আয়ুষ্মান খুৰানা
আয়ুষ্মান খুৰানা | |
---|---|
![]() ২০২২ চনত খুৰানা | |
জন্ম | নিশান্ত খুৰানা[1] ১৪ ছেপ্টেম্বৰ, ১৯৮৪ (৪০ বছৰ) চণ্ডীগড়, ভাৰত |
শিক্ষানুষ্ঠান | ডিএভি কলেজ পাঞ্জাব বিশ্ববিদ্যালয় |
পেচা |
|
সক্ৰিয় হৈ থকা সময় | ২০১২-বৰ্তমান |
দাম্পত্যসঙ্গী | তাহিৰা কাশ্যপ (বি. ২০০৮) |
সন্তান | ২ |
আত্মীয়-স্বজন | অপাৰশক্তি খুৰানা (ভাতৃ)[2] |
বঁটা, সন্মান, পুৰস্কাৰ আদি | সম্পূৰ্ণ তালিকা |
আয়ুষ্মান খুৰানা (ইংৰাজী: Ayushmann Khurrana; জন্ম: নিশান্ত খুৰানা; ১৪ ছেপ্টেম্বৰ ১৯৮৪) এগৰাকী ভাৰতীয় অভিনেতা আৰু কণ্ঠশিল্পী। তেওঁ হিন্দী চলচ্চিত্ৰত কাম কৰে। তেওঁৰ চলচ্চিত্ৰসমূহত, সততে তেওঁক সাধাৰণ ব্যক্তিৰ চৰিত্ৰত বিভিন্ন সামাজিক অনুষঙ্গৰ বিৰুদ্ধে সংগ্ৰাম কৰি থকা দেখা যায়।[3][4] তেওঁ এটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু চাৰিটা ফিল্মফেয়াৰ বঁটাকে ধৰি অসংখ্য বঁটা-বাহন তথা স্বীকৃতি লাভ কৰিছে। ২০১৩ চনৰ পৰা ২০১৯লৈকে তেওঁ ফৰ্বছ ইণ্ডিয়াৰ চেলিব্ৰিটি ১০০ শীৰ্ষক তালিকাত তেওঁ স্থান লাভ কৰিছিল আৰু ২০২০ চনত, টাইম পত্ৰিকাই তেওঁক বিশ্বৰ ১০০গৰাকী প্ৰভাৱশালী ব্যক্তিৰ ভিতৰত অন্যতম বুলি অভিহিত কৰিছিল।[5]
২০০৪ চনত, খুৰানাই ৰিয়েলিটি টেলিভিছন শ্ব’ এমটিভি ৰ’ডিজৰ দ্বিতীয় ছিজনত জয়ী হৈছিল আৰু টেলিভিছন এংকৰিঙেৰে অভিনয় জগতত পদাৰ্পণ কৰে। তেওঁ সুজিত সৰকাৰৰ দ্বাৰা পৰিচালিত, ৰোমাণ্টিক কমেডীধৰ্মী ছবি ভিকি ড'নাৰ (২০১২)ত অভিনয়েৰে চলচ্চিত্ৰত অভিষেক ঘটায়, ʼ'ত তেওঁ এগৰাকী শুক্ৰাণু দাতাৰ চৰিত্ৰত অভিনয় কৰিছিল। ছবিখনৰ বাবে তেওঁ শ্ৰেষ্ঠ নৱাগত অভিনেতাৰ ফিল্মফেয়াৰ বঁটা লাভ কৰিছিল।[6][7] কিছু সময়ৰ বিপৰ্যয়ৰ পিছত তেওঁ ব্যৱসায়িক আৰু সমালোচনামূলকভাৱে সফল ছবি দম লগা কে হাইছা (২০১৫)ত অভিনয় কৰে। পৰৱৰ্তীকালত খুৰানাই আৰ্থিকভাৱে সফল হাস্যৰসাত্মক ছবি বৰেলী কী বৰ্ফী (২০১৭), শুভ মংগল সাৱধান (২০১৭), বাধাই হো (২০১৮), ড্ৰিম গাৰ্ল (২০১৯), বালা (২০১৯) আৰু শুভ মংগল জ্যাদা সাৱধান (২০২০) আদিত অভিনয়েৰে নিজকে প্ৰতিষ্ঠিত কৰে।