সমললৈ যাওক

আলিবাবা ঔৰ ৪০ চোৰ (১৯৫৪ চলচ্চিত্ৰ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আলিবাবা ঔৰ ৪০ চোৰ

১৯৫৪ চনৰ পোষ্টাৰ
পৰিচালক হোমি ৱাডিয়া
ৰচনা জে বি এইছ ৱাডিয়া
চিত্ৰনাট্য জে বি এইছ ৱাডিয়া
কাহিনী জে বি এইছ ৱাডিয়া
ভিত্তি আৰৱীয়ান নাটইছ্
প্ৰযোজক ৱাডিয়া ব্ৰাডাৰ্ছ প্ৰ’ডাকচন
অভিনয়ত মহিপাল
শাকিলা
চিত্ৰগ্ৰহণকাৰী অনন্ত ৱাডাডেকাৰ
সম্পাদনা কমলেকৰ
সংগীত পৰিচালক এচ এন ত্ৰিপাঠী
চিত্ৰগুপ্ত
প্ৰযোজনা
কোম্পানী
বসন্ত ষ্টুডিঅ’
মুক্তি
১৯৫৪ (1954)
দৈৰ্ঘ্য
১৪৫ মিনিট
দেশ ভাৰত
ভাষা হিন্দী

আলিবাবা ঔৰ ৪০ চোৰ (ইংৰাজী: Alibaba Aur 40 Chor) ১৯৫৪ চনৰ হোমি ৱাডিয়া পৰিচালিত এখন হিন্দী ফেণ্টাচি একচন ছবি। ছবিখন ৱাডিয়া ব্রাদাৰ্ছ প্ৰডাকচনৰ বেনাৰত বসন্ত পিকচাৰ্ছৰ প্ৰস্তুতি আছিল।[1] কাহিনী, চিত্ৰনাট্য আৰু অতিৰিক্ত সংলাপ জে বি এইচ ৱাডিয়াৰ। সংলাপ লিখিছিল চন্দ পণ্ডিত আৰু তাহিৰ লুকনাভিয়ে।[2] কলা পৰিচালনা আৰু স্পেচিয়েল ইফেক্ট বাবুভাই মিষ্ট্ৰীৰ আছিল। সংগীত ৰচনা চিত্ৰগুপ্ত আৰু এছ এন ত্ৰিপাঠীয়ে কৰিছিল। চিত্ৰগুপ্তই নিজে ছবি নিৰ্মাণ কৰাৰ পূৰ্বে কিছু পৌৰাণিক আৰু ফেণ্টাচী ছবিত এচ এন ত্ৰিপাঠীৰ সহায়ক ৰূপে কাম কৰিছিল। গীতিকাৰ আছিল ৰাজা মেহদী আলী খান।[3] ইয়াত মহিপাল আৰু শকিলাই মুখ্য চৰিত্ৰত অভিনয় কৰিছে; লগতে আছিল- এছ এন ত্ৰিপাঠী, বি এম ব্যাস, সাৰদা, ললিতা কুমাৰী আৰু হেলেন।[4]

আৰবীয় নাইটছৰ ফেণ্টাচি এডভেঞ্চাৰৰ আধাৰত নিৰ্মিত ছবিখনত আলিবাবাই ধন-সোণেৰে ভৰা গুহাটো বিচাৰি পোৱা আৰু তাৰ পিছৰ ঘটনাক্ৰম বৰ্ণিত হৈছে। হোমি ৱাডিয়াই এই ছবিখন আলিবাবা আৰু ৪০ চোৰ হিচাপে পুনৰ নিৰ্মাণ কৰিছিল, য’ত মুখ্য চৰিত্ৰত সঞ্জীৱ কুমাৰ আছিল আৰু পূৰ্বৰ ছবিখনৰ খলনায়ক বি এম ব্যাস এইখন ছবিতো আছিল। ছবিখনৰ গীতসমূহ ১৯৫৬ চনৰ তামিল সংস্কৰণত ব্যৱহাৰ কৰা হৈছিল।

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]