আমুৰ ফেলকন
| Falco amurensis | |
|---|---|
| মতা | |
| মাইকী | |
| সংৰক্ষণ স্থিতি | |
| বৈজ্ঞানিক শ্ৰেণীবিভাজন | |
| অধিজগৎ: | সংকোষকেন্দ্ৰী |
| ৰাজ্য: | প্ৰাণী |
| পৰ্ব: | পৃষ্ঠদণ্ডী |
| শ্ৰেণী: | Aves |
| বৰ্গ: | Falconiformes |
| পৰিয়াল: | Falconidae |
| গণ: | Falcon |
| প্ৰজাতি: | F. amurensis |
| দ্বৈৰাশিক নামকৰণ | |
| Falco amurensis Radde, 1863 | |
Breeding Non-breeding | |
| সমাৰ্থক | |
| |
আমুৰ ফেলকন(ইংৰাজী: : Amur falcon (Falco amurensis) হৈছে ফেলকন বা শেনচৰাই পৰিয়ালৰ এবিধ সৰু চিকাৰী চৰাই। ই সাধাৰনতে দক্ষিণ-পূব ছাইবেৰিয়া আৰু উত্তৰ চীনৰ মুকলি অৰণ্য আৰু মুকলি তৃণভূমিত প্ৰজনন কৰে। তাৰ পিছত বৃহৎ এটা জাক পাতি সমগ্ৰ ভাৰত অতিক্ৰম কৰি আৰব সাগৰৰ ওপৰেৰে উৰি গৈ শেষত শীতকালত দক্ষিণ আফ্ৰিকা আৰু পূৰ্ব আফ্ৰিকাৰ উপকূলীয় অঞ্চলসমূহত কটায়।
বিৱৰণ
[সম্পাদনা কৰক]চৰাই বিধৰ শৰীৰৰ দীৰ্ঘতা প্ৰায় ৩০ছে.মি., ডেউকা অতি শক্তিশালী আৰু প্ৰায় ৬৩-৭১ ছে.মি.দীঘল। বিশ্ৰামলৈ থকা অৱস্থাত ডেউকাৰ আগটো সাধাৰণতে নেজৰ আগৰ ওচৰলৈ বা তাতকৈ অলপ আগলৈকে প্ৰসাৰিত হৈ থকা দেখা যায়। ঠোঁটটো বেকা আৰু চোকা,ডিঙিৰ তলৰ অংশ বগা। মতা আৰু মাইকী চৰাই দুটাৰ আকৃতি আৰু বৰণৰ সামান্য পাৰ্থক্য আছে। মতা চৰাইবোৰৰ ওপৰৰ পাখি বোৰ লক্ষনীয় ভাৱে গাঢ় ধোঁৱা বৰণৰ আৰু ইয়াৰ উৰু আৰু তলপেটত ৰঙচুৱা-বগা আভাৰ দৰে পাখি দেখা যায়। উৰণৰ সময়ত ক’লা ডেউকা যোৰৰ ভিতৰৰ অংশ বগা দেখা যায়। ইয়াৰ লগত প্ৰায় মিল থকা ৰঙা ভৰিৰ বাজচৰাইৰ প্ৰাপ্তবয়স্ক মতাবোৰৰ পাখিৰ আৱৰণ গাঢ় ধূসৰ ৰঙৰ। আফ্ৰিকাত মতা আমুৰ ফেলকন চৰাইক মেলানিষ্টিক গাবাৰ গোশ্ব’কৰ সৈতে ভুল কৰা হয় যদিও ইয়াৰ তলপেটৰ স্পষ্ট ৰঙচুৱা অংশই ইয়াক সহজে চিনাক্ত কৰাত সহায় কৰে। ইয়াৰ উপৰি সুটি ফেলকন আৰু গ্ৰে কেষ্ট্ৰেল লগত ইহঁতৰ কিছু বাহ্যিক সাদৃশ্য আছে যদিও, কিন্তু সেই দুটা প্ৰজাতিৰ দুয়োটাৰে ভৰি হালধীয়া আৰু চেৰে থকা।[2] লক্ষনীয় ভাবে মাইকী ফেলকনৰ গাত কমলা ৰঙৰ চকুৰ আঙঠি, ৰঙা ৰঙৰ চেৰে আৰু ৰঙা কমলা ৰঙৰ ভৰি থকাৰ বাবে ইহঁত বোৰ আন বহুতো বাজপক্ষীৰ লগত মিল থকিলেও চিনাক্ত কৰাত অধিক কঠিন নহয় ।
শ্ৰেণীবিভাজন
