সমললৈ যাওক

আলেখ্যা পঞ্জলা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আলেখ্যা পঞ্জলা

কুচুপিড়ী অভিনয়ত ৰুদ্ৰমা দেৱীৰ চৰিত্ৰত আলেখ্যা পঞ্জলা
জন্ম ০৯ এপ্ৰিল, ১৯৬২ (৬৪ বছৰ)
হায়দৰাবাদ, তেলেংগানা
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা কুচিপুডী আৰু ভাৰতনাট্যম নৃত্যশিল্পী, নৃত্য শিক্ষক আৰু নৃত্য পৰিচালক
বঁটা, সন্মান, পুৰস্কাৰ আদি পদ্মশ্ৰী
সংগীত নাটক অকাডেমী বঁটা
হামছা বঁটা

আলেখ্যা পঞ্জলা ইংৰাজী: : Alekhya Punjala তেলেংগানাৰ এগৰাকী ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী, নৃত্য পৰিচালক আৰু নৃত্য শিক্ষয়ত্ৰী। কুচিপুডী আৰু ভৰতনাট্যমত তেওঁ পাৰদৰ্শী। অন্ধ্ৰ প্ৰদেশ চৰকাৰৰ পৰা উগাদী বিশিষ্ট বঁটা আৰু হামছা বঁটা লাভ কৰিছে। ২০১১ চনত কুচিপুডীৰ বাবে সংগীত নাটক অকাডেমী বঁটা লাভ কৰা তেখেতে ভাৰত চৰকাৰৰ পৰাও পদ্মশ্ৰী বঁটা লাভ কৰিছে।

১৯৬২ চনৰ ৯ এপ্ৰিলত ভাৰতৰ তেলেংগানাৰ হায়দৰাবাদত আলেখ্যাৰ জন্ম হৈছিল।[1] তেওঁৰ স্বামী পি বিনয় কুমাৰ এজন অস্ত্ৰোপচাৰ বিশেষজ্ঞ-গেষ্ট্ৰ'এণ্টেৰ'লজিষ্ট।[2] ১৯৮২ চনত তেওঁলোকৰ বিবাহ হয় আৰু এই দম্পতীৰ দুজন পুত্ৰ ক্ৰমে সাশ্বত পঞ্জলা আৰু দেৱংশ পঞ্জলা।[3][2]

কেৰিয়াৰ

[সম্পাদনা কৰক]

আলেখ্যা পঞ্জলা তেলেংগানাৰ কুচিপুডী আৰু ভৰতনাট্যম নৃত্যশিল্পী। চাৰি বছৰ বয়সত হায়দৰাবাদৰ মণ্টেছৰী স্কুলত পঢ়ি থকাৰ সময়তে স্কুলখনৰ নৃত্য শিক্ষক দয়াল শৰণৰ অধীনত নৃত্যৰ অধ্যয়ন আৰম্ভ কৰে।[4] তেওঁ কয় যে শিক্ষক দয়ালে ওডিচি আৰু কথক শিকোৱাৰ উদ্দেশ্য আছিল যদিও ভৰতনাট্যম আৰু কুচিপুডীৰ প্ৰতি তেওঁ আগ্ৰহ জন্মিছিল।[5][6] পিছলৈ তেওঁ উমা ৰাম ৰাওৰ অধীনত কুচিপুডী আৰু ভৰতনাট্যমত আৰু গুৰু পশুমৰ্থী কৃষ্ণমূৰ্তিৰ অধীনত অভিনয় ৰ প্ৰশিক্ষণ লয়। ১৯৭৭ চনত ভাৰতীয় ৰাষ্ট্ৰীয় থিয়েটাৰৰ ৰূপালী জয়ন্তী উদযাপনৰ উপলক্ষে অনুষ্ঠিত হোৱা এৰেঞ্জট্ৰাম (প্ৰথম মঞ্চৰ অভিনয়)ৰ পৰাই তেওঁ শাস্ত্ৰীয় নৃত্য পৰিবেশন কৰি আহিছে।[7][8]

