সমললৈ যাওক

আয়েশা টাকিয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(আয়েশা টাকিৱাৰ পৰা পুনঃনিৰ্দেশিত)
আয়েশা টাকিয়া আজমী

২০১৪ চনৰ এক ৰেম্পত আয়েশা
জন্ম আয়েশা টাকিয়া
১০ এপ্ৰিল, ১৯৮৬ (৪০ বছৰ)
মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত
পেচা অভিনেত্ৰী, মডেল, দূৰদৰ্শন ঘোষিকা
সক্ৰিয় হৈ থকা সময় ২০০৪ – বৰ্তমান
দাম্পত্যসঙ্গী ফাৰহান আজমী (২০০৯ – বৰ্তমান)
সন্তান মিকেইল আজমী (জন্ম ২০১৩)

আয়েশা টাকিয়া (ইংৰাজী: Ayesha Takia; জন্ম ১০ এপ্ৰিল ১৯৮৬) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ মূলতঃ বলিউডত অভিনয় কৰে। ১৫ বছৰ বয়সত 'কমপ্লান'ৰ বিজ্ঞাপন[1] আৰু তাৰ পাছত ফাল্গুনী পাঠকৰ গীতকে[2] ধৰি কেইটামান মিউজিক ভিডিঅ'ত অভিনয় কৰাৰ পাছত টাৰজান: দ্য ৱণ্ডাৰ কাৰ বোলছবিৰে তেওঁ বলিউডত আত্মপ্ৰকাশ কৰে। এইখন বোলছবিৰ বাবে তেওঁ ২০০৪ চনত ফিল্মফেয়াৰ শ্ৰেষ্ঠ নৱাগতা অভিনেত্ৰীৰ সন্মান লাভ কৰে।[3] তেওঁৰ আন উল্লেখযোগ্য বোলছবিসমূহ হ'ল দ'ৰ (২০০৬), চলাম-এ-ইস্ক (২০০৭) আৰু ৱাণ্টেড (২০০৯)। ৱাণ্টেড হৈছে তেওঁৰ কেৰিয়াৰৰ আটাইতকৈ বেছি বাণিজ্যিকভাৱে সফল বোলছবি।[4]

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

গুজৰাটী নৃগোষ্ঠীৰ আয়েশা টাকিয়াৰ জন্ম হয় ভাৰতৰ মহাৰাষ্ট্ৰৰ মুম্বাইত, তেওঁৰ পিতৃ হিন্দু আৰু মাতৃ মুসলিম আছিল।[5] তেওঁ এগৰাকী কেথলিক, চেম্বুৰৰ চেণ্ট এণ্ঠনী বালিকা উচ্চ বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী আছিল।[6] ২০০৯ চনৰ ১ মাৰ্চত সমাজবাদী পাৰ্টিৰ নেতা আবু আজমীৰ পুত্ৰ ফাৰহান আজমীৰ সৈতে তেওঁৰ বিয়া হয়।[7] স্বামী ফাৰহান আজমীৰ সৈতে তেওঁ এটি সন্তানৰ মাতৃ।[8][9]

