সমললৈ যাওক

আম্ৰপালি (চলচ্চিত্ৰ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আম্ৰপালি
পৰিচালক লেখ টেণ্ডন
ৰচনা কাহিনী আৰু চিত্ৰনাট্য : ওমকাৰ চাহিব
সংলাপ:অৰ্জুন দেৱ ৰস্ক
বলবীৰ সিং (অতিৰিক্ত সংলাপ)
প্ৰযোজক এফ চি মেহৰা
অভিনয়ত সুনীল দত্ত
বৈজয়ন্তীমালা
প্ৰেম নাথ
চিত্ৰগ্ৰহণকাৰী দ্বাৰকা দিৱেছা
সম্পাদনা প্ৰাণ মেহৰা
সংগীত পৰিচালক শংকৰ-জয়শংকৰ
প্ৰযোজনা
কোম্পানী
ঈগল ফিল্মছ [1]
মুক্তি
১১ ছেপ্টেম্বৰ ১৯৬৬ (1966-09-11)
দেশ ভাৰত
ভাষা হিন্দী

আম্ৰপালি (ইংৰাজী: Amrapali) ১৯৬৬ চনত নিৰ্মিত এখন ঐতিহাসিক হিন্দী ভাষাৰ চলচ্চিত্ৰ। লেখ টেণ্ডনে পৰিচালনা কৰা চলচ্চিত্ৰখনত সুনীল দত্ত আৰু বৈজয়ন্তীমালাই মুখ্য চৰিত্ৰত অভিনয় কৰিছে। ছবিখনৰ সংগীত আছিল শংকৰ–জয়কিষাণৰ।

এই ছবি বৰ্তমান বিহাৰৰ অন্তৰ্গত বৈশালীৰ নগৰবধু (বেশ্যা) আম্ৰপালিৰ জীৱনৰ ওপৰত আধাৰিত। বৈশালী খ্ৰীষ্টপূৰ্ব ৫০০ৰ আশেপাশে প্ৰাচীন ভাৰতৰ লিচ্ছবী গণৰাজ্যৰ ৰাজধানী আছিল। তেওঁ মগধ সাম্ৰাজ্যৰ সম্ৰাট অজাতশত্ৰুৰ সৈতে অজানিতে প্ৰেম কৰিছিল। তেওঁক লাভ কৰিবলৈ অজাতশত্ৰুৱে বৈশালী চাৰখাৰ কৰি দিয়ে। পিছত তেওঁ গৌতম বুদ্ধৰ শিষ্যত্য গ্ৰহণ কৰে আৰু এগৰাকী অৰহন্ত হয়। আম্ৰপালিৰ উল্লেখ পুৰণি পালি গ্ৰন্থ আৰু বৌদ্ধ পৰম্পৰাত পোৱা যায়।[2][3]

৩৯তম একাডেমী বঁটাত এই ছবিখনক শ্ৰেষ্ঠ বিদেশী ভাষাৰ ছবিৰ বাবে ভাৰতীয় প্ৰৱেশ হিচাপে নিৰ্বাচিত কৰা হৈছিল যদিও মনোনয়ন পোৱা নাছিল।[4] যদিও ছবিখন ব্যৱসায়িকভাবে সফল হোৱা নাছিল, এতিয়া ইয়াক ধ্ৰুপদী হিন্দী ছবি বুলি গণ্য কৰা হয়। আম্ৰপালিক নাটকীয় যুদ্ধৰ দৃশ্য,[5] ভানু আথায়াৰ বিশিষ্ট বেশভূষা ডিজাইন আৰু যুদ্ধবিৰোধী আৱেগৰ বাবে ইয়াক স্মৰণ কৰা হয়।[6][7][8]