[8][9] থ্ৰিলাৰধৰ্মী ছবি অন্ধাধুন (২০১৮)ত এজন অন্ধ পিয়ানোবাদকৰ চৰিত্ৰত আৰু অপৰাধমূলক নাট্যধৰ্মী ছবি আৰ্টিকেল ১৫ (২০১৯)ত এজন সৎ পুলিচৰ চৰিত্ৰত তেওঁৰ অভিনয়ে তেওঁক একেৰাহে দুটাকৈ শ্ৰেষ্ঠ অভিনেতাৰ ফিল্মফেয়াৰ সমালোচক বঁটা লাভ কৰে। লগতে অন্ধাধুন নামৰ ছবিখনৰ বাবে তেওঁ শ্ৰেষ্ঠ অভিনেতাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাও লাভ কৰে। কেইবাটাও বাণিজ্যিকভাৱে বিফল ছবিত অভিনয় কৰাৰ পিছত তেওঁ আধ্যাত্মিক ছিকুৱেল ছবি ড্ৰিম গাৰ্ল ২ (২০২৩)ত অভিনয় কৰে।
অভিনয়ৰ উপৰিও খুৰানাই তেওঁৰ কেইবাখনো চলচ্চিত্ৰৰ গীতত কণ্ঠদানো কৰিছে যেনে "পানী দা ৰং" শীৰ্ষক গীতটি। গীতটিত তেওঁ কণ্ঠদান কৰাৰ লগতে সহযোগীভাৱে ৰচনাও কৰিছিল। ইয়াৰ বাবে তেওঁ শ্ৰেষ্ঠ নেপথ্য গায়কৰ ফিল্মফেয়াৰ বঁটা লাভ কৰিছিল। ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা তেওঁ ভাৰতৰ বাবে ইউনিচেফৰ ৰাষ্ট্ৰীয় সদিচ্ছা ৰাষ্ট্ৰদূত হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে।[10][11]
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
[সম্পাদনা কৰক]১৯৮৪ চনৰ ১৪ ছেপ্টেম্বৰ তাৰিখে, চণ্ডীগড়ত পুনম আৰু পি. খুৰানাৰ ঘৰত, এটি পঞ্জাবী খাত্ৰী পৰিয়ালত[12] নিশান্ত খুৰানা ওৰফে আয়ুষ্মান খুৰানাই জন্মগ্ৰহণ কৰিছিল।[13][14] ৩ বছৰ বয়সত তেওঁৰ পিতৃ-মাতৃয়ে তেওঁৰ নাম সলনি কৰি আয়ুষ্মান ৰাখে। অভিনেতা অপাৰশক্তি খুৰানা তেওঁৰ এগৰাকী কনিষ্ঠ ভাতৃ।
তেওঁৰ পিতৃ পি. খুৰানা, এগৰাকী জ্যোতিষী[15] আৰু জ্যোতিষ বিষয়ৰ লেখক, ২০২৩ চনত তেওঁৰ মৃত্যু হয়।[16] আনহাতে তেওঁৰ মাতৃ পুনম এগৰাকী গৃহিণী; অৰ্ধ বাৰ্মিজ বংশৰ,[17] আৰু তেওঁ হিন্দীত এম. এ. ডিগ্ৰী লাভ কৰিছে।[উদ্ধৃতিৰ প্ৰয়োজন][ উদ্ধৃতিৰ প্ৰয়োজন ]
আয়ুষ্মান খুৰানা গুৰু নানক খালছা মহাবিদ্যালয়ৰ অংশ আছিল। তেওঁ চণ্ডীগড়ৰ ছেইণ্ট জন'ছ হাইস্কুল আৰু চণ্ডীগড়ৰ ডিএভি কলেজত অধ্যয়ন কৰিছিল।[18] তেওঁ ইংৰাজী সাহিত্যত সন্মানসহ স্নাতক ডিগ্ৰী লাভ কৰিছিল আৰু পাঞ্জাব বিশ্ববিদ্যালয়ৰ স্কুল অৱ কমিউনিকেচন ষ্টাডিজৰ পৰা গণ যোগাযোগ বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল।[19] তেওঁ পাঁচ বছৰ থিয়েটাৰতো অভিনয় কৰিছিল।
