সমললৈ যাওক

আয়লাৰ হাঘী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আয়লাৰ হাঘী
স্থানীয় নাম آیلار حقی
জন্ম ১৯৯৯
মালেকান,মালেকান কাউণ্টি,পূব আজাৰবাইজান প্ৰদেশ,ইৰান
মৃত্যু ১৬ নৱেম্বৰ, ২০২২ (২৩ বছৰ)
তাব্ৰিজ, ইৰান
শিক্ষানুষ্ঠান তাবৰীজ আজাদ বিশ্ববিদ্যালয়


আয়লাৰ হাঘী (ইংৰাজী: Aylar Haghi); (১৯৯৯ – ১৬ নৱেম্বৰ ২০২২) ইৰাণৰ তাব্ৰিজত মাহছা আমিনিৰ প্ৰতিবাদৰ সময়ত ইৰাণৰ নিৰাপত্তা বাহিনীৰদ্বাৰা নিহত হোৱা এগৰাকী ইৰাণী ছাত্ৰী।

চৰকাৰী বিষয়া আৰু সংবাদ মাধ্যমে তেওঁৰ হত্যাকাণ্ডক অস্বীকাৰ কৰিলে; তেওঁলোকে দাবী কৰিছিল যে তেওঁ পৰি মৃত্যুমুখত পৰিছিল। প্ৰথম অৱস্থাত তেওঁলোকে আয়লাৰৰ পৰিয়ালক হেঁচা প্ৰয়োগ কৰি কয় যে আয়লাৰে আত্মহত্যা কৰিছে। যেতিয়া পৰিয়ালে এই দাবী মানি ল’বলৈ অস্বীকাৰ কৰে তেতিয়া নিৰাপত্তা বাহিনীয়ে তেওঁৰ পিতৃক আটক কৰে। হেঁচা কৌশল হিচাপে তেওঁলোকে দুদিন ধৰি আয়লাৰৰ মৃতদেহ পৰিয়ালটোৰ হাতত তুলি নিদিলে আৰু তেওঁক তেওঁৰ গৃহ চহৰ মালেকাণ্ডত সমাধিস্থ কৰিবলৈ নিদিলে।

সাধাৰণ নাগৰিকে স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰা ‘বদ-ই-ৰহমত’ কবৰস্থানত আয়লাৰ হাগীৰ অন্ত্যেষ্টিক্ৰিয়া আৰু মৃত্যুৰ ৪০বছৰীয়া জয়ন্তী উপলক্ষ্য্যে। অংশগ্ৰহণকাৰীসকলে চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে; যেনে—"আমি সকলোৱে আয়লাৰ, সংগ্ৰাম চলি থাকিব", "স্বাধীনতা, ন্যায়, ৰাষ্ট্ৰীয় চৰকাৰ" আৰু "আজাৰবাইজান শুই থকা নাই, আয়লাৰৰ তেজ অসাৰ নহ'ব।" নিৰাপত্তাৰক্ষীৰ হস্তক্ষেপত দুয়োটা ঘটনাই বিঘিনি ঘটায়। এই অনুষ্ঠানসমূহৰ সময়ত প্ৰতিবাদকাৰীক লাঠিচাৰ্জ কৰাৰ লগতে বহুক গ্ৰেপ্তাৰ কৰা হয়।

আয়লাৰ হাগীৰ হত্যাকাণ্ডৰ পিছত পূব আজাৰবাইজান প্ৰদেশত প্ৰতিবাদৰ তীব্ৰতা বৃদ্ধি পালে। তাব্ৰিজ, বোনাব, মালেকান আৰু আৰ্দাবিল চহৰৰ লগতে তাব্ৰিজ আজাদ বিশ্ববিদ্যালয়ত (য’ত আয়লাৰে অধ্যয়ন কৰিছিল) বৃহৎ পৰিসৰৰ বিক্ষোভ আৰু প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত হৈছিল। এই প্ৰতিবাদৰ সময়ত কেইবাজনো প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰা হয়।

