সমললৈ যাওক

আয়েশা ধাৰকাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আয়েশা ধাৰকাৰ
জন্ম ১৬ মাৰ্চ, ১৯৭৮ (৪৮ বছৰ)
মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত
পেচা অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ১৯৮৯–বৰ্তমান
দাম্পত্যসঙ্গী ৰবাৰ্ট টেলৰ (বি. ২০১০)
সন্তান [1]

আয়েশা ধাৰকাৰ (ইংৰাজী: Ayesha Dharker; জন্ম: ১৬ মাৰ্চ ১৯৭৮) এগৰাকী ব্ৰিটিছ অভিনেত্ৰী। তেওঁ ষ্টাৰ ৱাৰ্ছ: এপিচ’ড ২ – এটাক অফ দ্য ক্ল’নছত নাবোৰ ৰাণী জামিলিয়াৰ চৰিত্ৰত কৰা অভিনয় আৰু তেওঁৰ মঞ্চ পৰিৱেশনৰ বাবে জনাজাত।[2]

তেওঁৰ অন্যান্য চলচ্চিত্ৰ চৰিত্ৰসমূহৰ ভিতৰত তামিল ছবি দ্য টেৰৰিষ্ট (১৯৯৭) অন্যতম। ইয়াত তেওঁ আত্মঘাতী বোমাৰু হোৱাৰ কথা চিন্তা কৰিবলৈ মগজু ধোলাই কৰা এগৰাকী যুৱতীৰ চৰিত্ৰত অভিনয় কৰিছিল। এই ছবিখনৰ বাবে তেওঁ কায়ৰো আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱত এগৰাকী অভিনেত্ৰীৰ দ্বাৰা শ্ৰেষ্ঠ শৈল্পিক অৱদানৰ বঁটা লাভ কৰে আৰু শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ বাবে মনোনীত হয়।

তেওঁ আউটচ’ৰ্চড আৰু দ্য মিষ্ট্ৰেছ অফ স্পাইচেচ, টেলিভিছন ধাৰাবাহিক যেনে এৰেবিয়ান নাইটছ, আৰু ৱেষ্ট এণ্ড তথা ব্ৰডৱে মিউজিকেল বোম্বাই ড্ৰিমছতো অভিনয় কৰিছে।

কৰ্মজীৱন

[সম্পাদনা কৰক]

ধাৰকাৰে ১৯৮৯ চনৰ ফ্ৰাঁচোৱা ভিলিয়াৰ্ছৰ ছবি মানিকা, উনে ভি প্লাছ টাৰ্ডৰ জৰিয়তে ছবিজগতত আত্মপ্ৰকাশ কৰে। ইয়াৰ পিছত তেওঁ বহুতো আমেৰিকান, ফৰাচী আৰু ভাৰতীয় ছবিত অভিনয় কৰে। ব্ৰিটেইনৰ টেলিভিছনত তেওঁ বহুতো চৰিত্ৰত অভিনয় কৰিছে, বিশেষকৈ কাটিং ইট আৰু লাইফ ইজ নট অল হা হা হি হি, য’ত তেওঁ মীৰা চ্যালৰ সৈতে একেলগে অভিনয় কৰিছিল।

আন্তঃৰাষ্ট্ৰীয় বঁটা বিজয়ী ছবি দ্য টেৰৰিষ্টত (১৯৯৯) তেওঁ মলী নামৰ মুখ্য চৰিত্ৰটোত অভিনয় কৰিছিল, যিটো চৰিত্ৰৰ বাবে তেওঁ ভাৰতৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ মনোনয়ন আৰু কায়ৰো চলচ্চিত্ৰ মহোৎসৱত এগৰাকী অভিনেত্ৰীৰ দ্বাৰা শ্ৰেষ্ঠ শৈল্পিক অৱদানৰ বঁটা লাভ কৰিছিল।

