সমললৈ যাওক

আলবেনিয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰিপাব্লিক অৱ আলবেনিয়া
Republika e Shqipërisë  (Script error: The function "name_from_code" does not exist.)
Red flag with a black double-headed eagle in the centre.
Flag
Coat of arms of আলবেনিয়া
Coat of arms
Motto: Ti Shqipëri, më jep nder,
më jep emrin Shqipëtar

"তুমি আলবেনিয়া, মোক সন্মান দিলা,
তুমি মোক আলবেনিয়া নাম দিলা"
Anthem: "Himni i Flamurit"
"Hymn to the Flag"
আলবেনিয়াৰ অৱস্থান (সেউজীয়া)
আলবেনিয়াৰ অৱস্থান (সেউজীয়া)
ৰাজধানী
and largest city
টিৰানা
41°19′N 19°49′E / 41.317°N 19.817°E / 41.317; 19.817
Official languagesআলবেনিয়ান
স্বীকৃত সংখ্যালঘূ ভাষা
ধৰ্ম
(২০২৩)[1]
Demonymআলবেনিয়ান
Area
• Total
28,748 বৰ্গ কি.মি. (11,100 বৰ্গ মাইল) (১৪০তম)
• Water (%)
4.7
Population
• 2023 census
2,402,113[2]
• Density
{{convert/numdisp/fracএক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "" |83.6[2]|এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""|এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""|83.6[2]}} /কিমি (এক্সপ্ৰেছন ত্ৰুটী: অবাঞ্চিত < অপাৰেটৰ /বৰ্গ মাইল)
GDP (PPP)২০২৪ estimate
• Total
বৃদ্ধি $৫৯.০৯৯ বিলিয়ন[3] (১১৮ তম)
• Per capita
বৃদ্ধি $২০,৭৩৯[3] (৮৩তম)
GDP (nominal)২০২৪ estimate
• Total
বৃদ্ধি $২৫.২৯৭ বিলিয়ন[3] (১২৫তম)
• Per capita
বৃদ্ধি $৮,৮৭৭[3] (৮৪তম)
Gini (২০১৯)positive decrease ৩৪.৩[4]
Error: Invalid Gini value
HDI (২০২২)বৃদ্ধি ০.৭৮৯[5]
Error: Invalid HDI value (৭৪তম)
Currencyলেক (ALL)
Time zoneUTC+1 (CET)
• Summer (DST)
UTC+2 (CEST)
Calling code৩৫৫
Internet TLD.al

আলবেনিয়া (ইংৰাজী: Albania) দক্ষিণ-পূব ইউৰোপৰ বলকান উপদ্বীপৰ উত্তৰ-পশ্চিম দিশত অৱস্থিত এখন ৰাষ্ট্ৰ। দেশখনৰ পশ্চিমে ভূমধ্য সাগৰৰ অন্তৰ্গত এড্ৰিয়াটিক সাগৰ আৰু দক্ষিণ-পশ্চিমে আয়নিয়ান সাগৰ, উত্তৰ-পশ্চিমে মণ্টিনিগ্ৰো, উত্তৰ-পূবত ক'ছ'ভ', পূবে উত্তৰ মেচিডোনিয়া আৰু দক্ষিণে গ্ৰীচ অৱস্থিত৷ আলবেনিয়াৰ উপকূলৰ দৈৰ্ঘ্য ৩৬২ কিলোমিটাৰ। দেশখনৰ সম্পূৰ্ণ চৰকাৰী নাম ৰিপাব্লিক অৱ আলবেনিয়া (আলবেনিয়ান: Republika e Shqipërisë)৷ ২৮৭৪৮ বৰ্গ কিলোমিটাৰ মাটিকালিৰ বৃহৎ দেশখনত ভিন্ন প্ৰান্তৰ জলবায়ু, ভূতাত্ত্বিক, জলবিজ্ঞান আৰু ৰূপগত অৱস্থা ভিন্ন হোৱা দেখা যায়৷ আলবেনিয়া দেশখন আলবেনিয়ান এল্পছ আৰু কোৰাব, স্কেণ্ডাৰবেগ, পিণ্ডাছ আৰু চেৰাউনিয়ান পৰ্বতমালাৰ বৰফেৰে আবৃত ঠেক পৰ্বতৰ পৰা আৰম্ভ কৰি এড্ৰিয়াটিক আৰু আয়নিয়ান সাগৰীয় উপকূলৰ পৰা বিস্তৃত উৰ্বৰ নিম্ন সমভূমিলৈকে বিস্তৃত। টিৰানা দেশৰ ৰাজধানী আৰু সৰ্ববৃহৎ চহৰ, তাৰ পিছতে আছে ডুৰেছ, ভ্ল'ৰে আৰু শ্বকোডেৰ।

