সমললৈ যাওক

আশা আগৰৱাল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পদক‌ অভিলেখ
Women's এথলেটিকছ
প্ৰতিনিধিত্ব কৰা দেশ  ভাৰত
এছিয়ান চেম্পিয়নশ্বিপ
স্বৰ্ণ পদক – প্ৰথম স্থান ১৯৮৫ জাকাৰ্টা মাৰাথন

আশা আগৰৱাল (ইংৰাজী:  : Asha Agarwal ; জন্ম: ২৬ ছেপ্টেম্বৰ ১৯৬২) এগৰাকী ভাৰতীয় প্ৰাক্তন ক্ৰীড়াবিদ। তেওঁ কেইবাখনো ক্ৰীড়া প্ৰতিযোগিতাত উজ্জ্বল প্ৰদৰ্শনৰ বাবে বহু প্ৰশংসা লাভ কৰিছিল।[1] ভাৰতৰ প্ৰাক্তন মহিলা মাৰাথন চেম্পিয়নগৰাকীয়ে ভাৰতৰ ক্ৰীড়াৰ সৰ্বোচ্চ সন্মানীয় বঁটা অৰ্জুন বঁটা লাভ কৰিছে।[1] ১৯৮৩ চনত তেওঁ মাৰাথন ইভেণ্টত অংশগ্ৰহণ কৰিবলৈ আৰম্ভ কৰে আৰু অতি সোনকালেই ঘৰুৱা পৰ্যায়ত নিজৰ নাম উজলাইছিল।[2]

১৯৮৫ চনৰ ২৭ জানুৱাৰীত হংকং মাৰাথনত জয়ী হোৱা আশা আগৰৱালে ১৯৮৫ চনৰ ছেপ্টেম্বৰ মাহত জাকাৰ্টাত অনুষ্ঠিত এছিয়ান ট্ৰেক এণ্ড ফিল্ড মিটত সোণৰ পদক লাভ কৰি ২ ঘণ্টা ৪৮ মিনিট ৫১ ছেকেণ্ডৰ অভিলেখ গঢ়িছিল, যিটো এতিয়াও আছে। আশা আগৰৱাল ১৯৮৫ চনৰ এছিয়ান চেম্পিয়নশ্বিপত মাৰাথন খিতাপ দখল কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা।[1]

১৯৮৯ চনত দিল্লীত অনুষ্ঠিত হোৱা ফ্ৰিডম ৰেছ, ১৯৮৬ চনত ট্ৰিনিদাদ মাৰাথনত জয়ী হয় আৰু ২৬টা মাৰাথনৰ ভিতৰত আঠটা মাৰাথন ২ ঘণ্টা ৫০ মিনিটৰ তলত দৌৰিছে।[3]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]