কলেজীয়া দিনবোৰত তেওঁ ছিমলাৰ গেইটি থিয়েটাৰত কেইবাখনো নাটকত অভিনয় কৰিছিল। চণ্ডীগড়ৰ সক্ৰিয় নাট্যদল ডিএভি কলেজৰ "আঘাজ" আৰু "মঞ্চতন্ত্ৰ"ৰ প্ৰতিষ্ঠাপক সদস্যও আছিল।[19] তেওঁ বাটৰ নাটৰ কল্পনা আৰু অভিনয় কৰিছিল। ৰাষ্ট্ৰীয় কলেজ উৎসৱ যেনে মুড ইণ্ডিগʼ (আইআইটি বম্বে), অএএছআইএছ (বিৰলা ইনষ্টিটিউট অৱ টেকন’লজি এণ্ড চাইন্স, পিলানি) আৰু ছেইণ্ট বেডেছ ছিমলা আদিত পুৰস্কাৰো লাভ কৰিছিল।[19] ধৰ্মবীৰ ভাৰতীৰ দ্বাৰা পৰিচালিত, অন্ধ যুগ নামৰ ছবিখনত অশ্বত্থামাৰ চৰিত্ৰত অভিনয় কৰি তেওঁ শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰিছিল।[20]
খুৰানা বৰ্তমান কৰ্মসূত্ৰে মুম্বাইত থাকে আৰু তেওঁৰ পৰিয়াল এতিয়াও চণ্ডীগড়তে থাকে। তেওঁৰ ভাতৃ অপাৰশক্তি খুৰানা দিল্লীৰ ৰেডিঅʼ মিৰ্চি ৯৮.৩ এফএমত ৰেডিঅʼ জকী আৰু ২০১৬ চনত আমিৰ খান অভিনীত ছবি দংগলত অভিনয়েৰে অভিনয় জগতত আত্মপ্ৰকাশ কৰে।[21][22] ঘৰৰ সাহিত্যিক পৰিৱেশে খুৰানাকো যথেষ্ট প্ৰভাৱিত কৰিছিল আৰু তেওঁ লিখা-মেলাৰ কামটো নিজৰ চখ হিচাপে লৈছিল। তেওঁ হিন্দী ভাষাত ব্লগ আদি লিখা-মেলা কৰে আৰু এই কাৰ্যৰ বাবে তেওঁৰ প্ৰশংসকসকলৰ পৰা তেওঁ অতিশয় সমাদৰ লাভ কৰিছে।[23]
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]২০০৮ চনত, খুৰানাই তেওঁৰ শৈশৱৰ বান্ধৱী, চলচ্চিত্ৰ নিৰ্মাতা তথা সাংবাদিকতাৰ শিক্ষয়িত্ৰী তাহিৰা কাশ্যপৰ সৈতে বিবাহপাশত আবদ্ধ হয়। দম্পতীহালৰ এটি পুত্ৰ আৰু এটি কন্যা সন্তান আছে।[24]
২০১৮ চনত, কাশ্যপৰ স্তন কেন্সাৰ ধৰা পৰিছিল যদিও ২০২০ চনত, তেওঁক কেন্সাৰমুক্ত ঘোষণা কৰা হৈছিল। খুৰানাই নিচিৰেন বৌদ্ধ ধৰ্মৰ প্ৰতি থকা বিশ্বাসৰ কৃতিত্ব দিয়ে কাৰণ ই তেওঁক কঠিন সময়ৰ মাজেৰে পাৰ হʼবলৈ সহায় কৰিছিল।[25][26][27][28][29]
সংগীতপঞ্জী
[সম্পাদনা কৰক]বৰ্ষ | গীত | এলবাম | সুৰকাৰ | টোকা(সমূহ) | তথ্য(সমূহ) |
---|---|---|---|---|---|
২০১২ | "পানী দা ৰং" | ভিকি ডনাৰ | নিজে, ৰোচক কোহলী | [30] | |
"পানী দা ৰং (মহিলা)" | সুকন্যা পুৰকায়স্থৰ দ্বাৰা গোৱা | ||||
২০১৩ | "চাড্ডি গলি" | নৌটঙ্কি ছালা! | নীতি মোহনৰ সৈতে যুটীয়া গীত | ||
"চাড্ডি গলি (আনপ্লাগড)" | |||||
"তু হী তু" | মিকি মেকক্লিয়াৰি | [31] | |||
"অʼ হিৰিয়ে" | একক | ৰোচক কোহলী | অভিনয়ত ৰিয়া চক্ৰৱৰ্তী | [32] | |
২০১৪ | "খামাখান" | বেৱাকুফীয়াঁ | ৰঘু দীক্ষিত | নীতি মোহনৰ সৈতে যুটীয়া গীত | [33] |
"মিট্টি দি খুচবু" | একক | ৰোচক কোহলী | অভিনয়ত হুমা কুৰেছি | [34] | |
২০১৫ | "দিল-এ-নাদান" | হাৱাইজাদা | নিজে | মিৰ্জা গালিবৰ সংস্কৰণৰ উপস্থাপনা | [35] |
