আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংস্কৃতি
আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংস্কৃতি ইংৰাজী: Culture of the United States য়ে ইয়াৰ লোকসকলৰ বাক বা কথনশৈলী, সাহিত্য, সংগীত, দৃশ্য কলা, পৰিবেশন কলা, খাদ্য, ক্ৰীড়া, ধৰ্ম, আইন, প্ৰযুক্তিৰ লগতে অন্যান্য ৰীতি-নীতি, বিশ্বাস আৰু জ্ঞানৰ ৰূপকে ধৰি বিভিন্ন সামাজিক আচৰণ, প্ৰতিষ্ঠান আৰু নীতি-নিয়ম আদিক সামৰি লয়। আমেৰিকাৰ সংস্কৃতি আমেৰিকাৰ, ইয়াৰ ভৌগোলিক পৰিবেশ, বিভিন্ন অভ্যন্তৰীণ আৰু বাহ্যিক শক্তি আৰু প্ৰব্ৰজনৰ দ্বাৰা গঢ় লৈ উঠিছে।[1]
আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংস্কৃতিৰ ভেটিসমূহ প্ৰথম অৱস্থাত পশ্চিমীয়া ভিত্তিক আছিল আৰু মূলতঃ ইংৰাজসকলৰ প্ৰভাৱত পৰিছিল। কিন্তু ফৰাচী, জাৰ্মান, গ্ৰীক, আইৰিছ, ইটালীয়, স্কটিছ, ৱেলছ, ইহুদী, পোলেণ্ড, স্ক্যাণ্ডিনেভিয়ান আৰু স্পেনিছ আঞ্চলিক প্ৰভাৱো আছিল। কিন্তু আফ্ৰিকাৰ আৰু খিলঞ্জীয়া সংস্কৃতিকে ধৰি অ-পশ্চিমীয়া প্ৰভাৱে আৰু শেহতীয়াকৈ এছিয়াৰ সংস্কৃতিয়েও আমেৰিকাৰ সংস্কৃতিতন্ত্ৰত বিশেষভাৱে প্ৰভাৱ পেলাইছে।
ইতিহাস
[সম্পাদনা কৰক]ৰীতিনীতি আৰু পৰম্পৰা
[সম্পাদনা কৰক]কলা
[সম্পাদনা কৰক]স্থাপত্যশিল্পৰ ক্ষেত্ৰত আমেৰিকাৰ স্থাপত্য আঞ্চলিকভাৱে বৈচিত্ৰময় আৰু বহুতো বাহ্যিক শক্তিৰ দ্বাৰা স্থাপত্যশিল্প গঢ় দিয়া হৈছে। সেয়েহে আমেৰিকাৰ স্থাপত্যক বৰ্ণিল বুলি ক’ব পাৰি। পৰম্পৰাগতভাৱে আমেৰিকাৰ স্থাপত্যৰ প্ৰভাৱ ইংৰাজসকলৰ স্থাপত্যৰ পৰা গ্ৰীক ৰোমান স্থাপত্যলৈকে প্ৰভাৱ পৰিছে।
সমাজ
[সম্পাদনা কৰক]যদিও একবিংশ শতিকাৰ গৰিষ্ঠসংখ্যক আমেৰিকান লোকে নিজকে মধ্যবিত্ত শ্ৰেণী বুলি পৰিচয় দিয়ে, তথাপিও আমেৰিকাৰ সমাজত আয়ৰ বৈষম্য বৃদ্ধি পাইছে।[2]
আন বেছিভাগ দেশৰ তুলনাৰ বিপৰীতে আমেৰিকাত আগ্নেয়াস্ত্ৰ আইন অনুমোদিত আৰু ব্যক্তিগত বন্দুকৰ মালিকীস্বত্ব সাধাৰণতে আমেৰিকাৰ প্ৰায় আধাসংখ্যক পৰিয়ালত অন্ততঃ এটা হলেও আগ্নেয়াস্ত্ৰ থকা দেখা যায়।
সাংস্কৃতিক অনুষ্ঠান
[সম্পাদনা কৰক]আঞ্চলিক বিভিন্নতা
[সম্পাদনা কৰক]সাংস্কৃতিক ভূগোলবিদ কলিন উডৱাৰ্ডৰ মতে আমেৰিকাৰ এঘাৰটামান সাংস্কৃতিক অঞ্চল আছে, যিবোৰ তেওঁলোকৰ বসতিৰ ইতিহাসৰ পৰাই উদ্ভৱ হৈছে।
খেল-ধেমালি
[সম্পাদনা কৰক]১৮০০ চনৰ শেষৰ ফালে আমেৰিকাত ফুটবলৰ ওপৰত গুৰুত্ব দিবলৈ উৎসাহিত কৰা হয়। বিংশ শতিকাত প্ৰাথমিক বিদ্যালয়ৰ পাঠ্যক্ৰমত শাৰীৰিক শিক্ষা অন্তৰ্ভুক্ত কৰা হৈছিল। আমেৰিকাৰ প্ৰধান দলীয় ক্ৰীড়াৰ ভিতৰত বেছবল হৈছে আটাইতকৈ পুৰণি। পেছাদাৰী বেছবল ১৮৬৯ চনৰ পৰা আৰম্ভ হৈছিল আৰু ১৯৬০ চনলৈকে জনপ্ৰিয়তাৰ কোনো ঘনিষ্ঠ প্ৰতিদ্বন্দ্বী নাছিল। যদিও বেছবল এতিয়া আটাইতকৈ জনপ্ৰিয় খেল নহয়। তথাপি এতিয়াও "ৰাষ্ট্ৰীয় খেল" হিচাপে ধৰা হয়।
আইচ হকী হৈছে চতুৰ্থ অগ্ৰণী পেছাদাৰী দলীয় ক্ৰীড়া। গ্ৰেট লেক আৰু নিউ ইংলেণ্ড-এলেকাৰ সংস্কৃতিৰ সদায় মূল ভেটি হিচাপে পৰিগণিত হোৱা এই খেলবিধে ১৯৯০ চনৰ আৰম্ভণিৰ পৰাই আমেৰিকাৰ দক্ষিণৰ দৰে অঞ্চলত কম গুৰুত্ব লাভ কৰিছিল।
বিশেষকৈ যুৱক-যুৱতীসকলৰ মাজত অংশগ্ৰহণৰ খেল হিচাপে ফুটবল অতি জনপ্ৰিয় আৰু আন্তৰাষ্ট্ৰীয় ক্ষেত্ৰত আমেৰিকাৰ জাতীয় দলসমূহ প্ৰতিযোগিতামূলক। ছয়কুৰিটা দলৰ (অহা কেইবছৰমানৰ ভিতৰত আৰু চাৰিটা দল যোগ হোৱাটো নিশ্চিত কৰা হৈছে) পেছাদাৰী লীগ মেজৰ লীগ ছকাৰে মাৰ্চৰ পৰা অক্টোবৰলৈকে খেলে, কিন্তু ইয়াৰ টেলিভিছন দৰ্শক আৰু সামগ্ৰিক জনপ্ৰিয়তা আমেৰিকাৰ অন্যান্য পেছাদাৰী ক্ৰীড়াতকৈ পিছ পৰি আছে।