বিজয়ৰ ক্ষুধা তৃপ্ত নোহোৱা, বাৰে বাৰে বিজয়ী হৈ থকাৰ পিছতো মগধৰ ৰজা অজাতশত্ৰুৱে বৈশালী আক্ৰমণ কৰিব বিচাৰে; কিয়নো একমাত্ৰ অজেয় নগৰখনেই হৈছে বৈশালী। সকলোৱে তেওঁক কোনো যুদ্ধত অংশগ্ৰহণ কৰিবলৈ নিদিয়ে, কিন্তু তেওঁ কাৰো কথা শুনিবলৈ অস্বীকাৰ কৰে আৰু লৰালৰিকৈ যুদ্ধ ঘোষনা কৰে। যাৰ ফলত বৈশালী সেনাৰ হাতত মগধ পৰাজয় হয়। আহত অজাতশত্ৰুৱে শত্ৰু সৈন্যৰ পৰা পলায়ন কৰি বৈশালৰ এজন সৈনিকৰ বেশ ধাৰণ কৰি আম্ৰপালি নামৰ এগৰাকী গণিতাৰ ওচৰত আশ্ৰয় লয়। আম্ৰপলিয়ে তেওঁক সুস্থ কৰি তোলে আৰু অজাতশত্ৰুৰ প্ৰকৃত পৰিচয় নজনাকৈয়ে দুয়োৰ মাজত প্ৰেম হয়।

অজাতশত্ৰুয়ে বৈশালীক পৰাজয় কৰিবলৈ নতুন পৰিকল্পনা কৰে। আনফালে নৃত্য প্ৰতিযোগিতাত জয়ী হোৱা আম্ৰপালিক বৈশালীৰ ৰাজনৰ্তকীৰ খিতাপ দিয়া হয়। এদিন তেওঁ গম পায় যে তেওঁ ভালপোৱা সৈনিকজন আন কোনো নহয়, অজাতশত্ৰুহে। বৈশালীক মনেপ্ৰাণে ভালপোৱা এগৰাকী নাৰী হিচাপে তেওঁ অজাতশত্ৰুৰ সৈতে থকা সকলো সম্পৰ্ক বিচ্ছিন্ন কৰি দিয়ে। হৃদয় বিদিৰ্ণ হোৱা আম্ৰপালিয়ে ৰাজনৰ্তকীৰ পদ এৰি দিব বিচাৰে। ৰাজ দৰবাৰৰ সদস্যসকলে গম পায় যে তেওঁ অজাতশত্ৰুৰ প্ৰেমত পৰিছিল আৰু সেয়েহে তেওঁক বিশ্বাসঘাতক বুলি ঘোষণা কৰা হয়।

বৈশালীৰ শাসকে পূৰ্ণিমাৰ নিশা তেওঁক ফাঁচী দিয়াৰ নিৰ্দেশ দি কাৰাগাৰত আবদ্ধ কৰি ৰাখে। এই কথা শুনি ক্ষুব্ধ হৈ পৰা অজাতশত্ৰুৱে নিজৰ সৈন্যবাহিনী গোটাই ধুমুহাৰ গতিৰে বৈশালী আক্ৰমণ কৰি হত্যা যজ্ঞ চলায় আৰু নগৰখনত জুই লগাই দিয়ে। ৰজাই আম্ৰপালিক কাৰাগাৰৰ পৰা মুক্ত কৰি আনে যদিও এই গৰাকী আম্ৰপালি সম্পূৰ্ণ পৃথক এগৰাকী নাৰী। আত্মদ্বন্দ্বত ভূগি আম্ৰ্পালিয়ে তথাগত বুদ্ধৰ ওচৰত নিজকে সমৰ্পন কৰি এগৰাকী ভিক্ষুণীলৈ পৰিণত হয়। শেষত অজাতশত্ৰুৱেও তেওঁক অনুসৰণ কৰে।

ছবিখনৰ আন এটা মুখ্য আকৰ্ষণ ইয়াৰ সংগীত আছিল। তেতিয়া নিজৰ কেৰিয়াৰৰ শিখৰত থকা সংগীত পৰিচালক যুটি শংকৰ-জয়কিষাণ ছবিখনৰ সংগীত দিছিল, যিয়ে চাৰিটা গীতত অতি সংযত অথচ সম্পূৰ্ণ ভাৰতীয় শাস্ত্ৰীয় সংগীত ভিত্তিক সংগীত ৰচনা কৰিছিল। সেই যুগৰ পিৰিয়ড ছবিখনৰ আন এক বৈশিষ্ট ইয়াত যথেষ্ট কম গীত আছে, যিটো সেই সময়ৰ এক দুৰ্লভ বিষয়।[9]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]