সমললৈ যাওক

আলিবাগ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আলিবাগ
উপকূলীয় চহৰ
মুম্বাই মহানগৰ অঞ্চল
আলিবাগ সমুদ্ৰতট
আলিবাগ সমুদ্ৰতট
আলিবাগ is located in Maharashtra
আলিবাগ
আলিবাগ
আলিবাগৰ অৱস্থান
স্থানাংক: 18°38′N 72°53′E / 18.64°N 72.88°E / 18.64; 72.88স্থানাংক: 18°38′N 72°53′E / 18.64°N 72.88°E / 18.64; 72.88
দেশ ভাৰত
ৰাজ্য মহাৰাষ্ট্ৰ
জিলা ৰায়গড়
তালুকা আলিবাগ
চৰকাৰ
 • সভাপতি, আলিবাগ পৌৰসভা প্ৰশান্ত নাইক
 • উপ-সভাপতি, আলিবাগ পৌৰসভা মানসী ম‌্হাত্ৰে
 • মুখ্য বিষয়া, আলিবাগ পৌৰসভা ডা° শচীন বাচ্চাও
উচ্চতা
০ মিটাৰ (০ ফুট)
জনসংখ্যা
 (২০১১)
 • মুঠ
২০,৭৪৩

আলিবাগ (ইংৰাজী: Alibag; উচ্চাৰণ: [əlibaːɡ]) হʼল ভাৰতৰ অংগৰাজ্য মহাৰাষ্ট্ৰৰ ৰায়গড় জিলাৰ এখন উপকূলীয় চহৰ আৰু পৌৰসভা এলেকা। ই ৰায়গড় জিলাৰ মুখ্য কাৰ্যালয় আৰু মুম্বাই চহৰৰ দক্ষিণ দিশত অৱস্থিত। আলিবাগ, মুম্বাই মহানগৰ অঞ্চলৰ অংশ আৰু মুম্বাইৰ পৰা প্ৰায় ৯৬ কিলোমিটাৰ আৰু পুনেৰ পৰা ১৪৩ কিলোমিটাৰ দূৰত্বত অৱস্থিত।

আলিবাগ, পদ্মাক্ষী ৰেণুকাৰ এটি পৱিত্ৰ স্থান, যাক কোংকনৰ দেৱী নামেৰেও জনা যায়।

সপ্তদশ শতিকাত মাৰাঠা নৌসেনাৰ এডমিৰেল কানহোজী আংৰেই আলিবাগ প্ৰতিষ্ঠা কৰিছিল।[1]

আলিবাগ আৰু ইয়াৰ আশে-পাশে থকা গাঁওসমূহ বেনে ইজৰাইল ইহুদীসকলৰ ঐতিহাসিক পশ্চাদ্ভূমি। ভাৰতীয় ইহুদী ইতিহাসবিদ এষ্টাৰ ডেভিদৰ মতে, ২০০০ বছৰতকৈও অধিক পূৰ্বে ইহুদীসকলে ৰোমান সাম্ৰাজ্যৰ নিৰ্যাতনৰ পৰা ৰক্ষা পাবলৈ এই অঞ্চলত উপস্থিত হৈছিল, যেতিয়া তেওঁলোকৰ জাহাজ ইয়াত দুৰ্ঘটনাগ্ৰস্ত হৈছিল। তেওঁলোকে কিছুমান নিৰ্দিষ্ট কৰ্মসূচীৰ লগত জড়িত হৈ পৰিছিল, যেনে তেল উলিওৱা আৰু উদ্যানকৃষি, চাবাথ অনুশীলন অব্যাহত ৰখা আৰু শনিবাৰে ছুটী লোৱা আদি। তেতিয়াৰে পৰা তেওঁলোক 'শনিবাৰ-তেলী' নামেৰে জনাজাত হʼল।[2] চহৰখনৰ "ইজৰাইল আলী" অঞ্চলত 'মেগেন আবোথ ছিনাগগ' নামৰ এটা ছিনাগগ (ইহুদীসকলৰ উপাসনা-স্থলী) আছে।[3][4]

ব্যুৎপত্তি

[সম্পাদনা কৰক]