[সম্পাদনা কৰক]আমুৰ ফেলকনক দীৰ্ঘদিন ধৰি ৰঙা ভৰিৰ শেনচৰাইৰ এটা উপপ্ৰজাতি বা তাৰেই অন্য এটা ৰূপ বুলি গণ্য কৰা হৈছিল যদিও আজিকালি ই এটা স্বতন্ত্ৰ প্ৰজাতি বুলি মান্যতা পাইছে। তথাপিও ই ৰঙা ভৰিৰ শেনচৰাইৰ আটাইতকৈ ঘনিষ্ঠ লক্ষনযুক্ত; আন শেনচৰাইৰ সৈতে ইহঁতৰ লক্ষন অধিক স্পষ্ট নহয়। আকৃতিগত দৃষ্টিৰে ইহঁত কেষ্ট্ৰেল আৰু চখৰ মাজত কিছু মধ্যৱৰ্তী যেন লাগে আৰু মূলতঃ এতিয়ালৈকে প্ৰয়োজনীয় পৰিমাণৰ বিস্তৃত নমুনা সংগ্ৰহৰ অভাৱৰ বাবে ডি এন এ ক্ৰমৰ তথ্যই এই প্ৰশ্নৰ অধিক সমাধান কৰিব পৰা নাই ।[3][4][5]
জেনাছ নাম Falco প্ৰাচীন লেটিন ভাষাৰ শব্দ falx বা falcis ৰ পৰা আহিছে, যাৰ অৰ্থ কাঁচি বা বেঁকা অস্ত্ৰ,আৰু ইয়াৰ দ্বাৰা ফালকনৰ বেকা নখৰ প্ৰতীকীকৰণ কৰা হৈছে।[6] আমুৰেন্সিছ প্ৰজাতিৰ নাম দক্ষিণ-পূব চাইবেৰিয়াৰ আমুৰলেণ্ডৰ পৰা আহিছে।[7]
বিতৰণ আৰু প্ৰব্ৰজন
[সম্পাদনা কৰক]পূব এছিয়াত ট্ৰেন্সবাইকালিয়া, আমুৰলেণ্ড আৰু উত্তৰ মংগোলীয় অঞ্চলৰ পৰা উত্তৰ কোৰিয়াৰ কিছু অংশলৈকে আমুৰ ফেলকানে প্ৰজনন কৰে। ভাৰত আৰু শ্ৰীলংকাৰ মাজেৰে এটা বিস্তৃত পথৰে প্ৰব্ৰজন কৰে, কেতিয়াবা থাইলেণ্ড আৰু কম্বোডিয়াৰ ওপৰেৰে আৰু পূব দিশলৈ আৰু তাৰ পিছত আৰব সাগৰৰ ওপৰেৰে, কেতিয়াবা মালদ্বীপ আৰু অন্যান্য দ্বীপ পাৰ হৈ দক্ষিণ আফ্ৰিকাত উপনীত হয়। ভাৰতৰ ওপৰেৰে যোৱা চৰাইবোৰক পশ্চিম দিশলৈ বলি থকা প্ৰচণ্ড বতাহে সহায় কৰে বুলি ভবা হয়। এই বতাহবোৰ প্ৰায় ৩০০০ মিটাৰ উচ্চতাত প্ৰবল হয় আৰু প্ৰব্ৰজনৰ সময়ত চৰাইবোৰে ১০০০ মিটাৰৰ ওপৰৰ উচ্চতাত উৰি যায় বুলি ভবা হয়।[8] ইহঁতৰ প্ৰজনন স্থানলৈ উভতি যোৱা পথটো অলপ বেছি উত্তৰ দিশলৈকে বৃস্তিত। প্ৰব্ৰজন কৰাৰ সময়ত সাগৰৰ ওপৰেৰে বহু দূৰলৈ বিচৰণ কৰাৰ প্ৰৱণতাৰ বাবে এই পক্ষী বিধক ইয়াৰ স্বাভাৱিক পৰিসৰৰ বহু বাহিৰৰ স্থানত পোৱা গৈছে, যেনে ইটালী, ছুইডেন, ট্ৰিষ্টান দা কুনহা, চেণ্ট হেলেনা আৰু যুক্তৰাজ্যত।[9][2]
উত্তৰ-পূব ভাৰতত
[সম্পাদনা কৰক]শীতৰ দিনবোৰ গৰম দেশত কটাবলৈ অক্টোবৰ-নবেম্বৰৰ প্ৰথম ভাগতে ইহঁতে প্ৰৰিভ্ৰমণ আৰম্ভ কৰে।একোটা ডাঙৰ জাকত চাইবেৰিয়াৰ দক্ষিণ-পূব অংশৰ পৰা উত্তৰ চীন,থাইলেণ্ডৰ উত্তৰ অংশইদি ম্যানমাৰ পাৰ হৈ আহি মনিপুৰ,নগালেণ্ড আৰু অসমৰ কিছু অঞ্চল পায়হি প্ৰায় অক্টোবৰ-নবেম্বৰ মাহত।