সমললৈ যাওক

আশা পোছলে

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আশা পোছলে
স্থানীয় নাম آشا پوسلے
জন্ম ছাবিৰা বেগম
১৯২৭
পাটিয়ালা, পঞ্জাব প্ৰদেশ, ব্ৰিটিছ ভাৰত
মৃত্যু ২৬ মাৰ্চ, ১৯৯৮ (৭১ বছৰ)
লাহোৰ, পঞ্জাব, পাকিস্তান
অন্য নাম পাকিস্তানী চলচ্চিত্ৰ উদ্যোগৰ প্ৰথম নায়িকা
পেচা
  • অভিনেত্ৰী
  • কণ্ঠশিল্পী
  • লেখক
  • নেপঠ্য কণ্ঠশিল্পী
সক্ৰিয় হৈ থকা সময় ১৯৩১-১৯৯৮
পিতৃ-মাতৃ ইনায়ত আলী নাথ (পিতৃ)
বঁটা, সন্মান, পুৰস্কাৰ আদি নাৰ্গিছ বঁটা (১৯৮২)

ছাবিৰা বেগম (ইংৰাজী: Asha Posley ; উৰ্দু: آشا پوسلے; ১৯২৭ – ২৫ মাৰ্চ ১৯৯৮) পাকিস্তানী ছবিৰ প্ৰথম নায়িকা আছিল।তেওঁ আশা পোছলে নামেৰে অধিক পৰিচিত আছিল।[1][2][3]

কৰ্মজীৱন

[সম্পাদনা কৰক]

তেওঁ লাহোৰত নিৰ্মিত গৱন্দী (১৯৪২) ছবিত সহযোগী অভিনেত্ৰী হিচাপে চলচ্চিত্ৰীয় জীৱনৰ আৰম্ভণি কৰিছিল। তাৰ পিছত ব্ৰিটিছ ভাৰতত চিত্ৰগ্ৰহণ কৰা হিন্দী ছবি চম্পাত (১৯৪৫) মুখ্য চৰিত্ৰত অভিনয় কৰে। প্ৰখ্যাত সংগীত পৰিচালক গুলাম হাইদৰে তেওঁক পেছাদাৰী নাম আশা পোছলে দিছিল। ১৯৪৭ চনত ভাৰত বিভাজনৰ পিছত তেওঁ পৰিয়ালৰ সৈতে নতুনকৈ সৃষ্টি হোৱা পাকিস্তানলৈ প্ৰব্ৰজন কৰে।[4]


তেওঁ উৰ্দু ভাষাত পাকিস্তানত প্ৰথম মুক্তি পোৱা ছবি তেৰী য়াদৰ (১৯৪৮) নায়িকা। তেওঁ বিখ্যাত ভাৰতীয় অভিনেতা দিলীপ কুমাৰৰ ভাতৃ নাছিৰ খানৰ বিপৰীতে মুখ্য নাৰী চৰিত্ৰত অভিনয় কৰিছিল। ১৯৪০, ১৯৫০ আৰু ১৯৬০ দশকত ছবিত মুখ্য নাৰী চৰিত্ৰত অভিনয় কৰাৰ পিছত তেওঁ সহযোগী চৰিত্ৰত অভিনয় কৰিবলৈ লয়, বিশেষকৈ কৌতুক অভিনেতা নাজাৰ আৰু আছিফ জাহৰৰ সৈতে। চাৰি দশকৰো অধিক সময়ৰ তেওঁৰ চলচ্চিত্ৰ কেৰিয়াৰত ১৪৩খন ছবিত অভিনয় কৰিছিল।[5]

১৯৮২ চনত তেওঁক ৩০ বছৰীয়া উৎকৰ্ষতাৰ বাবে নিগাৰ আলোচনীৰ স্বত্বাধিকাৰ ইলিয়াচ ৰচিদীয়ে প্ৰতিষ্ঠা কৰা 'নিগাৰ বঁটা' প্ৰদান কৰা হয়।[6]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "70 years of Pakistan's film industry" (en-US ভাষাত). Geo TV News website. https://www.geo.tv/latest/153538-70-years-of-pakistans-film-industry আহৰণ কৰা হৈছে: 28 June 2021.
  2. "Pakistani Cinema Had Its Own Way of Looking at Partition Too". The Wire. https://thewire.in/cinema/partition-films-made-in-pakistan আহৰণ কৰা হৈছে: 28 June 2021.
  3. Bali, Karan (7 August 2015). "67 years ago today, Pakistanis lined up to see the first film made in their new nation" (en-US ভাষাত). Scroll.in website. https://scroll.in/article/746817/67-years-ago-today-pakistanis-lined-up-to-see-the-first-film-made-in-their-new-nation আহৰণ কৰা হৈছে: 28 June 2021.
  4. Amjad Parvez (7 July 2018). "Kausar Parveen — a phenomenal singer who died young" (en-US ভাষাত). Daily Times (newspaper). https://dailytimes.com.pk/263566/kausar-parveen-a-phenomenal-singer-who-died-young/.
  5. "Asha Posley - Profile". Cineplot.com website. 13 September 2009. http://cineplot.com/asha-posley/ আহৰণ কৰা হৈছে: 29 January 2022.
  6. "Sound of Lollywood: Go on, makes eyes at someone". scroll.in. 26 September 2017. https://scroll.in/reel/851720/sound-of-lollywood-go-on-makes-eyes-at-someone.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]