আশালতা সেন
| আশালতা সেন | |
|---|---|
| জন্ম | ০৫ ফেব্ৰুৱাৰী, ১৮৯৪ নোৱাখলি, ব্ৰিটিছ ভাৰত |
| মৃত্যু | ১৩ ফেব্ৰুৱাৰী, ১৯৮৬ (৯২ বছৰ) নতুন দিল্লী, ভাৰত |
| ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
| জনা যায় | ভাৰতীয় স্বাধীনতা সংগ্ৰামী |
আশালাতা সেন (ইংৰাজী: Ashalata Sen; জন্ম:৫ ফেব্ৰুৱাৰী ১৮৯৪ – মৃত্যু:১৩ ফেব্ৰুৱাৰী ১৯৮৬) এগৰাকী ভাৰতীয় সক্ৰিয় কৰ্মী, কবি, সমাজকৰ্মী, আৰু ভাৰতীয় স্বাধীনতা আন্দোলনৰ আগশাৰীৰ ব্যক্তি আছিল।[1][2][3]
জীৱনী
[সম্পাদনা কৰক]১৮৯৪ চনত, অবিভক্ত বংগৰ নোৱাখলিৰ এটি উকীল পৰিয়ালত, বগলামোহন দাসগুপ্ত আৰু মনোদাসুন্দৰী দাসগুপ্তৰ ঘৰত আশালতা সেনে জন্মগ্ৰহণ কৰিছিল। তেওঁৰ দেউতাক নোৱাখলি জজ আদালতৰ অধিবক্তা আছিল। সৰুৰেপৰাই তেওঁ সাহিত্যিক ৰচনাৰাজিৰ প্ৰতি আকৰ্ষিত হৈছিল। ১০ বছৰ বয়সতেই তেওঁ বংগ বিভাজনৰ বিৰুদ্ধে জাতীয়তাবাদী উদ্যমেৰে কবিতা ৰচনা কৰিছিল আৰু সেইবোৰ অন্তঃপুৰ আলোচনীত প্ৰকাশ পাইছিল। তেওঁৰ আইতাক নৱশশী দেৱীৰপৰা পোৱা উৎসাহৰ বলত তেওঁ ১৯০৫ চনত ১১ বছৰ বয়সত স্বদেশী আন্দোলনত যোগদান কৰি ৰাজনৈতিক ক্ষেত্ৰখনত প্ৰৱেশ কৰে। উচ্ছ্বাস, উৎস, বিদ্যুৎ আৰু ছোটোদেৰ ছড়া আদি তেওঁ ৰচনা কৰা কিছু উল্লেখযোগ্য গ্ৰন্থ।[4]
১৯২১ চনত তেওঁ মহাত্মা গান্ধীৰ অসহযোগ আন্দোলনত যোগদান কৰিছিল; আৰু নাৰী সবলীকৰণৰ বাবে তেওঁৰ ঘৰত শিক্ষা আশ্ৰম প্ৰতিষ্ঠা কৰিছিল। ১৯২২ চনত ঢাকা জিলাৰপৰা প্ৰতিনিধি হিচাপে গয়া কংগ্ৰেছত যোগদান কৰিছিল। তেওঁ ১৯২৪ চনত শৰ্মা গুপ্ত আৰু সৰযূবালা গুপ্তৰ সহযোগত গান্ধীবাদী দৰ্শনক আগুৱাই নিবলৈ আৰু মহিলা অংশগ্ৰহণকাৰীসকলৰ মাজত জাতীয়তাবাদৰ অনুভূতি জগাই তুলিবলৈ গেণ্ডাৰীয়া মহিলা সমিতি প্ৰতিষ্ঠা কৰিছিল। ১৯২৫ চনত সৰ্বভাৰতীয় কাটুনী সংঘৰ সদস্য হৈ ওচৰৰ গাঁৱত খাদী ব্যৱহাৰৰ প্ৰচাৰ আৰম্ভ কৰিছিল।[4]
১৯৮৬ চনৰ ১৩ ফেব্ৰুৱাৰী তাৰিখে, নতুন দিল্লীস্থিত তেওঁৰ পুত্ৰৰ বাসগৃহত তেওঁৰ মৃত্যু হয়।[উদ্ধৃতিৰ প্ৰয়োজন]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ GUPTA, Sarmistha Dutta (2013). "Death and Desire in Times of Revolution". Economic and Political Weekly খণ্ড 48 (37): 59–68. ISSN 0012-9976. https://www.jstor.org/stable/23528276.
- ↑ "5 unknown women freedom fighters of India who did as much as Gandhi and Nehru" (en ভাষাত). India Today. 27 June 2019. https://www.indiatoday.in/education-today/gk-current-affairs/story/5-unknown-women-freedom-fighters-of-india-who-did-as-much-as-gandhi-and-nehru-1557264-2019-06-27। আহৰণ কৰা হৈছে: 2021-02-05.
- ↑ "Remembering the women who fought for India's freedom" (en ভাষাত). Deccan Herald. 2020-08-15. https://www.deccanherald.com/national/remembering-the-women-who-fought-for-india-s-freedom-873533.html। আহৰণ কৰা হৈছে: 2021-02-05.
- 1 2 Dasgupta, Kamala (2015). স্বাধীনতা সংগ্ৰামে বাংলাৰ নাৰী. Radical Impression. পৃষ্ঠা. 106–112. ISBN 9788185459820.