এলি (এলিছা/এলিজাহ) নামৰ এজন বেনে ইজৰাইলী সেই সময়ত তাত বাস কৰিছিল আৰু তেওঁৰ বাৰীত আম আৰু নাৰিকলৰ বহুতো বাগিছাৰ মালিক আছিল। থলুৱা লোকসকলে ঠাইখনক "এলি চা বাগ"(যাৰ অৰ্থ "এলিৰ বাগিছা") বুলি কʼবলৈ আৰম্ভ কৰিলে আৰু পৰৱৰ্তী প্ৰজন্মত উচ্চাৰণটো কেৱল "এলিবাগ"লৈ সলনি হʼল, আৰু নামটো আবদ্ধ হৈ পৰিল।[3]

আলিবাগ মুম্বাইৰপৰা প্ৰায় ১২০ কিলোমিটাৰ দক্ষিণে, 18°38′29″N 72°52′20″E / 18.64139°N 72.87222°E / 18.64139; 72.87222-ত অৱস্থিত। ইয়াৰ গড় উচ্চতা ০ মিটাৰ। জিলা পৰিষদৰ কাৰ্যালয়সমূহ সমুদ্ৰতটৰ পথৰ কাষত অৱস্থিত।

জনগাঁথনি

[সম্পাদনা কৰক]

২০০১ চনৰ ভাৰতৰ লোকপিয়ল অনুসৰি, আলিবাগৰ জনসংখ্যা ১৯,৪৯১ জন। জনসংখ্যাৰ ৫২% পুৰুষ আৰু ৪৮% মহিলা। আলিবাগৰ গড় সাক্ষৰতাৰ হাৰ ৭৯%, যিটো ৰাষ্ট্ৰীয় গড় ৫৯.৫%তকৈ বেছি; ৫৪% পুৰুষ আৰু ৪৬% মহিলা সাক্ষৰ। জনসংখ্যাৰ ১১% ৬ বছৰৰ তলৰ। চহৰখনৰ জনসংখ্যাৰ ৭৫% লোকে মাৰাঠী ভাষা কয়।[5]

২০১১ চনৰ লোকপিয়ল অনুসৰি আলিবাগৰ জনসংখ্যা ২০,৭৪৩ জন, ইয়াৰে ১০,৬৪৬ জন পুৰুষৰ বিপৰীতে ১০,০৯৭ জন মহিলা, আৰু ১৭,৪৩১ জন শিক্ষিত, সাক্ষৰতাৰ হাৰ ৮৪%।[6]

আলিবাগত ধৰ্ম (২০১১)[7]
ধৰ্ম শতাংশ
হিন্দু ধৰ্ম
  
৮২.৫৫%
ইছলাম
  
১১.০৬%
বৌদ্ধ ধৰ্ম
  
৩.১৯%
জৈন ধৰ্ম
  
২.৪২%
খ্ৰীষ্টান ধৰ্ম
  
০.৪৪%
অন্যান্য
  
০.৩৪%

জলবায়ু

[সম্পাদনা কৰক]
আলিবাগ, ১৮৯৬

ঘূৰ্ণীবতাহ

[সম্পাদনা কৰক]

২০০৯ চনৰ নৱেম্বৰ মাহত ঘূৰ্ণীবতাহ ফিয়ানে চহৰখনত আঘাত হানে। ৰত্নাগিৰি, ৰায়গদ, সিন্ধুদুৰ্গ, থানে আৰু পালঘৰ জিলাত সা-সম্পত্তিৰ ক্ষতি হোৱাৰ বাতৰি পোৱা গৈছিল। ইয়াৰ এঘাৰ বছৰৰ পাছত ২০২০ চনৰ জুন মাহৰ আৰম্ভণিতে প্ৰচণ্ড ঘূৰ্ণীবতাহ ধুমুহা নিছৰ্গাই সৰ্বোচ্চ তীব্ৰতাৰে আলিবাগত আঘাত হানে। ঘূৰ্ণীবতাহটোৱে ছাদৰ পৰা টিন আৰু এছবেষ্টছৰ শ্বিট উৰুৱাই নিয়ে আলিবাগৰ গছ উভালি পেলায়। ঘৰৰ ওপৰত কেইবাজোপা গছো ভাগি পৰিছিল।[10]

আকৰ্ষণীয় স্থানসমূহ

[সম্পাদনা কৰক]