ধাৰকাৰৰ আটাইতকৈ আন্তঃৰাষ্ট্ৰীয়ভাৱে স্বীকৃত চৰিত্ৰটো আছিল ২০০২ চনত, যেতিয়া তেওঁ ষ্টাৰ ৱাৰ্ছ: এপিচ’ড II – এটাক অফ দ্য ক্লোনছত নাবোৰ ৰাণী জামিলিয়াৰ চৰিত্ৰত অভিনয় কৰিছিল। একে বছৰতে তেওঁ সমালোচকৰ দ্বাৰা প্ৰশংসিত ছবি অনিতা এণ্ড মিত অভিনয় কৰে। ধাৰকাৰে লণ্ডনৰ ৱেষ্ট এণ্ড আৰু ব্ৰডৱে (২০০৪) উভয়তে এণ্ড্ৰু লয়ড ৱেবাৰৰ মিউজিকেল বোম্বাই ড্ৰিমছত অভিনয় কৰিছিল। ২০০৫ চনত তেওঁ দ্য মিষ্ট্ৰেছ অফ স্পাইচেচতো অভিনয় কৰে।

বিবিচিৰ দীৰ্ঘদিনীয়া কল্পবিজ্ঞান টেলিভিছন ধাৰাবাহিক ডক্টৰ হুৰ "প্লেনেট অফ দ্য উড" খণ্ডত তেওঁ চোলানা মাৰ্কুৰিঅ' হিচাপে অভিনয় কৰিছে।

২০০৬ চনত তেওঁ আউটচ’ৰ্চড ছবিত আশাৰ চৰিত্ৰত অভিনয় কৰে।

২০০৮ চনত তেওঁ আইটিভিৰ ধাৰাবাহিক কৰনেচন ষ্ট্ৰীটত তাৰা মণ্ডলৰ চৰিত্ৰত অভিনয় কৰে।[3]

২০১০ চনত বিবিচিৰ কমেডী-ড্ৰামা ধাৰাবাহিক দ্য ইণ্ডিয়ান ডক্টৰত সঞ্জীৱ ভাস্কৰৰ বিপৰীতে তেওঁ চিকিৎসকৰ পত্নী কামিনী শৰ্মাৰ চৰিত্ৰত অভিনয় কৰে।

২০১৭ চনত ধাৰকাৰে বিবিচিৰ ধাৰাবাহিক হলবী চিটিত নীনা কাৰ্ণিকৰ চৰিত্ৰত অভিনয় কৰিবলৈ আৰম্ভ কৰে।

২০২০ চনত তেওঁ একাডেমী বঁটাৰ বাবে মনোনীত হোৱা ছবি দ্য ফাদাৰত ডাঃ চাৰাই হিচাপে অভিনয় কৰে। ২০২২ চনৰ ১৬ জানুৱাৰীত ধাৰকাৰে ভেৰাৰ "এজ দ্য ক্ৰ’ ফ্লাইজ" খণ্ডত অনিকা নাইডুৰ চৰিত্ৰত অভিনয় কৰে।

অডিঅ'বুক

ধাৰকাৰ মনিকা আলীৰ ব্ৰিক লেন (২০০৩) নামৰ গ্ৰন্থখনৰ অডিঅ'বুক সংস্কৰণৰ কথক আছিল।

পৰিয়াল

[সম্পাদনা কৰক]

ধাৰকাৰৰ জন্ম ১৯৭৮ চনৰ ১৬ মাৰ্চত ভাৰতৰ মুম্বাইত হৈছিল।[4]

তেওঁ কবি, শিল্পী তথা তথ্যচিত্ৰ নিৰ্মাতা ইমতিয়াজ ধাৰকাৰ আৰু স্তম্ভলেখক তথা ভাৰতীয় পুৰুষৰ আলোচনী ডেব’নেয়াৰৰ প্ৰাক্তন সম্পাদক অনিল ধাৰকাৰৰ কন্যা।[5][6] তেওঁৰ দেউতাক ভাৰতৰ আৰু লাহোৰত জন্মগ্ৰহণ কৰা মাকো যুক্তৰাজ্যত ডাঙৰ-দীঘল হৈছিল।[4][7]

