সমললৈ যাওক

আশা ভাট

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আশা ভাট

২০১৯ চনত আশা ভাট
জন্ম ০৫ ছেপ্টেম্বৰ, ১৯৯২ (৩৩ বছৰ)
সিৰচি, কৰ্ণাটক, ভাৰত
শিক্ষানুষ্ঠান আৰ. ভি. ইঞ্জিনিয়াৰিং মহাবিদ্যালয়
পেচা অভিনেত্ৰী, মডেল
উচ্চতা ১.৭৭ মিটাৰ (U=ft}})
'Beauty pageant titleholder'
Title * মিছ চুপ্ৰানেচনেল ২০১৪
  • মিচ ডিভা চুপ্ৰানেচনেল ২০১৪
Years active ২০১৪–বৰ্তমান
Hair color ক’লা
Eye color গাঢ় খাইৰবৰ্ণ
Major
competition(s)
* Miss Supranational ২০১৪
(বিজয়ী)
(বেষ্ট ইন টেলেণ্ট)
(বেষ্ট নেচনেল কাষ্টিউম—ৰানাৰ আপ)
(মেলভিন নোৰোঞ্জাই ডিজাইন কৰা)
  • মিচ ডিভা - ২০১৪
    (বিজয়ী — মিছ ডিভা চুপ্ৰানেচনেল ২০১৪)
    (মিছ কঙ্গিনিয়েলিটি)
    (মিছ বিউটিফুল স্মাইল)
    (মিছ ফেছচিনেটিং)

আশা ভাট (জন্ম ৫ ছেপ্তেম্বৰ ১৯৯২) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল আৰু মিচ চুপ্ৰানেচনেল ২০১৪ প্ৰতিযোগিতাৰ বিজয়ী। তেওঁ এই খিতাপ লাভ কৰা প্ৰথম ভাৰতীয়।[1] ভাটে ২০১৯ চনৰ হিন্দী চলচ্চিত্ৰ জংঘলিৰ জৰিয়তে অভিনেতা ৰূপে অভিষেক কৰে।[2] ইয়াৰ পিছত তেওঁ কন্নড় ভাষাৰ একচন থ্ৰিলাৰ ৰবাৰ্ট (২০২১) আৰু তেলুগু ৰোমেণ্টিক কমেডি অ'ৰি দেভুডা (২০২২) চলচ্চিত্ৰতো অভিনয় কৰিছে।[3]

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

[সম্পাদনা কৰক]

ভাটৰ জন্ম ১৯৯২ চনৰ ৫ ছেপ্তেম্বৰ তাৰিখে ভাৰতৰ কৰ্ণাটক ৰাজ্যৰ শিৱমোগা জিলাত অৱস্থিত শিল্পনগৰী ভদ্ৰাৱতিত হৈছে। তেওঁৰ পিতৃ-মাতৃ সুব্ৰহ্মণ্য আৰু শ্যামলা ভাট দুয়োজনেই চিকিৎসা প্ৰয়োগশালাৰ প্ৰযুক্তিবিদ আৰু ভদ্ৰাৱতিৰ ক্লিনিকেল লেবৰেটৰিসমূহত দীৰ্ঘদিন ধৰি সেৱা আগবঢ়াই আছে। তেওঁৰ এজনী জ্যেষ্ঠ ভণী আছে, ড° অক্সথা, যি শিশুৰোগ বিশেষজ্ঞ।[4]

ভাটে ভদ্ৰাৱতিষ্ঠিত চেণ্ট চাৰ্লছ বিদ্যালয়ত পঢ়াৰ পাছত মুডবিড্ৰিত অৱস্থিত এলভাছ প্ৰি-ইউনিভাৰ্সিটি কলেজত প্ৰি-ইউনিভাৰ্ছিটি শিক্ষা গ্ৰহণ কৰিছিল।[5] এলভাছ কলেজত অধ্যয়নকালত তেওঁ নেচনেল কেডেট কোৰ (এনচিচি)ত নামভৰ্তি কৰিছিল আৰু গণতন্ত্ৰ দিৱস শিবিৰত অংশগ্ৰহণৰ বাবে নিৰ্বাচিত হৈছিল। তেওঁ ছাৰ্ক দেশসমূহৰ এনচিচি প্ৰতিনিধিদলৰ সদস্যা হিচাপে শ্ৰীলংকা মিলিটাৰী একাডেমী ভ্ৰমণ কৰিছিল আৰু ২০০৯ চনত শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি মাহিন্দ্ৰা ৰাজাপকছেই প্ৰদান কৰা “অল ৰাউণ্ডাৰ এৱাৰ্ড” লাভ কৰিছিল।[6]