ঐতিহাসিক

[সম্পাদনা কৰক]
কানহোজী আংগ্ৰে সমাধি
  • কোলাবা দুৰ্গ, এটা পুৰণি দুৰ্গযুক্ত সমুদ্ৰ ঘাটি যি মাৰাঠা শাসক শিৱাজীৰ নৌসেনাৰ মুখ্য কাৰ্যালয় আছিল, আৰু ইয়াক ব্ৰিটিছ জাহাজত আক্ৰমণ চলাবলৈ ব্যৱহাৰ কৰা হৈছিল।[11]
  • 'কানহোজী আংগ্ৰে সমাধি', মাৰাঠা এডমিৰেল কানহোজী আংগ্ৰেৰ স্মৃতিসৌধ।[12]
মেগেন আবথ ইহুদী ছিনাগগ, আলিবাগ
  • হিৰাকোট দুৰ্গ, ১৭২০ চনত কানহোজী আংগ্ৰেই নিৰ্মাণ কৰিছিল।[13]

ধাৰ্মিক

[সম্পাদনা কৰক]
  • কালম্বিকা মন্দিৰ, কানহোজী আংগ্ৰেৰ দ্বাৰা নিৰ্মিত মন্দিৰ[14]
  • বালাজী মন্দিৰ, ভগৱান শ্ৰী বালাজী বা শ্ৰী ভেংকটেশ্বৰৰ (ভগৱান শ্ৰী বিষ্ণুৰ অৱতাৰ) মন্দিৰ, ১৭৮৮ খ্ৰীষ্টাব্দত নিৰ্মিত[14]
  • চহৰখনৰ 'ইজৰাইল আলি' অঞ্চলত থকা 'মেগেন আবথ ছিনাগগ'[4]

বৈজ্ঞানিক

[সম্পাদনা কৰক]

আলিবাগত ১৯০৪ চনত স্থাপন কৰা এটা চুম্বকীয় মানমন্দিৰ আছে।[15] ই বৰ্তমান ইণ্ডিয়ান ইনষ্টিটিউট অৱ জিঅ’মেগনেটিজমৰ দ্বাৰা পৰিচালিত বিশ্বব্যাপী নেটৱৰ্কৰ অংশ হিচাপে গঠন কৰা অন্যতম উল্লেখযোগ্য মানমন্দিৰ হিচাপে কাম কৰে। মানমন্দিৰটোত দুটা ভৱন আছে; প্ৰথম ভৱনটোত মেগনেটʼমিটাৰ আছে যিয়ে ভূ-চুম্বকীয় ক্ষেত্ৰত ঘটা পৰিৱৰ্তন লিপিবদ্ধ কৰে। দ্বিতীয়টো ভৱনটো নিখুঁত ৰেকৰ্ডিং যন্ত্ৰৰে গঠিত, যিয়ে সৌৰ ধুমুহাৰ ফলত হোৱা ভূ-চুম্বকীয় ধুমুহাৰ বিষয়ে তথ্য দিয়ে যিবোৰ অন্য দেশৰ সৈতে ভাগ-বতৰা কৰা হয়।[15]

পৰিবহণ ব্যৱস্থা

[সম্পাদনা কৰক]

পথ পৰিবহণ

[সম্পাদনা কৰক]

আলিবাগ, ৰাষ্ট্ৰীয় ঘাইপথ – ১৬৬এ-ৰ সমীপত অৱস্থিত।[16] ই মুম্বাইৰ পৰা প্ৰায় ১০৮ কিলোমিটাৰ দূৰত্বত অৱস্থিত। আলিবাগত এমএছআৰটিচি বাছ সংযোগো আছে; যাৰ বেছিভাগেই মুম্বাই আৰু কোংকন সংমণ্ডলৰ পৰা।

নাও সেৱা

[সম্পাদনা কৰক]

নিকটতম জেটি মাণ্ডৱা, য’ৰ পৰা কেটামাৰান/ফেৰী সেৱা মুম্বাইৰ গেটৱে অৱ ইণ্ডিয়ালৈ উপলব্ধ।[17]

মাণ্ডৱা আৰু মুম্বাইৰ গেটৱে অৱ ইণ্ডিয়াৰ মাজত ফেৰী সেৱা।

ফেৰী ৱাৰ্ফৰ পৰা মাণ্ডৱালৈ ৰ’-ৰ’ সেৱা উপলব্ধ আছে; য’ৰ পৰা পথেৰে আলিবাগলৈ যাব পাৰি।

উল্লেখযোগ্য ব্যক্তি

[সম্পাদনা কৰক]

আলিবাগত জন্মগ্ৰহণ কৰা উল্লেখযোগ্য ব্যক্তিসকল:

