আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংস্কৃতি
আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংস্কৃতি (ইংৰাজী: Culture of the United States)য়ে ইয়াৰ লোকসকলৰ বাক বা কথনশৈলী, সাহিত্য, সংগীত, দৃশ্য কলা, পৰিবেশন কলা, খাদ্য, ক্ৰীড়া, ধৰ্ম, আইন, প্ৰযুক্তিৰ লগতে অন্যান্য ৰীতি-নীতি, বিশ্বাস আৰু জ্ঞানৰ ৰূপকে ধৰি বিভিন্ন সামাজিক আচৰণ, প্ৰতিষ্ঠান আৰু নীতি-নিয়ম আদিক সামৰি লয়। আমেৰিকাৰ সংস্কৃতি আমেৰিকাৰ, ইয়াৰ ভৌগোলিক পৰিবেশ, বিভিন্ন অভ্যন্তৰীণ আৰু বাহ্যিক শক্তি আৰু প্ৰব্ৰজনৰ দ্বাৰা গঢ় লৈ উঠিছে।[1]
আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংস্কৃতিৰ ভেটিসমূহ প্ৰথম অৱস্থাত পশ্চিমীয়া ভিত্তিক আছিল আৰু মূলতঃ ইংৰাজসকলৰ প্ৰভাৱত পৰিছিল। কিন্তু ফৰাচী, জাৰ্মান, গ্ৰীক, আইৰিছ, ইটালীয়, স্কটিছ, ৱেলছ, ইহুদী, পোলেণ্ড, স্ক্যাণ্ডিনেভিয়ান আৰু স্পেনিছ আঞ্চলিক প্ৰভাৱো আছিল। কিন্তু আফ্ৰিকাৰ আৰু খিলঞ্জীয়া সংস্কৃতিকে ধৰি অ-পশ্চিমীয়া প্ৰভাৱে আৰু শেহতীয়াকৈ এছিয়াৰ সংস্কৃতিয়েও আমেৰিকাৰ সংস্কৃতিতন্ত্ৰত বিশেষভাৱে প্ৰভাৱ পেলাইছে।
ইতিহাস
[সম্পাদনা কৰক]
আমেৰিকাৰ ইউৰোপীয় শিপাৰ উৎপত্তি হৈছে ব্ৰিটিছ আৰু স্পেনিছ শাসনৰ সময়ত ঔপনিৱেশিক উত্তৰ আমেৰিকাৰ ইংৰাজ আৰু স্পেনিছ বসতিপ্ৰধান লোকসকলৰ পৰা।
ৰীতিনীতি আৰু পৰম্পৰা
[সম্পাদনা কৰক]পৰম্পৰাগত আমেৰিকাৰ খাদ্যতালিকাৰ ভিতৰত যেনে আপেল পাই, ডোনাট, ফ্ৰাইড চিকেন, আমেৰিকান পিজ্জা, হেমবাৰ্গাৰ, আৰু হট ডগ আদি বিভিন্ন অনুপ্ৰৱেশকাৰী আৰু নিজা ঘৰুৱা উদ্ভাৱনৰ ৰেচিপিৰ পৰা আহৰণ কৰা হয়। ফ্ৰেঞ্চ ফ্ৰাই, মেক্সিকান খাদ্য যেনে বুৰিটো আৰু টেকো, আৰু পাস্তা আদি খাদ্য খোৱাৰ ধৰণ ইটালীয় লোকসকলৰ পৰা আহৰন কৰা। [2]
কলা
[সম্পাদনা কৰক]স্থাপত্যশিল্পৰ ক্ষেত্ৰত আমেৰিকাৰ স্থাপত্য আঞ্চলিকভাৱে বৈচিত্ৰ্যময় আৰু বহুতো বাহ্যিক শক্তিৰ দ্বাৰা স্থাপত্যশিল্প গঢ় দিয়া হৈছে। সেয়েহে আমেৰিকাৰ স্থাপত্যক বৰ্ণিল বুলি ক’ব পাৰি। পৰম্পৰাগতভাৱে আমেৰিকাৰ স্থাপত্যৰ প্ৰভাৱ ইংৰাজসকলৰ স্থাপত্যৰ পৰা গ্ৰীক ৰোমান স্থাপত্যলৈকে প্ৰভাৱ পৰিছে।
সমাজ
[সম্পাদনা কৰক]যদিও একবিংশ শতিকাৰ গৰিষ্ঠসংখ্যক আমেৰিকান লোকে নিজকে মধ্যবিত্ত শ্ৰেণী বুলি পৰিচয় দিয়ে, তথাপিও আমেৰিকাৰ সমাজত আয়ৰ বৈষম্য বৃদ্ধি পাইছে।[3]