তেওঁ ইলেক্ট্ৰনিক ইঞ্জিনিয়াৰিংত আৰ. ভি. ইঞ্জিনিয়াৰিং কলেজৰপৰা বিএ ডিগ্ৰী লাভ কৰে।[7]

সৌন্দৰ্য প্ৰতিযোগিতা

[সম্পাদনা কৰক]

২০১৪ চনত ভাটে টাইমছ গ্ৰুপৰদ্বাৰা আয়োজিত মিছ ডিভা ২০১৪ সৌন্দৰ্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল।[8] ২০১৪ চনৰ ১৪ অক্টোবৰত মুম্বাইৰ ৱেষ্টিন মুম্বাই গাৰ্ডেন চিটিত অনুষ্ঠিত প্ৰতিযোগিতাখনৰ গ্ৰেণ্ড ফিনালেত তেওঁক 'মিছ ইণ্ডিয়া সুপ্ৰানেচনেল ২০১৪'ৰ মুকুট পিন্ধোৱা হয়। উক্ত অনুষ্ঠানতে অলংকৃতা সহায়ক 'মিছ ইণ্ডিয়া আৰ্থ ২০১৪' আৰু নয়নিতা লোধক 'মিছ ইণ্ডিয়া ইউনিভাৰ্ছ'ৰ খিতাপ প্ৰদান কৰা হৈছিল।[9] ভাটে মিছ ডিভা ২০১৪ ত তিনিটাকৈ বিশেষ বঁটা ক্ৰমে 'মিছ কনজেনিটি', 'মিছ বিউটিফুল স্মাইল' আৰু 'মিছ ফাচিনেটিং' জয় কৰিছিল।[10]

ভাটে পোলেণ্ডৰ ক্ৰিনিকা-জদ্ৰজত অনুষ্ঠিত 'মিছ সুপ্ৰানেচনেল ২০১৪'ত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল আৰু ৫ ডিচেম্বৰত এই খিতাপ দখল কৰিবলৈ সক্ষম হয়। প্ৰতিযোগিতাখনত তেওঁ 'শ্ৰেষ্ঠ প্ৰতিভা' (Best in Talent) বঁটা আৰু 'শ্ৰেষ্ঠ ৰাষ্ট্ৰীয় সাজ-পাৰ' (Best National Costume) শাখাত দ্বিতীয় ৰানাৰ্ছ আপৰ খিতাপ অৰ্জন কৰে। তেওঁৰ ৰাষ্ট্ৰীয় সাজ-পাৰসমূহ আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ফেশ্বন ডিজাইনাৰ মেলভিন নৰোনহাই ডিজাইন কৰিছিল। ২০১৩ চনৰ বিজয়ী ফিলিপাইনছৰ মুট্যা জোহানা ডাটুলে তেওঁক মুকুট পিন্ধাই দিয়ে।[11]

বিজয়ী হিচাপে কাৰ্যকালৰ ভিতৰত তেওঁ থাইলেণ্ড, ম্যানমাৰ, হাংগেৰী, মৰিচাছ, চীন আৰু পোলেণ্ড তথা ভাৰতৰ বিভিন্ন ঠাই ভ্ৰমণ কৰিছিল।[12] ২০১৫ চনৰ মে' মাহত তেওঁ থাইলেণ্ড ভ্ৰমণ কৰি 'মিছ গ্ৰেণ্ড থাইলেণ্ড'ৰ গ্ৰেণ্ড ফিনালেত বিচাৰকৰ আসন অলংকৃত কৰে। ১২ মে'ত বেংককৰ ইনড’ৰ ষ্টেডিয়াম হুয়ামাৰ্কত অনুষ্ঠিত অনুষ্ঠানত তেওঁ থাৰাথিপ শুকদাৰুণপাটক 'মিছ সুপ্ৰানেচনেল থাইলেণ্ড'ৰ মুকুট পিন্ধাই দিয়ে।[13][12]

