সমললৈ যাওক

আম পান্না

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আম পান্না

আম পান্না/আম ঝোৰা পানীয় ভাৰত
প্ৰকাৰ পানীয়
উৎপত্তিৰ স্থান ভাৰত
সম্পৰ্কিত ৰাষ্ট্ৰীয় ব্যঞ্জন ভাৰত
পৰিবেশনৰ উষ্ণতা ঠাণ্ডা
মুখ্য উপাদান কেঁচা আম

আম পান্না, আম ঝোৰা(আম ঝোৰাⓘ), বা পানহা হৈছে ভাৰতীয় পানীয়, পৰম্পৰাগতভাৱে গ্ৰীষ্মকালত উপভোগ কৰা হয়। কেঁচা আমৰ পৰা তৈয়াৰী আৰু ইয়াৰ ৰং পাতল সেউজীয়া। প্ৰায়ে পানীয়ত পদিনা পাত যোগ কৰা হয়, যাৰ ফলত ইয়াৰ সেউজীয়া ৰং বৃদ্ধি পায়।

কাঁচা আম পেকটিনৰ এক সমৃদ্ধ উৎস, আমৰ গুটি সম্পূৰ্ণ ৰূপে গঠিত হোৱাৰ পাছত ইয়াৰ পৰিমাণ ক্রমান্বয়ে হ্ৰাস পায়। কেঁচা আম টেঙা স্বাদযুক্ত হয়, ইয়াৰ কাৰণ হ'ল ইয়াৰ ভিতৰত অক্সেলিক অ্যাসিড, চিট্ৰিক অ্যাসিড, আৰু মেলিক অ্যাসিডৰ উপস্থিতি।

আম পান্না বা আম ঝোৰা কেঁচা আম, জিৰা, আৰু বিভিন্ন মছলাৰে তৈয়াৰ কৰা এক সুস্বাদু পানীয়।[1] এই পানীয় গ্ৰীষ্মকালত শৰীৰৰ পৰা অতিপাত ঘাম বাহিৰ হোৱা ফলত ছ’ডিয়াম ক্ল’ৰাইড আৰু আয়ৰণৰ অতিৰিক্ত ক্ষয় ৰোধ কৰিবলৈ সহায়ক।[2]

মূলত উত্তৰ ভাৰতত খোৱা এই পানীয় পেটৰ অসুখ,জঠৰসংক্রান্তীয় যি কোনো অসুখৰ চিকিৎসাত সহায়ক বুলি গণ্য কৰা হয়। ইয়াত ভিটামিন B1, B2, নিয়াচিন, আৰু ভিটামিন C যথেষ্ট পৰিমাণে থাকে। ভাৰতীয় সংস্কৃতিত, আম পান্নাক এক প্ৰাকৃতিক টনিক হিচাপে গণ্য কৰা হয়, যি যক্ষ্মা, ৰক্তহীনতা, কলেৰা, আৰু অমাশয়ৰ পৰা ৰক্ষা কৰিবলৈ সহায়ক বুলি বিশ্বাস কৰা হয়।

ধোঁৱা দিয়া আম পান্না

উৎস:[3]

সামগ্ৰীসমূহ:

  • ২ টা ডাঙৰ কেঁচা আম
  • ১/২ কাপ চেনি
  • ১ চামুচ ৰোষ্ট কৰা জিৰাৰ গুড়ি
  • ১/২ চামুচ ক’লা নিমখ
  • ১ চামুচ ক’লা জলকীয়াৰ গুড়ি
  • ১০-১২ টা সতেজ পদিনা পাত
  • ৪ কাপ পানী
  • বৰফৰ টুকুৰা (ঐচ্ছিক)

প্ৰস্তুতি প্ৰনালীঃ-

১.আম উতলা: কেঁচা আম ২ কাপ পানীত ধুই কোমল হোৱালৈকে উতলাই লব লাগে। ঠাণ্ডা হোৱাৰ পিছত আমৰ গুটি টো উলিয়াই সজ্জা খিনি উলিয়াই লবলাগে।
২.সজ্জা বনাওক: আম খিনি মসৃণ হোৱালৈকে মিহলাই লওক।
৩.চিৰাপ প্ৰস্তুত কৰক: আমৰ গুড়ি খিনি, চেনি, জিৰাৰ গুড়ি, ক’লা নিমখ, ক’লা জলকীয়াৰ গুড়ি, আৰু পদিনা পাত মিহলাই এটা মিশ্ৰণ তৈয়াৰ কৰি লব লাগে। পুনৰ ফেটি লব লাগে যাতে ভাল দৰে
৪.সকলোখিনি বস্তু মিহলি হৈ যায়।
৫.পাতল কৰক: ২ কাপ পানী দি মিঠা আৰু নিমখ সোৱাদ অনুসৰি দি মিশ্ৰণ টো তৈয়াৰ কৰিব লাগে।
৬.পৰিবেশন কৰক: গিলাচত ঢালি ইচ্ছা কৰিলে বৰফ দিব আৰু পদিনা পাতেৰে সজাই লৈ পৰিবেশন কৰিব পাৰি।

লগতে চাওক

[সম্পাদনা কৰক]
  • ভাৰতীয় পানীয়ৰ তালিকা

তথ্য় সূত্ৰ

[সম্পাদনা কৰক]
  1. "Aam Panna/Jhora Recipe". Archived from the original on 21 December 2021. https://web.archive.org/web/20211221132216/https://trickymart.com/aam-panna-recipe-of-2022/. 
  2. Narayanan, Vidhu (2010). "Chapter 11: Circulation and Excretion in Animals". Longman Active Science. Pearson. পৃষ্ঠা. 147. ISBN 978-81-317-2841-3. 
  3. "CLASSIC AAM PANNA RECIPE". https://frombowltosoul.com/classic-aam-panna-recipe/.