আন বেছিভাগ দেশৰ তুলনাৰ বিপৰীতে আমেৰিকাত আগ্নেয়াস্ত্ৰ আইন অনুমোদিত আৰু ব্যক্তিগত বন্দুকৰ মালিকীস্বত্ব সাধাৰণতে আমেৰিকাৰ প্ৰায় আধাসংখ্যক পৰিয়ালত অন্ততঃ এটা হলেও আগ্নেয়াস্ত্ৰ থকা দেখা যায়।[4] অঞ্চল আৰু ৰাজ্য অনুসৰি বন্দুকৰ মালিকীস্বত্বৰ হাৰ যথেষ্ট বিভিন্নতা দেখা যায়। বন্দুকৰ মালিকীস্বত্ব আলাস্কা, মাউণ্টেন ষ্টেট আৰু দক্ষিণত বেছিকৈ দেখা যায় আৰু হাৱাই, দ্বীপ টেৰিটৰী, কেলিফৰ্ণিয়া আৰু নিউ ইংলেণ্ডত কম। সমগ্ৰ দেশতে বন্দুকৰ মালিকীস্বত্ব চহৰ অঞ্চলতকৈ গ্ৰাম্য অঞ্চলত অধিক লোৱাৰ প্ৰৱণতা আছে।[5]
জাতি, বংশ, আৰু প্ৰব্ৰজনৰ ক্ষেত্ৰৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ জনগাঁঠনি ধাৰণা কৰিব পাৰি। ৰাষ্ট্ৰসংঘৰ মতে আমেৰিকাত বিশ্বৰ ভিতৰতে সৰ্বাধিক অনুপ্ৰৱেশকাৰীৰ জনসংখ্যা আছে। ইয়াৰ ভিতৰত ৫০,৬৬১,১৪৯জন লোকেই অনুপ্ৰবেশকাৰী। ২০১৮ চনত আমেৰিকাত প্ৰায় ৯ কোটি অনুপ্ৰৱেশকাৰী আৰু আমেৰিকাত জন্মগ্ৰহণ কৰা অনুপ্ৰৱেশকাৰীৰ সন্তান আছিল, যি আমেৰিকাৰ সামগ্ৰিক জনসংখ্যাৰ ২৮%।[6]
সাংস্কৃতিক অনুষ্ঠান
[সম্পাদনা কৰক]আমেৰিকা চৰকাৰৰ সংস্কৃতি মন্ত্ৰালয় নাই যদিও সাংস্কৃতিক দায়িত্ব থকা কেইবাটাও চৰকাৰী প্ৰতিষ্ঠান আছে। সেইবিলাক হ'ল ৰাষ্ট্ৰপতিৰ কলা আৰু মানৱীয় সমিতি, ফেডাৰেল কমিউনিকেচন কমিছন, কৰ্প’ৰেশ্যন ফৰ পাব্লিক ব্ৰডকাষ্টিং, নেশ্যনেল এনডাউমেণ্ট ফৰ দ্য হিউমেনিটিজ, নেশ্যনেল এনডাউমেণ্ট ফৰ দ্য আৰ্টছ, ইনষ্টিটিউট অৱ মিউজিয়াম এণ্ড লাইব্ৰেৰী চাৰ্ভিচেছ, ইউ.এছ নেচনেল গেলেৰী অৱ আৰ্ট উল্লেখযোগ্য।
নেচনেল ৰেজিষ্টাৰ অৱ হিষ্ট'ৰিক প্লেচ (NRHP) হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ চৰকাৰৰ ঐতিহাসিক তাৎপৰ্য্য তথা "বৃহৎ কলাত্মক মূল্য"ৰ বাবে সংৰক্ষণৰ যোগ্য বুলি গণ্য কৰা জিলা, স্থান, অট্টালিকা আদিৰ চৰকাৰী তালিকা। ইতিহাসৰ বেছিভাগ সময়ৰ বাবে ৰাষ্ট্ৰীয় পঞ্জীটো আমেৰিকাৰ স্বৰাজ বিভাগৰ ভিতৰৰ এটা সংস্থা নেচনেল পাৰ্ক চাৰ্ভিচে (এনপিএছ)ৰ দ্বাৰা পৰিচালিত কৰি আহিছে।
আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰধান ব্যক্তিগত সংস্কৃতি প্ৰতিষ্ঠানসমূহৰ ভিতৰত আছে পয়েট্ৰি ফাউণ্ডেশ্যন, ছলমন আৰ গুগেনহাইম ফাউণ্ডেশ্যন, জে পল গেট্টি ট্ৰাষ্ট, এণ্ড্ৰু ডব্লিউ মেলন ফাউণ্ডেশ্যন।
