সমললৈ যাওক

আলাউদ্দিন আল আজাদ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আলাউদ্দিন আল আজাদ

১৯৫৪ চনত আজাদ
স্থানীয় নাম আলাউদ্দিন আল আজাদ
জন্ম ৬ মে', ১৯৩২
ঢাকা,বেংগল প্ৰেচিডেন্সি,ব্ৰিটিছ ইণ্ডিয়া
মৃত্যু ৩ জুলাই, ২০০৯ (৭৭ বছৰ)
ঢাকা,বাংলাদেশ
ৰাষ্ট্ৰীয়তা বাংলাদেশী
শিক্ষা Phd
শিক্ষানুষ্ঠান ঢাকা বিশ্ববিদ্যালয়
লণ্ডন বিশ্ববিদ্যালয়

আলাউদ্দিন আল আজাদ (ইংৰাজী: Alauddin Al-Azad; জন্ম: ৬ মে' ১৯৩২ - মৃত্যু: ৩ জুলাই ২০০৯)[1]) বাংলাদেশৰ এজন ঔপন্যাসিক, প্ৰবন্ধকাৰ, কবি, নাট্যকাৰ, গৱেষক আৰু অধ্যাপক। তেওঁৰ লিখনিবিলাক আছিল সংগ্ৰামী আৰু আশাবাদী। সমসাময়িক নাগৰিক জীৱনৰ সমস্যাসমূহ তেওঁ লিখিছিল। ১৯৫২ চনৰ ভাষা আন্দোলনৰ সক্ৰিয় কৰ্মী আছিল তেওঁ। তেওঁৰ প্ৰথম উপন্যাস তেইছ নম্বৰ তৈলচিত্ৰ ১৯৬০ চনত প্ৰকাশ পাইছিল।

মিৰপুৰৰ শ্বহীদ বুদ্ধিজীৱীৰ কবৰস্থানত আজাদৰ কবৰ

১৯৩২ চনৰ ৬ মে’ত নৰসিংদী জিলাৰ ৰায়পূৰা উপজিলাৰ ৰামনগৰ গাঁৱত আলাউদ্দিন আল আজাদৰ জন্ম হৈছিল। পিতৃ-গাজী আব্দুস সোবহান. মাতৃ-মোসাম্মাৎ আমেনা খাতুন, পত্নী- জামিলা আজাদ। ১৯৪৭ চনত নাৰায়ণপুৰ শাৰফতুল্লাহ হাই ইংৰাজী স্কুল, ৰায়পূৰা ৰপৰা প্ৰৱেশিকা, আৰু কলা শাখাত উচ্চতৰ মাধ্যমিক আৰু ১৯৫৪ চনত ঢাকা বিশ্ববিদ্যালয়ৰ বাংলা বিভাগৰপৰা অনাৰ্ছ সহ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। তাৰ পিছত তেওঁ চৰকাৰী মহাবিদ্যালয়ত শিক্ষকতাত যোগদান কৰে। নাৰায়ণগঞ্জৰ তোলাৰাম মহাবিদ্যালয় (১৯৫৫), ঢাকা জগন্নাথ মহাবিদ্যালয় (১৯৫৬-৬১), চিলেট এম চি কলেজ (১৯৬২-৬৮) আৰু চট্টগ্ৰাম চৰকাৰী মহাবিদ্যালয় (১৯৬৪-৬৭)ত অধ্যাপনা কৰিছিল। এবছৰ (১৯৭৪-৭৫) ঢাকা মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি পিছলৈ চট্টগ্ৰাম বিশ্ববিদ্যালয়বাংলা বিভাগৰ অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰে। পেছাদাৰী জীৱনত তেওঁ মস্কোত থকা বাংলাদেশৰ দূতাবাসত, এৰশ্বাদৰ কাৰ্যকালত সাংস্কৃতিক উপদেষ্টা হিচাপে, শিক্ষা সচিব হিচাপে, সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু শিক্ষা মন্ত্ৰ্যালয়ত কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৭০ চনত লণ্ডন বিশ্ববিদ্যালয়ৰপৰা ঈশ্বৰগুপ্তৰ জীৱন আৰু কবিতাৰ ওপৰত পি এইচ ডি ডিগ্ৰী লাভ কৰে। ২০০৯ চনৰ ৩ জুলাই শুকুৰবাৰে নিশা উত্তৰ ঢাকাৰ নিজা বাসগৃহ ৰত্নদ্বীপত বাৰ্ধক্যজনিত কাৰণত তেওঁৰ মৃত্যু হয়।

