সমললৈ যাওক

আলি লাৰ্টাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আলি লাৰ্টাৰ

২০০৮ চনৰ ছেপ্টেম্বৰত 'হিৰ’জ'ৰ এটা অনুষ্ঠানত লাৰ্টাৰ
জন্ম এলিসন এলিজাবেথ লাৰ্টাৰ
ফেব্ৰুৱাৰী ২৮ , ১৯৭৬ (৫০ বছৰ)
চেৰী হিল, নিউ জাৰ্ছি, আমেৰিকা যুক্তৰাষ্ট্ৰ
পেচা অভিনেত্ৰী, মডেল
সক্ৰিয় হৈ থকা সময় ১৯৯৭–বৰ্তমান
জনা যায় 'হিৰ’জ', 'লিগেলী ব্লণ্ড'
দাম্পত্যসঙ্গী হেইছ মেকআৰ্থাৰ (বি. ২০০৯)
সন্তান
আত্মীয়-স্বজন স্কট মেকআৰ্থাৰ (ভিনিহি)
ৱেবছাইট
alilarter.com

এলিসন এলিজাবেথ লাৰ্টাৰ (জন্ম: ২৮ ফেব্ৰুৱাৰী, ১৯৭৬),[1][2] এগৰাকী আমেৰিকান অভিনেত্ৰী আৰু প্ৰাক্তন মডেল। তেওঁ ১৯৯৬ চনত 'এস্কুয়াৰ' আলোচনীৰ এটা ধেমেলীয়া প্ৰতিবেদনত কাল্পনিক মডেল এলেগ্ৰা কলমেনৰ চৰিত্ৰত অভিনয় কৰিছিল আৰু ১৯৯০-ৰ দশকত কেইবাটাও টেলিভিছন অনুষ্ঠানত অতিথি চৰিত্ৰত অভিনয় কৰিছিল। 'ভাৰ্চিটি ব্লুজ' (১৯৯৯) ছবিৰ জৰিয়তে তেওঁ চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰে আৰু ইয়াৰ পিছত হৰৰ ছবি 'হাউচ অন হন্টেড হিল'ত (১৯৯৯) অভিনয় কৰে। তেওঁ 'ফাইনেল ডেষ্টিনেচন' ফ্ৰেঞ্চাইজিত (২০০০-২০০৩) ক্লিয়াৰ ৰিভাৰ্ছৰ চৰিত্ৰত অভিনয় কৰি এগৰাকী 'স্ক্ৰীম কুইন' হিচাপে প্ৰতিষ্ঠা লাভ কৰে।

লাৰ্টাৰে 'লিগেলী ব্লণ্ড' (২০০১), 'জে এণ্ড চাইলেন্ট বব ষ্ট্ৰাইক বেক' (২০০১), আৰু ৰোমাণ্টিক কমেডী 'এ লট লাইক লাভ'ত (২০০৫) সহযোগী চৰিত্ৰত অভিনয় কৰিছিল। ইয়াৰোপৰি তেওঁ বলীউডৰ ছবি 'মেৰিগোল্ড' (২০০৭) আৰু থ্ৰিলাৰ ছবি 'অবছেছড'ত (২০০৯) মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। এনবিচিৰ বিজ্ঞানভিত্তিক ড্ৰামা ধাৰাবাহিক 'হিৰ’জ'ত (২০০৬-২০১০) নিকি ছেণ্ডাৰ্ছ আৰু ট্ৰেচি ষ্ট্ৰাউছৰ দ্বৈত চৰিত্ৰত অভিনয় কৰি তেওঁ ব্যাপক স্বীকৃতি লাভ কৰে।[3][4] তেওঁ 'ৰেচিডেন্ট ইভিল' চলচ্চিত্ৰ শৃংখলাৰ (২০০৭-২০১৬) তিনিখন ছবিত ভিডিঅ' গেমৰ নায়িকা ক্লিয়াৰ ৰেডফিল্ডৰ চৰিত্ৰত অভিনয় কৰিছিল। লাৰ্টাৰে ২০২৪ চনৰ পেৰামাউন্ট+ ড্ৰামা ধাৰাবাহিক 'লেণ্ডমেন'ত এঞ্জেলা নৰিছ হিচাপে সহ-অভিনয় কৰিছে।

