সমললৈ যাওক

আলিণ্ডি

অসমীয়া ৱিকিপিডিয়াৰ পৰা

আলিণ্ডি (Alindi), যাক ফুটা বেনাদিৰ বুলিও জনা যায়, এবিধ ছোমালি বস্ত্ৰ। সাধাৰণতে পৰম্পৰাগত সাজ-পাৰৰ অংশ হিচাপে পৰিধান কৰা এই কাপোৰবিধ ইয়াৰ বিভিন্ন ৰঙীন আঁচৰ দ্বাৰা চিনাক্ত কৰিব পৰা যায়। ইয়াৰ আটাইতকৈ জনপ্ৰিয় ৰঙৰ আৰ্হিটো হৈছে মিদাব বোকোৰেড (ৰাজকীয় ৰং), যিটো মূলতঃ কিছুমান ছাগলীৰ নোমৰ ৰঙৰ দ্বাৰা অনুপ্ৰাণিত।[1] এই বস্ত্ৰবিধ বহু শতিকা ধৰি ছোমালি ঐতিহ্যৰ প্ৰতীক হৈ আছে আৰু বিভিন্ন অনুষ্ঠান তথা উৎসৱত পৰিধান কৰা হয়।[2][3][4][5]

ঐতিহাসিকভাৱে মোগাদিছু চহৰে এক বস্ত্ৰ উৎপাদন কেন্দ্ৰ হিচাপে কাম কৰিছিল আৰু ভাৰত মহাসাগৰ, লোহিত সাগৰ আৰু পাৰস্যোপসাগৰৰ দেশসমূহলৈ কাপোৰ ৰপ্তানি কৰিছিল।[6] ১৩৩০ চনত ইবন বটুতা চহৰখন ভ্ৰমণ কৰি ইয়াৰ বস্ত্ৰশিল্পক "অতুলনীয়" বুলি বৰ্ণনা কৰিছিল, যি ইজিপ্ত তথা অন্যান্য ঠাইলৈ ৰপ্তানি কৰা হৈছিল। ১৯ শতিকাৰ ভিতৰত মোগাদিছুৰ প্ৰতি পাঁচজন বাসিন্দাৰ ভিতৰত এজন শিপিনী আছিল বুলি অনুমান কৰা হৈছিল।[7]

অৱশেষত এই মৰ্যাদাপূৰ্ণ বস্ত্ৰ উদ্যোগটো বিদেশৰ পৰা, বিশেষকৈ আমেৰিকাৰ কলসমূহৰ পৰা বৃহৎ পৰিমাণে উৎপাদিত কপাহী কাপোৰৰ আমদানিৰ ফলত প্ৰতিযোগিতাৰ সন্মুখীন হয়।[3] তথাপিও ছোমালি লোকসকলে আমদানি কৰা কাপোৰতকৈ থলুৱাভাৱে তৈয়াৰী কাপোৰহে পছন্দ কৰিছিল। সস্তা আমেৰিকান আমদানিৰ সৈতে প্ৰতিযোগিতা কৰিবলৈ ছোমালি কাৰিকৰসকলে বেনাদিৰৰ ভিতৰুৱা অঞ্চলৰ পৰা কপাহ সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰিছিল। ১৮৮০-ৰ দশকত ভ্ৰমণকাৰীসকলে শ্বেবেলে নদীৰ পাৰত প্ৰচুৰ পৰিমাণে কপাহ খেতি হোৱাৰ কথা উল্লেখ কৰিছিল। কেঁচা কপাহবোৰ গাধ বা উটৰ সহায়ত উপকূলীয় চহৰলৈ পৰিবহণ কৰা হৈছিল, য’ত বীজ চাফা কৰি সূতা কটা হৈছিল।[8]