"দিল-ই-নাদান (ৰিপ্ৰাইজ)" (শ্বেতা সুব্ৰমৰ সৈতে) | |||||
"তুৰ্ৰাম খান" | ৰোচক কোহলী | পাপন আৰু মোনালী ঠাকুৰৰ সৈতে | |||
"মোহ মোহ কে ধাগে (ৰিপ্ৰাইজ)" | দম লগা কে হাইছা | অনু মালিক | [36] | ||
"ইয়াহিঁ হুঁ মেইঁ" | একক | ৰোচক কোহলী | অভিনয়ত য়ামী গৌতম | [30] | |
২০১৬ | "ইক ভাৰী" | অপাৰশক্তি খুৰানা | অভিনয়ত আয়েশা শৰ্মা | [37] | |
২০১৭ | "হাৰেয়া (ৰক সংস্কৰণ)" | মেৰী প্যাৰী বিন্দু | শচীন-জিগৰ | [38] | |
"অʼৰে মন" | একক | উপল সেনগুপ্ত | অভিনয়ত ঋতাভৰী চক্ৰৱৰ্তী | [39] | |
"নজ্ম নজ্ম" | বৰেলী কী বৰ্ফী | অৰ্কʼ | [39] | ||
"কানহা (আনপ্লাগড)" | শুভ মংগল সাৱধান | তনিষ্ক-বায়ু | [40] | ||
২০১৮ | "বচপন" | টফি | অভিনৱ ভণশাল | [41] | |
"আপ চে মিলকাৰ (ৰিপ্ৰাইজ)" | অন্ধাধুন | অমিত ত্ৰিবেদী | [42] | ||
"নয়না দা কেয়া কাচুৰ" | [30] | ||||
"চন কিত্তা" | একক | ৰোচক কোহলী | অভিনয়ত প্ৰণিতা সুভাষ | [30] | |
"নয়ন না জোড়ীঁ" | বাধাই হো | [43] | |||
২০১৯ | "ইন্তেজাৰ (ৰিপ্ৰাইজ)" | আৰ্টিকেল ১৫ | অনুৰাগ শইকীয়া | [44] | |
"ইক মুলাকাত (ৰিপ্ৰাইজ)" | ড্ৰিম গাৰ্ল | মিট ব্ৰʼছ | [45] | ||
"এতিয়া তেৰি বাৰী (নাজিৰ সৈতে)" | একক | ক্লিণ্টন চেৰেজো | [39] | ||
২০২০ | "মেৰে লিয়ে তুম কাফি হো" | শুভ মংগল জ্যাদা সাৱধান | তনিষ্ক-বায়ু | [30] | |
"আৰে প্যাৰ কাৰ লে" | তনিষ্ক বাগচী | [46] | |||
২০২১ | "কিন্নি চনী হে" | কুৱেৰাণ্টিন ক্ৰাছ | সমীৰ কৌশল | ধাৰাবাহিকৰ একাংশ, ফিলছ লাইক ইশক | [47] |
"মাফী" | চণ্ডীগড় কৰে আশিকী | শচীন-জিগৰ | [48] | ||
২০২২ | "অʼ চুইটি চুইটি" | ডক্টৰ জি | অমিত ত্ৰিবেদী | [49] | |
২০২৩ | "ৰাতাঁ কালিয়াঁ" | একক | ৰোচক কোহলী | [50] | |
২০২৪ | "জচদী" | একক | গʼল্ডবয় | [51] |
তথ্য উৎস
[সম্পাদনা কৰক]- ↑ "Koffee With Karan 6: Karan Johar reveals his real name, Ayushmann Khuranna says his wife's father walked in on them". Hindustan Times. 17 December 2018. https://www.hindustantimes.com/tv/koffee-with-karan-6-karan-johar-reveals-his-real-name-ayushmann-khuranna-says-his-wife-s-father-walked-in-on-them/story-wIv0P4NbP8q7QMN7nPtVkL.html.