জাকে জাকে অহা চৰাইবোৰ মণিপুৰৰ তামেলিয়াং আৰু দাঁতিকাষৰীয়া জীলা,নগালেণ্ডৰ দৈয়াং উপত্যকা,পাংটি,অসমৰ ডিমা হাছাও জিলাৰ উমৰাংছ’ত সৰহ সংখ্যক চৰাই আৰু মৰিগাঁও জিলাৰ ধৰমতুল আদি অঞ্চলত দুই এটা সৰু জাক দেখা যায়। নবেম্বৰৰ মাজ ভাগৰ পৰা পুনৰ যাত্ৰা আৰম্ভ কৰি স্থলভাগেদি বংগ,উৰিষ্যা,চত্তিছগড়,অন্ধ্ৰপ্ৰদেশ হৈ আৰব সাগৰৰ উপৰেদি একেৰাহে ৪-৫ দিন উৰি প্ৰায় ৪০০কি.মি. অতিক্ৰম কৰি দক্ষিণ আৰু পূৰ্ব আফ্ৰিকাৰ উপকূলীয় অঞ্চল পায় গৈ। শীতৰ দিন কেইটা তাত কটাই আকৌ এপ্ৰিল মাহত উভতনি যাত্ৰা আৰম্ভ কৰা।[10]
আচৰণ আৰু পৰিৱেশ বিজ্ঞান
[সম্পাদনা কৰক]খাদ্য বিচাৰি ফুৰা আৰু খাদ্য
[সম্পাদনা কৰক]আমুৰ ফেলকন নামৰ এই চিকাৰী চৰাই বিধে প্ৰধানকৈ সন্ধিয়া দেৰিকৈ বা ৰাতিপুৱা সোনকালে বতাহত উৰি ফুৰা বা মাটিত থকা বহুতো পোক-পতঙ্গ,উইপোক,জিঞা আদি ধৰি খায়। অত্যন্ত দ্রুতগামী হোৱা বাবে ইহঁতে উৰি উৰিয়েই প্ৰায়বোৰ চিকাৰ ধৰি খায়, কেতিয়াবা উৰি থাকিতেই ওপৰৰ পৰা চিকাৰ লক্ষ্য কৰি লৈ কৌশলি প্ৰক্ৰিয়াৰে তললৈ আহি পোক-পৰুৱা ধৰে, কিন্তু মাটিত নামিও চিকাৰ ধৰি খায়।[9] শীতকালত ইহঁতৰ খাদ্যত প্ৰায় সম্পূৰ্ণৰূপে পোক-পতঙ্গ প্ৰচুৰ পৰিমানে থাকে[11] কিন্তু প্ৰজনন ক্ষেত্ৰত পোৱালিবোৰক খুৱাবলৈ সিহঁতে সৰু পাখি, স্তন্যপায়ী প্ৰাণী[12] আৰু উভচৰ প্ৰাণীও ধৰে। আফ্ৰিকাত বৰষুণৰ বতৰত টেমাইট, ফৰিং, পৰুৱা আৰু লালুকীৰ জাক উৎপন্ন হয় আৰু এইবোৰে প্ৰচুৰ খাদ্যৰ যোগান ধৰে।[13] আৰব সাগৰৰ ওপৰেৰে ইহঁতৰ প্ৰব্ৰজন কালত ড্ৰেগনফ্লাই বা ইবিধ জিঞায়ো প্ৰব্ৰজন কৰে বুলি বিজ্ঞানী সকলে গম পাইছে আৰু এইবোৰক উৰন্ত অৱস্থাতে আমুৰ ফেলকনে ভক্ষণ কৰি গৈ থাকে। এই কাৰ্য্যক ইহঁতৰ প্ৰব্ৰজন পথৰ আটাইতকৈ কষ্টকৰ খাদ্য যোগানৰ অংশ বুলি ভবা হয়।[14][15]
বাহ সজা
[সম্পাদনা কৰক]প্ৰব্ৰজনৰ সময়ত ইহঁতে শীতল ঠাইবোৰৰ মুকলি কাঠনি বা ঘাঁহনিত থাকে, আৰু গছৰ লঠঙা ডাল, উন্মুক্ত বৈদ্যুতিক তাঁৰৰ ওপৰত দলবদ্ধভাৱে ৰাতি বিশ্ৰাম লয়।[9] ইহঁতে প্ৰজননৰ ঠাই হিচাবে জলাশয় থকা মুকলি জংগল অঞ্চল বোৰ বাচি লয়। প্ৰজননৰ সময় মে’ৰ পৰা জুন মাহ আৰু পোৱালী ডাঙৰ কৰিবলৈ ছেপ্তেম্বৰ মাহৰ শেষলৈকে সেই ঠাইতে বাস কৰে।