১৯২০ চনৰ এক প্ৰতিবেদন অনুসৰি মোগাদিছুত কেইবাশ তাঁত চলি আছিল, য’ত প্ৰধানকৈ পুৰুষসকলে কাম কৰিছিল। বেনাদিৰ উপকূলৰ অন্যান্য চহৰ যেনে মাৰ্কাতো কাপোৰ উৎপাদন কৰা হৈছিল আৰু ইয়াৰ ৰপ্তানি মমবাসা তথা জাঞ্জিবাৰলৈ গৈছিল। ১৮৪০-ৰ দশকত ছোমালিয়াৰ পৰা পূব আফ্ৰিকালৈ বছৰি ৩,৬০,০০০ ৰ পৰা ৩,৮০,০০০ খন কপাহী কাপোৰ ৰপ্তানি কৰা হৈছিল বুলি অনুমান কৰা হৈছে, যাৰ এক বৃহৎ অংশ ইথিঅ’পিয়াৰ ভিতৰুৱা অঞ্চললৈও বেপাৰ কৰা হৈছিল। কাৰুকাৰ্য খচিত টুপী আৰু চাদৰৰ দৰে সামগ্ৰীও ওচৰ-চুবুৰীয়া দেশলৈ ৰপ্তানি কৰা হৈছিল।[9]

কলত তৈয়াৰী সূতা অহাৰ পিছতো ছোমালি মহিলাসকলে সূতা কটা কাম অব্যাহত ৰাখিছিল আৰু তেওঁলোক চাব-চাহাৰন আফ্ৰিকাৰ ভিতৰতে ক্ষুদ্ৰ হাত-চালিত যঁতৰৰ প্ৰযুক্তি গ্ৰহণ কৰা প্ৰথম আছিল। ১৯৫০-ৰ দশকলৈকে বেনাদিৰ উপকূলৰ হাজাৰোধিক পৰিয়ালে তাঁত শিল্পৰ সৈতে জড়িত আছিল আৰু থলুৱা বস্ত্ৰসমূহ বিশেষ অনুষ্ঠানৰ বাবে সংৰক্ষিত উচ্চ মৰ্যাদাৰ সামগ্ৰী হিচাপে গণ্য কৰা হৈছিল।[10]

বেনাদিৰ অঞ্চলৰ উপকূলীয় কাৰিকৰ টুননি সকলৰ লগতে স্থানীয় শিল্পীসকলে আলিণ্ডি বোৱা কামত অংশগ্ৰহণ কৰিছিল।[11] এই কাপোৰক ভিতৰুৱা অঞ্চলত কাৰ গুৰী আৰু উপকূলীয় অঞ্চলত টুব বেনাদিৰী নামেৰে জনা গৈছিল। এইসমূহ কেৱল স্থানীয় ব্যৱহাৰৰ বাবে যোগান ধৰাই নহয়, বৰঞ্চ দক্ষিণ আৰৱ উপদ্বীপ আৰু ইজিপ্টলৈও ৰপ্তানি কৰা হৈছিল।[12]

বিভিন্ন ৰং আৰু আৰ্হি প্ৰস্তুত কৰিবলৈ থলুৱাভাৱে উৎপাদিত উদ্ভিদৰ ৰং ব্যৱহাৰ কৰা হয়। ৰং কৰা সূতাবোৰ একেলগে বান্ধি কাজলেৰে চিন দিয়া হয়। সূতাবোৰ শক্তিশালী কৰিবলৈ আটা আৰু পানীৰ মিশ্ৰণত ডুবাই ৰখাৰ পিছত দাৰিচি নামৰ এক প্ৰসাৰণ পদ্ধতি ব্যৱহাৰ কৰা হয়। ইয়াত দুডাল থিয় মাৰিৰ মাজত সূতাবোৰ টানি এখন L-আকৃতিৰ সজ্জা সৃষ্টি কৰা হয় আৰু শুকাবলৈ দিয়া হয়। ইয়াৰ পিছত সূতাবোৰ ফুৰফুৰে নামৰ এখন কাঠৰ যঁতৰত মেৰিয়াই লোৱা হয়। তাৰ পিছত পুনৰ খুলি ব' (heddle) লুপৰ মাজেৰে সুমুৱাই দিয়া হয়। বাহঁৰ ব'ত থকা সূতাৰ ৰঙৰ আৰ্হি অনুসৰণ কৰি বোৱা কাম আগবঢ়াই নিয়া হয়।