আলেখ্যাই ইংৰাজী সাহিত্য, মনোবিজ্ঞান আৰু দৰ্শনত স্নাতক ডিগ্ৰী আৰু ওছমানিয়া বিশ্ববিদ্যালয়ৰ পৰা নৃত্য (ভাৰতনাট্যম)ত স্নাতকোত্তৰ ডিগ্ৰী আৰু প্ৰাচীন ভাৰতীয় ইতিহাস, সংস্কৃতি আৰু পুৰাতত্ত্বত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।[9] ক্ষেত্ৰয় পদম আৰু কুচিপুডী নৃত্যত অভিনয়ত ইয়াৰ গুৰুত্ব বিষয়ৰ উপৰত অধ্যয়নৰ বাবে আলেখ্যাই পি এইচ ডি লাভ কৰে,।[9] পট্টি শ্ৰীৰামলু তেলেগু বিশ্ববিদ্যালয়ৰ ছাত্ৰী আছিল আৰু পিছলৈ নৃত্য বিভাগৰ অধ্যাপিকা আৰু মুৰব্বী আৰু তাৰ পিছত ইয়াৰ প্ৰথম মহিলা পঞ্জীয়ক হৈছিল। কিন্তু পিছলৈ শিক্ষকতা আৰু পৰিবেশনত মনোনিৱেশ কৰিবলৈ তেওঁ বিশ্ববিদ্যালয়খনৰ পঞ্জীয়কৰ পদৰ পৰা স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰে।[9]

আলেখ্যা দূৰদৰ্শনৰ অন্যতম শীৰ্ষস্থানীয় শিল্পী আৰু ইণ্ডিয়ান কাউন্সিল ফৰ কালচাৰেল ৰিলেচনৰ পেনেল মেম্বাৰ।[10] ২০২৪ চনত আলেখ্যা পঞ্জলাক তেলেংগানা সংগীত নাটক একাডেমীৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হয়।[6]

তৃষ্ণা নামৰ নৃত্য বিদ্যালয় এখনো চলাই আছে।[10]

উল্লেখযোগ্য অভিনয়

[সম্পাদনা কৰক]

তেওঁৰ কলাসাগৰৰ বাৰ্ষিক উৎসৱৰ ষষ্ঠ দিনা ৰাৱণৰ পত্নী মণ্ডোদাৰীক চিত্ৰিত কৰা ৯০ মিনিটৰ নৃত্য নাটকখন উল্লেখযোগ্য।[11] ৰুদ্ৰমা দেৱী,[12][10] দুশালা[13] আৰু চকলি ইলাম্মা[14] ৰূপে তেওঁৰ নৃত্য অভিনয়ও উল্লেখযোগ্য। আলেখ্যা কুচিপুডী নৃত্য ৰূপত অন্নাচাৰ্য কীৰ্তন, ক্ষেত্ৰয়ৰ কবিতা, থ্যাগৰাজ, নাৰায়ণ তীৰ্থ, ৰবীন্দ্ৰনাথ ঠাকুৰৰ ৰচনা আদি বহুতো ৰচনা কৰা আৰু লগতে 'নৃত্যত ভক্তি আন্দোলন' আদি বিষয়বস্তুৰ ওপৰত নৃত্য পৰিচালনা কৰে।

বঁটা আৰু সন্মান

[সম্পাদনা কৰক]

আলেখ্যা অন্ধ্ৰপ্ৰদেশ চৰকাৰৰ পৰা প্ৰতিভা ৰাজীৱ পুৰস্কাৰ (২০০৯), উগাদী বিষিষ্ঠ বঁটা (২০০২) আৰু হামছা বঁটা লাভ কৰে। ২০১১ চনত কুচিপুডীৰ বাবে সংগীত নাটক অকাডেমী বঁটা লাভ কৰে।[1] ২০১৫ চনত তেওঁ কলাৰ ক্ষেত্ৰত তেলেংগানা ৰাজ্যিক বঁটা লাভ কৰে।[15] ভাৰত চৰকাৰৰ পৰাও তেওঁক পদ্মশ্ৰী বঁটা প্ৰদান কৰা হৈছে।[16]