কৰ্মজীৱন

[সম্পাদনা কৰক]

ভাটে ২০১৯ চনত হিন্দী এক্‌শন–এডভেঞ্চাৰ চলচ্চিত্ৰ জংঘলিৰ জৰিয়তে অভিনয়-অভিষেক কৰে। এই চলচ্চিত্ৰত তেওঁ মীৰাৰ ভূমিকাত অভিনয় কৰে, যিনি এজন জন্তু-সুৰক্ষা কৰ্মী আৰু ভিড্যুত জমুৱালৰ বিপৰীতে অভিনয় কৰিছিল।[14][15] ফিল্মফেয়াৰৰ দেৱেশ শৰ্মাই তেওঁৰ ভূমিকাক "আৰ্ম-কেণ্ডি" নহয় বুলি মন্তব্য কৰি প্ৰশংসা কৰিছিল,[16] যদিও নিউজ ১৮ৰ প্ৰিয়ংকা সিন্‌হা ঝাই উল্লেখ কৰিছিল যে পৰ্দাত উপস্থিতি থকা সত্ত্বেও তেওঁৰ ভূমিকাই বিশেষ মূল্য সংযোজন নকৰে।[17] চলচ্চিত্ৰখন বক্স অফিচত সীমিত সফলতা লাভ কৰিছিল।[18]

২০২১ চনত ভাটে কন্নড় চলচ্চিত্ৰ ৰবাৰ্টৰ জৰিয়তে নিজৰ কন্নড় ভাষাৰ অভিনয়-অভিষেক কৰে, য’ত তেওঁ দৰ্শনৰ বিপৰীতে অমৃতাৰ ভূমিকাত অভিনয় কৰে।[19] দ্য নিউ ইণ্ডিয়ান এক্সপ্ৰেছৰ এ. শাৰদ্ধাই তেওঁৰ অভিনয়ক প্ৰশংসা কৰি কৈছিল যে তেওঁ নিজৰ দৃশ্যসমূহত "উজ্জ্বল।" [20] চলচ্চিত্ৰখন পৰৱৰ্তী সময়ত সেই বছৰৰ সৰ্বাধিক আয়কৰ্তা কন্নড় চলচ্চিত্ৰ হৈছিল।[21]

ভাটে ২০২২ চনৰ তেলুগু চলচ্চিত্ৰ 'অ'ৰি ডেভুদাত মীৰাৰ ভূমিকাত (যি এজন সহ-দৰ্শক নিৰ্দেশক) বিশ্বক সেনৰ বিপৰীতে অভিনয় কৰে, যাৰ জৰিয়তেই তেওঁৰ তেলুগু ভাষাৰ অভিনয়-অভিষেক ঘটে।[22] চলচ্চিত্ৰখন বাণিজ্যিকভাৱে সফল হয়,[23] আৰু চিনেমা এক্সপ্ৰেছৰ মুৰলি কৃষ্ণ চি.এচ্.-এ তেওঁৰ "অভিব্যক্তিপূৰ্ণ চকুপানী"ৰ প্ৰশংসা কৰে।[24]

মিডিয়াত ভাবমূৰ্তি

[সম্পাদনা কৰক]

টাইমছ অৱ ইণ্ডিয়াৰ 'বেংগালুৰু টাইমছৰ ৩০ গৰাকী আটাইতকৈ আকৰ্ষণীয় মহিলা'ৰ তালিকাত ভাট ২০১৯ চনত ১৪ নম্বৰত আৰু ২০২০ চনত ৭ম স্থানত আছিল।[25][26] অভিনয় জীৱনৰ উপৰি ভাট এগৰাকী সমাজকৰ্মী আৰু তেওঁ 'অস্ত্ৰ ফাউণ্ডেশ্যন' নামৰ নিজা এটা বেচৰকাৰী সংস্থা (NGO) চলাই আছে।[27]