২০১০ চনৰ মে' মাহত তেওঁ লণ্ডনৰ চেইণ্ট জাইলছ ক্ৰিপলগেটত ৰবাৰ্ট টেলৰৰ সৈতে বিবাহপাশত আৱদ্ধ হয়।[8][9]

চলচ্চিত্ৰপঞ্জী

[সম্পাদনা কৰক]

চলচ্চিত্ৰ

[সম্পাদনা কৰক]
বৰ্ষ ছবি চৰিত্ৰ টোকা
১৯৮৯ মানিকা, উনে ভি প্লাছ টাৰ্ড মানিকা কাল্লাটিল
১৯৯২ চিটী অফ জয় অমৃতা এইচ পাল
১৯৯৭ সাজ কুহু বৃন্দাবন
১৯৯৯ স্প্লিট ৱাইড অপেন লীলা
দ্য টেৰৰিষ্ট মলী কায়ৰো আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ শৈল্পিক অৱদানৰ বঁটা
২০০০ দ্য মিষ্টিক মাছ্যিউৰ লীলা
২০০২ ষ্টাৰ ৱাৰ্ছ: এপিচ’ড II – এটাক অফ দ্য ক্ল’নছ ৰাণী জামিলিয়া
২০০২ অনিতা এণ্ড মি দলজিৎ কুমাৰ
২০০৫ দ্য মিষ্ট্ৰেছ অফ স্পাইচেচ হামিদা
কালাৰ মি কুব্ৰিক: এ ট্ৰু...ইছ ষ্ট’ৰী ড° ষ্টাকলী
২০০৬ আউটচ’ৰ্চড আশা ভাটৱদেকাৰ
২০০৭ লয়ন্স অফ পঞ্জাব প্ৰেজেন্টছ ওপমা মেনন
২০১০ ৰেড এলাৰ্ট: দ্য ৱাৰ উইদিন ৰাধাক্কা
২০২০ দ্য ফাদাৰ ড° চাৰাই

টেলিভিছন

[সম্পাদনা কৰক]
বৰ্ষ শীৰ্ষক চৰিত্ৰ টোকা
১৯৯১ মিষ্টেৰী ডেলা জিউংলা নেৰা, আই সৰু ছোৱালী
১৯৯৫ এ মাউথফুল অফ স্কাই
২০০০ এৰেবিয়ান নাইটছ ক’ৰেল লিপ্ছ
২০০১ ডক্টৰ্ছ মীনা চৌহান
২০০২ কাটিং ইট সুন্নী খাদিৰ
২০০৩ লাইফ ইজ নট অল হা হা হি হি চিলা
ডক্টৰ্ছ মিনা পেটেল
২০০৫ ৱেকিং দ্য ডেড মেৰী শ্বাৰমেন "চাবটেৰেনিয়ানছ" পঞ্চম ছিজন: খণ্ড ৫ আৰু ৬
২০০৮ ডক্টৰ হু চোলানা মাৰ্কুৰিঅ’ খণ্ড: "প্লেনেট অফ দ্য উড"
২০০৮–০৯ কৰনেচন ষ্ট্ৰীট তাৰা মণ্ডল
২০১০-২০১৩ দ্য ইণ্ডিয়ান ডক্টৰ কামিনী শৰ্মা
২০১৫ ৱাটাৰলু ৰোড যাচমিন খান
২০১৭ হলবী চিটি নীনা কাৰ্ণিক নিয়মীয়া চৰিত্ৰ
২০২১ ফাইণ্ডিং এলিচ তনবী লাল