  • কানহোজী আংগ্ৰে – ভাৰতীয় এডমিৰেল, মাৰাঠা নৌসেনাৰ মুৰব্বী (১৮ শতিকাৰ ভাৰত)
  • দত্ত নাৰায়ণ পাটিল – ভাৰতীয় ৰাজনীতিবিদ আৰু সমাজকৰ্মী
  • দেৱদত্ত নাগে – ভাৰতীয় অভিনেতা
  • নানা পাটেকাৰ – চলচ্চিত্ৰ অভিনেতা আৰু সাহিত্যিক
  • সঞ্জয় ৰাউত – ভাৰতীয় সাংবাদিক আৰু ৰাজনীতিবিদ
  • ৰমেশ তেণ্ডুলকাৰ – বিখ্যাত মাৰাঠী কবি আৰু শচীন তেণ্ডুলকাৰৰ পিতৃ
  • আদেশ বন্দেকাৰ – মাৰাঠী অভিনেতা, ৰাজনীতিবিদ
  • অৰুণ শ্ৰীধৰ বৈদ্য – ত্ৰয়োদশ সেনা বাহিনীৰ মুৰব্বী (ভাৰত)
  • মুগ্ধা বৈশম্পায়ণ – ভাৰতীয় কণ্ঠশিল্পী
  • নানাচাহেব ধৰ্মাধিকাৰী – ভাৰতীয় আধ্যাত্মিক গুৰু
  • মুক্ৰী – ভাৰতীয় অভিনেতা

জিলাখনৰ চিকিৎসা বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীৰ বাবে আলিবাগত এখন চৰকাৰী চিকিৎসা মহাবিদ্যালয় আছে। এই চিকিৎসা মহাবিদ্যালয়খন ২০২২ বৰ্ষত আৰম্ভ হৈছিল।[18]

ভৌগোলিক সূচক

[সম্পাদনা কৰক]

ভাৰত কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ ভৌগোলিক সূচক পঞ্জীয়নৰ পৰা আলিবাগ বগা পিঁয়াজ (Alibag White onion)ক ২০২২ চনৰ ১৬ নৱেম্বৰত ভৌগোলিক সূচক (জি আই) মৰ্যাদা টেগ প্ৰদান কৰা হয়।[19]

আলিবাগৰ আলিবাগ পান্ধৰা কান্দা শেত‌্কাৰী উৎপাদক গাত-য়ে আলিবাগ বগা পিঁয়াজৰ জি আই পঞ্জীয়নৰ প্ৰস্তাৱ কৰিছিল। ২০২০ চনৰ জানুৱাৰী মাহত আবেদন দাখিল কৰাৰ পাছত ২০২২ চনত চেন্নাইৰ ভৌগোলিক সূচক পঞ্জীয়নে পিঁয়াজটোক জি আই টেগ প্ৰদান কৰে, যাৰ ফলত "আলিবাগ বগা পিঁয়াজ" নামটো অঞ্চলটোত উৎপাদিত পিঁয়াজৰ বাবে একচেটিয়া হৈ পৰে। এইদৰে ই লাছালগাঁও পিঁয়াজৰ পিছত মহাৰাষ্ট্ৰৰ পৰা দ্বিতীয় পিঁয়াজৰ জাত আৰু মহাৰাষ্ট্ৰৰ পৰা জি আই টেগ লাভ কৰা ১৭ নং প্ৰকাৰৰ সামগ্ৰী হিচাপে পৰিগণিত হয়।[20][21]

