আলী মিৰ্জা ছাফাভী

আলী মিৰ্জা ছাফাৱী (ছাফাভী) যাক চুলতান-আলি ছাফাৱী [1] বুলিও জনা যায়, আলী মিৰ্জা ছাফাৱী বংশৰ দ্বিতীয়ৰপৰা শেষৰ মুৰব্বী আছিল। ৰাজনৈতিক ক্ষমতাৰ বাবে ভয় খাই আলী মিৰ্জাক আক কয়ুনলুডসকলে বন্দী কৰে আৰু পাৰস্যত কেইবাবছৰ কাৰাগাৰত থকাৰ পিছত ১৪৯৩ চনত ৰাজকুমাৰ ৰষ্টামে মুকলি কৰি দিয়ে। পিছলৈ তেওঁ আৰু তেওঁৰ সংগীসকলে ৰাজকুমাৰক বায়ছাংকৰ বিন ইয়াকুবক পৰাস্ত কৰাত সহায় কৰে। কিন্তু এবছৰৰ পাছত ১৪৯৪ চনত ৰষ্টমে ছাফাৱী বংশক নিজৰ পদৰ প্ৰতি ভাবুকি বুলি ভাবে আলী মিৰ্জা ছাফাৱীক ফাঁচি দিয়াৰ নিৰ্দেশ দিয়ে। নিজৰ অনিবাৰ্য ভাগ্যৰ আগজাননী দি আলী মিৰ্জা ছাফাৱীয়ে মৃত্যুৰ কিছুসময়ৰ পূৰ্বে তেওঁৰ ভাতৃ ইছমাইলক তেওঁৰ উত্তৰাধিকাৰী হিচাপে নিযুক্তি দিয়ে। পিছলৈ ইছমাইলে ছাফাৱী সাম্ৰাজ্য প্ৰতিষ্ঠা কৰি প্ৰথম ইছমাইল উপাধি গ্ৰহণ কৰে (১৫০১–১৫২৪) চনত ৰাজত্ব কৰিছিল।[2]
জীৱনী
[সম্পাদনা কৰক]আলী মিৰ্জাৰ মাকৰ নাম আছিল আলী আলম-শ্বাহ বেগম। তেওঁ জ্যেষ্ঠ পুত্ৰ আছিল, দেউতাক আছিল মিৰ্জা চাফাৱী শ্বেখ হাইদাৰ। মাতৃ উজুন হাছানৰ ডেস্পিনা খাতুন (থিওড'ৰা মেগালে কামনেন)ৰ কন্যা আছিল। [2] কাছিম বেগ হায়াতী তাব্ৰিজীৰ মতে ১৪৬৯/১৪৭০ চনত আৰ্দাবিলৰ বাহিৰৰ ছাম আছবি গাঁৱত তেওঁৰ জন্ম হৈছিল। [3]
১৪৮৮ চনত দাগেস্তানৰ টাবাছাৰনত পিতৃৰ মৃত্যুৰ পাছত তেওঁ ছাফাৱী গোটৰ মুৰব্বী হিচাপে কাৰ্যনিৰ্বাহ কৰে।[2][1] ছাফাৱী অৰ্ডাৰৰ মুৰব্বীসকলৰ ভিতৰত আলী মিৰ্জা ছাফাৱী আছিল প্ৰথমজন যিয়ে 'পদশ্বাহ' উপাধি গ্ৰহণ কৰিছিল।[2] ৰজাৰ চেভৰী (১৯৮৫)ৰ মতে এইটো আছিল "এই পৰ্যায়ত ছাফাৱীসকলে লৌকিক শক্তিৰ লগতে আধ্যাত্মিক শক্তিৰ আকাংক্ষাৰ স্পষ্ট ইংগিত।" [2] পিছৰ ইতিহাসবিদসকলে আলী মিৰ্জা ছাফাৱীক 'চুলতান' উপাধি প্ৰদান কৰাটো প্ৰশ্নবোধক; চেভৰীৰ মতে আলী মিৰ্জাই হয়তো নিজেই এই উপাধিটো ব্যৱহাৰ কৰা নাছিল।[2]
এটা সময়ত আৰ্দাবিলৰ আলী মিৰ্জা ছাফাৱীৰ চাৰিওফালে ছাফাৱী ক্ৰমৰ চুফীসকলে তেওঁক "পিতৃৰ মৃত্যুৰ প্ৰতিশোধ ল'বলৈ" আহ্বান জনাইছিল; মৃত্যুৰ বাবে এক কয়ুনলুক দোষাৰোপ কৰা হৈছিল। [2] এই খবৰত আতংকিত হৈ আক কয়নলুৰ শাসক" ইয়াকুব বিন উজুন হাছানে আলী মিৰ্জা ছাফাৱী আৰু তেওঁৰ মাতৃ আৰু দুজন ভাতৃকে ধৰি তেওঁৰ কেইবাজনো আত্মীয়ক গ্ৰেপ্তাৰ কৰাৰ নিৰ্দেশ দিয়ে। [2] ফাৰ্চৰ ইষ্টিখাৰ দুৰ্গত বন্দী হৈ আছিল। যদি আলী মিৰ্জাৰ মাকে হস্তক্ষেপ নকৰিলেহেঁতেন তেন্তে ইয়াকুব বিন উজুন হাছানে আলী মিৰ্জাক হত্যা কৰিলেহেঁতেন। কিয়নো আলী মিৰ্জাৰ মাক ইয়াকুব বিন উজুন হাছানৰ ভগ্নী আছিল।