চলচ্চিত্ৰ পুৰস্কাৰ

[সম্পাদনা কৰক]
বৰ্ষ চলচ্চিত্ৰ চৰিত্ৰ পুৰস্কাৰ
২০০৪ টাৰজান: দ্য ৱণ্ডাৰ কাৰ প্ৰিয়া ৰাকেশ কাপুৰ ফিল্মফেয়াৰ শ্ৰেষ্ঠ নৱাগত অভিনেত্ৰী
শ্ৰেষ্ঠ নৱাগত অভিনেত্ৰীৰ IIFA বঁটা
ষ্টাৰ্চ চবচে ফেৱৰিট নয়ী হিৰ'ইন
মনোনয়ন — প্ৰতিশ্ৰুতিসম্পন্ন নৱাগত অভিনেত্ৰীৰ স্ক্ৰীণ বঁটা
মনোনয়ন— শ্ৰেষ্ঠ নৱাগত অভিনেত্ৰীৰ জী চিনে বঁটা
২০০৪ দিল মাংগে ম'ৰ চগুণ মনোনয়ন— প্ৰতিশ্ৰুতিসম্পন্ন নৱাগত অভিনেত্ৰীৰ স্ক্ৰীণ বঁটা
মনোনয়ন- শ্ৰেষ্ঠ নৱাগত অভিনেত্ৰীৰ জী চিনে বঁটা
২০০৫ চুপাৰ চিৰি ৱল্লি মনোনয়ন— শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা - তেলুগু
২০০৬ ড’ৰ মীৰা শ্ৰেষ্ঠ অভিনেত্ৰীৰ স্ক্ৰীণ বঁটা (সমালোচকৰ বঁটা)
জী চিনে বঁটা - সমালোচকৰ শ্ৰেষ্ঠ অভিনেত্ৰী
শ্ৰেষ্ঠ অভিনেত্ৰী - বেংগল ফিল্ম জৰ্ণেলিষ্টচ এচ'চিয়েচন
ষ্টাৰদাষ্ট শ্ৰেষ্ঠ সহ অভিনেত্ৰী

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Top 10 advertisements of all time". Times of India. http://timesofindia.indiatimes.com/entertainment/hindi/top-10/Complan-ad-with-Shahid-Kapoor-and-Ayesha-Takia/photostory/29820544.cms আহৰণ কৰা হৈছে: 18 মাৰ্চ 2015.
  2. "Ayesha Takia & Petty beauty in Falguni Pathak`s music album". Sulekha. http://movies.sulekha.com/ayesha-takia_actor-news-article_ayesha-takia-petty-beauty-in-falguni-pathak-s-music-album আহৰণ কৰা হৈছে: 18 মাৰ্চ 2015.
  3. "Ayesha Takia, Bollywood Actress". India Net Zone. Archived from the original on 2014-08-22. https://web.archive.org/web/20140822161103/http://www.indianetzone.com/14/bollywood_actress_ayesha_takia.htm আহৰণ কৰা হৈছে: 18 মাৰ্চ 2015.
  4. "Box Office India 2009". Archived from the original on 2012-07-12. https://archive.ph/20120712140351/boxofficeindia.com/npages.php?page=shownews&articleid=1146&nCat=news আহৰণ কৰা হৈছে: 2015-03-18.
  5. Darshan, Khullar (25 February 2014). "Part II: Hindu Husbands and Muslim Wives". Pakistan: Our Difficult Neighbour and India's Islamic Dimensions. Vij Books India Pvt Ltd, 30 September 2014. পৃষ্ঠা. 106. ISBN 9789382652823. https://books.google.com/books?id=3QmqCQAAQBAJ&pg=PA106 আহৰণ কৰা হৈছে: 25 January 2018.
  6. Guhal, Kunal (28 January 2017). "Small talk with Ayesha Takia - Green Dame". The Times of India. https://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/Small-talk-with-Ayesha-Takia-Green-Dame/articleshow/52276788.cms আহৰণ কৰা হৈছে: 25 January 2018.
  7. "When Ayesha Takia was called insane for marrying Farhan Azmi at 23" (en ভাষাত). India Today. Ist. https://www.indiatoday.in/movies/celebrities/story/ayesha-takia-farhan-azmi-1208800-2018-04-10.
  8. "Ayesha Takia delivers a baby boy named Michael Azmi". Hindustan Times. Archived from the original on 12 October 2020. https://web.archive.org/web/20201012005243/https://www.hindustantimes.com/bollywood/ayesha-takia-delivers-a-baby-boy/story-2Y8oZSAkO0Of2hT6yTIkAM.html আহৰণ কৰা হৈছে: 29 June 2015.
  9. Press, Alive Caravan, Delhi. "Ayesha Takia's son is the cutest thing you'll see today". The Caravan. Archived from the original on 14 April 2017. https://web.archive.org/web/20170414192822/http://www.caravanalive.com/bollywood/ayesha-takia-s-son-is-the-cutest-thing-you-ll-see-today-17567.html আহৰণ কৰা হৈছে: 21 April 2017.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]