সমললৈ যাওক

আলু ভৰ্তা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আলু ভৰ্তা
উৎপত্তিৰ স্থান পূব ভাৰত

আলু ভৰ্তা,[1][2][3] হ'ল সিজোৱা কোমল আলু গুড়ি কৰি কটা জলকীয়া, পিঁয়াজ, নিমখ আৰু সৰিয়হৰ তেল মিহলাই তৈয়াৰ কৰা খাদ্য। ইয়াক অন্যতম চাইড ডিচ হিচাপে পৰিবেশন কৰা হয়।[2] ভাৰতীয় উপমহাদেশৰ পূব অংশত ইয়াক সাধাৰণতে খিচিৰিৰ সৈতে খোৱা হয়।[4] এইবিধ খাদ্য ভাৰতৰ পশ্চিমবংগ, অসম, বিহাৰ আদি ৰাজ্যৰ লগতে বাংলাদেশত জনপ্ৰিয়।

সামগ্ৰীসমূহ

[সম্পাদনা কৰক]

প্ৰস্তুতি পদ্ধতি

[সম্পাদনা কৰক]

প্ৰথমে এটা সুকীয়া পাত্ৰত পৰ্যাপ্ত পৰিমাণৰ আলু উতলাই লওক। সিজোৱা আলুৰ খোলা উলিয়াই এটা সুকীয়া বাটিত এফালে থৈ দিব। এতিয়া কেৰাহীত কটা পিয়াঁজ আৰু কটা জলকীয়াখিনি অলপ তেল দি ভাজিব। এই পৰ্যায়ত সিজোৱা আলুখিনি হাতেৰে হেঁচা মাৰি থেতেলিয়াই পেলাব লাগে। ভজা পিঁয়াজ, চিলি পাউদাৰ, আৰু সৰিয়হৰ তেল দি ভালদৰে মিহলাই লওক। পৰ্যাপ্ত পৰিমাণৰ নিমখ দিব। বহুতে আলুৰ লগতে সিজোৱা কণী, বীন, বেঙেনা আদিও ব্যৱহাৰ কৰে।

ইয়াৰ উপৰিও বহুতে জলকীয়া পাউদাৰ ব্যৱহাৰ কৰে; ইয়াৰ ফলত সোৱাদ আৰু গোন্ধ বেলেগ হয়। কটা সেউজীয়া জলকীয়াও ব্যৱহাৰ কৰা হয়। ঘিউ প্ৰায়ে বৈচিত্ৰ্য আৰু সোৱাদৰ বাবে ব্যৱহাৰ কৰা হয়।

বৈচিত্ৰ্য

[সম্পাদনা কৰক]

আলু ভৰোৱাৰ বৈচিত্ৰ্য বিভিন্ন উপাদান যোগ কৰাৰ পৰাই আহে। উদাহৰণ স্বৰূপে:

ফটো গেলাৰী

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. DUBEY, KRISHNA GOPAL (2010-09-27) (en ভাষাত). THE INDIAN CUISINE. PHI Learning Pvt. Ltd.. ISBN 978-81-203-4170-8. https://books.google.com/books?id=U4woRbF8irsC&dq=aloo+chokha&pg=PA157. 
  2. 2.0 2.1 Amit, Dassana (2023-01-25). "Aloo Chokha" (en-US ভাষাত). Dassana's Veg Recipes. https://www.vegrecipesofindia.com/aloo-chokha-recipe/। আহৰণ কৰা হৈছে: 2023-05-04. "Aloo chokha is one of the side dishes that is served with Litti chokha." 
  3. Samaroo, Brinsley; Gooptar, Primnath; Mahabir, Kumar (2021-11-22) (en ভাষাত). Global Indian Diaspora: Charting New Frontiers (Volume I). Routledge. ISBN 978-1-000-50715-7. https://books.google.com/books?id=hZJFEAAAQBAJ&dq=aloo+chokha&pg=PT63. 
  4. Kumar, Prasenjeet; Kumar, Sonali (2016-08-15) (en ভাষাত). The Ultimate Guide to Cooking Vegetables the Indian Way: #9 in the Cooking In A Jiffy Series. https://books.google.com/books?id=FzDWDAAAQBAJ&dq=aloo+bharta&pg=PT68. "Aloo Bharta (Mashed Potato) This typically Eastern India, or rather Bihari, dish is a must with Khichdi"