- ↑ "Ayushmann Khurrana's younger brother to make Bollywood debut with negative character". Daily News and Analysis. http://www.dnaindia.com/entertainment/report-ayushmann-khurana-s-younger-brother-to-make-bollywood-debut-with-negative-character-2143125। আহৰণ কৰা হৈছে: 26 January 2017.
- ↑ Sen, Raja (6 July 2018). "Ayushmann Khurrana, actor of the year". Mint. https://www.livemint.com/Leisure/j3Uz5v4brrUGeBNoi9SIiO/Ayushmann-Khurrana-actor-of-the-year.html.
- ↑ Bamzai, Kaveree (5 July 2019). "Ayushmann Khurrana: Mr Everyman". Open. http://www.openthemagazine.com/article/cinema/ayushmann-khurrana-mr-everyman.
- ↑ Ayushmann Khurrana: The 100 Most Influential People of 2020. https://time.com/collection/100-most-influential-people-2020/5888475/ayushmann-khurrana/। আহৰণ কৰা হৈছে: 23 September 2020.
- ↑ "Ayushmann Khurrana reveals the most amusing comment he received for 'Shubh Mangal Savdhan'". 19 August 2017. http://www.mid-day.com/articles/entertainment-actor-ayushmann-khurrana-movie-shubh-mangal-savdhan-trailer-trolling-erecticle-dysfunction-bollywood/18516195.
- ↑ "Vicky Donor is a HIT". Indicine.com. 25 April 2012. http://www.indicine.com/movies/bollywood/vicky-donor-is-a-hit/। আহৰণ কৰা হৈছে: 10 March 2015.
- ↑ "After Back-To-Back Hits, Ayushmann Khurrana Knows He's Become A Star But He Doesn't Want To Believe It". Indiatimes. 21 October 2018. https://www.indiatimes.com/entertainment/after-back-to-back-hits-ayushmann-khurrana-knows-he-s-become-a-star-but-he-doesn-t-want-to-believe-it-355144.html। আহৰণ কৰা হৈছে: 22 October 2018.
- ↑ "Ayushmann Khurrana and Vaani Kapoor's Chandigarh Kare Aashiqui now streaming on Netflix". www.msn.com. https://www.msn.com/en-US/entertainment/bollywood/ayushmann-khurrana-and-vaani-kapoors-chandigarh-kare-aashiqui-now-streaming-on-netflix/ar-AASwDpi?ocid=sapphireappshare। আহৰণ কৰা হৈছে: 8 January 2022.
- ↑ "National ambassadors". UNICEF. 15 May 2019. http://www.unicef.org/people/people_nationalambassadors.html। আহৰণ কৰা হৈছে: 19 February 2020.
- ↑ "Ayushmann Khurrana" (en ভাষাত). UNICEF India. https://www.unicef.org/india/ayushmann-khurrana.
- ↑ Ayushman Khurrana and Parineeti Chopra said that they are Khatri, 13 June 2020, https://www.youtube.com/watch?v=9JhSQKtKj9E, আহৰণ কৰা হৈছে: 2 January 2024
- ↑ "Ayushmann turns 31; Bollywood wishes him". BollywoodMantra. Archived from the original on 14 June 2018. https://web.archive.org/web/20180614121307/https://www.bollywoodmantra.com/news/ayushmann-turns-31-bollywood-wishes-him/19179/। আহৰণ কৰা হৈছে: 14 June 2018.
- ↑ "I've evolved as an actor: Ayushmann Khurrana". IANS. The Express Tribune. 28 April 2013. http://tribune.com.pk/story/541722/ive-evolved-as-an-actor-ayushmann-khurrana/। আহৰণ কৰা হৈছে: 5 June 2016.
- ↑ "Ayushmann Khurrana's father, famous astrologer P Khurrana passes away". indiatoday. 19 May 2023. https://www.indiatoday.in//movies/celebrities/story/ayushmann-khurranas-father-famous-astrologer-p-khurrana-passes-away-2381468-2023-05-19?onetap=true.
- ↑ "Renowned astrologer Pandit P Khurana passes away in Mohali; sons Ayushmann & Aparshakti thank fans for 'prayers and support'". economictimes. 19 May 2023. https://economictimes.indiatimes.com/magazines/panache/ayushmanns-father-pandit-p-khurana-a-renowned-astrologer-passes-away/articleshow/100356286.cms.