আলী মিৰ্জা ছাফাৱীয়ে চাৰি বছৰতকৈও অধিক সময় কাৰাগাৰত কটালে; অৱশেষত ১৪৯৩ চনত আক কয়ুনলুৰ এজন ৰাজকুমাৰ ৰষ্টামে তেওঁক মুকলি কৰি দিয়ে। ১৪৯০ চনত ইয়াকুব বিন উজুন হাছানৰ মৃত্যুৰ পাছত ৰষ্টাম সিংহাসনৰ অন্যতম প্ৰতিদ্বন্দ্বী আছিল।[2] ৰোষ্টামে আলী মিৰ্জা ছাফাৱী আৰু তেওঁৰ সমৰ্থকসকলক (অৰ্থাৎ ছাফাৱী সম্প্ৰদায়ৰ সদস্যসকলক) ব্যৱহাৰ কৰি সিংহাসন দখল কৰিব বিচাৰিছিল। বিনিময়ত ৰোষ্টামে আলী মিৰ্জা ছাফাৱীক প্ৰতিশ্ৰুতি দিছিল যে তেওঁৰ মৃত্যুৰ পাছত তেওঁ "ইৰাণৰ সিংহাসন" তেওঁক অৰ্পণ কৰিব।[2] ইয়াৰ পিছত ১৪৯৩ চনত আলী মিৰ্জা ছাফাৱী আৰু তেওঁৰ লোকসকলে ৰষ্টামক বৰ্তমানৰ শাসক বায়ছংকোৰ বিন ইয়াকুবক পৰাস্ত কৰাত সহায় কৰে। [2] কিন্তু ইয়াৰ কিছুসময়ৰ পাছতে ১৪৯৪ চনত ৰষ্টামে উপলব্ধি কৰে যে আলী মিৰ্জা চাফাৱী আৰু তেওঁৰ পন্থাই তেওঁৰ নিজৰ স্থিতিৰ প্ৰতি প্ৰকৃত ভাবুকি কঢ়িয়াই আনিছে আৰু সেয়েহে তেওঁ আলী মিৰ্জা চাফাৱী আৰু তেওঁৰ ভাতৃসকলক গ্ৰেপ্তাৰ কৰাৰ নিৰ্দেশ দিয়ে। .[2] মিৰ্জা ছাফাৱী আৰু তেওঁৰ ভাতৃদ্বয়ে কিছুমান মানুহক লগত লৈ ৰোস্তামৰ শিবিৰৰপৰা পলায়ন কৰিবলৈ সক্ষম হয় আৰু আৰ্দাবিলৰফালে ৰাওনা হয়। [2] অৱশ্যে আলী মিৰ্জা ছাফাৱী আৰু তেওঁৰ লোকসকলৰ পুনৰ একত্ৰীকৰণে তেওঁৰ নিজৰ স্থিতিৰ প্ৰতি সম্ভাৱ্য ভাবুকি কঢ়িয়াই আনিব পাৰে বুলি ৰোষ্টমে জানিছিল। সেয়েহে তেওঁ পলায়ন কৰা লোকসকলক "খেদিবলৈ সৈন্যবাহিনী পঠিয়াইছিল।" [2]
তেওঁৰ নিশ্চিত মৃত্যু কথাটো জানিব পাৰি আলী মিৰ্জা ছাফাৱীয়ে তেওঁৰ ভাতৃ ইছমাইলক তেওঁৰ উত্তৰাধিকাৰী হিচাপে নিযুক্তি দিয়ে আৰু তেওঁক আৰ্দাবিললৈ আগবাঢ়ি যাবলৈ নিৰ্দেশ দিয়ে।[2] আলী মিৰ্জা ছাফাৱীক নিজেই আৰ্দাবিলৰ ওচৰৰ ছামাছবিত আক কয়ুনলু সৈন্যই বন্দী কৰি হত্যা কৰে।[2]মাতৃ আলম-শ্বাহ বেগম (হালিমা, মাৰ্থা)ৰ নিৰ্দেশত তেওঁৰ মৃতদেহ আৰ্দাবিললৈ লৈ যোৱা হয় আৰু তাতেই সমাধিস্থ কৰা হয়।[2] তেওঁৰ ভাতৃ ইছমাইলে কেইবছৰমানৰ পিছত ছাফাৱী সাম্ৰাজ্য প্ৰতিষ্ঠা কৰে, আৰু প্ৰথম ইছমাইল (ৰাজত্বকাল: ১৫০১–১৫২৪) নামেৰে পৰিচিত হয়।[2]
তথ্যৰ উৎস
[সম্পাদনা কৰক]- 1 2 Ghereghlou 2016.
- 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 Savory 1985.
- ↑ Ghereghlou, Kioumars (2017). "Chronicling a Dynasty on the Make: New Light on the Early Ṣafavids in Ḥayātī Tabrīzī's Tārīkh (961/1554)". Journal of the American Oriental Society খণ্ড 137 (4): 805–832. doi:10.7817/jameroriesoci.137.4.0805. ISSN 0003-0279. https://www.jstor.org/stable/10.7817/jameroriesoci.137.4.0805.