২০২২ চনৰ ২৮ নৱেম্বৰত আজাৰবাইজান গণৰাজ্যৰপৰা অহা এদল যুৱতীয়ে ‘ফ্লেছ মব’ (হঠাতে আয়োজন কৰা প্ৰতিবাদী সমাৱেশ) আয়োজন কৰে। এই অনুষ্ঠানৰ উদ্দেশ্য আছিল ইৰাণৰ নাৰী অধিকাৰৰ সংগ্ৰামৰ সৈতে জড়িত লোক আৰু তাত নিহত হোৱা আজাৰবাইজানৰ যুৱতীসকলক স্মৰণ আৰু শ্ৰদ্ধাঞ্জলি জনোৱা, য’ত আছিল হাদীছ নাজাফি, আছৰা পানাহি, আয়লাৰ হাগী আদি।

১৯৯৯ চনত মালেকান চহৰত [1] আজাৰবাইজানৰ এটি পৰিয়ালত আয়লাৰ হাঘিৰ জন্ম হৈছিল।[1] পিছত তাই আৰু তাইৰ পৰিয়াল টাব্ৰিজ চহৰলৈ গুচি যায়। মৃত্যুৰ সময়ত তব্ৰিজ আজাদ বিশ্ববিদ্যালয়ৰ চিকিৎসা অনুষদৰ চতুৰ্থ বৰ্ষৰ ছাত্ৰী আছিল

২০২২ চনৰ ১৬ নৱেম্বৰত তাব্ৰিজত সংঘটিত হোৱা চৰকাৰ বিৰোধী প্ৰতিবাদত হাঘীয়ে অংশগ্ৰহণ কৰিছিল, মাহছা আমিনিৰ প্ৰতিবাদৰ অংশ হিচাপে। [2] চৰকাৰী বাহিনীয়ে হিংসাৰ ব্যৱহাৰ কৰি বিক্ষোভ বিক্ষিপ্ত কৰিবলৈ ধৰিলে। আৰক্ষীৰ হস্তক্ষেপৰ পিছত হাঘীয়ে হিংসাৰপৰা হাত সাৰিবলৈ এটা অট্টালিকাত আশ্ৰয় লয়।[3] তাইক খেদি খেদি অহা কেইবাজনো বিষয়াই তাইৰ পিছে পিছে অট্টালিকাটোৰ ভিতৰলৈ সোমাই গৈ তাইৰ মূৰৰ পিছফালে গুলীয়াই হত্যা কৰে।[4][5][6][7][8]তাৰ পিছত তাইৰ মৃতদেহটো এটা ওখ অট্টালিকাৰপৰা পেলাই দিয়া হয়। [6][9][10][11] পিছত নিৰাপত্তাৰক্ষীয়ে হাঘীৰ পৰিয়ালক হেঁচা প্ৰয়োগ কৰি কয় যে তেওঁ ইচ্ছাকৃতভাৱে আত্মহত্যাৰ কৰবলৈ অট্টালিকাৰ পৰা পৰি গৈছে।[12][13]