প্ৰাচীন কালত ইলিৰিয়ানসকলে আলবেনিয়াৰ উত্তৰ আৰু মধ্য অঞ্চলত বাস কৰিছিল, আনহাতে এপিৰ'টিছসগলে দক্ষিণ অঞ্চলত বাস কৰিছিল। উপকূলত কেইখনো গুৰুত্বপূৰ্ণ প্ৰাচীন গ্ৰীক উপনিবেশ প্ৰতিষ্ঠা কৰা হৈছিল। বৰ্তমানৰ আলবেনিয়াত কেন্দ্ৰীভূত ইলিৰিয়ান ৰাজ্য মেচিডোনৰ উত্থানৰ পূৰ্বে প্ৰধান শক্তি আছিল।[6] খ্ৰীষ্টপূৰ্ব ২য় শতিকাত ৰোমান গণৰাজ্যই এই অঞ্চলটো নিজৰ অধীনলৈ আনে আৰু ৰোমান সাম্ৰাজ্য বিভাজন হোৱাৰ পিছত ই বাইজেণ্টিয়ামৰ অংশত পৰিণত হয়। প্ৰথম জ্ঞাত আলবেনিয়ান স্বায়ত্তশাসিত ৰাজধানী আৰ্বানন দ্বাদশ শতিকাত প্ৰতিষ্ঠা কৰা হৈছিল।

ত্ৰয়োদশ আৰু ১৫ শতিকাৰ ভিতৰত দেশৰ বিভিন্ন প্ৰান্তত আলবেনিয়াৰ অন্যান্য ৰাজ্য আৰু ৰাজনৈতিক শক্তিৰ সমান্তৰালভাৱে আলবেনিয়া ৰাজ্য, প্ৰিন্সিপালিটি অৱ আলবেনিয়া আৰু আলবেনিয়া ভিনেটা গঠন হৈছিল। ১৫ শতিকাৰ শেষৰ ফালে আলবেনিয়া অটোমান সাম্ৰাজ্যৰ অধীনলৈ আহে। ১৯১২ চনত আধুনিক আলবেনিয়ান ৰাষ্ট্ৰই স্বাধীনতা লাভ কৰে। ১৯৩৯ চনত ইটালীয়ে আলবেনিয়া অধিকাৰ কৰি বৃহত্তৰ আলবেনিয়া গঠন কৰে আৰু তাৰ পিছত দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত নাজী জাৰ্মানীৰ ৰক্ষিত ৰাজ্য হিচাপে পৰিগণিত হয়।[7] যুদ্ধৰ পিছত আলবেনিয়া পিপলছ ছ’চিয়েলিষ্ট ৰিপাব্লিক গঠন হয়, ১৯৯১ চনৰ বিপ্লৱৰ অন্ত পৰাৰ পিছত আলবেনিয়াত সাম্যবাদৰ পতন ঘটে আৰু শেষত বৰ্তমানৰ আলবেনিয়া ৰিপাব্লিক প্ৰতিষ্ঠা হয়।