ইহঁতৰ কেইবাটাও যোৰাই ওচৰা ওচৰিকৈ বাঁহ সাজিব পাৰে। চিকাৰী চৰাইৰ পৰিত্যক্ত বাহ আৰু আনকি গছৰ খুৰুং আদিটো বাহ সজাৰ বাবে পুনৰ ব্যৱহাৰ কৰে। তিনিটা বা চাৰিটা কণী পাৰি (দুদিনৰ ব্যৱধানত) মতা-মাইকী দুয়োটাই পাল পাতি উমনী লয়। প্ৰায় এমাহৰ পিছত পোৱালি ওলাই আৰু পোৱালিবোৰৰ খাদ্য হ’ল পোক-পতঙ্গ আদি। খুব সোনকালেই প্ৰায় এমাহৰ পিছত পোৱালি চৰাইবোৰে বাহ এৰি উৰিব পৰা হয়।[9]লাহে লাহে গৰমৰ দিন কেইটা পাৰ হৈ যোৱাৰ লগে লগে ইহঁত পুনৰ ভ্ৰমনৰ বাবে সাজু হয়।
পৰজীৱী
[সম্পাদনা কৰক]আমুৰ ফেনকনৰ দেহত তিনিটা বিশেষ ধৰণৰ ওকনি–প্ৰজাতিয়ে পৰজীৱী হিচাপে বাস কৰে। এইবেৰ যথাক্ৰমে — Degeeriella rufa, Colpocephalum subzerafae, আৰু Laembothrion tinnunculi।[16]
অৱস্থা আৰু সংৰক্ষণ
[সম্পাদনা কৰক]আমুৰ ফেলকনৰ প্ৰজনন পৰিসৰ বৃস্তিত আৰু সংখ্যাৰ আকাৰত বৃহৎ হোৱা বাবে এই প্ৰজাতিটোক সংৰক্ষণ মূল্যায়নত ‘সবাতোকৈ কম বিপদাপন্ন’ বুলি চিনাক্ত কৰা হৈছে। কিন্তু প্ৰব্ৰজনৰ সময়ত জাক পাতি উৰা আচৰণ আৰু একেটা অঞ্চলত বসতিৰ ঘনত্বৰ বাবে ইহঁত চিকাৰ আৰু অন্যান্য ভাবুকিৰ সন্মুখীন হয়। প্ৰজনন অঞ্চলৰ পৰা শীতকালীন বাসস্থানলৈ যাত্ৰা কৰাৰ সময়ত সিহঁতৰ দেহ তুলনামূলক ভাবে আগতকৈ মেদযুক্ত হৈ পৰে, আৰু উত্তৰ-পূৰ্ব ভাৰতৰ কিছুমান অঞ্চলৰ লগতে পূব আফ্ৰিকাতো খাদ্য হিচাপে সিহঁতক ধৰা হয়।[1][17]
২০১২ চনত নাগালেণ্ডৰ পাংটি গাঁৱত প্ৰব্ৰজনকাৰী আমুৰ ফেলকনক দলে দলে আৱদ্ধ কৰি ধৰা ঘটনা সংবাদমাধ্যমত প্ৰকাশ পাইছিল আৰু ইহঁতৰ হত্যা ৰোধৰ বাবে এক সফল অভিযান আৰম্ভ কৰা হৈছিল।[18] এই অভিযানৰ অংশ হিচাপে তিনিটা চৰাইক ৫ গ্ৰাম ওজনৰ উপগ্ৰহ ট্ৰেন্সমিটাৰ লগোৱা হৈছিল যাৰ ফলত প্ৰব্ৰজনৰ সময়ত ইহঁতক অনুসৰণ কৰি গতি-বিধি লক্ষ্য কৰিব পৰা গৈছিল।[19]
পাংটি গাৱত এই চৰাই বিধৰ চিকাৰীসকল কেনেকৈ পখি-সংৰক্ষকলৈ পৰিবর্তিত হ’ল সেই বিষয়ে কৰা এটা অধ্যয়নে দেখুৱাইছে যে শক্তিশালী নেতৃত্ব আৰু গাঁৱৰ বিভিন্ন প্রতিষ্ঠানৰ মাজত ভাগ-বতৰা কৰা দায়িত্ববোধেই এই পৰিবর্তনৰ মুখ্য চালিকা শক্তি আছিল। অধ্যয়নত দেখা গ’ল যে স্থানীয় নেতাসকলে সীমিত এন জি অ’ আৰু চৰকাৰী ধনৰ ওপৰত ক্ষমতাৰ সংগ্ৰাম কৌশলেৰে সামৰি লৈছিল, যাৰ ফলত এক ঐক্যবদ্ধ সংৰক্ষণ প্ৰচেষ্টাৰ সূচনা হৈছিল। সংবাদ মাধ্যমৰ প্ৰশংসা, বঁটা আৰু পৰ্যটনৰ বৃদ্ধিয়ে সমাজৰ ভিতৰত গৌৰৱৰ ভাৱ জগাই তুলিছিল, যিয়ে সংৰক্ষণৰ প্ৰতি মনোভাৱৰ বৃদ্ধিত অৰিহণা যোগাইছিল। এই