সমললৈ যাওক

আয়াছী মিশ্ৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মহামহোপাধ্যায়

আয়াছী মিশ্ৰ
अयाची मिश्र
অন্যান্য নাম ভবনাথ মিশ্ৰ
ব্যক্তিগত
জন্ম
ভবনাথ

চৰিচাব পাহি গাঁও, মধুবনী জিলা
ধৰ্ম হিন্দু
সন্তান শংকৰ মিশ্ৰ
যুগ ১৪শ শতিকা
অঞ্চল মিথিলা অঞ্চল
Creed ন্যায় শাস্ত্ৰ
মাতৃশিক্ষায়াতন প্ৰাচীন মিথিলা বিশ্ববিদ্যালয়
অন্য নাম ভবনাথ মিশ্ৰ

আয়াছী মিশ্ৰ চতুৰ্দশ শতিকাৰ সময়ছোৱাৰ মিথিলাৰ এজন ভাৰতীয় বৈদিক পণ্ডিত আছিল। তেওঁৰ প্ৰকৃত নাম আছিল ভৱনাথ মিশ্ৰ।[1][2][3][4] ভাৰতীয় দৰ্শনৰ তেওঁ ন্যায় শাস্ত্ৰৰ বিশিষ্ট পণ্ডিত আছিল। ভাৰতীয় তৰ্ক বুলিও জনাজাত ন্যায় শাস্ত্ৰ ভাৰতীয় দৰ্শনৰ ছয়টা চিন্তাধাৰাৰ ভিতৰত অন্যতম।

ব্যুৎপত্তিবিজ্ঞান

[সম্পাদনা কৰক]

আয়াছী সংস্কৃত বিশেষণ শব্দ। আয়াছীৰ হিন্দী শব্দটো হৈছে আয়াচক যাৰ আক্ষৰিক অৰ্থ নোসোধা, সমৃদ্ধিশালী বা ধনী।[5] কিংবদন্তি অনুসৰি পণ্ডিত ভৱনাথ মিশ্ৰই জীৱনত কেতিয়াও কাকো একো সোধা নাছিল বুলি কোৱা হয়। যিকোনো ব্যক্তিক দিয়া কথা আৰু প্ৰতিশ্ৰুতিৰ প্ৰতি তেওঁ অতি দায়বদ্ধ আছিল। কোৱা হয় যে, তেওঁৰ কথাৰ প্ৰতি ত্যাগ আৰু দায়বদ্ধতাৰ আদৰ্শ গুণৰ বাবে তেওঁক পিছলৈ আয়াছী বুলি কোৱা হৈছিল আৰু তেওঁৰ নতুন নাম আয়াছী মিশ্ৰৰে বিখ্যাত হৈছিল।[6]

প্ৰাথমিক জীৱন

[সম্পাদনা কৰক]

ভাৰতৰ বিহাৰৰ মিথিলা অঞ্চলৰ মধুবনী জিলাৰ চৰিচব পাহি গাঁৱত মৈথিল ব্ৰাহ্মণ পৰিয়ালত আয়াছী মিশ্ৰৰ জন্ম হৈছিল।[7]

পিছৰ জীৱন

[সম্পাদনা কৰক]

ভৱনাথ মিশ্ৰই পৰৱৰ্তী সময়ত ভাৰতীয় দৰ্শনৰ ন্যায় শাস্ত্ৰৰ বিশিষ্ট পণ্ডিত হিচাপে পৰিগণিত হয়। ভাৰতৰ বিহাৰৰ মিথিলা অঞ্চলৰ মধুবনী জিলাৰ চৰিচব পাহি গাঁৱত মাত্ৰ ডেৰ কঠা মাটিত তেওঁ গোটেই জীৱন কটায়। গাঁওখনত তেওঁ বাস কৰা ঠাইখনক বৰ্তমান “আয়াছী মিশ্ৰ দিহ’’ বুলি কোৱা হয় যিটো বিহাৰ চৰকাৰে ঐতিহাসিক স্থান হিচাপে স্বীকৃতি দি সংৰক্ষণ কৰি ৰাখিছে।

তেওঁ শিষ্যসকলক মাচুল নোলোৱাকৈ শিকাইছিল। কিংবদন্তি অনুসৰি গুৰুদক্ষিণাত তেওঁ শিষ্যসকলক কমেও দহজন ছাত্ৰক পঢ়াবলৈহে কৈছিল বুলি কোৱা হয়। তেওঁ নিজৰ পুত্ৰ শংকৰ মিশ্ৰকো পঢ়ুৱাইছিল যিয়ে তেওঁৰ শিক্ষাৰ আধাৰত ঊনৈশখন গ্ৰন্থ ৰচনা কৰিছিল।[8]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Jha, Shailendra Mohan (1994) (en ভাষাত). Hari Mohan Jha. Sahitya Akademi. ISBN 978-81-7201-652-4. https://books.google.com/books?id=nbUCijBHS7AC&q=Ayachi+Mishra. 
  2. Singh, Balmiki Prasad (2008-02-20) (en ভাষাত). Bahudhā and the Post 9/11 World. Oxford University Press. ISBN 978-0-19-908794-5. https://books.google.com/books?id=rvQtDwAAQBAJ&q=Ayachi+Mishra. 
  3. College, Patna University Patna Law (1961) (en ভাষাত). Studies in Law: An Anthology of Essays in Municipal and International Law. New York, Asia Publication House.. https://books.google.com/books?id=vmSsAAAAMAAJ. 
  4. Jhā, Govinda (1995) (en ভাষাত). Umesh Mishra. Sahitya Akademi. ISBN 978-81-7201-394-3. https://books.google.com/books?id=1c8s3eT-35UC&q=Ayachi+Mishra. 
  5. "अयाची के हिंदी अर्थ | ayaachii meaning in Hindi | हिन्दवी" (hi ভাষাত). Hindwi. https://www.hindwi.org/hindi-dictionary/meaning-of-ayaachii। আহৰণ কৰা হৈছে: 2024-11-04. 
  6. "जब भवनाथ मिश्र बने अयाची". Hindustan. https://www.livehindustan.com/bihar/madhubani/story-when-bhagwan-mishra-became-the-ayachi-1429085.html. 
  7. "CM hails Ayachi study model". The Telegraph Online. https://www.telegraphindia.com/bihar/cm-hails-ayachi-study-model/cid/1661551. 
  8. "भगवान शंकर खुद अयाची मिश्र के पुत्र के रूप में अवतार लिए". Hindustan. https://www.livehindustan.com/bihar/muzaffarpur/story-lord-shankar-himself-incarnated-as-the-son-of-ayyachi-mishra-1478260.html.