- ↑ "Ayushmann Khurrana has Burmese genes". Bollywood Hungama. 22 March 2017. https://www.bollywoodhungama.com/news/bollywood/ayushmann-khurrana-burmese-genes/.
- ↑ "Ayushmann's Portfolio Pics". The Times of India. http://photogallery.indiatimes.com/celebs/bollywood/ayushmann-khurrana/ayushmanns-portfolio-pics/Ayushmann-Khurrana/articleshow/22629606.cms। আহৰণ কৰা হৈছে: 5 June 2016.
- ↑ 19.0 19.1 19.2 "Lesser known facts about Ayushmann Khurrana". The Times of India. 21 September 2015. http://timesofindia.indiatimes.com/entertainment/hindi/bollywood/Lesser-known-facts-about-Ayushmann-Khurrana/Ayushmann-Khurrana-Lesser-known-facts/photostory/41511591.cms। আহৰণ কৰা হৈছে: 5 June 2016. উদ্ধৃতি ত্ৰুটি: Invalid
<ref>
tag; name "toifacts" defined multiple times with different content - ↑ "Ayushmann's Portfolio Pics". Maharashtra Times. http://photogallery.maharashtratimes.indiatimes.com/articleshow/36495087.cms। আহৰণ কৰা হৈছে: 5 June 2016.
- ↑ "Ayushmann Khurrana's brother to make debut in Dangal". Bollywood Hungama. Archived from the original on 10 July 2015. https://web.archive.org/web/20150710185937/http://www.bollywoodhungama.com/news/15017705/Ayushmann-Khurranas-brother-to-make-debut-in-Dangal.
- ↑ . 20 March 2014. http://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news-interviews/My-brother-is-more-like-Vicky-Ayushmann-Khurrana/articleshow/14384641.cms.
- ↑ "Hindi Hain Hum?". 3 June 2019. https://medium.com/@ayushmann/hindi-hain-hum-619cfb3db30b.
- ↑ "A Better Version of Myself". www.sokaglobal.org. 24 August 2020. https://www.sokaglobal.org/practicing-buddhism/personal-experiences/a-better-version-of-myself.html। আহৰণ কৰা হৈছে: 22 May 2023.
- ↑ "Kaun Banega Crorepati 13: Ayushmann Khurrana shares he follows Nichiren Buddhism and truly believes in the philosophy of 'Nam-myoho-renge-kyo'". 14 December 2021. https://timesofindia.indiatimes.com/tv/news/hindi/kaun-banega-crorepati-13-ayushmann-khurrana-shares-he-follows-nichiren-buddhism-and-truly-believes-in-i-really-believe-in-the-philosophy-of-nam-myoho-renge-kyo/articleshow/88266546.cms.
- ↑ "'Be Your Best Possible Self'". www.readersdigest.in. https://www.readersdigest.in/features/story-be-your-best-possible-self-124870। আহৰণ কৰা হৈছে: 22 May 2023.
- ↑ "Ayushmann Khurrana: I had Rs 10,000 in my account when I got married". NDTV. 20 March 2014. Archived from the original on 6 April 2015. https://web.archive.org/web/20150406003621/http://movies.ndtv.com/bollywood/ayushmann-khurrana-i-had-rs-10-000-in-my-account-when-i-got-married-495723। আহৰণ কৰা হৈছে: 20 March 2014.
- ↑ "Why Ayushmann Khurrana's Wife Tahira Kashyap Is Trending". NDTV.com. 15 August 2018. https://www.ndtv.com/entertainment/why-ayushmann-khurranas-wife-tahira-kashyap-is-trending-1901148। আহৰণ কৰা হৈছে: 22 May 2023.
- ↑ "Ayushmann Khurrana on wife Tahira Kashyap's cancer: We got to know about it on my birthday". India Today. https://www.indiatoday.in/movies/celebrities/story/ayushmann-khurrana-on-wife-tahira-kashyap-s-cancer-we-got-to-know-about-it-on-my-birthday-1514503-2019-05-01। আহৰণ কৰা হৈছে: 22 May 2023.
- ↑ 30.0 30.1 30.2 30.3 30.4 "7 times Ayushmann Khurrana won our hearts with his melodious voice". Filmfare. Archived from the original on 19 March 2020. https://web.archive.org/web/20200319195354/https://www.filmfare.com/features/7-times-ayushmann-khurrana-won-our-hearts-with-his-melodious-voice-39233.html। আহৰণ কৰা হৈছে: 19 March 2020.
