সমললৈ যাওক

আমীৰ হাছান ছেহেলতান

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আমিৰ হাছান চেহেলতান

আমিৰ হাছান চেহেলতান (ইংৰাজী: Amir Hassan Cheheltan); (জন্ম ১৯৫৬) এজন ইৰাণী লেখক। তেওঁৰ ১২খন উপন্যাস, ছটা খণ্ডৰ চুটিগল্প আৰু ইয়াৰ এখন চিত্ৰনাট্য ইৰাণত নিষিদ্ধ। তেওঁৰ বহুতো গ্ৰন্থ ইংৰাজী, জাৰ্মান, ইটালীয়, নৰৱেজিয়ান, লিথুৱেনিয়ান, আৰবী আৰু হিব্ৰুলৈ অনুবাদ কৰা হৈছে।

১৯৫৬ চনত তেহৰাণত জন্মগ্ৰহণ কৰা চেহেলটানৰ পিতৃ-মাতৃ ধ্ৰুপদী পাৰ্চী সাহিত্যৰ প্ৰতি আগ্ৰহী আছিল।[1]হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত তেওঁ ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং অধ্যয়ন কৰে আৰু ১৯৭৯ চনৰ ইৰাণী বিপ্লৱৰ পিছত তেওঁ অধ্যয়ন অব্যাহত ৰাখিবলৈ গ্ৰেট ব্ৰিটেইনলৈ গুচি যায়।[1] পঢ়া-শুনা সমাপ্ত কৰাৰ পাছত ইৰাণ–ইৰাক যুদ্ধৰ সময়ত তেওঁ সেনাবাহিনীত সেৱা আগবঢ়াইছিল। [2]

সাহিত্যিক জীৱন

[সম্পাদনা কৰক]

তেওঁৰ প্ৰথম গ্ৰন্থ আছিল গল্প সংকলন ছিগেহ (অস্থায়ী পত্নী) যি ১৯৭৬ চনত প্ৰকাশ পাইছিল। দেশৰ বুদ্ধিজীৱীসকলৰ বাবে কঠিন পৰিস্থিতিৰ বাবে ১৯৯৯ চনত ইৰাণৰপৰা পলায়ন কৰি দুবছৰৰ পাছত উভতি আহে। [2] কেইবাবছৰ ধৰি বাৰ্লিন আন্তঃৰাষ্ট্ৰীয় সাহিত্য মহোৎসৱৰ অতিথি হিচাপে কাম কৰি আহিছে [1] আৰু তেওঁৰ প্ৰবন্ধসমূহ জাৰ্মান কাকত যেনে ফ্ৰেংকফৰ্টৰ আলজেমেইন জাইটুং আৰু ছুড'চে চাইটুংত প্ৰকাশ পাইছে। [3] জাৰ্মান হাইনৰিখ বল ফাউণ্ডেশ্যন, বেলজিয়ামৰ লেইডেনহাউছ[1] আৰু কেলিফৰ্ণিয়াৰ ভিলা অৰোৰাৰপৰা বৃত্তি লাভ কৰিছে।

আমীৰ হাছানৰ উপন্যাস তেহৰাণ, চিটি উইদাউট এ স্কাই (২০০১) ত এজন ব্যক্তিৰ উত্থানৰ কথা কোৱা হৈছে যিয়ে এজন পতিতালয়ৰ মালিকৰ নিষ্ঠুৰ সহযোগীৰ পৰা ইছলামিক বিপ্লৱক সমৰ্থন কৰা আৰু ক'লা বজাৰত ধন ঘটাৰ ব্যৱসায়ীলৈ উত্থান ঘটায়।

এ লাভ ইন কায়ৰো (২০২২) কায়ৰোত ইৰাণৰ এজন ৰাষ্ট্ৰদূত ইছলাম ধৰ্ম গ্ৰহণ কৰা ইহুদী মহিলাৰ প্ৰেমত পৰাৰ বিষয়ে বৰ্ণনা কৰা হৈছে। লগতে উপন্যাসখনত মধ্যপ্ৰাচ্যৰ সংঘাতৰ শিপা পৰীক্ষা কৰা হৈছে।

বিদেশত কটোৱা সময়

[সম্পাদনা কৰক]

১৯৭৭ চনৰ পৰা চেহেলটানে ইৰাণী লেখক সংস্থাত সক্ৰিয় হৈ আছিল, ২০০১ চনৰ পৰা ২০০৪ চনলৈকে ইয়াৰ ব’ৰ্ডৰ অন্যতম সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।“ইৰাণৰ শৃংখলাবদ্ধ হত্যাকাণ্ড” নামেৰে জনাজাত সময়ছোৱাত ৰাষ্ট্ৰৰ পৃষ্ঠপোষকতাত হোৱা দুটা হত্যাকাণ্ডৰ প্ৰচেষ্টাৰ পৰা ৰক্ষা পোৱাৰ পিছত লেখকে ইৰাণ এৰি ইটালী লৈ গুচি যায়। আন্তঃৰাষ্ট্ৰীয় লেখক সংসদে (আই পি ডব্লিউ) প্ৰদান কৰা ষ্টাইপেণ্ডিয়ামৰ বাবেই চেহেলটানে ১৯৯৯-২০০১ চনটো ইটালীৰ চেৰটাল্ডোত বাসগৃহত লেখক হিচাপে পত্নী আৰু সন্তানৰ সৈতে কটায়। তাত থকাৰ সময়তে তেওঁ লিখিছিল তেহৰাণ উইদাউট এ ষ্কাই (“তেহৰাণ, আকাশবিহীন চহৰ”[4]