লিখন শৈলী

[সম্পাদনা কৰক]

২০ শতিকাৰ পঞ্চাশৰ দশকত তেওঁ সাহিত্যৰ ক্ষেত্ৰখনত আত্মপ্ৰকাশ কৰিছিল। এই সময়ছোৱাত বাংলা সাহিত্যক সমৃদ্ধ কৰাৰ চেষ্টা কৰা সকলৰ ভিতৰত তেওঁ অন্যতম। প্ৰগতিশীল আৰু মানৱতাবাদী শাৰীত আজাদে সাহিত্য চৰ্চা কৰিছিল। তেওঁৰ প্ৰাথমিক জীৱনত গাঁৱৰ মানুহ আৰু তেওঁলোকৰ সংগ্ৰাম, প্ৰকৃতিৰ সমৃদ্ধি আৰু ধ্বংসৰ প্ৰতিচ্ছবি দুয়োটাই তেওঁৰ মনত এটা ছাপ পেলাই থৈ গৈছিল। নগৰীয়া জীৱনৰ কৃত্ৰিমতা, ৰাজনৈতিক সংগ্ৰাম, অত্যাচাৰ, প্ৰতাৰণাক তেওঁ নিজৰ কল্পকাহিনীৰ বিষয়বস্তু কৰি লৈছিল।আলাউদ্দিন আল আজাদ আছিল পৰিশোধিত ভাষাৰ লেখক। তেওঁ আছিল বাস্তৱ জীৱনৰ গল্পকাৰ। তেওঁৰ ভাষাত বাস্তৱে গঢ় লৈ উঠিল। তেওঁ সংস্কৃত শব্দ পৰিহাৰ কৰি চলিছিল বুলি কোৱা হয়। তেওঁ মূলতঃ মধ্যবিত্ত আৰু নিম্নবৰ্গৰ পৰিয়ালক গল্প, কবিতাত চিত্ৰিত কৰিছিল। তেওঁৰ কাহিনীবোৰ দীঘলীয়া আৰু জটিল আছিল[2]আলাউদ্দিন আল আজাদ ভাষা আন্দোলনৰ জনমুখী আৰু দেশপ্ৰেমমূলক সাহিত্য ধাৰাৰ লেখক আছিল। বাংলাদেশৰ স্বাধীনতা আন্দোলনৰ সংগ্ৰাম আৰু মুক্তিযুদ্ধই তেওঁক এজন অনুপ্ৰাণিত আৰু দায়িত্বশীল শিল্পীৰ ভূমিকা গ্ৰহণ কৰিবলৈ অনুপ্ৰাণিত কৰিছিল। আলাউদ্দিন আল আজাদৰ সাহিত্যিক চিন্তাৰ কেন্দ্ৰবিন্দু হৈছে মানুহ আৰু সমাজ। তেওঁৰ আদৰ্শবাদ আৰু প্ৰগতিবাদে তেওঁ সৃষ্টি কৰা সাহিত্যত এক আকৰ্ষণীয় ৰূপ ধাৰণ কৰিছে ।

