সমললৈ যাওক

আলিজা গুৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আলিজা গুৰ

১৯৬৪ চনত গুৰ
স্থানীয় নাম עליזה גור
জন্ম আলিজিয়া গ্ৰছ
১ এপ্ৰিল, ১৯৪০ (৮৬ বছৰ)
ৰামাত গান, ব্ৰিটিছ মেণ্ডেট অৱ পেলেষ্টাইন (বৰ্তমান ইজৰাইল)
অন্য নাম আলিজা গ্ৰছ
আলিজিয়া গুৰ
আলিজিয়া গ্ৰছ
শিক্ষানুষ্ঠান হাইফা বিশ্ববিদ্যালয়
পেচা
  • অভিনেত্ৰী
  • সৌন্দৰ্য প্ৰতিযোগিতাৰ বিজয়ী
সক্ৰিয় হৈ থকা সময় ১৯৬০–১৯৭৩
জনা যায়
  • ফ্ৰম ৰাছিয়া উইথ লাভ
  • নাইট ট্ৰেইন টু পেৰিছ
  • টাৰজান এণ্ড দ্য জাংগল বয়
পদবী মিছ ইজৰাইল ১৯৬০
দাম্পত্যসঙ্গী
  • চিমুৰ "চাই" শ্বুলমেন (বি. ১৯৬৪; বিবি. ১৯৭৭)
  • শ্বেলডন শ্ৰেগাৰ (বি. ১৯৭৮; বিবি. ১৯৯৬)[1]

আলিজা গুৰ (ইংৰাজী: Aliza Gur; জন্ম: আলিজিয়া গ্ৰছ; ১ এপ্ৰিল ১৯৪০) এগৰাকী ইজৰাইলী অভিনেত্ৰী আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী। তেওঁ ১৯৬০ চনৰ মিছ ইজৰাইল হিচাপে নিৰ্বাচিত হৈছিল আৰু মিয়ামি বীচত অনুষ্ঠিত মিছ ইউনিভাৰ্ছ ১৯৬০ প্ৰতিযোগিতাত ছেমি ফাইনেলিষ্ট আছিল।[2] তেওঁ ১৯৬৩ চনৰ জেমছ বণ্ড চলচ্চিত্ৰ ফ্ৰম ৰাছিয়া উইথ লাভত ভিদা নামৰ চৰিত্ৰটোত অভিনয় কৰিছিল।

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

১৯৪০ চনৰ ১ এপ্ৰিলত ব্ৰিটিছ মেণ্ডেট অৱ পেলেষ্টাইনৰ (বৰ্তমান ইজৰাইল) ৰামাত গানত এটি আশ্বকেনাজী ইহুদী বংশোদ্ভৱ পৰিয়ালত আলিজিয়া গ্ৰছৰ জন্ম হৈছিল। হিটলাৰৰ একনায়কত্ববাদৰ সময়ত তেওঁৰ পিতৃ-মাতৃয়ে নাজী জাৰ্মানীৰপৰা পলাই আহি ৰামাত গান চহৰত বসতি স্থাপন কৰিছিল, য’ত তেওঁ আৰু তেওঁৰ ভাতৃৰ জন্ম হৈছিল। তেওঁ হাইফা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিল, য’ত তেওঁ টিউচন ফী পৰিশোধ কৰাত সহায়ক হোৱাকৈ পোছাক ডিজাইন কৰিছিল আৰু প্ৰস্তুত কৰিছিল। তেওঁৰ প্ৰথমটো সৌন্দৰ্য প্ৰতিযোগিতাৰ জয় আছিল মিছ হাইফা হিচাপে।[3][4]

তেওঁ ইজৰাইল প্ৰতিৰক্ষা বাহিনীত এগৰাকী সৈনিক হিচাপে যোগদান কৰিছিল। গুৰে তেল আভিভত এজন সুপৰিচিত পৰিচালক পিটাৰ ফ্ৰাইৰ অধীনত অভিনয়ো শিকিছিল।[5] ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সৌন্দৰ্য প্ৰতিযোগিতাত সফলতা লাভ কৰাৰ পাছত তেওঁ কেলিফৰ্ণিয়াত থিতাপি লয়, য’ত তেওঁ চলচ্চিত্ৰ আৰু টেলিভিছনৰ কেৰিয়াৰ আৰম্ভ কৰে। তেওঁৰ পিতৃ-মাতৃও আমেৰিকা যুক্তৰাষ্ট্ৰলৈ প্ৰব্ৰজন কৰিছিল আৰু কিছুকালৰ বাবে ওহিঅ’ৰ ক্লিভলেণ্ডত বাস কৰিছিল; ১৯৭০-ৰ দশকত তেওঁলোকৰ মৃত্যু হয়। ১৯৬০ চনত ইজৰাইলী বণ্ড ক্ৰয়ত সহায় কৰাৰ উদ্দেশ্যে তেওঁ আমেৰিকা ভ্ৰমণ কৰিছিল।