কৰ্মৰাজি

[সম্পাদনা কৰক]

উপন্যাস

[সম্পাদনা কৰক]
  • দ্য মৌৰনিং অৱ কাছিম, নাউ, তেহৰাণ, ১৯৮৪ চন
  • হল অৱ মিৰৰ, বেহ নগৰ, তেহৰান,১৯৯১
  • তেহৰান,চিটি উইদাউট স্কাই, নেগাহ, তেহৰাণ, ২০০২
  • লভ এণ্ড দ্য ইনকমপ্লিট ৱমেন, নেগাহ, তেহৰাণ, ২০০৩।
  • ইৰানীয়ান ডন, নেগাহ, তেহৰাণ, ২০০৫
  • তেহৰান, ৰিভল্যুছন ষ্ট্ৰীট, কিৰ্চহেইম, মিউনচেন, ২০০৯
  • এমেৰিকান কিলিং ইন তেহৰান, চি.এইচ. বেক, মিউনচেন, ২০১১
  • দ্য কেলিগ্ৰাফাৰ অৱ ইছফাহান , চি.এইচ. বেক, মিউনচেন, ২০১৫
  • দ্য পাৰ্চিচটেণ্ট পেৰট, মেথেছ এণ্ড চেইট্জ, বাৰ্লিন, ২০১৮
  • দ্য চাৰ্কল অৱ লিটাৰেচাৰ লভাৰচ্‌, চি.এইচ. বেক, মিউনচেন, ২০২০
  • এ লভ ইন কাইৰো, C.H. Beck, München, 2022[5]

চুটি গল্প

[সম্পাদনা কৰক]
  • টেম্পৰৰী ৱাইফ, বু-আলি, তেহৰাণ, ১৯৭৬
  • ৰৰেলিক ক্লথ অন দ্যা চ্ছ্ৰাৰাইন ষ্টিল গ্ৰীলৱৰ্ক, ৰাৱাঘ, তেহৰাণ, ১৯৭৮
  • ন ৱান কলড মি এনিম'ৰ, নেগাহ, তেহৰাণ, ১৯৯৩
  • নট লং ৰিমেইনচ টিল টুমৰো,নেগাহ, তেহৰাণ, ১৯৯৮
  • ফাইভ অ'ক্লক ইজ টু লেট টু ডাই, নেগাহ, তেহৰাণ, ২০০২
  • চেভেৰেল আনবিলিভিবল ট্ৰুথ,নেগাহ, তেহৰাণ, ২০১৭ [6]
  • ২০২১ চনত দ্য চাৰ্কল অৱ লিটাৰেচাৰ লভাৰ্ছৰ বাবে আন্তঃৰাষ্ট্ৰীয় সাহিত্য বঁটা।[7]

তথ্যৰ উৎস

[সম্পাদনা কৰক]
  1. 1 2 3 "Amir Hassan Cheheltan — internationales literaturfestival berlin". www.literaturfestival.com. https://www.literaturfestival.com/autoren/autoren-2009/amir-hassan-cheheltan আহৰণ কৰা হৈছে: 2021-12-25.
  2. 1 2 "Stipendiaten Details – VATMH (de)". www.vatmh.org. Archived from the original on 2021-12-25. https://web.archive.org/web/20211225235659/https://www.vatmh.org/de/stipendiaten-details/grant/41-amir-hassan-cheheltan.html আহৰণ কৰা হৈছে: 2021-12-25.
  3. Vahabzadeh, Susan (3 December 2015). "Zwischen den Zeilen". Süddeutsche.de. https://www.sueddeutsche.de/kultur/schriftsteller-amir-hassan-cheheltan-zwischen-den-zeilen-1.2765806.
  4. AmirHassan Cheheltan http://www.cheheltan.net AmirHassan Cheheltan Official Website - AmirHassan Cheheltan
  5. "Cheheltan, Amir Hassan | Eine Liebe in Kairo". www.chbeck.de. https://www.chbeck.de/cheheltan-hassan-liebe-kairo/product/32390691.
  6. "موسسه انتشارات نگاه – اطلاع رسانی‌های انتشارات و فروش آنلاین کتاب". Archived from the original on 2022-08-14. https://web.archive.org/web/20220814153231/https://negahpub.com/book-authors/%D8%A7%D9%85%DB%8C%D8%B1%D8%AD%D8%B3%D9%86-%DA%86%D9%87%D9%84-%D8%AA%D9%86/ আহৰণ কৰা হৈছে: 2026-05-30.
  7. "International Literature Award honors 6 books | DW | 04.06.2020". DW.COM. https://www.dw.com/en/international-literature-award-honors-6-books/a-53686282.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]
  1. http://www.cheheltan.net

AmirHassan Cheheltan Official Website - AmirHassan Cheheltan