উপন্যাস

[সম্পাদনা কৰক]
  • তেইছ নম্বৰ তৈলচিত্ৰ (১৯৬০) - মানসিক বিশ্লেষণাত্মক উপন্যাস
  • শীতৰ শেষ নিশা বসন্তৰ প্ৰথম দিন (১৯৬২)
  • কৰ্ণফুলী (১৯৬২)
  • ক্ষুধা ও আশা (১৯৬৪)
  • খছৰা কাগোজ (১৯৮৬)
  • শ্যাম ছায়াৰ সংবাদ (১৯৮৬)
  • জ্যোৎস্নাৰ অজানা জীৱন (১৯৮৬)
  • যেখানে দাঁড়িয়ে আছি (১৯৮৬)
  • স্বাগতম ভালোবাসা(১৯৯০)
  • অপৰ যোদ্ধাৰা (১৯৯২)
  • পুৰাণা পল্টন (১৯৯২)
  • অন্তৰীক্ষে বৃক্ষৰাজি (১৯৯২)
  • প্ৰিয় প্ৰিন্স (১৯৯৫)
  • কেম্পাছ (১৯৯৪)
  • অনূদিত অন্ধকাৰ (১৯৯১)
  • স্বপ্নাশীলা (১৯৯২)
  • কালো জ্যোৎস্নায় চন্দ্ৰমল্লিকা(১৯৯৬)
  • বিশৃঙ্খলা(১৯৯৭)
  • জেগে আছি (প্ৰথম প্ৰকাশিত গ্ৰন্থ)
  • ধানকন্যা -১৯৫০
  • মৃগণাভি -১৯৫৩
  • অন্ধকাৰ চিৰী - ১৫৫৮
  • উজান তৰঙ্গে -১৯৬২
  • যখন সৈকত -১৯৬৭
  • আমাৰ ৰক্ত স্বপ্ন আমাৰ - ১৯৭৫
  • জীৱন জমিন -১৯৮৮
  • মানচিত্ৰ
  • ভোৰেৰ নদীৰ মোহনায় জাগৰণ
  • সূৰ্য জ্বালাৰ স্বপ্ন
  • লেলিহান পাণ্ডুলিপি
  • স্মৃতিস্তম্ভ

ৰচনাবলী

[সম্পাদনা কৰক]

আলাউদ্দিন আল আজাদৰ সাহিত্য সমালোচনা আৰু চিন্তাশীলতাতো আছিল বিচক্ষনতা।

  • শিল্পেৰ সাধনা (১৯৫৮)
  • সাহিতেৰ আগন্তুক ঋতু (১৯৭৪)
  • নজৰুল গৱেষণা: ধাৰা ও প্ৰকৃতি (১৯৮২)
  • মায়াকোভস্কি ও নজৰুল (১৯৮৫)
  • সাহিত্য সমালোচনা (১৯৮৯)

স্বাধীনতা যুদ্ধৰ ওপৰত লেখা গ্ৰন্থ

[সম্পাদনা কৰক]
  • ফেৰাৰী ডায়েৰী
  • নৰকে লাল গোলাপ : মুক্তিযুদ্ধভিত্তিক নাটক
  • এহুদেৰ মেয়ে ( কাব্যনাট্য)
  • মৰোক্কোৰ জাদুকৰ ( ৰূপক নাটক)
  • ধন্যবাদ
  • মায়াবী প্ৰহৰ
  • সংবাদ শেষাংশ

পুৰস্কাৰ

[সম্পাদনা কৰক]
  • বাংলা একাডেমি পুৰস্কাৰ ১৯৬৪
  • ইউনেস্কো পুৰস্কাৰ ১৯৬৫
  • জাতীয় চলচ্চিত্ৰ পুৰস্কাৰ ১৯৭৭
  • আবুল কালাম শামসুদ্দীন সাহিত্য পুৰস্কাৰ ১৯৮৩
  • আবুল মনসুৰ আহমেদ সাহিত্য পুৰস্কাৰ ১৯৮৪
  • লেখিকা সংঘ পুৰস্কাৰ ১৯৮৫
  • ৰংধনু পুৰস্কাৰ ১৯৮৫
  • অলক্তা সাহিত্য পুৰস্কাৰ ১৯৮৬
  • একুশে পদক ১৯৮৬
  • শেৰে বাংলা সাহিত্য পুৰস্কাৰ ১৯৮৭
  • নাট্যসভা ব্যক্তিত্ব পুৰস্কাৰ ১৯৮৯
  • কথক একাডেমী পুৰস্কাৰ ১৯৮৯
  • দেশবন্ধু চিত্তৰঞ্জন দাশ স্বৰ্ণ পদক ১৯৯৪
  1. "Alauddin Al Azad dies at 77". bdnews24.com. 2009-07-04. http://bdnews24.com/bangladesh/2009/07/04/alauddin-al-azad-dies-at-77.
  2. আজাদ আল আলাউদ্দিন (ফেব্ৰুৱাৰী ১৯৯৭). বাংলাদেশেৰ ছোট গল্প. সৈয়দ জাকিৰ হোসাইন. পৃষ্ঠা. ২৩১,২৩৩.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]