সমললৈ যাওক

আয়ুষী ঢোলাকীয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আয়ুষী ঢোলাকীয়া
জন্ম ২৫ ফেব্ৰুৱাৰী, ২০০৩ (২৩ বছৰ)
বদোদৰা, গুজৰাট, ভাৰত
শিক্ষা আনন্দ বিদ্যাবিহাৰ স্কুল, বদোদৰা
পেচা মডেল
'Beauty pageant titleholder'
Title মিছ টিন ইণ্ডিয়া ইণ্টাৰনেশ্যনেল ২০১৯
মিছ টিন ইণ্টাৰনেশ্যনেল ২০১৯
Years active ২০১৮–বৰ্তমান
Eye color মুগা
Major
competition(s)
মিছ টিন ইণ্ডিয়া ইণ্টাৰনেশ্যনেল ২০১৯ (বিজয়ী)
মিছ টিন ইণ্টাৰনেশ্যনেল ২০১৯ (বিজয়ী)
ফেমিনা মিছ ইণ্ডিয়া ২০২৪ (দ্বিতীয় ৰানাৰ-আপ)

আয়ুষী ঢোলাকীয়া এগৰাকী ভাৰতীয় সৌন্দৰ্য ৰাণী, যিয়ে ২০১৯ চনৰ ১৯ ডিচেম্বৰত ভাৰতনতুন দিল্লীত অনুষ্ঠিত মিছ টিন ইণ্টাৰনেশ্যনেল ২০১৯-ৰ মুকুট লাভ কৰিছিল। মিছ টিন ইণ্টাৰনেশ্যনেল খিতাপ অৰ্জন কৰা তেওঁ প্ৰথমগৰাকী ভাৰতীয়।[1][2] আয়ুষীয়ে গ্ল্যামানন্দৰ মালিকানাধীন মিছ টিন ইণ্ডিয়া ২০১৯ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল আৰু ভাৰতৰ নতুন দিল্লীত অনুষ্ঠিত মিছ টিন ইণ্টাৰনেশ্যনেল ২০১৯ প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল, য’ত তেওঁক মেক্সিকোৰ ওডালিছ দুৱাৰ্টে বিজয়ীৰ মুকুট পিন্ধাইছিল।

সৌন্দৰ্য প্ৰতিযোগিতা

[সম্পাদনা কৰক]

মিছ টিন ইণ্ডিয়া ২০১৯

[সম্পাদনা কৰক]

আয়ুষীয়ে গ্ল্যামানন্দৰ মালিকানাধীন মিছ টিন ইণ্ডিয়া ২০১৯ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল, যিখন ২০১৯ চনৰ ৩০ ছেপ্টেম্বৰত জয়পুৰৰ জয়বাগ পেলেচত অনুষ্ঠিত হৈছিল। তাত তেওঁক পূৰ্বৰ বিজয়ী ৰিতিকা খটনানিয়ে মিছ টিন ইণ্টাৰনেশ্যনেল ২০১৯-ৰ মুকুট পিন্ধায়। প্ৰতিযোগিতাখনৰ সময়ত তেওঁ মিছ কনজেনিবেলিটী, মিছ এনভাইৰনমেণ্ট আৰু মিছ বিউটি উইথ কজকে ধৰি কেইবাটাও উপ-বঁটা লাভ কৰিবলৈ সক্ষম হয়।[3]

মিছ টিন ইণ্টাৰনেশ্যনেল ২০১৯

[সম্পাদনা কৰক]

আয়ুষীয়ে ভাৰতৰ নতুন দিল্লীত অনুষ্ঠিত মিছ টিন ইণ্টাৰনেশ্যনেল ২০১৯ প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল, য’ত তেওঁক মেক্সিকোৰ ওডালিছ দুৱাৰ্টে বিজয়ীৰ মুকুট পিন্ধাইছিল। সমগ্ৰ বিশ্বৰ ২০ গৰাকী প্ৰতিযোগীৰ বিৰুদ্ধে যুঁজি আয়ুষীয়ে মিছ টিন ইণ্টাৰনেশ্যনেলৰ ২৭ বছৰীয়া ইতিহাসত এই খিতাপ জয় কৰা প্ৰথমগৰাকী ভাৰতীয় হিচাপে পৰিগণিত হয়।[4] চূড়ান্ত প্ৰশ্নোত্তৰ শিতানত প্ৰতিযোগীসকলক সঞ্চালকৰ তৰফৰ পৰা সোধা হৈছিল— "আপুনি বিশ্বাস কৰেনে যে যেতিয়া সমগ্ৰ বিশ্বত কোনো বিভাজিত দেশ নথকাকৈ মাত্ৰ এখন আন্তঃৰাষ্ট্ৰীয় ফেডাৰেল চৰকাৰ থাকিলেহে পৃথিৱীখন ইতিমধ্যে এখন বহুত ভাল ঠাই হ'লহেঁতেন?"

তথ্যসূত্ৰ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]
Awards and achievements
পূৰ্বৱৰ্তী
মণিপুৰ
থৌনাওজাম ষ্ট্ৰেলা লুৱাং
ফেমিনা মিছ ইণ্ডিয়া দ্বিতীয় ৰানাৰ-আপ
২০২৪
পৰৱৰ্তী
সাঁচ:TableTBA
পূৰ্বৱৰ্তী
চিমৰন চাইনী
ফেমিনা মিছ ইণ্ডিয়া গুজৰাট ২০২৪
২০২৪
পৰৱৰ্তী
সাঁচ:TableTBA
পূৰ্বৱৰ্তী
মেক্সিকো ওডালিছ দুৱাৰ্টে
মিছ টিন ইণ্টাৰনেশ্যনেল
২০১৯
পৰৱৰ্তী
ভিয়েটনাম এনগো নক জিয়া হান
পূৰ্বৱৰ্তী
ৰিতিকা খটনানী
মিছ টিন ইণ্ডিয়া
২০১৯
পৰৱৰ্তী
ৰাশি পৰশ্ৰমপুৰীয়া