- ↑ "Ayushmann Khurrana to release his single". Hindustan Times. 19 July 2013. Archived from the original on 19 March 2020. https://web.archive.org/web/20200319195644/https://www.hindustantimes.com/music/ayushmann-khurrana-to-release-his-single/story-UhbveVz2DczcyDyXsAEj9H.html। আহৰণ কৰা হৈছে: 19 March 2020.
- ↑ . 23 September 2013. Archived from the original on 19 March 2020. https://web.archive.org/web/20200319195716/https://timesofindia.indiatimes.com/entertainment/hindi/music/news/Ayushmann-Khurrana/articleshow/22936517.cms.
- ↑ . Archived from the original on 19 March 2020. https://web.archive.org/web/20200319192652/https://timesofindia.indiatimes.com/entertainment/hindi/bollywood/photo-features/reasons-we-love-ayushmann-khurrana/a-film-on-lgbt-subject-next-on-ayushmann-khurranas-mind/photostory/67331893.cms.
- ↑ "Mitti Di Khusboo new song by Ayushmann Khurrana". India Today. 9 October 2014. Archived from the original on 4 March 2016. https://web.archive.org/web/20160304084643/http://indiatoday.intoday.in/story/watch-mitti-di-khusboo-new-song-by-ayushmann-khurrana/1/394965.html। আহৰণ কৰা হৈছে: 6 July 2019.
- ↑ "Ayushmann Khurrana teams up with Suresh Triveni for his fifth single". Ahmedabad Mirror. Archived from the original on 19 March 2020. https://web.archive.org/web/20200319195919/https://ahmedabadmirror.indiatimes.com/entertainment/bollywood/ayushmann-khurrana-teams-up-with-suresh-triveni-for-his-fifth-single/articleshow/64293590.cms। আহৰণ কৰা হৈছে: 19 March 2020.
- ↑ "Ayushmann Khurrana's Ecstatic Rendition of 'Moh Moh Ke Dhaage' Will Make Your Day". HuffPost India. 28 March 2016. Archived from the original on 22 June 2018. https://web.archive.org/web/20180622163758/https://www.huffingtonpost.in/2016/03/28/ayushmann-khurrana-singing_n_9555960.html। আহৰণ কৰা হৈছে: 19 March 2020.
- ↑ . 17 January 2017. Archived from the original on 19 March 2020. https://web.archive.org/web/20200319200205/https://timesofindia.indiatimes.com/entertainment/hindi/music/news/Ayushmann-Khurranas-Ik-vaari-is-the-ultimate-romantic-number-you-had-been-waiting-for/articleshow/54466707.cms.
- ↑ "Haareya (Ayushmann Khurrana Rock Version) - Single by Ayushmann Khurrana & Sachin-Jigar" (en-CA ভাষাত). 26 May 2017. https://music.apple.com/ca/album/haareya-ayushmann-khurrana-rock-version-single/1241230170। আহৰণ কৰা হৈছে: 31 May 2022.
- ↑ 39.0 39.1 39.2 "Ayushmann Khurrana's 'Happiness Concert' marks his homecoming in Chandigarh". Hindustan Times. 1 March 2020. Archived from the original on 14 March 2020. https://web.archive.org/web/20200314142422/https://www.hindustantimes.com/chandigarh/ayushmann-khurrana-s-happiness-concert-marks-his-homecoming/story-Z8pltFNbHwdBEfy5h1y9QP.html। আহৰণ কৰা হৈছে: 19 March 2020.
- ↑ Gomes, Michael. "Ali Zafar and Ayushmann Khurrana unplugged on Dubai stage". Khaleej Times. Archived from the original on 19 March 2020. https://web.archive.org/web/20200319200359/https://www.khaleejtimes.com/20171021/no-title। আহৰণ কৰা হৈছে: 19 March 2020.
- ↑ "Bachpan - Single by Ayushmann Khurrana". 12 January 2018. Archived from the original on 31 May 2022. https://web.archive.org/web/20220531062633/https://music.apple.com/ie/album/bachpan-from-toffee-single/1334140775। আহৰণ কৰা হৈছে: 31 May 2022.
- ↑ Pandya, Sonal (19 September 2018). "Andhadhun song: Ayushmann Khurrana, Radhika Apte enjoy each other's company in 'Aap Se Milkar' (Reprise)". Cinestaan. Archived from the original on 30 April 2020. https://web.archive.org/web/20200430120646/https://www.cinestaan.com/articles/2018/sep/19/15731। আহৰণ কৰা হৈছে: 19 March 2020.