অভিনয় জীৱন

[সম্পাদনা কৰক]

১৯৬৫ চনত তেওঁ প্ৰেৰী মেছনৰ "দ্য কেছ অফ দ্য বেফলিং বাগ" খণ্ডত ড° নিনা ৰিভেলিৰ চৰিত্ৰত অতিথি শিল্পী হিচাপে অভিনয় কৰিছিল। তেওঁৰ অন্যান্য টেলিভিছন কামৰ ভিতৰত দ্য বিগ ভেলী, ডেনিয়েল বুন, গেট স্মাৰ্ট, দ্য ৱাইল্ড ৱাইল্ড ৱেষ্ট আৰু এডভেন্সাৰ্ছ ইন পেৰাডাইজ উল্লেখযোগ্য। তেওঁ অভিনয় কৰা চলচ্চিত্ৰসমূহৰ ভিতৰত আছে এক্সোডাছ (১৯৬০), এ প্লেচ টু গো (১৯৬২), ফ্ৰম ৰাছিয়া উইথ লাভ (১৯৬৩), নাইট ট্ৰেইন টু পেৰিছ (১৯৬৪), এজেণ্ট ফৰ এইচ.এ.আৰ.এম. (১৯৬৬), কিল এ ড্ৰেগন (১৯৬৭), দ্য হেণ্ড অফ নাইট (১৯৬৮), আৰু তেওঁৰ অন্তিমখন ছবি টাৰজান এণ্ড দ্য জাংগল বয় (১৯৬৮)।[6][7][8]

তেওঁৰ আটাইতকৈ বিখ্যাত চৰিত্ৰটো আছিল ১৯৬৩ চনৰ জেমছ বণ্ড চলচ্চিত্ৰ ফ্ৰম ৰাছিয়া উইথ লাভৰ ভিদা। এই ছবিখনত তেওঁ দুজনী যুঁজাৰু জিপচীৰ এগৰাকী হিচাপে মিছ জামাইকাৰ মাৰ্টিন বেচউইকৰ সৈতে যুঁজ দিছিল।[9] এই ছবিখনৰ মুখ্য অভিনেত্ৰী ডেনিয়েলা বিয়ানচি ১৯৬০ চনৰ মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাত গুৰৰ ৰূমমেট আছিল।[6]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

গুৰে দুবাৰকৈ বিবাহপাশত আবদ্ধ হৈছিল। তেওঁৰ প্ৰথম বিবাহ ১৯৬৪ চনত চিডাৰ্ছ অৱ লেবানন হাস্পতালৰ সঞ্চালক চাই শ্বুলমেনৰ সৈতে হৈছিল। ইয়াৰ পিছত তেওঁ কলম্বিয়া পিকচাৰ্ছৰ প্ৰডাকচনৰ দায়িত্বত থকা উপ-সভাপতি তথা চলচ্চিত্ৰ প্ৰযোজক শ্বেলডন শ্ৰেগাৰৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল।[10] প্ৰথম বিবাহৰ ফলত তেওঁৰ এজন পুত্ৰ সন্তান আছে। তেওঁৰ দুয়োখন বিবাহেই বিবাহ বিচ্ছেদত পৰিণত হয়।[উদ্ধৃতিৰ প্ৰয়োজন]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Profile, glamourgirlsofthesilverscreen.com; accessed 2 December 2015.
  2. Tom Lisanti, Louis Paul (10 April 2002). Film fatales: women in espionage films and television, 1962-1973. McFarland. ISBN 9780786411948. https://books.google.com/books?id=4VJCaXXANA0C&q=Aliza+Gur&pg=PA137 আহৰণ কৰা হৈছে: 6 June 2011.
  3. Miami News, Miami, Florida, pg. 13, 19 June 1960
  4. She designed dresses in "Miss Israel to Visit Syracuse", The Post-Standard, Syracuse, New York, pg. 9, 12 December 1960
  5. Independent Star News, Padadena, California, pg. 64, 19 November 1967
  6. 1 2 আলিজা গুৰ সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
  7. Appeared in Adventures in Paradise in "TV Guide", Honolulu Star-Bulletin, Honolulu, Hawaii, pg. 75, 15 January 1961
  8. Appeared in Exodus and A Place to Go in Luft, Herbert, "Hollywood", St. Louis Jewish Light, pg. 20, 6 December 1967
  9. "Movie Mayhem", The Salem News, Salem, Ohio, pg. 12, 15 October 1963
  10. Warren, Patricia (1983) (en ভাষাত). Elstree, the British Hollywood. Elm Tree Books. ISBN 978-0-241-10955-7. https://www.google.pt/books/edition/Elstree_the_British_Hollywood/q5kYAAAAMAAJ?hl=fr&gbpv=1&bsq=%22Sheldon+Schrager%22+-wikipedia+ALiza+gur&dq=%22Sheldon+Schrager%22+-wikipedia+ALiza+gur&printsec=frontcover.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]