ নেতৃত্বত এখন বাজেট কমিটী গঠন কৰে, য’ত ইৰাণী টমানৰ বাজেট ঘাটিৰ অনুমান কৰা হৈছিল। ইয়াৰ পিছত আমিৰ কবীৰে চৰকাৰী কৰ্মচাৰীৰ দৰমহা ভয়ংকৰভাৱে হ্ৰাস কৰাৰ সিদ্ধান্ত লয়। প্ৰায়ে আধালৈ চৰকাৰী কমচাৰীৰ দৰমহা হ্ৰাস কৰে আৰু চৰকাৰী কাম কম বা একেবাৰেই নকৰা পেঞ্চনাৰসকলক দিয়া বৃহৎ ভাট্টা বাতিল কৰাৰ সিদ্ধান্ত লয়। এই পদক্ষেপে বহু প্ৰভাৱশালী ব্যক্তিৰ মাজত তেওঁৰ জনপ্ৰিয়তা হ্ৰাস কৰে, যাৰ ফলত শেষত তেওঁৰ বদনাম আৰু মৃত্যু হয়।
চাকৰিৰপৰা বৰ্খাস্ত আৰু ফাঁচি
[সম্পাদনা কৰক]আৰম্ভণিৰেপৰাই আমিৰ কবীৰৰ নীতিয়ে ইৰাণৰ অভিজাত শ্ৰেণীৰ প্ৰভাৱশালী মহলৰ ভিতৰত শত্ৰুতা জগাই তুলিছিল। বিশেষকৈ ৰাজতন্ত্ৰৰ ভিতৰৰ মহলটোৰ ভিতৰত যাৰ পেঞ্চন আৰু আয় তেওঁৰ বিত্তীয় সংস্কাৰৰ ফলত কৰ্তন হৈছিল। তেওঁলোকৰ সমৰ্থন আছিল বিদেশী শক্তিৰ, যাৰ প্ৰভাৱ তেওঁৰ নেতৃত্বত বহু পৰিমাণে হ্ৰাস পাইছিল। এইদৰে এই বিৰোধী দলটোৰ মাজত এটা মিত্ৰজোঁট গঠন কৰা হয় যাৰ বিশিষ্ট সদস্যসকল আছিল ৰাণী মাতৃ মিৰ্জা আকা খান নুৰী (আমীৰ কবিৰৰ লেফটেণ্ট এংলোফাইল), আৰু মিৰ্জা ইউছুফ খান আষ্টিয়ানী (কোৰ্টৰ মুখ্য একাউণ্টেণ্ট) তথা ৰুছ’ফাইল আদি।[4]
উত্তৰাধিকাৰ
[সম্পাদনা কৰক]ইৰাণী সমসাময়িকসকলৰ ভিতৰত আমিৰ কবীৰক সেই সময়ৰ বহু কবিয়ে প্ৰশংসা কৰিছিল। বিশেষকৈ ছৰুছ আৰু কায়ৰে,কিন্তু কাজাৰ যুগত ইৰাণলৈ তেওঁৰ অৱদানক সাধাৰণতে কম মূল্য দিয়া হৈছিল। আধুনিক ইৰাণী ইতিহাস লেখাই তেওঁক আৰু অধিক ন্যায় দিছে; তেওঁক কাজাৰ যুগৰপৰা ওলাই অহা কেইজনমান সক্ষম আৰু সৎ ৰাজনীতিবিদৰ ভিতৰত এজন হিচাপে চিত্ৰিত কৰা হৈছে, যিয়ে প্ৰায় ডেৰ শতিকাৰ পিছত উদ্ভৱ হোৱা বিভিন্ন ৰাজনৈতিক আৰু সামাজিক পৰিৱৰ্তনৰ ভেটি স্থাপন কৰিছিল:
- ১৯৬১ চনত উদ্বোধন হোৱা আমিৰ কবীৰ বান্ধৰ নাম তেওঁৰ নামেৰে নামকৰণ কৰা হৈছে।
- ১৯৫৮ চনত প্ৰতিষ্ঠা হোৱা তেহৰাণ পলিটেকনিকৰ নাম ১৯৭৯ চনত আমিৰ কবিৰ প্ৰযুক্তি বিশ্ববিদ্যালয়ৰ নাম সলনি কৰা হয়।
- ১৯৪৯ চনত প্ৰতিষ্ঠা হৈছিল বিখ্যাত আমিৰ কবীৰ প্ৰকাশন গৃহ।
তথ্যৰ উৎস
[সম্পাদনা কৰক]- ↑ Molavi, Afshin, The Soul of Iran, Norton, 2005, p.195,197
- ↑ Smith, Peter (2000). "Amir Kabir, Mirza Taqi Khan". A concise encyclopedia of the Bahá'í Faith. Oxford: Oneworld Publications. pp. 38. ISBN 978-1-85168-184-6.
- ↑ Molavi, Afshin, The Soul of Iran, Norton, 2005, p.196
- ↑ Amanat, Abbas (1991). "The Downfall of Mirza Taqi Khan Amir Kabir and the Problem of Ministerial Authority in Qajar Iran". International Journal of Middle East Studies খণ্ড 23 (4): 577–599. doi:10.1017/S0020743800023424. https://archive.org/details/sim_international-journal-of-middle-east-studies_1991-11_23_4/page/577.