ভাৰতীয় স্বাধীনতাৰ ৭৫ বছৰীয়া জয়ন্তী উপলক্ষে অনুষ্ঠিত এক অনুষ্ঠানত আলেখ্যা পঞ্জলাক নৃত্যৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে তেতিয়াৰ তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাৱে সন্মানিত কৰে।[9] অন্ধ্ৰ প্ৰদেশৰ সাহিত্য পীঠাই তেওঁক "অভিনয় তপস্বিনী" উপাধিৰে সন্মানিত কৰে।[17]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 "Amrita Sher-Gil Cultural Centre, Budapest, Hungary :". Government of Indiawww.eoibudapest.gov.in. https://www.eoibudapest.gov.in/ascc/news_detail/?newsid=208. 
  2. 2.0 2.1 Sharma, Swati (2014-11-22). "A Love Story Directed by Friends" (en ভাষাত). The New Indian Express. https://www.newindianexpress.com/cities/hyderabad/2014/Nov/22/2014-685443.html। আহৰণ কৰা হৈছে: 2025-01-16. 
  3. "The danseuse as a teacher" (en-IN ভাষাত). The Hindu. 3 July 2010. https://www.thehindu.com/features/friday-review/dance/The-danseuse-as-a-teacher/article16183663.ece. 
  4. "Devoted to dance" (en ভাষাত). Deccan Herald. https://www.deccanherald.com/content/137155/devoted-dance.html। আহৰণ কৰা হৈছে: 2025-01-16. 
  5. "Alekhya’s passion for tradition" (en-IN ভাষাত). The Hindu. 10 September 2015. https://www.thehindu.com/features/friday-review/dance/alekhyas-passion-for-tradition/article7633331.ece. 
  6. 6.0 6.1 Chakravorty, Reshmi (1 August 2024). "Dr Alekhya Punjala appointed chairperson of Telangana Sangeetha Nataka Academy" (en ভাষাত). The New Indian Express. https://www.newindianexpress.com/cities/hyderabad/2024/Aug/01/dr-alekhya-punjala-appointed-chairperson-of-telangana-sangeetha-nataka-academy. 
  7. "Get Inspired by Kuchipudi and Bharatanatyam Dancer Prof. Alekhya Punjala". stories.workmob.com. https://stories.workmob.com/prof-alekhya-punjala-arts-entertainment. 
  8. "Scholar of abhinaya" (en-IN ভাষাত). The Hindu. 6 October 2011. https://www.thehindu.com/features/friday-review/dance/scholar-of-abhinaya/article2514633.ece. 
  9. 9.0 9.1 9.2 9.3 Chakravorty, Reshmi (24 August 2022). "I am rearing ahead in full speed: Kuchipudi dance exponent Dr Alekhya Punjala" (en ভাষাত). The New Indian Express. https://www.newindianexpress.com/cities/hyderabad/2022/Aug/24/i-am-rearing-aheadin-full-speedkuchipudi-dance-exponent-dr-alekhya-punjala-2491005.html. 
  10. 10.0 10.1 10.2 Srihari, Gudipoodi (10 January 2020). "Alekhya Punjala:The Rudrama of dance" (en-IN ভাষাত). The Hindu. https://www.thehindu.com/entertainment/dance/the-hindu-friday-review-telangana/article30535281.ece. 
  11. "Alekhya retells Ravana’s Mandodari’s dilemma" (en ভাষাত). www.deccanchronicle.com. 6 December 2024. https://www.deccanchronicle.com/southern-states/telangana/alekhya-retells-ravanas-mandodaris-dilemma-1844692. 
  12. "Dance like a warrior" (en-IN ভাষাত). The Hindu. 3 September 2015. https://www.thehindu.com/features/friday-review/dance/dance-drama-rudramma-devi/article7611397.ece. 
  13. Jaffer, Askari (12 November 2023). "The implicit truth!" (en ভাষাত). www.thehansindia.com. https://www.thehansindia.com/featured/women/the-implicit-truth-837097. 
  14. "Chakali Ailamma to come to life on Sept 10" (en ভাষাত). www.thehansindia.com. 7 September 2024. https://www.thehansindia.com/telangana/chakali-ailamma-to-come-to-life-on-sept-10-905090. 
  15. "Chakali Ailamma to come to life on Sept 10" (en ভাষাত). www.thehansindia.com. 7 September 2024. https://www.thehansindia.com/telangana/chakali-ailamma-to-come-to-life-on-sept-10-905090. 
  16. Tiwari, Reshmi Chakravorty , Mayank (29 April 2023). "Magic of dance" (en ভাষাত). The New Indian Express. https://www.newindianexpress.com/lifestyle/2023/Apr/29/magic-ofdance-2570363.html. 
  17. Sharma, Swati (18 October 2014). "A Stunning Diversion in Dance" (en ভাষাত). The New Indian Express. https://www.newindianexpress.com/magazine/2014/Oct/18/a-stunning-diversion-in-dance-673112.html.