সমললৈ যাওক

আলীশা ছাহুখান

অসমীয়া ৱিকিপিডিয়াৰ পৰা
২০১৫ চনত ছাহুখান

আলীশা ছাহুখান (বা ছাহু খান) এগৰাকী ফিজিয়ান চিকিৎসক। তেওঁ ফিজিৰ স্বাস্থ্য আৰু চিকিৎসা সেৱা মন্ত্ৰালয়ৰ স্বাস্থ্য সুৰক্ষা বিভাগৰ মুৰব্বী। ক’ভিড-১৯ মহামাৰী আৰু তাৰ পূৰ্বৰ সৰুআই মহামাৰীৰ বিৰুদ্ধে দেশখনে চলোৱা যুঁজত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।[1] ফিজি ছান কাকতে তেওঁক "২০২০ চনৰ ১০ গৰাকী বিশিষ্ট ফিজিয়ান"ৰ এগৰাকী হিচাপে মনোনীত কৰিছিল।[2][3]

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

ছাহুখান দন্ত চিকিৎসক ইমতিয়াজ ছাহুখান আৰু আশলা সিঙৰ জ্যেষ্ঠ কন্যা। তেওঁ ছুভাৰ ইণ্টাৰনেশ্যনেল স্কুলত অধ্যয়ন কৰিছিল। ইয়াৰ পিছত তেওঁ ফিজি স্কুল অৱ মেডিচিনত চিকিৎসা শাস্ত্ৰ অধ্যয়ন কৰে। ২০১১ চনত তেওঁ ফিজিৰ চিকিৎসা ব্যৱস্থাত এগৰাকী ইণ্টাৰ্ন হিচাপে কাম আৰম্ভ কৰে। ছাহুখান নেফ্ৰ’লজিষ্ট অম্ৰীশ কৃষ্ণনৰ সৈতে বিবাহপাশত আবদ্ধ হয় আৰু তেওঁলোকৰ দুটি সন্তান আছে।[3][4][5]

কৰ্মজীৱন

[সম্পাদনা কৰক]

চিকিৎসা বৃত্তিত চাৰি বছৰ কটোৱাৰ পিছত ছাহুখানে আমেৰিকা যুক্তৰাষ্ট্ৰৰ জৰ্জিয়াৰ আটলাণ্টাত থকা ইম’ৰী বিশ্ববিদ্যালয়ৰ ৰলিন্স স্কুল অৱ পাব্লিক হেল্থত অধ্যয়ন কৰিবলৈ ফুলব্ৰাইট জলপানি লাভ কৰে। তাৰ পৰা তেওঁ জনস্বাস্থ্য বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ২০১৭ চনত ফিজিলৈ ঘূৰি আহি তেওঁক সংক্ৰামক ৰোগৰ ৰাষ্ট্ৰীয় উপদেষ্টা হিচাপে নিযুক্তি দিয়া হয়। ২০২১ চনত তেওঁ স্বাস্থ্য সুৰক্ষা বিভাগৰ মুৰব্বী হিচাপে দায়িত্ব গ্ৰহণ কৰে। ফিজিত ক’ভিড-১৯ৰ আগমনৰ পিছত ছাহুখানে ফিজিৰ টেলিভিছনত সঘনাই উপস্থিত হৈ জনসজাগতা সৃষ্টিত সহায় কৰিছিল।[4][5]

২০২২ চনৰ পৰা ছাহুখানে বিশ্ব বেংক আৰু বিশ্ব স্বাস্থ্য সংস্থাৰ যুটীয়া 'পেণ্ডেমিক ফাণ্ড'ৰ কাৰিকৰী উপদেষ্টা পেনেলত সেৱা আগবঢ়াই আহিছে।[6]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]