সমললৈ যাওক

আলমেড চাটেল

অসমীয়া ৱিকিপিডিয়াৰ পৰা

আলমেড চাটেল (ইংৰাজী: Almede Chattelle) আছিল এজন যাযাবৰী ব্যক্তি যাক ১৮৯৪ চনত ওণ্টাৰিঅ'ৰ লিষ্টৱেলত ১৩বছৰীয়া জেচি কিথৰ হত্যাকাণ্ডৰ বাবে দোষী সাব্যস্ত কৰা হৈছিল।[1][2] কানাডিয়ান আৰক্ষী বিষয়া তথা নাৱিক জন উইলচন মাৰীয়ে পৰৱৰ্তী সময়ত তেওঁৰ আত্মজীৱনী মেমইৰ্ছ অফ এ গ্ৰেট ডিটেকটিভ-ত লিষ্টৱেল হত্যাকাণ্ডৰ তদন্তৰ বিষয়ে লিখিছিল, য’ত তেওঁ চাটেলক "গৰিলাৰ দৰে নোমাল" আৰু "বহল দেহৰ" বুলি বৰ্ণনা কৰিছিল।[3] ২০১১ চনত ষ্ট্ৰেটফৰ্ড জে’লৰ ভেটিৰ কাম চলি থকা অৱস্থাত চাটেল আৰু পাৰ্থত ফাঁচি দিয়া দ্বিতীয়জন ব্যক্তি ফ্ৰেংক ৰাফমণ্ডৰ মৃতদেহ উদ্ধাৰ কৰা হয়। চাটেল আছিল পাৰ্থত ফাঁচি দিয়া প্ৰথমজন ব্যক্তি। দুয়োৰে মৃতদেহ ষ্ট্ৰেটফৰ্ডৰ এভনডেল কবৰস্থানত পুনৰ সমাধিস্থ কৰা হয়।[4]

১৮৯৪ চনৰ ১৯ অক্টোবৰত জেচি কিথক হত্যা কৰা হৈছিল আৰু এজন নগৰবাসীয়ে তেওঁৰ ক্ষত-বিক্ষত মৃতদেহ উদ্ধাৰ কৰিছিল।[5] কিথৰ ডিঙি কটা আৰু পেট ফালি পেলোৱা অৱস্থাত উলংগ মৃতদেহ উদ্ধাৰ কৰা হৈছিল। আঘাতবোৰ ইমানেই ভয়াবহ আছিল যে সেই সময়ৰ জেক দ্য ৰিপাৰৰ হত্যাকাণ্ডৰ সৈতে ইয়াক তুলনা কৰা হৈছিল।[4] আলমেড চাটেল নামৰ এজন যাযাবৰী ব্যক্তিক এই অপৰাধৰ বাবে সন্দেহ কৰা হৈছিল আৰু হত্যাকাণ্ডৰ পাঁচ দিনৰ পিছত তেওঁক আটক কৰা হৈছিল। তেওঁৰ হাতত থকা এটা মোনাত মহিলাৰ অন্তৰ্বাস পোৱা গৈছিল, যাৰ কিছুমান তেওঁ পিন্ধি থকা বুলি অভিযোগ উত্থাপন হৈছিল।[6] সাক্ষীসকলে দাবী কৰিছিল যে হত্যাকাণ্ডৰ পূৰ্বে তেওঁক কিথৰ ঘৰৰ ওচৰৰ ৰেলপথত দেখা গৈছিল।[4] এই সন্দৰ্ভত বিচাৰ প্ৰক্ৰিয়া চলিছিল আৰু চাটেলে নিজেই নিজৰ অধিবক্তা হিচাপে কাম কৰিছিল।[6] কানাডাৰ উচ্চতম ন্যায়ালয়ৰ ভৱিষ্যতৰ ন্যায়াধীশ জন ইডিংটনে চৰকাৰীপক্ষৰ অধিবক্তা হিচাপে সেৱা আগবঢ়াইছিল।[7] গ্ৰেপ্তাৰ হোৱাৰ পিছত চাটেলে কিথক হত্যা কৰা বুলি স্বীকাৰোক্তি দিছিল,[8] কিন্তু আদালতত তেওঁ স্বীকাৰোক্তি প্ৰত্যাহাৰ কৰি নিজক নিৰ্দোষী বুলি দাবী কৰে।[5] চাৰ্টেলক কিথৰ হত্যাকাণ্ডৰ বাবে দোষী সাব্যস্ত কৰা হয় আৰু ১৮৯৫ চনৰ ৩১ মে’ত তেওঁক ফাঁচি দিয়া হয়। তেওঁ পাৰ্থ কাউণ্টিত ফাঁচি দিয়া প্ৰথমজন ব্যক্তি হিচাপে পৰিগণিত হয়।[4]