শিপিনীজনে তাৰ পিছত ব'টো তাঁতত সুৰক্ষিত কৰে আৰু নতুন দীঘ-সূতাবোৰ প্ৰায় ৮ মিটাৰ দূৰত মাটিত পুতি থোৱা এটা লোৰ হাকোটালৈ টানি লৈ যায়। এই স্থানত সূতাবোৰ এটা ডাঙৰ গাঁঠি দি ৰছীৰে হাকোটাত লগাই দিয়া হয়। ৰছীডালৰ আনটো মূৰ শিপিনীজনৰ আসনলৈকে বিস্তৃত হৈ থাকে। কাপোৰ বোৱা কাৰ্য আগবঢ়াৰ লগে লগে দীঘ-সূতাবোৰ তাঁতৰ ফালে আগবাঢ়ি আহে আৰু প্ৰতিটো গাঁঠিৰ লগত ৰছীডালৰ নতুন অংশ হাকোটাৰ সৈতে লগাই যোৱা হয়।[7]

চিত্ৰ ভঁৰাল

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Abdi-Mohamed, Mohamed (1996). "Boqor: One Word, Two Realities". African Languages and Cultures. Supplement (3): 191–194. ISSN 1477-9366. https://www.jstor.org. 
  2. Moizo, Bernard (1999). Variations. পৃষ্ঠা. 30–31. 
  3. 3.0 3.1 Yan, Xinfeng, ed (2023). Quality education and international partnership for textile and fashion: hidden potentials of East Africa. SDGs and textiles. প্ৰকাশক Singapore: Springer. পৃষ্ঠা. 19. ISBN 978-981-99-1320-6. 
  4. TRT World (2019-10-06). Somalia's Traditional Fabric: Alindi weavers say craft threatened by imports. Retrieved 2025-11-04 – via YouTube. 
  5. Dalsoor (2016-08-31). Dharka Alhindiga ee Soomaalida - Somalia's Alhindi Clothes. Retrieved 2025-11-04 – via YouTube. 
  6. Abdullahi, Mohamed Diriye (2001). Culture and customs of Somalia. Culture and customs of Africa. প্ৰকাশক Westport, Conn: Greenwood Press. পৃষ্ঠা. 100. ISBN 978-0-313-07329-8. 
  7. 7.0 7.1 "Saudi Aramco World : The Weaver's Song". archive.aramcoworld.com. https://archive.aramcoworld.com। আহৰণ কৰা হৈছে: 2025-11-04. 
  8. Cassanelli, Lee V. (1982). The shaping of Somali society: reconstructing the history of a pastoral people, 1600-1900. Ethnohistory. প্ৰকাশক Philadelphia: University of Pennsylvania Press. পৃষ্ঠা. 167–168. ISBN 978-0-8122-7832-3. 
  9. Clarence-Smith, William G. (2014), Akyeampong, Emmanuel; Robinson, James; Nunn, Nathan et al., eds., "The Textile Industry of Eastern Africa in the Longue Durée", Africa's Development in Historical Perspective (Cambridge: Cambridge University Press): pp. 264–294, ISBN 978-1-107-04115-8, https://www.cambridge.org, আহৰণ কৰা হৈছে: 2025-11-05 
  10. Cooksey, Susan; Becker, Cynthia J. (2011). Africa interweave: textile diasporas ; [February 8 - May 8, 2011 Samuel P. Harn Museum of Art, University of Florida, Gainesville]. Samuel P. Harn Museum of Art. প্ৰকাশক Gainesville [Fla.]: Samuel P. Harn Museum of Art, University of Florida. পৃষ্ঠা. 120–126. ISBN 978-0-9833085-0-8. 
  11. Mukhtar, Mohamed Haji; Castagno, Margaret (2003). Historical dictionary of Somalia. African historical dictionary series. প্ৰকাশক Lanham, Md: Scarecrow Press. পৃষ্ঠা. 151, 219. ISBN 978-0-8108-6604-1. 
  12. Mukhtar, Mohamed Haji (1995). "Islam in Somali History: Fact and Fiction". In Ahmed, Ali Jimale. The invention of Somalia. প্ৰকাশক Lawrenceville, NJ: Red Sea Press. পৃষ্ঠা. 10–11. ISBN 978-0-932415-98-1.