১৯১২ চনত স্বাধীনতাৰ লাভ কৰাৰ পিছৰে পৰা আলবেনিয়াত কেইবাটাও ৰাজনৈতিক বিপ্লৱ সংঘটিত হৈছে, আলবেনিয়াৰ ৰাজতন্ত্ৰ সাম্যবাদৰ মাজেৰে পৰিৱৰ্তিত হৈ সাৰ্বভৌম সংসদীয় সাংবিধানিক গণৰাজ্যলৈ পৰিণত হৈছে। ক্ষমতা পৃথকীকৰণক অগ্ৰাধিকাৰ দিয়া সংবিধানৰ দ্বাৰা পৰিচালিত দেশখনৰ ৰাজনৈতিক গাঁথনিত সংসদ, আনুষ্ঠানিক সভাপতি, কাৰ্যক্ষম প্ৰধানমন্ত্ৰী আৰু আদালতৰ স্তৰ অন্তৰ্ভুক্ত কৰা হৈছে। আলবেনিয়া হৈছে সেৱা খণ্ডৰ দ্বাৰা পৰিচালিত উচ্চ মধ্যম আয়ৰ অৰ্থনীতিৰ উন্নয়নশীল দেশ, য'ত উৎপাদন আৰু পৰ্যটনেও উল্লেখযোগ্য ভূমিকা পালন কৰে।[8] ইয়াৰ সাম্যবাদী ব্যৱস্থা ভংগ হোৱাৰ পিছত দেশখন কেন্দ্ৰীভূত পৰিকল্পনাৰ পৰা মুক্ত বজাৰ অৰ্থনীতিলৈ স্থানান্তৰিত হয়।[9] আলবেনিয়াৰ নাগৰিকসকলক সাৰ্বজনীন স্বাস্থ্যসেৱাৰ সুবিধা আৰু বিনামূলীয়া প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা প্ৰদান কৰা হয়।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 2023 Albanian census 2024, পৃষ্ঠা. 76.
  2. 2.0 2.1 2023 Albanian census 2024, পৃষ্ঠা. 105.
  3. 3.0 3.1 3.2 3.3 "World Economic Outlook Database, October 2023 Edition. (Albania)". International Monetary FundIMF.org. 10 October 2023. https://www.imf.org/en/Publications/WEO/weo-database/2023/October/weo-report?c=914,&s=NGDPD,PPPGDP,NGDPDPC,PPPPC,&sy=2020&ey=2028&ssm=0&scsm=1&scc=0&ssd=1&ssc=0&sic=0&sort=country&ds=.&br=1। আহৰণ কৰা হৈছে: 11 October 2023. 
  4. "Gini coefficient of equivalised disposable income – EU-SILC survey". Eurostatec.europa.eu. https://ec.europa.eu/eurostat/databrowser/view/tessi190/default/table?lang=en। আহৰণ কৰা হৈছে: 12 August 2021. 
  5. "Human Development Report 2023/24". United Nations Development Programme. 13 March 2024. https://hdr.undp.org/system/files/documents/global-report-document/hdr2023-24reporten.pdf। আহৰণ কৰা হৈছে: 13 March 2024. 
  6. Howe, T. (2017). "Plain tales from the hills: Illyrian influences on Argead military development". The History of the Argeads: New Perspectives. Wiesbaden. ISBN 978-3447108515. https://books.google.com/books?id=3_S_swEACAAJ.  p. 108.
  7. Zolo, D. (27 August 2002). Invoking Humanity: War, Law and Global Order. Continuum International Publishing Group. পৃষ্ঠা. 180. ISBN 9780826456564. https://books.google.com/books?id=t7KNgpZRnM8C&q=Albania+nazi+protectorate&pg=PA181. 
  8. "Albania". The World Bank. Archived from the original on 21 September 2014. https://web.archive.org/web/20140921063450/http://data.worldbank.org/country/albania। আহৰণ কৰা হৈছে: 13 September 2014. 
  9. Reports: Poverty Decreases in Albania After Years of Growth. Dow Jones Newswires, 201-938-5500 201-938-5500 201-938-5500.Nasdaq.com