থিয়েটাৰ

[সম্পাদনা কৰক]
বৰ্ষ শীৰ্ষক চৰিত্ৰ টোকা
১৯৯৩ ফাইনল চলিউচনছ দক্ষা[10] এনচিপিএ
২০০১ দ্য ৰামায়ণা সীতা বাৰ্মিংহাম ৰিপ / ৰয়েল নেচনেল থিয়েটাৰ
২০০২ বোম্বাই ড্ৰিমছ ৰাণী এপ’ল’
২০০৬ ডক্টৰ ফাউষ্টাচ মেফিষ্টোফিলছ ব্ৰিষ্টল অল্ড ভিক
২০১০ এৰেবিয়ান নাইটছ চাহাৰাজাদে ৰয়েল শ্বেইক্সপীয়েৰ কোম্পানী
২০১০ ডিস্কানেক্ট বিদ্যা ৰয়েল ক’ৰ্ট থিয়েটাৰ
২০১৩ দ্য জিনছ অফ ঈদগাহ ড° ৱানি[11] ৰয়েল ক’ৰ্ট থিয়েটাৰ
২০১৫ অথেল’ এমিলিয়া ৰয়েল শ্বেইক্সপীয়েৰ কোম্পানী
২০১৫ অনিতা এণ্ড মি দলজিৎ বাৰ্মিংহাম ৰিপ / থিয়েটাৰ ৰয়েল ষ্ট্ৰেটফৰ্ড ইষ্ট
২০১৬ এ মিডচামাৰ নাইটছ ড্ৰীম টিটানিয়া ৰয়েল শ্বেইক্সপীয়েৰ কোম্পানী
২০১৬ দ্য আইলেণ্ড নেচন আৰ্কোলা
২০১৭ হিজাবী মনোলগছ বুশ্ব থিয়েটাৰ
২০১৮ পেৰিক্লিছ চিমনাইডা অলিভিয়াৰ থিয়েটাৰ
২০১৯ ৰিচাৰ্ড II অমাৰলে চ্যাম ৱানামেকাৰ প্লেহাউচ
২০২২ দ্য বুক অফ ডাষ্ট, লা বেল চভেজ মাৰিচা কুল্টাৰ বুশ্ব থিয়েটাৰ

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Actress Ayesha Dharker on motherhood and career regrets". 21 October 2019. https://www.easterneye.biz.
  2. "Ayesha Dharker" (en ভাষাত). Black Gold Cooperative Library System. Archived from the original on 12 October 2022. https://web.archive.org/web/20221012143544/https://blackgold.org/ আহৰণ কৰা হৈছে: 11 October 2022.
  3. Indian actress cast Archived 24 August 2008 at the Wayback Machine ITV
  4. 1 2 Roy, Amit (15 May 2016). "The rise and rise of Ayesha Dharker". The Telegraph (Kolkota). https://www.telegraphindia.com/culture/the-rise-and-rise-of-ayesha-dharker/cid/1321851.
  5. SAWNET: Who's Who: Ayesha Dharker Archived 25 June 2016 at the Wayback Machine
  6. "Who Is Ayesha Dharker Husband Robert Taylor? Inside 12 Years Of Married Life Of Actress" (en-US ভাষাত). Thelocalreport.in. 2 June 2022. https://www.thelocalreport.in/who-is-ayesha-dharker-husband-robert-taylor-inside-12-years-of-married-life-of-actress/ আহৰণ কৰা হৈছে: 19 February 2023.
  7. "The rise and rise of Ayesha Dharker". https://www.telegraphindia.com/culture/the-rise-and-rise-of-ayesha-dharker/cid/1321851.
  8. "Ayesha Dharker's London Wedding". 30 May 2010. https://www.weddingsutra.com/blog/ayesha-dharkers-london-wedding-2/.
  9. "Indo-Brit wedding for Ayesha". The Times of India. ISSN 0971-8257. https://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/indo-brit-wedding-for-ayesha/articleshow/5961371.cms.
  10. Sohini, Pillai (2012) (en ভাষাত). Challenging Religious Communalism With Theatre: Mahesh Dattani's Final Solutions (Thesis). Wellesley College. https://repository.wellesley.edu/thesiscollection/52.
  11. "The Djinns of Eidgah" (en-US ভাষাত). Royal Court. Archived from the original on 2024-03-28. https://web.archive.org/web/20240328094530/https://royalcourttheatre.com/whats-on/the-djinns-of-eidgah-2/ আহৰণ কৰা হৈছে: 2025-05-12.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]