- ↑ "Badhaai Ho New Song Nain Na Jodeen Is The Perfect Song To 'Soothe' Your Achy Breaky Heart". NDTV. Archived from the original on 19 March 2020. https://web.archive.org/web/20200319200557/https://www.ndtv.com/entertainment/badhaai-ho-new-song-nain-na-jodeen-is-the-perfect-song-to-soothe-your-achy-breaky-heart-1926954। আহৰণ কৰা হৈছে: 19 March 2020.
- ↑ . 2 July 2019. Archived from the original on 19 March 2020. https://web.archive.org/web/20200319200638/https://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/ayushmann-khurrana-drops-an-unplugged-version-of-intezari-from-article-15-in-his-soulful-voice/articleshow/70042056.cms.
- ↑ "From Lehenga to O Saki Saki: 10 songs that set TikTok on fire this Diwali". Free Press Journal. Archived from the original on 19 March 2020. https://web.archive.org/web/20200319200720/https://www.freepressjournal.in/entertainment/from-lehenga-to-o-saki-saki-10-songs-that-set-tiktok-on-fire-this-diwali। আহৰণ কৰা হৈছে: 19 March 2020.
- ↑ "Pyaar, it is getting". The Tribune India. Archived from the original on 19 March 2020. https://web.archive.org/web/20200319200834/https://www.tribuneindia.com/news/pyaar-it-is-getting-51302। আহৰণ কৰা হৈছে: 19 March 2020.
- ↑ Chowdhury, Rishita Roy. "Ayushmann Khurrana loved making Kinni Soni song for wife Tahira's Quaranteen Crush" (en ভাষাত). India Today. https://www.indiatoday.in/movies/celebrities/story/ayushmann-khurrana-loved-making-kinni-soni-song-for-wife-tahira-s-quaranteen-crush-1834365-2021-07-29। আহৰণ কৰা হৈছে: 31 May 2022.
- ↑ "Happiest when I express through music: Ayushmann Khurrana on his Chandigarh Kare Aashiqui song 'Maafi'" (en ভাষাত). PINKVILLA. 3 December 2021. Archived from the original on 8 November 2022. https://web.archive.org/web/20221108045625/https://www.pinkvilla.com/entertainment/news/happiest-when-i-express-through-music-ayushmann-khurrana-his-chandigarh-kare-aashiqui-song-maafi-957036। আহৰণ কৰা হৈছে: 31 May 2022.
- ↑ "Doctor G song O Sweetie Sweetie: Ayushmann Khurrana's soulful track captures his love story with Rakul Preet Singh" (en ভাষাত). The Indian Express. 5 October 2022. https://indianexpress.com/article/entertainment/bollywood/o-sweetie-sweetie-song-ayushmann-khurrana-8191028/। আহৰণ কৰা হৈছে: 6 October 2022.
- ↑ "Ayushmann Khurrana releases new single Raatan Kaaliyan: 'Little piece of my heart is yours'" (en ভাষাত). The Indian Express. 4 July 2023. https://indianexpress.com/article/entertainment/music/ayushmann-khurrana-releases-new-single-raatan-kaaliyan-8740736/। আহৰণ কৰা হৈছে: 4 July 2023.
- ↑ "Ayushmann Khurrana And Pashmina Roshan's Song Jachdi Is A Festive Treat To Fans" (en ভাষাত). www.ndtv.com. https://www.ndtv.com/entertainment/ayushmann-khurrana-and-pashmina-roshans-track-jachdi-out-6662206। আহৰণ কৰা হৈছে: 12 October 2024.
গ্ৰন্থপঞ্জি
[সম্পাদনা কৰক]- Khurrana, Ayushmann; Kashyap, Tahira (2015). Cracking the Code: My Journey in Bollywood. Rupa & Co. ISBN 9788129135681. https://books.google.com/books?id=edNergEACAAJ&q=Cracking+the+Code:+My+Journey+in+Bollywood.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- আয়ুষ্মান খুৰানা সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
- আয়ুষ্মান খুৰানা সম্পৰ্কে বলিউড হাংগামাত থকা তথ্য
- ইনষ্টাগ্ৰামত আয়ুষ্মান খুৰানা সাঁচ:Roadies