তথ্য উৎস

[সম্পাদনা কৰক]
  1. "History of Alibag" (en-US ভাষাত). alibagonline. https://alibagonline.com/history-of-alibag/। আহৰণ কৰা হৈছে: 2025-01-16. 
  2. Devidayal, Namita (15 May 2016). "Alibaug's secret: A legendary drink with a Jewish connect". Times of India. https://timesofindia.indiatimes.com/city/mumbai/alibaugs-secret-a-legendary-drink-with-a-jewish-connect/articleshow/52274241.cms. 
  3. 3.0 3.1 Kaimal, Dr.Mohankumar C. (2014). ICT For Rural Development. Laxmi Book Publications. পৃষ্ঠা. 17. ISBN 978-1-312-71081-8. https://books.google.com/books?id=cAMZCAAAQBAJ। আহৰণ কৰা হৈছে: 25 April 2019. 
  4. 4.0 4.1 Pinglay-Plumber, Prachi (27 October 2022). "Abraham's Footsteps". Outlook India. https://www.outlookindia.com/magazine/story/abrahams-footsteps/291928. 
  5. "Census of India 2001: Data from the 2001 Census, including cities, villages and towns (Provisional)". Census Commission of India. Archived from the original on 2004-06-16. https://web.archive.org/web/20040616075334/http://www.censusindia.net/results/town.php?stad=A&state5=999। আহৰণ কৰা হৈছে: 2008-11-01. 
  6. "Population finder 2011". Ministry of Home Affairs, Government of India. https://censusindia.gov.in/census.website/data/data-visualizations/PopulationSearch_PCA_Indicators. 
  7. "Alibag Population 2011". Census 2011. https://www.census2011.co.in/data/town/802801-alibag-maharashtra.html. 
  8. "Station: Alibagh Climatological Table 1981–2010". Climatological Normals 1981–2010. India Meteorological Department. January 2015. পৃষ্ঠাসমূহ: 25–26. http://imdpune.gov.in/library/public/1981-2010%20CLIM%20NORMALS%20%28STATWISE%29.pdf। আহৰণ কৰা হৈছে: 30 March 2020. 
  9. "Extremes of Temperature & Rainfall for Indian Stations (Up to 2012)". India Meteorological Department. December 2016. পৃষ্ঠা: M136. http://imdpune.gov.in/library/public/EXTREMES%20OF%20TEMPERATURE%20and%20RAINFALL%20upto%202012.pdf। আহৰণ কৰা হৈছে: 30 March 2020. 
  10. "Cyclone Nisarga skips Mumbai, makes landfall at Alibag". https://economictimes.indiatimes.com/news/politics-and-nation/cyclone-nisarga-skips-mumbai-makes-landfall-at-alibag/articleshow/76181070.cms?from=mdr. 
  11. "Gazetteer of the Bombay Presidency". Government Central Press. 2 May 2024. https://books.google.com/books?id=Ab0MAAAAIAAJ. 
  12. "Chhatribagh of Angria in Alibaug". 3 July 2021. https://maharashtratimes-com.translate.goog/travel-news/article-about-sarkhel-kanhoji-angre-samadhi-alibag-by-pravin-kadam/articleshow/84089561.cms?_x_tr_sl=mr&_x_tr_tl=en&_x_tr_hl=en&_x_tr_pto=sc. 
  13. "Hirakot Fort". Maharashtra Tourism. https://www.maharashtratourism.gov.in/-/hirakot-fort. 
  14. 14.0 14.1 "Alibag: List of Heritage Properties". Mumbai Metropolitan Region – Heritage Conservation Society. https://mmrhcs.org.in/images/documents/projects/raigad-urban/01-heritage-list.pdf. 
  15. 15.0 15.1 Gawali, P. B.; Doiphode, M. G.; Nimje, R. N. (1 September 2015). "Colaba-Alibag magnetic observatory and Nanabhoy Moos: the influence of one over the other". History of Geo- and Space Sciences খণ্ড 6 (2): 107–131. doi:10.5194/hgss-6-107-2015. 
  16. "Other Maps of Raigad District | District Raigad, Government of Maharashtra | India". https://raigad.gov.in/en/other-maps/. 
  17. "Mumbai To Alibaug Ferry - Time, Prices & Tickets - WeekendFeels" (en-US ভাষাত). 2021-08-07. https://www.weekendfeels.com/blog/mumbai-to-alibaug-ferry-time-prices-tickets। আহৰণ কৰা হৈছে: 2025-01-16. 
  18. "Government Medical College & Hospital, Alibag". www.gmchalibag.in. http://www.gmchalibag.in/। আহৰণ কৰা হৈছে: 2022-11-27. 
  19. "Alibag White onion". Intellectual Property India. https://search.ipindia.gov.in/GIRPublic/Application/Details/685। আহৰণ কৰা হৈছে: 24 November 2024. 
  20. Kandavel, Sangeetha (14 December 2022). "Nine products from across country get GI tag, Kerala tops table" (en-IN ভাষাত). The Hindu. https://www.thehindu.com/news/national/tamil-nadu/nine-products-from-across-country-get-gi-tag-kerala-tops-table/article66264105.ece. 
  21. "Assam's Gamosa, Telangana's Tandur Redgram, Ladakh's apricot get GI tag". https://www.business-standard.com/article/current-affairs/assam-s-gamosa-telangana-s-tandur-redgram-ladakh-s-apricot-get-gi-tag-122121400918_1.html. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]