২০১৭ চনৰ এপ্ৰিল মাহলৈকে লাৰ্টাৰৰ ছবিসমূহে সমগ্ৰ বিশ্বতে ১.৩১ বিলিয়ন ডলাৰতকৈও অধিক উপাৰ্জন কৰিছে।[5] 'মেক্সিম', 'এফএইচএম', আৰু 'ষ্টাফ' আলোচনীৰ তালিকাৰ লগতে ২০০৭ চনত 'পিপল' আলোচনীৰ "বেষ্ট ড্ৰেছড লিষ্ট"ত স্থান লাভ কৰি তেওঁ সংবাদ মাধ্যমত চৰ্চিত হৈ আহিছে। ২০১৩ চনৰ ছেপ্টেম্বৰ মাহত তেওঁ 'কিচেন ৰিভেলৰী' নামৰ এখন ৰন্ধন প্ৰণালীৰ পুথি প্ৰকাশ কৰে।

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

আলি লাৰ্টাৰৰ জন্ম হৈছিল নিউ জাৰ্ছিৰ চেৰী হিলত।[6] তেওঁৰ মাতৃ মাৰ্গাৰেট ৱাকাৰ এগৰাকী ৰিয়েলটৰ আৰু পিতৃ ডেনফৰ্থ লাৰ্টাৰ এজন ট্ৰাকিং একজিউকিটিভ আছিল। তেওঁ কাৰুছি মিডল স্কুলত অধ্যয়ন কৰিছিল আৰু চেৰী হিল হাইস্কুল ৱেষ্টলৈ গৈছিল,[7] কিন্তু মডেলিংৰ কামত অতি ব্যস্ত থকাৰ বাবে তেওঁ হাইস্কুলৰ অন্তিম বৰ্ষৰ পঢ়া সম্পূৰ্ণ কৰিব পৰা নাছিল। ১৮ বছৰ বয়স নোহোৱালৈকে তেওঁৰ মাতৃয়ে তেওঁক সকলো ঠাইতে সংগ দিছিল।তেওঁৰ পিতৃ-মাতৃ পিছলৈ পেঞ্চিলভেনিয়াৰ এলেনটাউনলৈ স্থানান্তৰিত হয়।[8] লাৰ্টাৰে কৈছে যে ১৩ বছৰ বয়স নোহোৱালৈকে তেওঁ এজনী 'টমবয়' আছিল।[9]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Rose, Mike (2016-02-28). "Jason Aldean, Ali Larter top list of celebrity birthdays for February 28, 2016". The Plain Dealer (Cleveland, Ohio). https://www.cleveland.com/entertainment/index.ssf/2016/02/jason_aldean_ali_larter_top_li.html.
  2. "Ali Larter Facts" (en ভাষাত). Encyclopedia Britannica. https://www.britannica.com/facts/Ali-Larter আহৰণ কৰা হৈছে: 2021-01-13.
  3. "Heroes Cast Members, Tracy Strauss". NBC. http://www.nbc.com/heroes/cast/Tracy-Strauss/ আহৰণ কৰা হৈছে: 2010-07-24.
  4. Fienberg, Daniel (July 3, 2006). "NBC's 'Heroes' Fascinates Larter". Chicago Tribune. https://www.chicagotribune.com/zap-alilarterheroesstory-story.html আহৰণ কৰা হৈছে: October 29, 2021.
  5. "Ali Larter Movie Box Office Results". Box Office Mojo. https://boxofficemojo.com/people/chart/?id=alilarter.htm আহৰণ কৰা হৈছে: 2010-09-25.
  6. Fahner, Molly. "Fun Fearless Female of the Year: Ali Larter". Cosmopolitan. https://www.cosmopolitan.com/celebrity/exclusive/ali-larter-cover-interview.
  7. Longsdorf, Amy (2010-09-12). "Tough Larter is looking for action (1 of 3)". Courier-Post. http://www.courierpostonline.com/article/20100912/LIFE/9120303/Tough-Larter-is-looking-for-action. [সংযোগবিহীন উৎস]
  8. "Ali Larter Biography". TV Guide. https://www.tvguide.com/celebrities/ali-larter/bio/139014 আহৰণ কৰা হৈছে: 2007-08-27.
  9. Inquirer, The Philadelphia (2007-01-31). "Split personalities make solid role for Ali Larter" (en-US ভাষাত). Chicago Tribune. https://www.chicagotribune.com/2007/01/31/split-personalities-make-solid-role-for-ali-larter/ আহৰণ কৰা হৈছে: 2024-11-05.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]