কুইনছ ইউনিভাৰ্চিটিৰ অধ্যাপিকা ড° কাৰেন ডুবিনস্কিয়ে তেওঁৰ গ্ৰন্থ ইমপ্ৰপাৰ এডভান্সচ: ৰেপ এণ্ড হেটেৰোচেক্সুৱেল কনফ্লিক্ট ইন ওণ্টাৰিঅ', ১৮৮০-১৯২৯-ত উল্লেখ কৰিছে যে যদিও প্ৰমাণসমূহে চাটেল দোষী বুলি সূচাইছিল, তথাপি তেওঁ পৰ্যাপ্ত আইনী সুৰক্ষা পোৱা নাছিল আৰু সেই সময়ৰ বাতৰি কাকতবোৰে গ্ৰেপ্তাৰ হোৱা দিনৰপৰাই তেওঁক দোষী বুলি ঘোষণা কৰিছিল।[6] তেওঁ লগতে কয় যে সেই সময়ছোৱাত এই গোচৰটোৱে অধিবক্তা আৰু কুইবেকৰ বাতৰি কাকতসমূহৰপৰা কিছু সমালোচনা লাভ কৰিছিল। তেওঁলোকে আদালতক তীব্ৰ সমালোচনা কৰিছিল কাৰণ "এজন স্পষ্টকৈ মানসিকভাৱে বিকাৰগ্ৰস্ত ব্যক্তিক নিজৰপক্ষৰ যুক্তি নিজেই দিবলৈ অনুমতি দিয়া হৈছিল।" [6]

জনপ্ৰিয় সংস্কৃতিত

[সম্পাদনা কৰক]
  • কানাডিয়ান টেলিভিছন ধাৰাবাহিক ক্ৰীপি কানাডা-ৰ তৃতীয় ছিজনৰ প্ৰথম খণ্ডত এই হত্যাকাণ্ডটো সামৰি লোৱা হৈছিল, যাৰ শিৰোনাম আছিল "গোটমেন/বেনশ্বি অফ মাৰটাউন/লিষ্টৱেল ৰিপাৰ।" এই খণ্ডটোত চাটেল আৰু কিথৰ আত্মা দেখা পোৱা বুলি কিছুমান উৰাবাতৰিৰ বিষয়েও উল্লেখ কৰা হৈছে।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Brown, Ron (2006-01-01) (en ভাষাত). Behind Bars: Inside Ontario's Heritage Gaols. Dundurn. পৃষ্ঠা. 65. ISBN 9781897045176. https://books.google.com.
  2. (fr ভাষাত) L 'Unión médicale du Canada. Union Médicale du Canada.. 1897-01-01. পৃষ্ঠা. 19. https://books.google.com.
  3. Murray, John Wilson (1905-01-01) (en ভাষাত). Memoirs of a great detective: incidents in the life of John Wilson Murray. The Baker & Taylor co.. পৃষ্ঠা. 385–389. https://archive.org.
  4. 1 2 3 4 "Remains discovered next to jail". The London Free Press. https://lfpress.com আহৰণ কৰা হৈছে: 2015-12-01.
  5. 1 2 (en ভাষাত) The Quarterly Register of Current History. Evening News Association. 1896-01-01. পৃষ্ঠা. 160. https://books.google.com.
  6. 1 2 3 4 Dubinsky, Karen (1993-09-15) (en ভাষাত). Improper Advances: Rape and Heterosexual Conflict in Ontario, 1880-1929. University of Chicago Press. পৃষ্ঠা. 99–103. ISBN 9780226167534. https://books.google.com.
  7. সাঁচ:Cite DCB
  8. "Chattelle's Confession. His Account of the Fiendish Murder of Little Jessie Keith.". The Ottawa Journal from Ottawa, · Page 1. October 27, 1894. https://www.newspapers.com আহৰণ কৰা হৈছে: 2015-12-01.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]