প্ৰচেষ্টাসমূহৰ বহুতো ইতিবাচক প্ৰভাৱো দেখা গৈছিল, য’ত এয়াৰ গান নিষেধাজ্ঞা আৰু চিকাৰৰ বতৰ কম হোৱা আদিও আছিল। কিন্তু সংৰক্ষণ চুক্তিৰ অংশ হিচাপে গাঁওবাসীয়ে উন্নয়নৰ সুযোগ-সুবিধা লাভ কৰিব বিচাৰে। আমুৰ ফেলকনৰ দীৰ্ঘম্যাদী সংৰক্ষণ বাবে স্থানীয় প্ৰতিষ্ঠানসমূহক সন্মান জনোৱা আৰু ন্যায্য, স্বচ্ছ আলোচনাত লিপ্ত হৈ পৰস্পৰৰ মাজত বিশ্বাস গঢ়ি তোলাতো অতি প্ৰয়োজনীয়।[20]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 BirdLife International (2021). Falco amurensis. doi:10.2305/IUCN.UK.2021-3.RLTS.T22696437A205646027.en.
- ↑ 2.0 2.1 Rasmussen, PC; JC Anderton (2005). Birds of South Asia. The Ripley Guide. Volume 2. প্ৰকাশক Washington, DC & Barcelona: Smithsonian Institution & Lynx Edicions. পৃষ্ঠা. 113.
- ↑ Wink, Michael; Seibold, I.; Lotfikhah, F. & Bednarek, W. (1998): Molecular systematics of holarctic raptors (Order Falconiformes). In: Chancellor, R.D., Meyburg, B.-U. & Ferrero, J.J. (eds.): Holarctic Birds of Prey: 29–48. Adenex & WWGBP.
- ↑ Griffiths, Carole S. (1999). "Phylogeny of the Falconidae inferred from molecular and morphological data". Auk খণ্ড 116 (1): 116–130. doi:10.2307/4089459. http://sora.unm.edu/sites/default/files/journals/auk/v116n01/p0116-p0130.pdf.
- ↑ Griffiths, Carole S.; Barrowclough, George F.; Groth, Jeff G.; Mertz, Lisa (2004). "Phylogeny of the Falconidae (Aves): a comparison of the efficacy of morphological, mitochondrial, and nuclear data". Molecular Phylogenetics and Evolution খণ্ড 32 (1): 101–109. doi:10.1016/j.ympev.2003.11.019. PMID 15186800.
- ↑ Shorter Oxford English dictionary. প্ৰকাশক Oxford: Oxford University Press. 2007. পৃষ্ঠা. 3804. ISBN 978-0-19-920687-2.
- ↑ Jobling, James A (2010). The Helm Dictionary of Scientific Bird Names. প্ৰকাশক London: Christopher Helm. পৃষ্ঠা. 46, 266. ISBN 978-1-4081-2501-4. https://archive.org/details/Helm_Dictionary_of_Scientific_Bird_Names_by_James_A._Jobling.