তথ্যৰ উৎস

[সম্পাদনা কৰক]
  1. 1 2 Ciddi, Behzad; Cavanşir, Lalə; Cabbarlı, Ramin; Bozkurt, Türkan (en ভাষাত). Iran: Updates on the Human Rights Report on the Azerbaijani Turks in Iran. etekyazi.com. পৃষ্ঠা. 11. https://www.etekyazi.com/wp-content/uploads/2023/01/Human-Rights-Report-on-the-Azerbaijani-Turks-in-Iran-September-December-2022.pdf আহৰণ কৰা হৈছে: 2023-12-27.
  2. Ciddi, Behzad; Cavanşir, Lalə; Cabbarlı, Ramin; Bozkurt, Türkan (en ভাষাত). Iran: Updates on the Human Rights Report on the Azerbaijani Turks in Iran. etekyazi.com. পৃষ্ঠা. 14. https://www.etekyazi.com/wp-content/uploads/2023/01/Human-Rights-Report-on-the-Azerbaijani-Turks-in-Iran-September-December-2022.pdf আহৰণ কৰা হৈছে: 2023-12-27.
  3. "Təbrizdə öyrənci fəal Aylar Həqqi məmurlar tərəfindən öldürülüb". aznews.tv. 2022-11-17. https://www.aznews.tv/t%C9%99brizd%C9%99-oyr%C9%99nci-f%C9%99al-aylar-h%C9%99qqi-m%C9%99murlar-t%C9%99r%C9%99find%C9%99n-oldurulub/ আহৰণ কৰা হৈছে: 2023-12-28.
  4. Халип, Ирина (2022-11-25). "Волосы. Три покушения, изгнание, 10 миллионов подписчиков и "Тайная свобода" — история Масих Алинеджад, одной из лидеров иранских протестов". Новая газета Европа. https://novayagazeta.eu/articles/2022/11/25/volosy আহৰণ কৰা হৈছে: 2023-12-29.
  5. "Təbrizdə gənc Aylar Həqqi öldürüldü" (az ভাষাত). Qafqazinfo. 2022-11-19. https://qafqazinfo.az/news/detail/tebrizde-genc-aylar-heqqi-olduruldu-382635 আহৰণ কৰা হৈছে: 2023-12-27.
  6. 1 2 "ح مله نیروهای امنیتی به مراسم خاکسپاری آیلار حقی در تبریز؛ پلیس علت مرگ او را هم سقوط از بلندی اعلام کرد - BBC News فارسی". 2022-11-18. https://www.bbc.com/persian/articles/cd1gnjqw9j5o আহৰণ কৰা হৈছে: 2023-12-28.
  7. فردا, رادیو (2022-11-18). "آیلار حقی با "شلیک مستقیم به پشت سرش توسط نیروهای حکومتی" کشته شد" (fa ভাষাত). رادیو فردا. https://www.radiofarda.com/a/32136330.html.
  8. Dehkordi, Maryam (2023-02-24). ""They Shot Me, Sister:" The Women Victims Of Iran Protest Crackdown". iranwire.com. https://iranwire.com/en/women/114163-they-shot-me-sister-the-women-victims-of-iran-protest-crackdown/ আহৰণ কৰা হৈছে: 2023-12-29.
  9. "Qatilə çevrilən Tehran hakimiyyəti: Arzuları gözündə qalan gənc Ayların ölümü - ŞƏRH + FOTO" (az ভাষাত). Oxu.Az. 2022-11-19. https://oxu.az/politics/665572 আহৰণ কৰা হৈছে: 2023-12-28.
  10. "خشم از کشتن کیان پیرفلک؛ معترضان "خانه خمینی" را آتش زدند - BBC Persian" (fa-IR ভাষাত). https://www.bbc.com/persian/live/63655396.
  11. Cole, Brendan (2022-11-18). "Who Is Aylar Haghi? Medical student killed during protests in Iran" (en ভাষাত). Newsweek. https://www.newsweek.com/iran-protests-bodies-crackdown-tehran-haghi-1760645 আহৰণ কৰা হৈছে: 2023-12-29.
  12. Dalvand, Masoud (2023-01-01). "Iran's Regime Killed Aylar Haghi Medical Student During Nationwide Protests" (en ভাষাত). Freedom Star. https://medium.com/freedom-star/irans-regime-killed-aylar-haghi-medical-student-during-nationwide-protests-4e28852ea8c5 আহৰণ কৰা হৈছে: 2023-12-29.
  13. "Doctor Treating Protesters In Iran Dies In Suspicious Circumstances" (en ভাষাত). Iran International. 2023-12-29. https://www.iranintl.com/en/202212189467 আহৰণ কৰা হৈছে: 2023-12-29.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]