আলবেৰ কেমু
নিউ য়ৰ্ক ৱাৰ্ল্ড-টেলিগ্ৰাম এণ্ড দ্য চান আলোকচিত্ৰ সংগ্ৰহৰ পৰা কাম্যুৰ প্ৰতিকৃতি, ১৯৫৭ | |
| জন্ম | ৭ নৱেম্বৰ, ১৯১৩ মঁদৱী, ফৰাচী আলজেৰিয়া |
|---|---|
| মৃত্যু | ৪ জানুৱাৰী, ১৯৬০ (৪৬ বছৰ) ৱিলব্ল্যৱেঁ, ফ্ৰান্স |
| অঞ্চল | পাশ্চাত্য দৰ্শন |
| ধাৰা | |
| আগ্ৰহ | নীতিশাস্ত্ৰ, মানৱ প্ৰকৃতি, ন্যায়, ৰাজনীতি, আত্মহত্যাৰ দৰ্শন |
| উল্লেখযোগ্য কৰ্ম | অৰ্থহীনতাবাদ |
| স্বাক্ষৰ | |
আলবেৰ কাম্যু[টোকা 1] (French: Albert Camus, pronounced [albɛʁ kamy] ⓘ; ৭ নৱেম্বৰ ১৯১৩ – ৪ জানুৱাৰী ১৯৬০) আছিল এজন ফৰাচী দাৰ্শনিক, ঔপন্যাসিক, লেখক, নাট্যকাৰ, সাংবাদিক, বিশ্ব যুক্তৰাষ্ট্ৰবাদী,[3] আৰু ৰাজনৈতিক কৰ্মী। ৪৪ বছৰ বয়সত তেওঁ ১৯৫৭ চনৰ সাহিত্যৰ নোবেল বঁটা লাভ কৰে, যাৰ ফলত তেওঁ ইতিহাসৰ দ্বিতীয় কনিষ্ঠতম নোবেল প্ৰাপক আৰু আফ্ৰিকাত জন্মগ্ৰহণ কৰা প্ৰথমজন সাহিত্যৰ নোবেল বিজয়ী হিচাপে পৰিগণিত হয়। তেওঁৰ উল্লেখযোগ্য ৰচনাসমূহৰ ভিতৰত আছে অচিনাকিজন, প্লেগ, ছিছ্যুফ'ছ পুৰাণ, পতন আৰু বিদ্ৰোহী মানুহজন।
কাম্যুৰ জন্ম ফৰাচী আলজেৰিয়াত এটা পিয়ে-নোৱাৰ পৰিয়ালত হৈছিল। তেওঁ নিজৰ ল’ৰালি কাল এটা দুখীয়া চুবুৰীত কটাইছিল আৰু পিছলৈ আলজিয়াৰ্চ বিশ্ববিদ্যালয়ত দৰ্শন অধ্যয়ন কৰিছিল। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ১৯৪০ চনত যেতিয়া জাৰ্মানীয়ে ফ্ৰান্স আক্ৰমণ কৰিছিল, তেতিয়া তেওঁ পেৰিছত আছিল। কাম্যূৱে পলাই যাবলৈ চেষ্টা কৰিছিল যদিও অৱশেষত ফৰাচী প্ৰতিৰোধ বাহিনীত যোগ দিয়ে আৰু তাত এখন নিষিদ্ধ কাকত কঁবাৰ মুখ্য সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰে। যুদ্ধৰ পিছত তেওঁ এজন প্ৰখ্যাত ব্যক্তিত্ব হৈ পৰে আৰু বিশ্বৰ বিভিন্ন প্ৰান্তত বহু বক্তৃতা প্ৰদান কৰে। তেওঁ দুবাৰকৈ বিবাহপাশত আৱদ্ধ হৈছিল যদিও তেওঁৰ একাধিক বৈবাহিক সম্পৰ্কৰ বহিৰ্ভূত প্ৰেম আছিল। কাম্যু ৰাজনৈতিকভাৱে সক্ৰিয় আছিল; তেওঁ অনা-স্তালিনবাদী বাওঁপন্থী দলৰ অংশ আছিল, যিয়ে য়'ছেফ স্তালিন আৰু ছ'ভিয়েত সংঘৰ একনায়কত্ববাদৰ বিৰোধিতা কৰিছিল। কাম্যু এজন নীতিবাদী আছিল আৰু তেওঁৰ ধাউতি অৰাজকতা-শ্ৰমিক সংঘবাদৰ প্ৰতি আছিল। তেওঁ ইউৰোপীয় একত্ৰীকৰণৰ বাবে কাম কৰা বহু সংগঠনৰ সৈতে জড়িত আছিল। আলজেৰিয়াৰ যুদ্ধৰ (১৯৫৪–১৯৬২) সময়ত তেওঁ এক নিৰপেক্ষ স্থিতি গ্ৰহণ কৰি এক বহুসাংস্কৃতিক আৰু বহুপাক্ষিক আলজেৰিয়াৰ সপক্ষে মত প্ৰকাশ কৰিছিল, যিটো স্থিতিক বেছিভাগ দলেই প্ৰত্যাখ্যান কৰিছিল।
দাৰ্শনিক দৃষ্টিকোণৰ পৰা কাম্যুৰ মতামতসমূহে অৰ্থহীনতাবাদ নামৰ দৰ্শনৰ উত্থানত বিশেষ অৱদান যোগাইছিল। কিছুসংখ্যকে কাম্যুৰ কৰ্মৰাজিক তেওঁক এজন অস্তিত্ববাদী হিচাপে দেখুৱাব বিচাৰে, যদিও তেওঁ নিজে জীৱনকালত এই শব্দটোক দৃঢ়ভাৱে প্ৰত্যাখ্যান কৰি আহিছিল।
টোকা
[সম্পাদনা কৰক]তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Schrift, Alan D. (2010). "French Nietzscheanism". In Schrift, Alan D.. Poststructuralism and Critical Theory's Second Generation. The History of Continental Philosophy. 6. প্ৰকাশক Durham, UK: Acumen. পৃষ্ঠা. 19–46. ISBN 978-1-84465-216-7. https://www.nietzsche-en-france.fr/app/download/12288269526/SCHRIFT+-+French+Nietzscheanism.pdf.
- ↑ "Camus". Dictionary.com অভিধানৰ পৰা (অনলাইন). n.d.
- ↑ Leinen, Jo; Bummel, Andreas. "A Democratic World Parliament". democracywithoutborders.com. পৃষ্ঠাসমূহ: 1, 2. https://www.democracywithoutborders.org/files/PreliminaryContents.pdf। আহৰণ কৰা হৈছে: 12 January 2024.