আলিছা আব্দুল্লা
| আলিছা আব্দুল্লা | |
|---|---|
| জন্ম | সাঁচ:জন্ম তাৰিখ আৰু বয়স[1] চেন্নাই, ভাৰত। |
| ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
| পেচা | মটৰস্পৰ্ট |
| দাম্পত্যসঙ্গী | নবীন দেৱনৰাজ (বি. ভুল: অযোগ্য সময়) |
আলিছা আব্দুল্লা (ইংৰাজী: : Alisha Abdullah ; জন্ম: ২৪ জুলাই, ১৯৮৯) এগৰাকী ভাৰতীয় ৰেচিং চালক। তেওঁ দেশৰ প্ৰথম মহিলা ৰাষ্ট্ৰীয় দৌৰ চেম্পিয়ন।[2][3]
ৰেচিং আৰু অন্যান্য কৰ্ম
[সম্পাদনা কৰক]তেওঁৰ দৌৰবিদ্যা জীৱন ১০ বছৰ বয়সতে আৰম্ভ হৈছিল, হেইয়া তেওঁ ইনড’ৰ কাৰ্ট ৰেচিঙৰ পৰা আৰম্ভ কৰিছিল।[1]
২০১৬ চনত, তেওঁ আলিছা আব্দুল্লা ৰেচিং একাডেমী প্ৰতিষ্ঠা কৰে, যাৰ জৰিয়তে তেওঁ প্ৰতিভাসম্পন্ন দৌৰবিদসকলক চিনাক্ত কৰি সহায় প্ৰদান কৰে।[4]
২০১৮ চনত, ভাৰতৰ পৰা মোটৰস্পৰ্টস ক্ষেত্ৰত পদাৰ্পণ কৰা প্ৰথমগৰাকী মহিলা হিচাপে ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দ আৰু মহিলা আৰু শিশুকল্যাণ মন্ত্ৰী মেনেকা সঞ্জয় গান্ধীয়ে তেওঁক ভাৰতৰ পৰা মটৰস্পৰ্টছৰ ক্ষেত্ৰত নামি অহা 'প্ৰথম মহিলা' হিচাপে তেওঁক সম্বৰ্ধনা জনায়।[5]
২০২০ চনৰ জুলাই মাহত তেওঁক ৰাষ্ট্ৰীয় মানৱ অধিকাৰ অপৰাধ বিৰোধী আৰু দুৰ্নীতি বিৰোধী ব্যুৰোৰ তামিলনাডু ৰাজ্যিক মহিলা সভানেত্ৰী হিচাপে নিযুক্তি দিয়া হয়।[6]
ৰাজনৈতিক যাত্ৰা
[সম্পাদনা কৰক]আব্দুল্লাই ২০২২ চনৰ ছেপ্টেম্বৰ মাহত ভাৰতীয় জনতা পাৰ্টিৰ তামিলনাডু ইউনিটত যোগদান কৰে।[7] বিজেপিত যোগদান কৰাৰ পিছত তেওঁ কয় যে তেওঁৰ লক্ষ্য হৈছে সংসদৰ সদস্য হোৱা।[8]
তেওঁ তামিলনাডুত হিন্দী ভাষাক বাধ্যতামূলক ভাষা হিচাপে পৰামৰ্শ দিয়ে।[9]
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]তেওঁৰ পিতৃ আৰ এ আব্দুল্লাও এজন বিখ্যাত বাইক ৰেচাৰ আৰু সাতবাৰৰ ৰাষ্ট্ৰীয় চেম্পিয়ন।[4]
২০১৬ চনৰ জুন মাহত আব্দুল্লাই পাইলট ভেল নবীন দেৱানৰাজৰ সৈতে বাগ্দান কাৰ্য্য সম্পন্ন কৰে।[10] ২০১৭ চনৰ ১৮ জানুৱাৰীত বালিত ব্যক্তিগত অনুষ্ঠানত তেওঁৰ সৈতে বিবাহপাশত আবদ্ধ হয়।[11][12]
চলচ্চিত্ৰ
[সম্পাদনা কৰক]২০১৪ চনত তামিল চলচ্চিত্ৰ ইৰুম্বু কুথিৰাই ত অভিনয় কৰিছিল। [6]
তথ্য সূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 "বাইক ৰেচাৰ সহ তামিল অভিনেত্ৰী আলিছা আব্দুল্লাই যোগদান BJP". https://www.indiaglitz.com/bike-racer-actress-alisha-abdullah-bjp-ajith-kumar-irumbu-kuthirai-tamil-news-323165.
- ↑ "Biker girl's thirst for speed". Deccan Chronilce. 11 May 2014. https://www.deccanchronicle.com/140511/sports-motor-sports/article/biker-girl’s-thirst-speed.
- ↑ "Alisha Abdullah journey". Pressroom. https://pressroom.today/2020/10/21/alisha-abdullah-journey/.
- ↑ 4.0 4.1 "Built for speed". The Hindu. 9 February 2019. https://www.thehindu.com/education/built-for-speed/article26222734.ece.
- ↑ "'I always wanted to get an award from the President'". Asian Age. 22 January 2018. https://www.asianage.com/life/more-features/220118/i-always-wanted-to-get-an-award-from-the-president.html.
- ↑ 6.0 6.1 "Alisha Abdullah is now the state president of National Human Rights and Anti Corruption and Bureau". Times of India. https://timesofindia.indiatimes.com/entertainment/tamil/movies/news/alisha-abdullah-is-now-the-state-president-of-national-human-rights-and-anti-corruption-and-bureau/articleshow/76814360.cms.
- ↑ "National motorsport racer Alisha Abdullah joins BJP". ThePrint. 3 September 2022. https://theprint.in/india/national-motorsport-racer-alisha-abdullah-joins-bjp/1115212/.
- ↑ "நான் எம்.பி ஆக வருவேன் - அலிஷா அப்துல்லா சவால்! Alisha Abdullah | Alisha Abdullah Joins BJP". YouTube. https://www.youtube.com/watch?v=554RtHC3axQ&feature=youtu.be.
- ↑ "அய்யப்பன் நிறுத்திக்கோங்க..! AYYAPPAN RAMASAMY Interview with Alisha Abdullah BJP | Sathurangam-19". YouTube. https://www.youtube.com/watch?v=-pWfGa2mKTg.
- ↑ "Biker girl Alisha gets engaged!". The Times of India. ISSN 0971-8257. https://timesofindia.indiatimes.com/entertainment/tamil/movies/news/biker-girl-alisha-gets-engaged/articleshow/52744642.cms.
- ↑ Patra, Pratyush (2017-07-04). "I want to be like Kalpana Chawla, says Alisha Abdullah" (en ভাষাত). The Asian Age. https://www.asianage.com/entertainment/bollywood/040717/i-want-to-be-like-kalpana-chawla-says-alisha-abdullah.html। আহৰণ কৰা হৈছে: 2024-10-21.
- ↑ "A wedding by the beach in Bali for Alisha". The Times of India. 2017-01-16. ISSN 0971-8257. https://timesofindia.indiatimes.com/entertainment/tamil/movies/news/a-wedding-by-the-beach-in-bali-for-alisha/articleshow/52554255.cms.