চলচ্চিত্ৰপঞ্জী

[সম্পাদনা কৰক]
বৰ্ষচলচ্চিত্ৰচৰিত্ৰভাষাটোকা
২০১৯জংলীমীৰাহিন্দীহিন্দী ছবিত অভিষেক
২০২১ৰবাৰ্টঅমৃতা "অম্লু"কন্নড়কন্নড় ছবিত অভিষেক
২০২২অ’ৰি দেৱুদামীৰাতেলুগুতেলুগু ছবিত অভিষেক

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "India's Asha Bhat is the first Indian to win Miss Supranational 2014 title". ibnlive.com. Archived from the original on 19 March 2016. https://web.archive.org/web/20160319014402/http://www.ibnlive.com/news/india/indias-asha-bhat-is-the-first-indian-to-win-miss-supranational-2014-title-729927.html আহৰণ কৰা হৈছে: 25 January 2016.
  2. "Ahead of 'Junglee' trailer launch, Vidyut Jammwal, Pooja Sawant and Asha Bhat visit Siddhivinayak temple". The Times of India. 4 March 2019. https://timesofindia.indiatimes.com/videos/entertainment/hindi/ahead-of-junglee-trailer-launch-vidyut-jammwal-pooja-sawant-and-asha-bhat-visit-siddhivinayak-temple/videoshow/68252876.cms.
  3. Suresh, Sunayana (5 September 2019). "Asha Bhat to make her sandalwood debut opposite Darshan". Times of India. https://timesofindia.indiatimes.com/entertainment/kannada/movies/news/asha-bhat-to-make-her-sandalwood-debut-opposite-darshan/articleshow/70975387.cms.
  4. "Asha Bhat attributes her success to parents' encouragement". The Hindu.com. 14 December 2014. http://www.thehindu.com/todays-paper/tp-national/tp-karnataka/asha-bhat-attributes-her-success-to-parents-encouragement/article6692555.ece আহৰণ কৰা হৈছে: 25 January 2016.
  5. "'Miss Supra' Asha Bhat gets felicitated by Alvas foundation". newskarnataka.com. http://www.newskarnataka.com/mangalore/miss-supra-asha-bhat-gets-felicitated-by-alvas-foundation আহৰণ কৰা হৈছে: 23 January 2016.[সংযোগবিহীন উৎস]
  6. VEERENDRA P.M. (27 October 2014). "Asha Bhat felicitated". The Hindu. http://www.thehindu.com/news/national/karnataka/asha-bhat-felicitated/article6535537.ece আহৰণ কৰা হৈছে: 25 January 2015.
  7. Divya Nair (9 December 2014). "How an Indian cadet became Miss Supranational". rediff.com. http://www.rediff.com/getahead/report/achievers-asha-bhat-is-the-first-indian-to-win-miss-supranational/20141209.htm আহৰণ কৰা হৈছে: 25 January 2016.
  8. "Miss Diva 2014 - Contestants". Indiatimes. 1 September 2014. https://beautypageants.in.
  9. "Winning moment: Noyonita Lodh to represent India at Miss Universe". Indian Express. 20 October 2014. https://indianexpress.com.
  10. "Crowning moments of Yamaha Fascino Miss Diva 2014.". Indiatimes. https://beautypageants.in আহৰণ কৰা হৈছে: 21 December 2018.
  11. Verma, Gunjan (27 October 2014). "Asha Bhat all set to get India's first Miss Supranational crown". ETimes. https://indiatimes.com.
  12. 1 2 "Venezuela ganó el Miss Supranational 2014" (es ভাষাত). Diario lo Qué Pasa. November 18, 2014. https://quepasa.com.ve.
  13. "Beauty queen Asha Bhat crowns Miss Supranational Thailand 2015". IndiaTimes. 13 May 2015. https://indiatimes.com.
  14. "Shooting for Junglee begins, to release on October 19". The Indian Express. 5 December 2017. https://indianexpress.com/article/entertainment/bollywood/shooting-for-junglee-begins-to-release-on-october-19-4969047/.
  15. "Junglee". April 2019. https://www.hotstar.com/1000235906 আহৰণ কৰা হৈছে: 25 May 2019.