- ↑ Clement, Peter; Holman, David (2001). "Passage records of Amur Falcon Falco amurensis from SE Asia and southern Africa including first records from Ethiopia.". Bulletin of the British Ornithologists' Club খণ্ড 121 (1): 222–230. https://archive.org/stream/bulletinofbritis12120brit#page/222/mode/2up/.
- ↑ 9.0 9.1 9.2 9.3 Orta, J. (1994). "Amur Falcon". Handbook of birds of the world. Vol. 2. New World vultures to guineafowl. প্ৰকাশক Barcelona: Lynx Edicions. পৃষ্ঠা. 265–266.
- ↑ ‘দৈনিক অসম’,Assamese daily paper|Title=আমুৰ ফেলকন-পৰিভ্ৰমী প্ৰানীজগতৰ বিস্ময়(দেওবৰীয়া চ’ৰা)|লেখক=দেবানন্দ বৰুৱা|তাৰিখ=৭-১২-২০২৫
- ↑ Kopij, Grzegorz (2009). "Seasonal variation in the diet of the Amur kestrel (Falco amurensis) in its winter quarter in Lesotho". African Journal of Ecology খণ্ড 48 (2): 559–562. doi:10.1111/j.1365-2028.2009.01130.x.
- ↑ Alexander, Jarryd; Symes, Craig T (2016). "Temporal and spatial dietary variation of Amur falcons (Falco amurensis) in their South African nonbreeding range". Journal of Raptor Research খণ্ড 50 (3): 276–288. doi:10.3356/JRR-15-16.1.
- ↑ Pietersen, Darren W; Symes, Craig T (2010). "Assessing the diet of Amur Falcon Falco amurensis and Lesser Kestrel Falco naumanni using stomach content analysis". Ostrich: Journal of African Ornithology খণ্ড 81 (1): 39–44. doi:10.2989/00306525.2010.455817.
- ↑ Anderson, R. Charles (2009). "Do dragonflies migrate across the western Indian Ocean?". Journal of Tropical Ecology খণ্ড 25 (4): 347–358. doi:10.1017/S0266467409006087. Archived from the original on 2013-12-02. https://web.archive.org/web/20131202235334/http://mrc.gov.mv/wp-content/uploads/2011/07/Anderson_20091.pdf। আহৰণ কৰা হৈছে: 2025-12-07.
- ↑ Dixon, A.; Purev-Ochir, G.; Batbayar, N. (2011). "Autumn migration of an Amur Falcon Falco amurensis from Mongolia to the Indian Ocean tracked by satellite". Forktail খণ্ড 27: 81–84.
- ↑ Piross, I. Sandor (2015). "Louse (Insecta: Phthiraptera) infestations of the Amur Falcon (Falco amurensis) and the Red-footed Falcon". Ornis Hungarica খণ্ড 23 (1): 58–65. doi:10.1515/orhu-2015-0005. http://www.degruyter.com/dg/viewarticle.fullcontentlink:pdfeventlink/$002fj$002forhu.2015.23.issue-1$002forhu-2015-0005$002forhu-2015-0005.pdf?t:ac=j$002forhu.2015.23.issue-1$002forhu-2015-0005$002forhu-2015-0005.xml.
- ↑ Ali, S; S. Dillon Ripley. Handbook of the Birds of India and Pakistan.. 1 (2nd সম্পাদনা). প্ৰকাশক New Delhi: Oxford University Press. পৃষ্ঠা. 361–363.
- ↑ Harris, Gardiner (5 January 2015). "Falcon Hunters Become Fervent Preservationists (Published 2015)". The New York Times. https://www.nytimes.com/2015/01/05/world/asia/falcon-hunters-become-fervent-preservationists-.html?hp&action=click&pgtype=Homepage&module=mini-moth®ion=top-stories-below&WT.nav=top-stories-below.
- ↑ Boyes, Steve. "Safe Passage For Amur Falcons Through India". National Geographic. Archived from the original on 23 November 2013. https://web.archive.org/web/20131123135607/http://newswatch.nationalgeographic.com/2013/11/20/safe-passage-for-amur-falcons-via-nagaland/। আহৰণ কৰা হৈছে: 11 December 2013.
- ↑ Kudalkar, Sahila; Veríssimo, Diogo (2024-07-25). "From media campaign to local governance transition: Lessons for community-based conservation from an Amur falcon hunting ban in Nagaland, India". Conservation Science and Practice খণ্ড 6 (8). doi:10.1111/csp2.13191. ISSN 2578-4854.