আম্বুয়াত
ব্ৰুণেইৰ বান্দৰ চেৰী বেগৱানত পৰিবেশন কৰা আম্বুয়াত | |
| প্ৰকাৰ |
|
|---|---|
| উৎপত্তিৰ স্থান | ব্ৰুণেই[1] |
| অঞ্চল | ব্ৰুণেই আৰু পূব মালয়েছিয়া (চাৰাৱাক, লাবুয়ান, চাবাহ) |
| উদ্ভাৱক |
|
| মুখ্য উপাদান | চাগু |
| ৮৪২ কিলোকেলৰি | |
আম্বুয়াত (Ambuyat) হৈছে চাগু গছৰ কাণ্ডৰ ভিতৰৰ অংশৰ পৰা প্ৰস্তুত কৰা এবিধ খাদ্য। ই শ্বেতসাৰযুক্ত আৰু সোৱাদহীন এক পদাৰ্থ, যিটো দেখিবলৈ 'টেপিঅ’কা'ৰ দৰে। আম্বুয়াত হৈছে ব্ৰুণেইৰ ৰাষ্ট্ৰীয় খাদ্য,[2][3] আৰু ই মালয়েছিয়াৰ চাৰাৱাক, চাবাহ আৰু কেন্দ্ৰীয় শাসিত অঞ্চল লাবুয়ানতো যথেষ্ট জনপ্ৰিয়, য’ত ইয়াক কেতিয়াবা লিনুত বুলিও জনা যায়।[4]
পাৰ্শ্বপটভূমি
[সম্পাদনা কৰক]আম্বুয়াত হৈছে ব্ৰুণেইৰ মালয়, বিচায়া, বাজাউ, কাদাজান-দুচুন আৰু লুণ্ডায়েহ/লুন বাৱাং জনগোষ্ঠীৰ পৰম্পৰাগত খাদ্য। এই লোকসকল চাবাহৰ ইণ্টেৰিয়ৰ ডিভিজন আৰু ৱেষ্ট ক'ষ্ট ডিভিজন, চাৰাৱাকৰ লিম্বাং ডিভিজনৰ লগতে মালয়েছিয়াৰ কেন্দ্ৰীয় শাসিত অঞ্চল লাবুয়ান আৰু ব্ৰুণেইত বিস্তৃত হৈ আছে,[5][6][7] য’ত ইয়াক ৰাষ্ট্ৰীয় খাদ্য হিচাপে গণ্য কৰা হয়।[2][8]
আম্বুয়াত খাবলৈ চান্দা নামৰ এযোৰ বাঁহৰ চপষ্টিক ব্যৱহাৰ কৰা হয়। চপষ্টিকেৰে শ্বেতসাৰখিনি পকাই লৈ চচৰ সৈতে ডুবাই খোৱা হয়।[6] ইয়াৰ বাবে ব্যৱহাৰ হোৱা চচবোৰ বিভিন্ন ধৰণৰ হ’ব পাৰে, যেনে মিছা মাছৰ পেষ্ট (সাম্বল বেলাকান), সাম্বল টেম্পোইয়াক (জলকীয়া আৰু কিম্বন কৰা দুৰিয়ানৰ পেষ্ট), সাম্বল চিনকালক (জলকীয়া আৰু কিম্বন কৰা মিছা মাছৰ পেষ্ট), আৰু সাম্বল বিনজাই (এবিধ বনৰীয়া আম)।[9] অতীতত ই এই অঞ্চলৰ আদিবাসীসকলৰ অন্যতম প্ৰধান খাদ্য আছিল।[7]
পূব ইণ্ডোনেছিয়াৰ কিছুমান অংশত ইয়াৰ দৰেই এবিধ খাদ্য পোৱা যায় যাক 'পাপেদা' বুলি কোৱা হয়। পাপেদা সাধাৰণতে ভজা কলমৌ শাক (কাংকুন), অমিতাৰ কলি আৰু হালধিৰে ৰন্ধা মাছৰ তৰকাৰী 'কুয়াহ ইকান কুনিং'ৰ সৈতে পৰিবেশন কৰা হয়।[9]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Abdul Rahman, Nurfarain; Sohaimi Esa, Mohd; Awang Jambol, Dayang Junaidah (2024). "Makanan tradisional Melayu Brunei: suatu penelitian konsep dan tafsiran" (ms ভাষাত). Jurnal Kinabalu খণ্ড 3: 160–176. Archived from the original on 2026-07-21. https://web.archive.org/web/20260721143325/https://jurcon.ums.edu.my/ojums/index.php/ejk/article/download/5848/3865/20347। আহৰণ কৰা হৈছে: 2026-03-13.
- 1 2 Tiah, Jessica (8 January 2011). "Ambuyat – Our iconic heritage". The Brunei Times. http://www.bt.com.bn/art-culture/2011/01/08/ambuyat-our-iconic-heritage.
- ↑ Zainuddin, Afiq (5 December 2023). "Ambuyat sajian pilihan orang kitani" (ms ভাষাত). Media Permata. https://mediapermata.com.bn/ambuyat-sajian-pilihan-orang-kitani/.
- ↑ Jayaweera, Himavee (16 October 2023). "Ambuyat: The Traditional and Exotic Food Gem". Munch Malaysia. https://munchmalaysia.com/traditional-food/ambuyat-the-traditional-and-exotic-food-gem/। আহৰণ কৰা হৈছে: 10 April 2025.
- ↑ Lisut, Osman (2 October 2016). "Ambuyat sajian tradisional masyarakat Borneo" (ms ভাষাত). Berita Harian. https://www.bharian.com.my/bhplus-old/2016/10/198020/ambuyat-sajian-tradisional-masyarakat-borneo.
- 1 2 Mel (19 March 2024). "10 Makanan Sabah Yang Unik dan Popular di Malaysia [10 Unique and Popular Sabah Foods in Malaysia]" (ms ভাষাত). eCentral. https://ecentral.my/makanan-sabah/। আহৰণ কৰা হৈছে: 10 April 2025.
- 1 2 "Masakan tradisional 'ambuyat' [Pengenalan dan sejarah [Traditional cusine 'ambuyat' [Introduction and history]]"] (ms ভাষাত). National Department for Culture and Arts, Malaysia. Archived from the original on 10 April 2025. https://web.archive.org/web/20250410025001/https://pemetaanbudaya.jkkn.gov.my/senibudaya/detail/713/pengenalan। আহৰণ কৰা হৈছে: 10 April 2025.
- ↑ Ali, Bahrum (21 February 2009). "Fostering family ties with ambuyat feasts". The Brunei Times. http://bt.com.bn/life/2009/02/21/fostering_family_ties_with_ambuyat_feasts.
- 1 2 Rodrigues, Beverly (21 November 2022). "In Southeast Asia, an Exotic Sago Dish Awaits Adventurous Foodies". Explore AirAsia. Archived from the original on 10 April 2025. https://web.archive.org/web/20250410034640/https://explore.airasia.com/assets/bltb477c7bb4eb6be0b/in-southeast-asia-an-exotic-sago-dish-awaits-adventurous-foodies.