  16. Sharma, Devesh (29 March 2019). "Movie Review: Junglee". Filmfare. https://filmfare.com/reviews/bollywood-movies/movie-review-junglee-33032.html আহৰণ কৰা হৈছে: 29 March 2019.
  17. Sinha Jha, Priyanka (29 March 2019). "Junglee Movie Review: Vidyut Jammwal's Film Is A Jumbo Disappointment". News18. https://www.news18.com/news/movies/junglee-movie-review-vidyut-jammwals-film-is-a-jumbo-disappointment-2081697.html আহৰণ কৰা হৈছে: 29 March 2019.
  18. "Junglee Box Office Collection - India - Day Wise - Box Office". Bollywood Hungama. 29 March 2019. https://www.bollywoodhungama.com/movie/junglee-2/box-office/ আহৰণ কৰা হৈছে: 22 March 2022.
  19. "Roberrt makers kick start the shooting schedule in Bengaluru". Times of India. https://timesofindia.indiatimes.com/entertainment/kannada/movies/news/robert-makers-kick-start-the-shooting-schedule-in-bengaluru/articleshow/69620557.cms.
  20. A, Sharadhaa (11 March 2021). "Darshan strikes a fine balance between class and mass in this revenge drama". The New Indian Express. Archived from the original on 15 March 2021. https://web.archive.org/web/20210315232926/https://www.newindianexpress.com/entertainment/review/2021/mar/11/roberrt-movie-review-darshan-strikes-a-fine-balance-between-class-and-mass-in-this-revenge-drama-2275395.amp আহৰণ কৰা হৈছে: 14 March 2021.
  21. "Year Ender 2021: Highest-grossing Kannada Movies of the Year". 29 December 2021. https://www.news18.com/news/movies/year-ender-2021-highest-grossing-kannada-movies-of-the-year-4604252.html আহৰণ কৰা হৈছে: 30 January 2022.
  22. "Oh My Kadavule Telugu remake titled Ori Devuda". Cinema Express. 9 November 2021. https://www.cinemaexpress.com/telugu/news/2021/nov/09/oh-my-kadavule-telugu-remake-titled-ori-devuda-27730.html আহৰণ কৰা হৈছে: 29 November 2021.
  23. "Ori Devuda box office collection worldwide". Archived from the original on 25 October 2022. https://web.archive.org/web/20221025080211/https://www.sacnilk.com/articles/entertainment/box_office/Ori_Devuda_2022_Box_Office_Collection_Day_Wise_Worldwide?hl=en.
  24. "Ori Devuda Movie Review: A faithful remake that's less fun". Cinema Express. 21 October 2022. https://www.cinemaexpress.com/telugu/review/2022/oct/21/ori-devuda-movie-review-a-faithful-remake-thats-less-fun-35865.html আহৰণ কৰা হৈছে: 21 October 2022.
  25. "Bangalore Times' 30 Most Desirable Women of 2019". Times of India. https://timesofindia.indiatimes.com/entertainment/kannada/movies/news/bangalore-times-top-30-most-desirable-women-of-2019/articleshow/74224298.cms আহৰণ কৰা হৈছে: 17 September 2020.
  26. "Meet the beautiful ladies who make up Bangalore Times' 30 Most Desirable Women of 2020". Times of India. June 2021. https://timesofindia.indiatimes.com/entertainment/kannada/movies/news/meet-the-beautiful-ladies-who-make-up-bangalore-times-30-most-desirable-women-of-2020/articleshow/83095404.cms আহৰণ কৰা হৈছে: 15 November 2021.
  27. "Asha Bhat: Tribute to a Girl with Golden Heart". thegreatpageantcommunity.com. December 2015. http://thegreatpageantcommunity.com/2015/12/02/asha-bhat-tribute-to-a-girl-with-golden-heart/ আহৰণ কৰা হৈছে: 25 January 2016.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]