আঞ্চলিক বিভিন্নতা
[সম্পাদনা কৰক]সাংস্কৃতিক ভূগোলবিদ কলিন উডৱাৰ্ডৰ মতে আমেৰিকাৰ এঘাৰটামান সাংস্কৃতিক অঞ্চল আছে, যিবোৰ তেওঁলোকৰ বসতিৰ ইতিহাসৰ পৰাই উদ্ভৱ হৈছে। পূব দিশত উত্তৰৰ পৰা দক্ষিণলৈ: নিউ ইংলেণ্ডৰ পিউৰিটান অঞ্চল ("য়েংকিডম") আছে যিবোৰ উত্তৰ গ্ৰেট হ্ৰদৰ মাজেৰে মিচিচিপি আৰু মিছৌৰী নদীৰ উত্তৰ অংশলৈকে বিয়পি পৰিছে; ঘন জনবসতিপূৰ্ণ নিউয়ৰ্ক মহানগৰ অঞ্চলৰ নিউ নেদাৰলেণ্ড অঞ্চল; পেনচিলভেনিয়াৰ পৰা তলৰ গ্ৰেট লেক আৰু ট্ৰেন্স-মিচিচিপি ওপৰৰ মধ্য পশ্চিমলৈকে বিস্তৃত হোৱা মিডলেণ্ড অঞ্চল; গ্ৰেটাৰ এপ্লাচিয়া যি পশ্চিম ভাৰ্জিনিয়াৰ পৰা নিম্ন মধ্য পশ্চিম আৰু ওপৰৰ দক্ষিণৰ মাজেৰে ট্ৰেন্স-মিচিচিপি আৰ্কান্ সাছ, আৰু দক্ষিণ ওকলাহোমালৈ কোণ কৰে; ডিপ চাউথ কেৰ'লিনাছৰ পৰা ফ্ল'ৰিডা আৰু পশ্চিমে টেক্সাছলৈকে।
ভাষা
[সম্পাদনা কৰক]২০২৫ চনৰ ১ মাৰ্চত ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে ১৪২২৪ নং কাৰ্যবাহী আদেশ জাৰি কৰি ইংৰাজীক আমেৰিকাৰ চৰকাৰী ভাষা হিচাপে ঘোষণা কৰে।[7]
ভাষা | মুঠ জনসংখ্যাৰ শতাংশ |
---|---|
ইংৰাজী | ৭৮.২% |
স্পেনিছ | ১৩.৪% |
চীনা | ১.১% |
অন্যান্য | ৭.৩% |
তথ্যৰ উৎস
[সম্পাদনা কৰক]- ↑ https://isso.ucsf.edu/us-culture
- ↑ https://archive.today/20080418181548/http://www.ift.org/cms/?pid=1000496
- ↑ https://en.wikipedia.org/wiki/Special:BookSources/978-0-205-41365-2
- ↑ https://www.gallup.com/poll/150353/self-reported-gun-ownership-highest-1993.aspx
- ↑ https://www.washingtonpost.com/wp-srv/health/interactives/guns/ownership.html
- ↑ https://en.wikipedia.org/wiki/Migration_Policy_Institute
- ↑ Press, Associated (2025-03-02). "Trump signs executive order designating English as official language of US" (en-GB ভাষাত). The Guardian. ISSN 0261-3077. https://www.theguardian.com/us-news/2025/mar/02/trump-signs-executive-order-designating-english-as-official-language-of-us.
- ↑ "United States Archived March 21, 2021, at the Wayback Machine." CIA World Factbook. 2020 December 17.